প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

এফআইজি ৱৰ্ল্ড চেলেঞ্জ কাপৰ ভল্ট ইভেণ্টত স্বৰ্ণ জয় কৰা দীপা কৰ্মকাৰক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

Posted On: 08 JUL 2018 7:16PM by PIB Guwahati

এফআইজি ৱৰ্ল্ড চেলেঞ্জ কাপৰ ভল্ট ইভেণ্টত স্বৰ্ণ পদক জয় কৰা দীপা কৰ্মকাৰক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, দীপা কৰ্মকাৰকৈ লৈ ভাৰতে গৌৰৱবোধ কৰে। তুৰ্কীৰ মাৰছিনত অনুষ্ঠিত এফআইজি ৱৰ্ল্ড চেলেঞ্জ কাপৰ ভল্ট ইভেণ্টত চমকপ্ৰদ প্ৰদৰ্শনেৰে স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছো। এই জয় তেওঁৰ দৃঢ়তা আৰু কেতিয়াও পৰাজয়ক মানি লব নোৱাৰা গুণৰ উত্তম উদাহৰণ।

****

AKT/KP/DB



(Release ID: 1538203) Visitor Counter : 76