কেবিনেট

ভাৰত আৰু মৰক্কোৰ মাজত আইনী ক্ষেত্ৰত বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 16 MAY 2018 3:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু মৰক্কোৰ মাজত আইনী ক্ষেত্ৰত বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে৷ এই চুক্তিৰ লক্ষ্য হ’ল আইনগত ক্ষেত্ৰত দেশ দুখনৰ অভিজ্ঞতা আৰু নিপুণতাৰ আদান প্ৰদান কৰা৷

বুজাবুজিৰ চুক্তিখনে দেশ দুখনৰ অধিবক্তা, আইনী বিষয়া আৰু আইনৰ ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন আলোচনাচক্ৰ, কৰ্মশালা আদিৰ জৰিয়তে আইন আৰু ন্যায়িক ব্যৱস্থাৰ বিভিন্ন দিশ আলোচনাৰ এক সুযোগ আগবঢ়াব৷

*****

AKT/VBA/SH/MS



(Release ID: 1532352) Visitor Counter : 42