প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাষ্ট্ৰীয় জনপ্ৰতিনিধি সন্মিলনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 10 MAR 2018 5:38PM by PIB Guwahati

আদৰণীয় সুমিত্ৰা তাইজী, মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ শ্ৰীমান আনন্দ কুমাৰ, ডেপুটী স্পীকাৰ শ্ৰীমান থম্বীদুৰই মহোদয়, সমগ্ৰ দেশৰ পৰা অহা বিধানসভাৰ আদৰণীয়া স্পীকাৰ মহোদয়, সকলো ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাগণ, সাংসদগণ, বিধায়কগণ৷

সৰ্বপ্ৰথমে মই সুমিত্ৰা মহোদয়াক ধন্যবাদ জ্ঞাপন কৰিম এই কাৰ্যসূচী প্ৰণয়নৰ বাবে৷ আমি জানো যে আমাৰ সাধাৰণ জীৱনত আমি মন কৰোঁ যে কোনো তীৰ্থস্থানলৈ যাওঁ, নিজৰ পিতৃ-মাতৃক লৈ যাওঁ আৰু যেতিয়া কোনো ডাঙৰ তীৰ্থস্থানলৈ যেতিয়া যোৱা হয় তেতিয়া মনত এটা সংকল্পও লোৱা হয় যে জীৱনত মই এইটো কৰিম অথবা পৰিয়ালৰ বাবে এইটো কৰিম; কিবা নহয় কিবা এটা সংকল্প লোৱা হয়৷ প্ৰত্যেকেই নিজৰ তীৰ্থক্ষেত্ৰত এইদৰে কৰে৷

আজি আপোনালোক এটা কাৰ্যসূচীত নাই৷ কল্পনা কৰক-আপোনালোক কত বহি আছে? এয়া সেই সদন যত মই জীৱনত প্ৰথমবাৰলৈ ২০১৪ চনৰ মেমাহত প্ৰৱেশ কৰিছিল, তাৰ পূৰ্বে মই চেণ্ট্ৰেল হল দেখা নাছিলো৷ মুখ্যমন্ত্ৰী ইয়ালৈ আহিব পাৰে, কোনো বাধা নাছিল মুখ্যমন্ত্ৰীসকলৰ বাবে, কিন্তু মই কেতিয়াও এনে সুযোগ পোৱা নাছিলো৷ আৰু যেতিয়া দেশে বহুমত প্ৰদান কৰিলে আৰু ইয়াত নেতাসকলৰ নিৰ্বাচন হ, তেতিয়া মই এই চেণ্ট্ৰেল হললৈ আহিলো৷ এয়া সেই চেণ্ট্ৰেল হল যত সংবিধানৰ সভাৰ বিস্তাৰিত সভা হৈছিল, বৰ্ষজুৰি হৈছিল৷ আপুনি সেই স্থানত বহি আছে যত কেতিয়াবা পণ্ডিত নেহৰু বহিছিল, বাবা চাহেব আম্বেদকাৰ বহিছিল, চৰ্দাৰ বল্লভভাই পেটেল বহিছিল, ৰাজা গোপালাচাৰ্য বহিছিল, ডঃ ৰাজেন্দ্ৰ বাবু বহিছিল, কমা মুঞ্চী বহিছিল৷

অৰ্থাৎ দেশৰ এনে মহাপুৰুষ-যাৰ নামে আমাৰ হৃদয়ত প্ৰেৰণা যোগায়-তেওঁ ইয়াত কেতিয়াবা বহিছিল, সংবিধান সভাৰ চৰ্চা কৰিছিল, সেই স্থানত আজি আপুনি বহি আছে৷ অৰ্থাৎ আপোনাৰ নিজৰ মাজত এটা পৱিত্ৰতাৰ অনুভৱ আছে, যদি এই কথাসমূহ আমি স্মৰণ কৰোঁ তেন্তে এয়া স্বয়ং অনুভূত হয়৷

সংবিধান নিৰ্মাতাসকলে আৰু প্ৰধানকৈ বাবা চাহেব আম্বেদকাৰে আমাৰ সংবিধানক এক সামাজিক দস্তাবেজৰ ৰূপত বৰ্ণনা কৰিছিল৷ আৰু এয়া সত্য যে বিশ্বত আমাৰ সংবিধানৰ এক বিশেষত্ব আছে, কেৱল ধাৰাসমূহৰ বাবে নহয়, অধিকাৰৰ বাবে নহয়, কাৰ্য আৱণ্টনৰ বাবে নহয়, কিন্তু আমাৰ দেশত শতিকাজুৰি যি বেয়া শক্তি সোমাই আছিল, তাৰ পৰা মুক্তি পালৈ এক প্ৰচেষ্টাত, এক মন্থনৰ পৰা যি অমৃত ওলাল, সেয়াই আমাৰ সংবিধানৰ ভিতৰত শব্দৰ ৰূপত স্থান পালে; আৰু সেয়া আছিল সামাজিক ন্যায়ৰ কথা৷ এতিয়া অধিকাংশই আমি সামাজিক ন্যায়ৰ কথা কলে সামাজৰ অৱস্থাতেই সীমাৱদ্ধ হয়, এয়া আৱশ্যকো, কিন্তু কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে যে সামাজিক ন্যায়ৰ এক সীমাও আছে৷

কোনোবাই মোক কওক যে এখন ঘৰত বিদ্যুৎ আছে আৰু কাষৰ ঘৰখনত বিদ্যুৎ নাই- সামাজিক ন্যায়ৰ ভিত্তিত আমি সেই ঘৰখনলৈও বিদ্যুৎ যোগান ধৰাটো আমাৰ দায়িত্ব নহয়? এখন গাঁৱত বিদ্যুৎ আছে আৰু কাষৰ গাঁওখনত নাই- সামাজিক ন্যায়ৰ ভিত্তিত আমি সেই গাঁওখনলৈও বিদ্যুৎ যোগান ধৰাটো আমাৰ দায়িত্ব নহয়? এখন জিলা ফলে-ফুলে জাতিষ্কাৰ, বহি আগবাঢ়ি গৈছে, কিন্তু দ্বিতীয়খন জিলা পিছ পৰি ৰৈছে-সামাজিক ন্যায়ৰ ভিত্তিত আমি আনখন জিলাকো প্ৰথমখন জিলাৰ সমপৰ্যায়ৰ কৰাটো দায়িত্ব নহয়নে? আৰু সেইবাবে সামাজিক ন্যায়ৰ সিদ্ধান্তই আমাক সকলোকে এই দায়িত্বৰ বাবে প্ৰেৰিত কৰে৷

ব পাৰে যে বিচৰাধৰণে দেশৰ সেই পৰ্যায়ত উপনীত হব পৰা নাই, কিন্তু আমাৰ ৰাজ্যত পাঁচখন জিলা বহু আগুৱাই গৈছে কিন্তু তিনিখন জিলা পিছ পৰি ৰৈছে, ইয়াৰ অৰ্থ হল যে পাঁচখনলৈ যদি আমি যোৱাৰ ক্ষমতা আছে, তেন্তে সেই তিনিখনকো পাঁচখনৰ সমাপৰ্যায়লৈ আনিব পাৰি৷ যদি ৰাজ্যৰ ভিতৰত কোনো পেৰামিটাৰৰ দ্বাৰা কিছু জিলাই ভাল প্ৰদৰ্শন কৰিব পাৰে, অৰ্থাৎ সেই ৰাজ্যখনৰ সম্ভাৱনা আছে, কিন্তু কিছুমান জিলা পিছ পৰি ৰৈছে, আমি এয়া নিশ্চিত কৰিব পাৰোনে?

আমাৰ দেশত আমাৰ স্বভাৱ কি, যেতিয়া বিদ্যালয়ত থাকোঁ তেতিয়া আমি পৰীক্ষা দিওঁ, যদি আমি ভূগোলত দুৰ্বল তেতিয়া আমি ভাবো যে যদি গণিতত ভাল কৰোঁ তেন্তে ভূগোলৰ নম্বৰ আহি যাব আৰু ইয়াক ভাগ-বতৰা কৰি প্ৰথম শ্ৰেণী প্ৰাপ্ত কৰিব পাৰিব৷ সকলোৱে এইদৰেই পাৰ হৈ আহিছোঁ৷ ৰাজ্যসমূহৰো যেতিয়া লক্ষ্য থাকে, অথবা ভাৰত চৰকাৰৰো যদি কিবা লক্ষ্য নিৰ্ধাৰিতহয় তেতিয়া কি কৰোঁ? যি সহজে ফলাফল প্ৰদান কৰে তাৰ ওপৰত গুৰুত্ব দিওঁ৷ আৰু তাৰ পৰিণামস্বৰূপে যিয়ে ভাল কৰে সি নিৰৱচ্ছিন্নভাৱে ভাল কৰি যায় আৰু যি পিছ পৰি ৰয় সি সদায়েই পিছ পৰি থাকে৷ আৰু সেইবাবে কৌশলগতভাৱে আমি নিজৰ বিকাশ মডেলক আৰু বিশদভাৱে জনাৰ আৱশ্যকতা সৃষ্টি হৈছে৷ আমি ৰাজ্যৰ হিচাপত যদি চাওঁ তেন্তে ভাল হৈছে৷ এক প্ৰতিযোগিতামূলক সহযোগিতাৰ পৰিৱেশ সৃষ্টি হৈছে৷ আৰু মই এই দৃশ্যক মানিও লৈছোঁ৷ এই দৃশ্য স্বয়ং ফেডাৰিলিজমৰ এক জাগ্ৰত স্বৰূপ-ত সংসদৰ সদস্য, বিধায়কৰ সৈতে বহি স্থানসমূহৰ, ৰাজ্যৰ আৰু দেশৰ চিন্তা-চৰ্চা কৰি আছে৷

এই সহযোগিতামূলক ফেডাৰিলিজমৰ বাবে ৰাজ্যসমূহৰ মাজত তুলনা হৈছে আৰু কোনো ৰাজ্য পিছ পৰি ৰৈছে যদি সেইসমূহৰ বিষয়ে আলোচনাও হৈছে৷ তেওঁলোকেও ভাবে যে-নহয়, আমিও কিবা এটা কৰিম-এই পৰিৱেশৰ সৃষ্টি হৈছে, কিন্তু দেশে যি বিচাৰে সেই আকাংক্ষাসমূহ পূৰণ কৰিবলৈ সেই পেৰামিটাৰৰ হিচাপত চলো যদি বোধহয় আমি উচিত পৰিণাম প্ৰাপ্ত কৰিব নোৱাৰিম৷

স্বচ্ছতা অভিযানৰ এটা অভিজ্ঞতা হল৷ স্বচ্ছতাৰ যেতিয়া মূল্যায়ন আৰম্ভ হ- নগৰ-নগৰৰ মাজত হ, মহানগৰ-মহানগৰৰ মাজত হ, এটা প্ৰতিযোগিতাৰ সৃষ্টি হল আৰু এখন নগৰ পিছ পৰি যোৱাৰ ফলত গাঁৱৰ লোকে দাবী তুলিলে যে কি কাৰণত সেই নগৰখন আগবাঢ়ি গল আৰু আমি পিছ পৰি ৰলো? ইয়াৰ দ্বাৰা এক জন-আন্দোলনৰ সৃষ্টি হ, এটা প্ৰতিযোগিতাৰ সৃষ্টি হল৷

যেতিয়া এই বিষয়টো পৰিলক্ষিত হ, শেষত দেখা গল যে যি কিছু ভাল প্ৰগতি হৈছে, তথাপিও দেশ কিয় আগবাঢ়িব পৰা নাই? স্থিতি কিয় পৰিৱৰ্তন হ? তেতিয়া তাত এটা চিন্তা কৰা হল যে কিয়নো আমি দেশৰ সেই জিলাসমূহ পৰীক্ষা নকৰোঁ, কিছু পেৰামিটাৰ নিশ্চিত কৰোঁ আৰু যাৰ কাৰ্যকৰীভাৱে প্ৰকাশ হৈছে তেওঁলোকৰ মূল্যায়নসমূহ আধাৰ হিচাপে লওঁ৷ কিছু মূল্যায়ন ২০১১ৰ মানদণ্ডৰ ভিত্তিত কৰা হৈছে, তাৰে পিছৰ পৰা তাৰ সৰ্বেক্ষণ হোৱা নাই৷ ৪৮টা কিছুসংখ্যক পেৰামিটাৰ উলিওৱা হল আৰু তাত দেখা গল যে এই ৪৮টা পেৰামিটাৰত আমি পিছ পৰি ৰৈছোঁ, তেনেকুৱা জিলা কোনবোৰ? আৰু এয়া অভিজ্ঞতা হল যে যি ৫-১০খনে পেৰামিটাৰত পিছ পৰি ৰৈছে, তাৰে অধিকাশংই সকলো পেৰামিটাৰত পিছ পৰি ৰৈছে৷

হয় কি- ৰাজ্যতো ১০খন জিলা পৰিশ্ৰম কৰি আগবাঢ়ে আৰু কিন্তু ৫খন জিলা পিছ পৰি ৰয় আৰু সি আনকেইখনক পিছলৈ টনা কামটো কৰে৷ সকলো জিলাই আগবাঢ়ক, এয়া ব্যৱহাৰাত্মক দৃষ্টিৰে বহু আৱশ্যক হয় আৰু তাতে চিন্তা হল যে নিশ্চিত পেৰামিটাৰৰ সৈতে চিনাক্ত কৰা হওক যে কোন জিলাই কত কাম কৰাৰ বাবে বিশেষ ধ্যান দিয়াৰ দস্তাবেজৰ আৱশ্যকতা আছে৷ প্ৰায় বৰ্ষজুৰি ইয়াৰ হোমৱৰ্ক চলি আছে৷ বিভিন্ন স্তৰত ইয়াৰ চৰ্চা কৰা হৈছে, সভা অনুষ্ঠিত হৈছে, চিনাক্তকৰণ কৰা হৈছে৷ পিছত সেই ১১৫খন জিলা যি ডিএম হয়, উপায়ুক্ত হয়, জিলা ন্যায়াধীশ হয় তেওঁলোকক মতা হৈছে৷ তেওঁলোকৰ দুদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হল যে ভাই সমস্যাটো ক?

আৰু ৰাজনীতিত- আমাৰ, আপোনাৰ স্বভাৱ একেই৷ আমাৰ স্বভাৱ কেনে, যে ঠিক আছে, বাজেট প্ৰস্তুত কৰক, টকা ক? কিন্তু কেতিয়াবা মনোযোগেৰে লক্ষ্য কৰিলে দেখিব যে উপলব্ধ সংসাধনৰ জৰিয়তেই যদি এখন জিলা আগবাঢ়ি আছে, তেন্তে সেই একেই সংসাধন থকাৰ পিছতো আনখন জিলা পিছ পৰি ৰৈছে, অৰ্থাৎ সংসাধনৰ সমস্যা নহয়, শাসন হে সমস্যা, নেতৃত্ব এটা সমস্যা, সমন্বয় এটা সমস্যা, আৰু সেইবাবে আমি সেইসমূহ কিদৰে পৰিৱৰ্তন কৰিম? আৰু তাৰ পৰা সকলো উপায়ুক্তৰ সৈতেও মই বহিলো, আলোচনা কৰিলো, ভাৰত চৰকাৰৰ সকলো জ্যেষ্ঠ বিষয়া তেওঁলোকৰ সৈতে বহিল৷

এটা কথা মই লক্ষ্য কৰিলো, মই কাৰো আলোচনা কৰাৰ বাবে কোৱা নাই, কিন্তু সদনত আজি কিছুমান এনেকুৱা লোক বহি আছে যাৰ সন্মুখত মই মুকলিকৈ কিছু কথা কলে হয়তো বেয়া নহব৷ মই আচৰিত হলো, সাধাৰণতে জিলা উপায়ুক্তসমূহ যাৰ গড় বয়স ২৭, ২৮, ৩০ৰ ওচৰাওচৰি হয়৷ যুৱ আইএএছ বিষয়াসকলে তিনি চাৰি বছৰৰ ভিতৰত তালৈ যোৱাৰ অৱকাশ পায়, কিন্তু এই যে ১১৫খন জিলা মই দেখিলো, তাৰে ৮০%ত কৈও অধিক জিলা উপায়ুক্তসকলক মই সাক্ষাৎ কৰিলো, তেওঁলোকৰ বয়স ৪০ৰ ঊৰ্ধৰ আছিল, কিছুমান ৪৫ বয়সৰ আছিল৷

এতিয়া মোক কওক, ৪০-৪৫ বয়সৰ যি বিষয়া সেই জিলাসমূহত আছে, তেওঁলোকৰ সন্তান ডাঙৰ হৈছে, তেওঁলোকৰ নাম ভৰ্তিৰ চিন্তা কৰি আছে, কোনো ডাঙৰ চহৰত যদি কাম পোৱা যায়, এই সকলোবোৰ মগজুত থাকে, সন্তানৰ শিক্ষাৰ কিবা এটা হওক, সেয়াই মগজুত থাকে৷ দ্বিতীয়তে, অধিকাংশ ৰাজ্যিত কেডেট যি প্ৰম্পটী বিষয়া হয়, তেওঁলোকক তালৈ যাবলৈ, অৰ্থাৎ চিন্তাতেই নিমজ্জিত হ’ল যে এয়াটো পিছপৰা, জিলা পিছপৰা, এওঁকেই পঠাই দিয়া, গাড়ী চলি যাব- তাৰ পৰাই আৰম্ভ হয়৷ যদি আমি সকলোৱে মিলি এই নিশ্চিত কৰোঁ যে ১১৫খন জিলাত অনাগত পাঁচটা বৰ্ষত নতুন বিষয়া নিযুক্তি দিয়া হ, যাৰ শক্তি আছে, কৰ্মোৎসাহ আছে, আপোনালোকে দেখিব যে স্থিতি কিদৰে পৰিৱৰ্তন হৈছে৷

মই মুখ্যমন্ত্ৰীসমূহৰ সৈতে কথা পাতি কৈছোঁ যে আপোনালোকে তেওঁলোক প্ৰত্যাহ্বান দিয়া বুলি প্ৰত্যয়িত কৰক৷ তালৈ প্ৰেৰণ কৰা হ- বিষয়াসকলে নিজৰ ভিতৰতেই আলোচনা কৰে- তই মৰিলি৷ কি কৰা যায়৷ কোনো ৰাজনৈতিক সংযোগ নাই৷ কি হল তোক ইয়াত কেলৈ দিলে? এয়া চিন্তা আৰম্ভ হৈ যায়৷  

কেতিয়াবা এনে অনুভূত হয়-আমাৰ সংসাধন৷ এতিয়া কোনোবাই মোক কওক যে এখন জিলাত টীকাকৰণৰ কাম খুব ভালদৰে হৈ আছে কিন্তু কাষৰ জিলাখনত হোৱা নাই৷ কিহৰ অভাৱ হৈ আছে? মই জানো যে একো অভাৱ নাই৷ কিন্তু যি আগ্ৰহৰ প্ৰয়োজন, যি এক আদৰ্শ পৰিকল্পনাৰ প্ৰয়োজন, জনসাধাৰণৰ অংশগ্ৰহণৰ আৱশ্যক, সেইসমূহৰহে অভাৱ, টীকাকৰণৰ নহয়, টীকাকৰণ নহলে ৰোগ বৃদ্ধি হব আৰু এটাৰ পিছত এটাকৈ বৃদ্ধি হৈ গৈ থাকিব৷

স্কুল ড্ৰপআউট-স্কুল আছে? শিক্ষক আছে? বিল্ডিং আছে? আছে৷ সকলো আছে৷ বাজেট আছে? আছে৷ কিন্তু ইয়াত ড্ৰপ আউট কম আছে৷ কথাখিনিৰ তাৎপৰ্য হল ঘটনাটো সংসাধনৰ ওপৰত জড়িত নহয়৷

দ্বিতীয়তে, আপোনালোকে দেখিছে যে যত বিষয়াসকলে আৰু স্থানীয় নেতাসকলে এক অভিযান ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰিছে, লোকক জড়িত কৰিছে, আপোনালোকে দেখিছে- চাই থাকোঁতেই এক বৃহৎ পৰিণাম প্ৰাপ্ত কৰিবলৈ সমৰ্থ হৈছোঁ৷

জন অংশীদাৰ আৰু সকলো একেটা দিশত- পঞ্চায়ত প্ৰধানেই হওক, পঞ্চায়তৰ সদস্যই হওক, নগৰপালিকাৰ সদস্যই হওক, জিলা পঞ্চায়তেই হওক, তহচীল পঞ্চায়তেই হওক, এইসকলো, যিসকলে জীৱনত প্ৰতিনিধিত্ব কৰা সুযোগ পাৰইছে, এক বিধায়কৰ ৰূপতেই হওক, এক সাংসদৰ ৰূপত মোৰ ক্ষেত্ৰলৈ যদি এই প্ৰকাৰৰ প্ৰত্যাশী জিলা আহে, তেন্তে আমি নিশ্চিত কৰিম যে আমি সকলো একেটা দিশত চাৰিটাই হওক বা দহটাই হওক সম্পূৰ্ণ কৰিম, শক্তি প্ৰয়োগ কৰিম, জনতাক সংবদ্ধ কৰিম৷ আপোনালোকে দেখিব, পৰিৱৰ্তন আৰম্ভ হব৷

কেতিয়া কেতিয়াবা পৰ্যায়ক্ৰমত পৰিৱৰ্তন আহে- কোনো এজন ব্যক্তি সুন্দৰ, স্বাস্থ্যৱান, কাম কৰা ব্যক্তি, আহাৰ ঠিকমতে গ্ৰহণ কৰি আছে, ব্যৱস্থাসমূহ ঠিকে চলি আছে, কোনো সমস্যা নাই- কিন্তু ধীৰে ধীৰে তেওঁৰ ওজন কমি আহে৷ প্ৰথমে তেওঁ কয় যে মই ডায়েটিং কৰি আছোঁ৷ পূৰ্বতকৈ ফিট হৈ আছোঁ৷ তথাপিও তেওঁৰ ওজন ক্ৰমাগতভাৱে হ্ৰাস হলে তেওঁ চিন্তা কৰে-কি হল মোৰ? তেতিয়া দুৰ্বলতা আৰম্ভ হবলৈ ধৰে, কিন্তু জীৱন পূৰ্বৰ দৰেই সুন্দৰকৈ জীয়াই থাকে৷ কিন্তু কোনোবা ভাল অভিজ্ঞ চিকিৎসকে কয়, আৰে ভাই এবাৰ পৰীক্ষা কৰাই লোৱা৷ আৰু যেতিয়া তেওঁ পৰীক্ষা কৰাবলৈ যায় তেতিয়া গম পাই যে তেওঁৰ ডায়েবেটিছ আছে৷ আৰু যেতিয়াই ডায়েবেটিছ আছে বুলি গম পালে তেতিয়াই ঔষধ লোৱা আৰম্ভ কৰিলে৷ ডায়েবেটিছটো থাকি গ- ই গুছি নগ-ই নিয়ন্ত্ৰিত হল আৰু বাকী সকলো পেৰামিটাৰ ঠিক হৈ গল৷

মই বুজি পাওঁ যে আমাৰ জিলাসমূহৰো এই অৱস্থাই হৈছে৷ আমি মাত্ৰ এবাৰ চাব লাগে যে সেয়া কোনটো কাৰকে এই জিলাক দুৰ্বল কৰি গৈ আছে, আমি সেয়া ঠিক কৰিব লাগে আৰু তালৈ পৰিৱৰ্তন অনাৰ বাবে প্ৰয়াস কৰিব লাগে; আপুনি দেখিব কোনো জিলাই পিছ পৰি নৰয়৷

কল্পনা কৰক, ১১৫খন জিলা৷ তাৰে ৩০-৩৫খন মাওবাদী অধ্যূষিত জিলা যত মই গৃহ মন্ত্ৰালয়ক বিশেষভাৱে কৈছোঁ যে সেইসমূহক বিশেষ ধ্যান দি আমি সেই সমস্যাসমূহৰ সমাধান কিদৰে কৰিব পাৰোঁ, কিন্তু বাকী প্ৰায় ৮০-৯০ জিলা এনেকুৱা আছে যাক আমি সহজেই সমাধান কৰিব পাৰোঁ৷ এতিয়া জিলাৰ পৰিকল্পনা কেনে হব লাগে? এখন জিলাতো আপোনালোকে দেখিছে যে এখন তহচীল থাকে, ব পাৰে তাতে টীকাকৰণ ভালদৰে হৈছে, ড্ৰপ আউট কম হব পাৰে৷ কৰবাত নহয় কৰবাত তাতেও সৱলীকৰণ হৈছে৷ তাৰে যিবোৰ দুৰ্বল পইণ্টযুক্ত এলেকা আছে, ধীৰে ধীৰে গাঁৱৰ ফালে দৃষ্টি দিয়ক, ভাই এই গাঁৱত তিনিটা বস্তু খুব ভাল কিন্তু দুটা বস্ত কম হৈ আছে৷ সেইবোৰত গুৰুত্ব প্ৰদান কৰক৷

এবাৰ মাথোঁ, আৰু ইয়াত পৰিশ্ৰমৰ আৱশ্যক নাই৷ ১১৫ খন জিলাৰ দুৰ্বলতাসমূহ আৰু আপোনালোকৰ যেতিয়া নীতি আয়োগৰ মানুহে উপস্থাপন প্ৰদৰ্শন কৰিব, মই আজি দুদিন পূৰ্বে সকলো মন্ত্ৰীৰ সৈতে বহি উপস্থাপন প্ৰত্যক্ষ কৰিলো৷ চৰকাৰৰ উপস্থাপন মই বিগত ২০ বছৰ জুৰি প্ৰত্যক্ষ কৰি আহিছোঁ কিন্তু এজন সাধাৰণ মানুহেও বুজি পোৱাকৈ উপস্থাপন প্ৰস্তুত কৰিছে অমিতাভ কান্তে৷

তাত এটা বিষয় আছে যে ভাই আপোনাৰ এই জিলা, এই বিষয়ত আপোনাৰ ৰাজ্যৰ যি গড় স্থিতি, তাতকৈ ইমান পিছত, আপোনাৰ ৰাজ্যৰ যি শ্ৰেষ্ঠতম প্ৰদৰ্শনকাৰী জিলা আছে, তাতকৈ ইমান৷ ৰাষ্ট্ৰীয় গড়তকৈ ইমান পিছত আছে আৰু ৰাষ্ট্ৰৰ শ্ৰেষ্ঠতম প্ৰদৰ্শনকাৰী জিলাতকৈ ইমান পিছত৷ এই চাৰিটা পেৰামিটাৰৰ পৰা ইয়াক বহুবাৰ চোৱা হৈছে৷ আপোনালোকেও ভাবিব যে যদি মোৰ দেশৰ ২০০খন জিলা আগবাঢ়িব পাৰিছে তেন্তে মোৰ জিলাও আগবাঢ়িব পাৰে৷ মোৰ দেশৰ সহস্ৰাধিক তহচীল আগবাঢ়িব পাৰিলে মোৰখনো আগবাঢ়িব পাৰে৷ আৰু এই কথা আমি মানি চলিব লাগিব, ইয়াত আমাৰ সকলো ৰাজনৈতিক দলৰ সদস্য বহি আছে৷ এটা সময়ত যেতিয়া দেশত হাৰ্ড-ক’ৰ ৰাজনীতি, দিনে ৰাতিয়ে ৰাজনীতি, আন্দোলনৰ ৰাজনীতি, বক্তব্যৰ ৰাজনীতি, সংঘৰ্ষৰ ৰাজনীতি আদিৰ দ্বাৰা বহু কাম হৈছিল৷ আজি সময় পৰিৱৰ্তন হৈছে, আপুনি শাসনতেই থাকক অথবা বিৰোধী হিচাপে থাকক, জনতাৰ কাম কৰিব পাৰিছে নে নাই এয়া জনতাই প্ৰত্যক্ষ কৰে৷

আপুনি যিমানেই যুদ্ধ কৰক, যিমানেই মৰ্চা উলিয়াওক, যিমানেই জেললৈ যাওক, সেয়া আজিৰ পৰা ২০ বছৰ পূৰ্বে আপোনাৰ ৰাজনৈতিক কেৰিয়াৰৰ বাবে গুৰুত্বপূৰ্ণ আছিল, আজি স্থিতি পৰিৱৰ্তন হৈছে৷ আপোনালোকে দেখিছে যে যিসকল প্ৰতিনিধি বাৰে বাৰে নিৰ্বাচিত হৈ আহে, তেওঁলোকৰ যদি আপুনি বিশ্লেষণ কৰে তেন্তে দেখা পাব যে তেওঁলোকে সংঘৰ্ষ কৰা বাবেই নিৰ্বাচিত হৈ অহা নাই৷ তেওঁলোকে জীৱনত এনেকুৱা কিছু কাম কৰিছে যি ৰাজনীতিৰ ঊৰ্ধত, সংঘৰ্ষৰ ঊৰ্ধত, জনতাৰ সুখ-দুখৰ সৈতে জড়িত আৰু তাতেই তেওঁলোকৰ পৰিচয় প্ৰাপ্ত হয়৷ তেওঁ প্ৰতিবাৰেই সেই বিষয়ত কিবা নহয় কিবা এটা কৰে, হয়তো চিকিৎসালয়লৈ যায়, সেই ছবিৰেই তেওঁৰ বাকী ৰাজনৈতিক জীৱন পাৰ হৈ যায়৷ আমিও চেষ্টা কৰিব লাগিব যে হাৰ্ড-ক’ৰ ৰাজনীতি আপুনি পৰিত্যাগ কৰক- এনেকুৱা কৰিবলৈ মই কোৱা নাই, কিন্তু সমাজৰ সংগঠনেই এয়া কৰিবলৈ বাধ্য কৰিছে৷ সমাজত যি জাগৰণৰ সৃষ্টি হৈছে সেয়াই ইয়াক পৰিত্যাগ কৰাইছে৷ তেওঁলোকে বিচাৰে যে মোৰ সুখ-দুখৰ সময়ত মোৰ সৈতে কোন আছে? মোৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ বাবে মোৰ সৈতে কোন আছে? ইয়াৰ এক ডাঙৰ প্ৰভাৱ আছে৷ আমি নিজৰ ক্ষেত্ৰত নিশ্চিত কৰিব লাগে যে মই কন্যা শিশু শিক্ষাৰ ক্ষেত্ৰত ১০০ শতাংশ কাম কৰিম৷ মই নিজৰ পদক্ষেপৰ এটা পৰ্যায় পৰিৱৰ্তন কৰিম, তেতিয়া ছিষ্টেম স্বয়ংভাৱে পৰিৱৰ্তন হ’ব৷ কোনোবাই ক’ব যে ইন্দ্ৰধনুশ যোজনা আছে, টীকাকৰণৰ তাৰিখ আছে, সেইদিনাটো মই ফিল্ডত থাকিম, মোৰ স্বেচ্ছাসেৱকক ৰাখিম, আমাৰ জীৱনত যিসকল লোক আছে তেওঁলোককো একত্ৰীকৰণ কৰিম৷ পূৰ্বতে আমাৰ ইয়াত টীকাকৰণ ৩০%, ৪০%, ৫০% হৈছিল; চৰকাৰে ব্যয় কৰা নাছিল, এনে নহয়-চৰকাৰে ব্যয় কৰিছিল৷ বাজেটত খৰচ কৰা হৈছিল৷ গুলাম নবী মহোদয়ে যেতিয়া স্বাস্থ্য মন্ত্ৰালয় পৰিদৰ্শন কৰিছিল, তেতিয়াও হৈছিল৷ কিন্তু জন অংশীদাৰীত্বৰ অভাৱত সেয়া মাজতে ওলমি ৰৈছিল৷

ইন্দ্ৰধনুশ যোজনাৰ অধীনত এটা বিশেষ প্ৰয়াস আৰম্ভ কৰা হৈছিল, এতিআ টীকাকৰণ প্ৰা ৭০-৭৫ পৰ্যন্ত প্ৰাপ্ত হৈছে৷ কিন্তু ইয়াক আমি ৯০% লৈ নিব পাৰিমনে? এবাৰ ৯০% প্ৰাপ্ত হ’লে ১০০%তো সমস্যা নহয়৷ আৰু যদি টীকাকৰণ হৈ যায় তেন্তে গৰ্ভৱতী মহিলা আৰু শিশুসকল পলিঅ’ মুক্ত নিজে নিজে হৈ যাব আৰু গম্ভীৰ প্ৰকাৰৰ বেমাৰৰ পৰা ৰক্ষা পৰাৰ কাম নিজে নিজে হৈ যাব৷

ব্যৱস্থা আছে, যোজনা আছে আৰু কোনো নতুন বাজেটৰ আৱশ্যকতা নাই৷ যি বাজেট আছে, যি সম্পদ আছে, যি মানৱ সম্পদ আছে, যদি অভিযানভিত্তিত কাম কৰা যায় তেন্তে উত্তম ফলাফল প্ৰাপ্ত হ’ব, এই ভূমিকাৰ সৈতে প্ৰত্যাশা আৰু মই তেওঁলোকক বেকৱাৰ্ড শব্দ ব্যৱহাৰ কৰিবলৈ মানা কৰিছোঁ কাৰণ সেই মানসিকতা তাৰে পৰাই আৰম্ভ হয়৷

আপোনালোকে গম পাব, প্ৰথমে আমাৰ ইয়াত ৰে’লৱেত তিনিটা শ্ৰেণী আছিল৷ প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী আৰু তৃতীয় শ্ৰেণী৷ আজিৰ পৰা ২০-২৫ বছৰ পূৰ্বে প্ৰথমে তৃতীয় শ্ৰেণী বিলুপ্ত কৰা হ’ল৷ ডবাত বিশেষ কোনো পৰিৱৰ্তন কৰা নহ’ল যদিও মানসিকতাত বৃহৎ পৰিৱৰ্তন আহিল কাৰণ যিসকল লোক প্ৰথমে তৃতীয় শ্ৰেণীত যাত্ৰা কৰিছিল তেওঁলোকক ঘৃণাৰ দৃষ্টিৰে, আচ্ছা এইজন তৃতীয় শ্ৰেণীত যাত্ৰা কৰিছে, এইধৰণে বিদ্ৰুপ কৰা হৈছিল৷ এতিয়া সেয়া পৰিৱৰ্তন হ’ল৷ ডবা সেইটোৱেই, বহাৰ স্থানো সেই একেটাই৷ আৰু সেইবাবে যদি আমি বেকৱাৰ্ড শব্দটো ব্যৱহাৰ কৰোঁ তেন্তে- বাদ দিয়া, মইতো সেই বেকৱাৰ্ড জিলাৰ বিধায়ক হয়৷ আচ্ছা আচ্ছা, তুমিও বেকৱাৰ্ড? আৰু তাৰ পৰাই আৰম্ভ হৈ যায়৷ আমি দেশত বেকৱাৰ্ডৰ প্ৰতিযোগিতা নকৰোঁ, আমি দেশত ফৰৱাৰ্ডৰ প্ৰতিযোগিতা কৰিব লাগে৷ আৰু আমি, আমাৰ এই এলেকাসমূহ, এই ক্ষেত্ৰসমূহৰ বিকাশ সামাজিক ন্যায়ৰ কাম, যদি সেই জিলাৰ বিকাশ হ’ল অৰ্থাৎ সি স্বয়ংভাৱে সামাজিক ন্যায়ৰ অধিকাৰত বিবেচিত হ’ল৷

যদি আমাৰ ক্ষেত্ৰৰ সকলো শিশুৱে শিক্ষা প্ৰাপ্ত কৰে ইয়াৰ অৰ্থ হ’ল ই সামাজিক ন্যায়ৰ এক পদক্ষেপ৷ যদি সকলো ঘৰতে বিদ্যুৎ আছে তেন্তে ই সামাজিক ন্যায়ৰ এক পদক্ষেপ৷ সামাজিক ন্যায়ৰ যি ভাৱনা এই সদনৰ এই সভাগৃহত আমাৰ মহাপুৰুষসকলে আমাৰ সন্মুখত উপস্থাপন কৰিছিল তাৰ এটা নতুন স্বৰূপ আৰু য’ত সংঘৰ্ষৰ সম্ভাৱনা বহু কম- তই পালি, মই নাপালো, এনে ভাৱনা কম, সকলোৰে বাবে কৰা- এই ভাৱনাক লৈ আগবাঢ়িলে কিমান ডাঙৰ ফলাফল আমি প্ৰাপ্ত কৰিব পাৰোঁ৷

আৰু মোৰ বিশ্বাস, সকলো ৰাজনৈতিক দলৰ নেতা ইয়াত উপস্থিত আছে৷ তেওঁলোকৰ এলেকাৰ বিধায়ক আৰু সাংসদ ইয়াত উপস্থিত আছে৷ এবাৰ আপুনি স্থিৰ কৰি লওক৷ এতিয়া মই ভ্ৰমণলৈ ওলোৱাত প্ৰত্যাশী জিলাসমূহৰ যি বিষয়া পূৰ্বে লগ পাইছিলো, যাক দুমাহ পূৰ্বে কাৰ্যাৱলী প্ৰদান কৰা হৈছিল, তেওঁলোকক মই তালৈ মাতিছোঁ, সুধিছোঁ৷ পৰহি মই ঝুনঝনুলৈ গৈছিলোঁ, তালৈ ৰাজস্থানৰ পাঁচ প্ৰত্যাশী জিলাকো মতা হৈছিল, তাৰে মাজৰ এজন হাৰিয়াণাৰ আছিল, তেওঁকো মাতিছিলো৷ মই সুধিলো, কোৱা-আধা ঘণ্টা বহিলো তেওঁলোকৰ সৈতে, ক’লো, কোৱা ভাই কি হ’ল? মই দেখিছোঁ যে যদি আমিও তেওঁলোকৰ সহায়ক হাত হিচাপে কাম কৰোঁ, আমি যদি হিচাপ বিচাৰি থাকো তেন্তে তেওঁলোক ভাগৰি পৰিব৷ কিয় হোৱা নাই, মোৰ এলেকাত কিয় হোৱা নাই? সেয়া বাৰু ঠিক, সেয়া ৰাজনীতিৰ এটা নিজা স্বভাৱ-কিন্তু আৰে ভাই, তুমি চিন্তা নকৰিবা, মই আছোঁ৷ আচ্ছা, মানুহে সহায় নকৰে, মই আহিম তোমাৰ সৈতে, তেওঁলোকৰ উৎসাহ দুগুণ হৈ উঠিব৷ আমি সেই চৰকাৰ মানুহে তেওঁলোকৰ উৎসাহ দুগুণ বৃদ্ধি কৰোঁ আহক৷

জন অংশীদাৰীত্ব বৃদ্ধি কৰোঁ৷ আমি সেই এলেকাৰ যিমান এনজিঅ’ আছে, সকলোকে একত্ৰিত নকৰোঁ নো কিয়? যুৱসমাজৰ যিমান কাৰ্যকলাপ আছে, তেওঁলোকক একত্ৰিত কৰোঁ, এই স্থিতি আমি পৰিৱৰ্তন কৰিব লাগিব৷ আমাৰ ওচৰত সম্পদ আছে, ফলাফল নাই৷ আমি মাজৰ পুখুৰী পুতিব লাগিব আৰু আমি কৰিমো৷ শাসন ব্যৱস্থা স্বয়ংচালিত হ’ব কাৰণ তেওঁলোকেও যেতিয়া ফলাফল প্ৰাপ্ত কৰিব তেতিয়া তেওঁলোকৰো উৎসাহ দুগুণ হ’ব৷ তেতিয়াহে আপুনি আচৰিত হ’ব, ১১৫ খন জিলাৰ এনে কিছুমান জিলা আছে যাৰ নাম শুনিয়েই আমি কঁপি উঠিম, আচ্ছা, ইয়াতো বেকৱাৰ্ড আছে? ইয়াততো ইমান ডাঙৰ ঔদ্যোগিক বিকাশ হ’ল আৰু ই এতিয়াও বেকৱাৰ্ড হৈ আছে? কাৰণ কি- সেই ঔদ্যোগিক বিকাশ অথবা কোনো এক কাৰণত ইয়াত ইমান হট্ট-গোল হ’ল যে তলত যিদৰে সেই ডায়েবেটিক ৰোগীৰ হয় যে, বাকী কোনো বস্তুৰ প্ৰতি ধ্যান দিয়া নহ’ল, এটা ডাঙৰ বস্তুৰেইস কেৱল জয়জয়কাৰ হ’ল৷ এনেকুৱা জিলাও আছে যে সি স্বয়ংভাৱে বিখ্যাত হ’ল কিন্তু ভালদৰে চোৱাত গম পোৱা গ’ল যে সি পেৰামিটাৰত আগবাঢ়িব পৰা নাই৷ আৰু এনেকুৱা বস্তু তেওঁলোকৰ ওচৰত আছিল যে যিকোনো লোক তালৈ গৈ অভিভূত হৈ পৰিছিল যে -ৱাহ! ইমান বঢ়িয়া৷ কিন্তু তলে তলে সকলো সমস্যাত ডুবি আছিল৷ এনেকুৱাও কিছুমান কথা লক্ষ্য কৰা হ’ল৷ কিছুমান লোকৰ মনত এই কথা থাকিব পাৰে যে ভাই মোৰ জিলা নাহিল, মোৰ এনেকুৱা ৷ মই বুজোঁ যে এতিয়া ২০১১লৈ যিমান সংখ্যা আছিল, সেই আধাৰত কিছু লোৱা হৈছে, কিছুমান সংখ্যা পিছত পোৱা গৈছে৷ ৰাজ্যসমূহকো কোৱা হৈছে যে আপোনালোকৰ এই জিলা বাচনি কৰা গৈছে, যদি আপুনি ভাবে যে ইয়াক পৰিৱৰ্তন কৰিব লাগে, পাঁচ-ছয়খনমান ৰাজ্য এনেকুৱা আছিল যিসকলে জিলা পৰিৱৰ্তন কৰিছিল৷

বাকী সকলোৱে ইয়াক ৰাজনীতিৰ ৰঙেৰে নাসানি- তেওঁৰ হ’ল, মোৰ নহ’ল- এই ভাৱনা পৰিত্যাগ কৰি আমি সকলোৱে মিলি এবছৰত- মই বেছি কোৱা নাই বন্ধুসকল- এবছৰত, যদি এবছৰ আমি সকলো জড়িত হৈ পৰোঁ আৰু যদি এই পেৰামিটাৰ পৰিৱৰ্তন হয় তেন্তে আপোনাৰ ৰাজ্যৰো পেৰামিটাৰ পৰিৱৰ্তন হৈ পৰিব, দেশৰ চিত্ৰ সলনি হৈ পৰিব৷ আমাৰোনাৰ মানৱ বিকাশ ইনডেক্স, বিশ্বত আমি ১৩০-১৩১ স্থানত আছোঁ৷

আজি বিশ্বত ভাৰতৰ যি ধৰণৰ আশা-আকাংক্ষা নিৰ্মাণ হৈছে, আমি মানৱ বিকাশ ইনডেক্সৰ দৃষ্টিৰে যদি আমি আমাৰ বিকাশ কৰোঁ আৰু এই ১১৫খন জিলাত বিকাশ হ’লে দেশৰ বিকাশ নিজে নিজে হ’ব, অতিৰিক্ত একো কৰিব নালাগে৷ আৰু এইমতে চলিলে যোজনাসমূহৰ লাভো প্ৰাপ্ত হ’ব৷ চাওক, কেতিয়াবা কেতিয়াবা কি হয়- যিদৰে মনৰেগা আছে- দুখীয়া, য’ত ৰোজগাৰ নাই, তেওঁলোকে ৰোজগাৰ পাওক-এয়া মূল উদ্দেশ্য৷ কিন্তু এয়া অভিজ্ঞতা প্ৰাপ্ত হৈছে যে য’ত সকলোতকৈ বেছি দুখীয়া আছে তাত কম মনৰেগা আছে, আৰু য’ত অধিক সমৃদ্ধি আছে তাত বেছি মনৰেগা আছে৷ কাৰণ, যি ভাল ৰাজ্য তাত ভাল শাসন আছে যি তাৰে স্বাভাৱিক লাভ মনৰেগালৈও যায় আৰু য’ত দুখীয়া আছে, শ্ৰমৰো প্ৰয়োজন, মনৰেগাৰ টকাও আছে কিন্তু শাসন দুৰ্বল, তেন্তে সেই টকা দুখীয়াই নাপায়৷

প্ৰকৃতাৰ্থত, দেশৰ যি ভাল, আৰ্থিকভাৱে সমৃদ্ধ ৰাজ্য আছে, তাতেতো মনৰেগাৰ ধন কমকৈ যাব লাগে আৰু য’ত দুখীয়া আছে, সেই ৰাজ্যত সকলোতকৈ অধিক যাব লাগে৷ কিন্তু সংসাধন সমস্যা নহয়৷ ভাল শাসন হে সমস্যা, সমন্বয়হে সমস্যা, লক্ষ্য নিৰ্ধাৰণহে সমস্যা৷ এই পৰিক্ষেত্ৰকেইটাত যদি আমি গুৰুত্ব দিওঁ তেন্তে বৃহৎ ফলাফল লাভ কৰিম৷

মই পুনৰ বাৰ সুমিত্ৰা মহোদয়াক হৃদয়েৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এটা ভআল সমাগমৰ জৰিয়তে, দুদিনৰ মন্থনৰ জৰিয়তে এই ১১৫খন জিলাৰ ভাগ্য পৰিৱৰ্তন কৰা কাম-সংবিধান সভা য’ত অনুষ্ঠিত হৈছিল, য’ত আমাৰ মহাপুৰুষসকলে বহি চিন্তা কৰিছিল, ৰাষ্ট্ৰৰ বাবে যি সপোন দেখিছিল, সেই সদনতেই বহি আজি আমি নিজৰ এক নতুন গাঁথনিৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ৷ আপোনালোক সকলোলৈ মোৰ বহু বহু শুভকামনা থাকিল৷ মই পুনৰ বাবে ইয়ালৈ অহাৰ বাবে আপোনালোক সকলোকে হৃদয়েৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷

ধন্যবাদ৷     

 

***

AKT/VJ/KT/RSB/AK/MANN



(Release ID: 1538210) Visitor Counter : 62


Read this release in: English , Tamil