প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নেপাললৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
प्रविष्टि तिथि:
10 MAY 2018 3:08PM by PIB Guwahati
নেপাল ভ্ৰমণলৈ ৰাওনা পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰা বিবৃতিৰ লিখিত ৰূপ তলত উল্লেখ কৰা ধৰণৰঃ
“মাননীয় প্ৰধানমন্ত্ৰী কেপি শৰ্মা অ’লীৰ আমন্ত্ৰণক্ৰমে ১১-১২ মে’ত মই নেপাল ভ্ৰমণ কৰিম৷
প্ৰধানমন্ত্ৰী হিচাপে এয়া মোৰ তৃতীয়টো নেপাল ভ্ৰমণ৷ ইয়ে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ সৈতে থকা বহু বছৰ পুৰণি, ঘনিষ্ঠ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কক প্ৰতিফলিত কৰে৷
যোৱা মাহত প্ৰধানমন্ত্ৰী অ’লীৰ ভাৰত ভ্ৰমণৰ পাছতে মই এই ভ্ৰমণৰ কাৰ্যসূচী লৈছো৷ এই উচ্চ-পৰ্যায়ৰ নিয়মীয়া আলোচনাই আমাৰ চৰকাৰৰ ‘সবকা সাথ, সবকা বিকাশ’ নীতি আৰু ‘চুবুৰীয়া ৰাষ্ট্ৰক প্ৰথম অগ্ৰাধিকাৰ’ নীতিৰ প্ৰতি থকা দায়বদ্ধতাক স্পষ্ট কৰে৷
বিগত কিছু বছৰত আমি দুয়োখন ৰাষ্ট্ৰই কেইবাটাও দ্বিপাক্ষিক যোগাযোগ আৰু উন্নয়ন প্ৰকল্প সম্পূৰ্ণ কৰিছো আৰু আমাৰ জনসাধাৰণৰ কল্যাণৰ বাবে পৰিৱৰ্তনকাৰী পদক্ষেপ গ্ৰহণ কৰিছো৷
প্ৰধানমন্ত্ৰী অ’লী আৰু মই নতুন দিল্লীত শেহতীয়াকৈ বিস্তৃতভাৱে আলোচনা কৰা পাৰস্পৰিক লাভালাভৰ দিশসমূহ আগুৱাই নিয়াৰ লগতে বিভিন্ন খণ্ডত আমাৰ সহযোগিতামূলক অংশীদাৰিত্বক উদগণি যোগোৱাৰ সুযোগ লাভ কৰিম৷
কাঠমাণ্ডুৰ লগতে মই জনকপুৰ আৰু মুক্তিনাথ ভ্ৰমণৰ বাবেও আগ্ৰহী৷ এই দুয়োখন স্থানে প্ৰতিবছৰে বৃহৎ সংখ্যক পৰ্যটকক আকৰ্ষিত কৰি আহিছে৷ ভাৰত আৰু নেপালৰ মাজত থকা প্ৰাচীন আৰু শক্তিশালী সাংস্কৃতিক তথা ধৰ্মীয় সম্পৰ্কৰ তেওঁলোক হ’ল জীৱন্ত সাক্ষী৷
নেপাল এতিয়া এক শক্তিশালী গণতন্ত্ৰৰ নতুন যুগত প্ৰৱেশ কৰিছে আৰু দ্ৰুত অৰ্থনৈতিক বিকাশৰ অধিকাৰী হৈছে৷ ‘সমৃদ্ধ নেপাল, সুখী নেপালী’ৰ সপোন পূৰণৰ বাবে ভাৰত সদায় নেপাল চৰকাৰৰ দৃঢ় সংগী হৈ থাকিব৷
নেপালত মই ৰাজনৈতিক নেতা আৰু বন্ধু-বান্ধৱীসকলক সাক্ষাতৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰিছো৷ মই আত্মবিশ্বাসী যে মোৰ এই ভ্ৰমণে নেপালৰ সৈতে আমাৰ নাগৰিক-কেন্দ্ৰক অংশীদাৰিত্ব অধিক মজবুত কৰিব৷’’
***
AKT/SH/MS
(रिलीज़ आईडी: 1531857)
आगंतुक पटल : 138