প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কৃষি উন্নতি মেলাত ভাষণ আগবঢ়ালে প্রধানমন্ত্রীয়ে

Posted On: 17 MAR 2018 1:43PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি নতুন দিল্লীৰ পুছা চৌহদস্থিত আইএআৰআই মেলাৰ ময়দানত আয়োজিত কৃষি উন্নতি মেলা পৰিদর্শন কৰে। তেওঁ এই মেলাৰ থিম পেভিলিয়ন আৰু জৈৱিক মেলা কুম্ভও প্ৰত্যক্ষ কৰেপ্রধানমন্ত্রী এই উপলক্ষে দেশৰ ২৫টা কৃষি বিজ্ঞান কেন্দ্রৰো আধাৰশিলা স্থাপন কৰে। তদুপৰি, জৈৱ কৃষিজাত সামগ্ৰী বিপণনৰ বাবে তেওঁ এটি ই-মার্কেটিং পোর্টেলো উদ্বোধন কৰে। এই অনুষ্ঠানত তেওঁ কৃষি কর্মন পুৰস্কাৰ আৰু পণ্ডিত দীনদয়াল উপাধ্যায় কৃষি প্রোৎসাহন পুৰস্কাৰ প্রদান কৰে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে এনেকুৱা কৃষি উন্নতি মেলাই নতুন ভাৰত গঢ়ি তোলাৰ পথ সুগম কৰাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰেতেওঁ কয় যে আজি নতুন ভাৰতৰ দুই অগ্রদূত কৃষক আৰু বিজ্ঞানীসকলৰ সমাবেশত যুগোপযোগী কথা কোৱাৰ সুযোগ হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষক আৰু বিজ্ঞানীসকলে দেশৰ কৃষিখণ্ডৰ পৰিৱৰ্তনৰ লক্ষ্যৰে একেলগে কাম কৰিব পাৰে।

 

প্রধানমন্ত্রীয়ে কৃষি ক্ষেত্ৰত কামৰ অগ্রগতিৰ স্বীকৃতিত পুৰস্কাৰ প্রাপক ৰাজ্য মেঘালয়ৰ নাম বিশেষভাবে উল্লেখ কৰে।

প্রধানমন্ত্রীয়ে স্বাধীনতাৰ পাছৰ পৰা কৃষি ক্ষেত্ৰত অগ্রগতিৰ বাবে কৃষকসকলে কঠোৰ পৰিশ্রম আৰু দৃঢ় মানসিকতাৰ প্রশংসা কৰে। তেওঁ কয় যে আজি আমাৰ দেশত খাদ্য শস্য, দালিজাতীয় শস্য, ফল, শাক-পাচলি আৰু গাখীৰৰ অভিলেখ সংখ্যক উৎপাদন হৈছে। তথাপিও বৰ্তমানৰ সময়ত কৃষি ক্ষেত্ৰত গুৰুত্বপূর্ণ প্ৰত্যাহ্বান আছে বুলি তেওঁ উল্লেখ কৰে। যিবোৰ কাৰণত কৃষকসকলৰ আয় কমে অথবা তেওঁলোকৰ ক্ষতি আৰু ব্যয়ৰ পৰিমাণ বৃদ্ধি পায় সেইবোৰ মোকাবিলা কৰাটোৱেই বর্তমানৰ প্ৰত্যাহ্বানপ্ৰধানমন্ত্ৰীয়ে কয় যে এইবোৰ প্ৰত্যাহ্বান মোকাবিলা কৰাত চৰকাৰে এক সার্বিক দৃষ্টিভংগীত কাম কৰি আহিছে। কৃষকসকলৰ আয় দুগুণ কৰা আৰু তেওঁলোকৰ জীৱন সহজ কৰি তোলাই এই কামৰ লক্ষ্য।

 

এই লক্ষ্যৰে কামৰ অগ্রগতি প্রসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশৰ কৃষকসকলক ১১ কোটি ভূমি স্বাস্থ্য কার্ড দিয়া হৈছে। কৃষি ক্ষেত্ৰত ব্যৱহৃত ইউৰিয়াৰ ওপৰত নিমৰ প্রলেপ লগোৱাৰ ফলত সাৰৰ বাবদ কৃষকসকলৰ ব্যয় কমিছে আৰু ফচলৰ উৎপাদন বৃদ্ধি পাইছে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্রধানমন্ত্রী ফচল বীমা যোজনাৰ জৰিয়তে কৃষি বীমাৰ প্রিমিয়াম হ্রাস কৰা হৈছে, বীমাৰ ঊর্দ্ধ সীমা প্ৰত্যাহাৰ কৰা হৈছে আৰু বীমাৰ বিপৰীতে কৃষকসকলৰ দাবীৰ ধন প্রদানৰ পৰিমাণ বহু পৰিমাণে বৃদ্ধি পাইছে। প্রধানমন্ত্রী কৃষি সিঞ্চন যোজনাৰ জৰিয়তে দেশৰ সকলো ভূমিতে জলসিঞ্চনৰ কথা ভবা হৈছে বুলি তেওঁ সদৰি কৰে। দেশৰ বাকী থকা জলসিঞ্চন প্রকল্পসমূহ সম্পূর্ণ কৰাৰ বাবে ইতিমধ্যে ৮০,০০০ কোটি টকা ব্যয় কৰা হৈছে।

 

কিষাণ সম্পদ যোজনা নামেৰে এক আঁচনিৰ জৰিয়তে কৃষকসকলৰ বাবে খেতি পথাৰৰ পৰা বজাৰলৈকে যোগান শৃংখল জোৰদাৰ কৰা আৰু আধুনিক কৃষি পৰিকাঠামো সৃষ্টি কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে শেহতীয়া বাজেটত ঘোষিত অপাৰেচন গ্রিনছ প্রকল্পৰ জৰিয়তে শাক-পাচলি, ফল বিশেষকৈ বিলাহী, পিয়াঁজ আৰু আলু খেতিৰ কৃষকসকল উপকৃত হব।

 

তেওঁ কয় যে কৃষকৰ কল্যাণৰ লক্ষ্যৰে কেইবাখনো আদর্শ আইন প্রণয়ন কৰি ৰাজ্যসমূহক এই আইনসমূহ ৰূপায়ণৰ কৰিবলৈ কোৱা হৈছে।

 

প্রধানমন্ত্রীয়ে কয় যে কৃষকসকলৰ বাবে আধুনিক বীজ, পর্যাপ্ত বিদ্যুৎ যোগান আৰু সহজ বিপণনৰ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ চৰকাৰে কাম কৰি আছে।

 

তেওঁ কয় যে কেন্দ্রীয় চৰকাৰে সকলো বিজ্ঞাপিত ফচলৰ ন্যূনতম সমর্থিত মূল্য সংশ্লিষ্ট ফচলসমূহৰ উৎপাদন ব্যয়ৰ অতিকমেও ডেৰ গুণ কৰাৰ সিদ্ধান্ত লৈছে। উৎপাদন ব্যয়ৰ অন্তৰ্গত শ্রম, কৃষি যন্ত্রপাতি ভাড়া, বীজ আৰু সাৰৰ মূল্য, ৰাজ্য চৰকাৰক প্রদান কৰা ৰাজহ কার্যকৰী পুঁজিৰ ওপৰত সুদ তথা লীজত লোৱা ভূমিৰ ভাড়াৰ দৰে বিষয়বোৰ বিবেচনা কৰা হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষি বিপণনৰ ক্ষেত্ৰত সংস্কাৰৰ লক্ষ্যৰে ব্যাপক পদক্ষেপ গ্রহণ কৰা হৈছে। গ্রামীণ খুচৰা বজাৰসমূহ পাইকাৰি তথা বিশ্ব বজাৰৰ সৈতে যুক্ত কৰাটো অতিকে গুৰুত্বপূর্ণ বুলি তেওঁ কয়চলিত কেন্দ্রীয় বাজেটত গ্রামীণ খুচৰা কৃষি বজাৰৰ বিষয়টোত অনুমোদন জনোৱা হৈছে। ২২,০০০ গ্রামীণ হাটক প্রয়োজনীয় আন্তঃগাঁথনিসহ উন্নীত কৰা হব আৰু কৃষিজাত সামগ্ৰীৰ বিপণন কমিটী আৰু ই-নাম মঞ্চৰ সৈতে সংযুক্ত কৰা হব।

 

প্রধানমন্ত্রীয়ে কৃষক উৎপাদক সংগঠন গঢ়ি তোলাৰ গুৰুত্বৰ ওপৰতো জোৰ দিয়েতেওঁ কয় যে কৃষক উৎপাদক সংগঠনসমূহক সমবায় সমিতিৰ ধৰণে আয়কৰৰ ক্ষেত্ৰত ৰেহাই দিয়া হব। এই কাৰ্যসূচীৰ জৰিয়তে কৃষি বিপণনৰ সংস্কাৰৰ ক্ষেত্ৰত এক নতুন অধ্যায় সংযুক্ত হব। কাৰণ, জৈৱ কৃষিজাত সামগ্ৰীৰ বাবে ইয়াৰ সৈতে এটি ই-মার্কেটিং পোর্টেলৰ ব্যৱস্থা কৰা হব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে সেউজ বিপ্লৱ আৰু শ্বেত বিপ্লৱৰ সমান্তৰালভাৱে আমি জৈৱ বিপ্লব, জল বিপ্লৱ, নীল বিপ্লৱ আৰু মিঠাই বিপ্লৱৰ ওপৰত জোৰ দিব লাগিব। কৃষি বিজ্ঞান কেন্দ্রসমূহে এইক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা লব বুলি তেওঁ উল্লেখ কৰে।

 

মৌ পালনে কেনেকৈ কৃষকসকলৰ বাবে অতিৰিক্ত আয়ৰ গুৰুত্বপূর্ণ উৎস হব পাৰে, সেই সন্দৰ্ভতো ব্যাখ্যা কৰে প্রধানমন্ত্রীয়েএকেদৰে, তেওঁ সৌৰকৃষিৰ সুবিধাৰ কথাও উল্লেখ কৰেবিগত তিনি বছৰত দেশৰ কৃষকসকলৰ মাজত ২.৭৫ লাখ সৌৰ পাম্প বিতৰণ কৰা হৈছে বুলিও তেওঁ কয়প্রধানমন্ত্রীয়ে কম্পোষ্ট আৰু পশুৰ মলৰ পৰা জৈৱ গেছ উৎপাদনৰ লক্ষ্যৰে গ্ৰহণ কৰা গো-ৱৰ ধন যোজনা কথাও ভাষণত উল্লেখ কৰে।

 

শস্যৰ অৱশিষ্টাংশ পুৰি পেলোৱাৰ ক্ষতিকাৰক প্রভাৱৰ প্রসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এইবোৰ পুৰি পেলোৱাৰ বিপৰীতে যন্ত্রৰ সহায়ত মাটিত মিহলালে, সেইবোৰে মাটিৰ উর্বৰতাৰ ক্ষেত্ৰত উপকাৰ কৰিব পাৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যেৰকাৰে পর্যাপ্ত পৰিমাণে কৃষি ঋণ দিয়াৰ ব্যৱস্থাৰ লক্ষ্যৰে কাম কৰিছে।

 

কৃষি উন্নতি মেলাৰ দৰে এনে অনুষ্ঠান দেশৰ বিভিন্ন স্থানত আয়োজন কৰাৰ পোষকতা কৰে প্রধানমন্ত্ৰীয়েতেওঁ এই ধৰনৰ অনুষ্ঠানৰ প্রভাৱ বিশ্লেষণৰ কথাও কয়।

*****

AKT/ VJ/DB



(Release ID: 1535745) Visitor Counter : 38


Read this release in: English , Hindi , Tamil