প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱে’ আৰু দিল্লী-মীৰাট এক্সপ্ৰেছৱে’ৰ পৰ্যায়-১ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

Posted On: 27 MAY 2018 4:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দিল্লী এনচিআৰ অঞ্চলত দুটাকৈ নৱনিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথ দেশৱাসীৰ বাবে মুকলি কৰে৷ ইয়াৰে প্ৰথমটো হ’ল নিজামুদ্দিন দলঙৰ পৰা দিল্লী ইউপি ব’ৰ্ডাৰলৈ বিস্তৃত ১৪ লেনযুক্ত দিল্লী-মীৰাট এক্সপ্ৰেছৱে’ৰ প্ৰথম পৰ্যায়৷ দ্বিতীয়টো প্ৰকল্প হ’ল ৰাষ্ট্ৰীয় ঘাইপথ-১ৰ কুন্দলীৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ-২ৰ পালৱাললৈ বিস্তৃত ১৩৫ কিলোমিটাৰ দৈৰ্ঘৰ ইষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱে’(ইপিই)৷

দিল্লী মীৰাট এক্সপ্ৰেছৱে’ সম্পূৰ্ণ হৈ উঠিলে ৰাষ্ট্ৰীয় ৰাজধানীৰ পৰা মীৰাট আৰু পশ্চিম উত্তৰ প্ৰদেশ তথা উত্তৰাখণ্ডৰ বহুতো স্থানলৈ ভ্ৰমণ সময় উল্লেখনীয়ভাৱে হ্ৰাস হ’ব৷

দিল্লী মীৰাট এক্সপ্ৰেছৱে’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এখন মুকলি জীপত কিছু দূৰ পৰিভ্ৰমণ কৰি ঘাইপথতো পৰ্যবেক্ষণ কৰে৷ এই সময়ছোৱাত পথৰ দুয়োকাষে থকা অজস্ৰ লোকে তেওঁক সম্ভাষণ জনায়৷

ইষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱে’(ইপিই)ৰ মুকলিয়ে ৰাষ্ট্ৰীয় ৰাজধানীক যান-যঁট আৰু প্ৰদূষণৰ পৰা কিছু সকাহ দিব৷

এই উপলক্ষে বাঘপটত আয়োজিত এক ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰে যে দিল্লী মীৰাট এক্সপ্ৰেছৱে’ শীঘ্ৰেই সম্পূৰ্ণ হৈ উঠিব৷ তেওঁ কয় যে ইষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱে’ই যান-যঁটৰ পৰা দিল্লীক সকাহ দিব৷ মানুহৰ জীৱন ধাৰণৰ মান উন্নত কৰাত আধুনিক আন্তঃগাথনিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ স্থলপথ, ৰে’লপথ, জলপথ আদি ক্ষেত্ৰকে ধৰি আন্তঃগাথনি নিৰ্মাণৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়েও তেওঁ উল্লেখ কৰে৷

মহিলা সৱলীকৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে ব্যাখ্যা আগবঢ়াই কিদৰে স্বচ্ছ ভাৰত অভিযানৰ অধীনত শৌচালয় নিৰ্মাণ কৰা হৈছে, উজ্জলা যোজনাৰ অধীনত আগবঢ়োৱা ৰন্ধন গেছৰ সংযোগে কিদৰে মহিলাসকলৰ জীৱন সৰল কৰি তুলিছে৷ তেওঁ কয় যে মুদ্ৰা যোজনা অধীনত প্ৰদান কৰা ১৩ কোটি ঋণৰ ৭৫ শতাংশতকৈ অধিক মহিলা উদ্যোগীলৈ আগবঢ়োৱা হৈছে৷

অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা জাতিৰ বাবে লোৱা পদক্ষেপ সন্দৰ্ভতো প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

তেওঁ কয় যে চলিত বৰ্ষৰ কেন্দ্ৰীয় বাজেটত গ্ৰাম্য আৰু কৃষি আন্তঃগাথনি উন্নত কৰিবলৈ ১৪ লাখ কোটি টকাৰ এক বিকল্প ৰখা হৈছে৷

***

AKT/HS/MS



(Release ID: 1533935) Visitor Counter : 61


Read this release in: English , Marathi , Bengali , Tamil