প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বাৰাণসীত নিৰ্মীয়মান উৰণীয়া সেতু ভাগি নিহত হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

Posted On: 15 MAY 2018 7:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত নিৰ্মীয়মান উৰণীয়া সেতু ভাগি নিহত হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

বাৰাণসীত এখন নিৰ্মীয়মান উৰণীয়া সেতু ভাগি কেইবাগৰাকীও ব্যক্তি নিহত হোৱাৰ সংবাদে মোক দুখ দিছে৷ তেওঁলোকলৈ মই গভীৰ শোক ব্যক্ত কৰিছো আৰু আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰিছো৷ এই সন্দৰ্ভত মই বিষয়-ববীয়াৰ সৈতে কথা পাতিছো আৰু ক্ষতিগ্ৰস্ত লোকসকলক পৰ্যাপ্ত সহায় কৰিবলৈ নিৰ্দেশ দিছো৷

নিৰ্মীয়মান উৰণীয়া সেতুখন ভগা সন্দৰ্ভত মই উত্তৰ-প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে বাৰ্তালাপত মিলিত হৈছো৷ উত্তৰ-প্ৰদেশ চৰকাৰে গোটেই ঘটনাটো সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছে আৰু ক্ষতিগ্ৰস্তসকলক সহায় কৰিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে৷’’—প্ৰধানমন্ত্ৰীয়ে কয়৷

***

AKT/SH/MS



(Release ID: 1532218) Visitor Counter : 39