প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আম্বেদকাৰ জয়ন্তীত প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰিব চত্তিশগড়, আয়ুস্মান ভাৰত আঁচনি মুকলিৰ অংশ হিচাপে উদ্বোধন কৰিব স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ

प्रविष्टि तिथि: 13 APR 2018 2:19PM by PIB Guwahati

আম্বেদকাৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চত্তীশগড়ৰ আকাংক্ষিত জিলা বিলাপুৰ ভ্ৰমণ কৰিব৷

তেওঁ এটি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ মুকলি কৰিব, যিয়ে কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী স্বাস্থ্য নিশ্চয়তা আঁচনি আয়ুস্মান ভাৰতৰ মুকলি হোৱাটো সূচাব৷

প্ৰধানমন্ত্ৰীয়ে বিজাপুৰ জিলাৰ জংগলা উন্নয়ন কেন্দ্ৰ পৰিভ্ৰমণ কৰিব৷ এঘণ্টাৰ কাৰ্যসূচীত তেওঁ কেইবাগৰাকীও ব্যক্তিৰ সৈতে বাৰ্তালাপত মিলিত হ’ব আৰু কেইবাটাও উন্নয়নমূলক আঁচনি সন্দৰ্ভত আলোচনা কৰিব৷

স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ মুকলি অনুষ্ঠানত তেওঁ আশা কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰিব৷ তেওঁ এটি আদৰ্শ অংগনবাড়ী কেন্দ্ৰও পৰিদৰ্শন কৰিব তথা অংগনবাড়ী কৰ্মী আৰু পোষণ অভিযানৰদ্বাৰা উপকৃত শিশুসকলৰ সৈতে বাৰ্তালাপাত ভাগ লব৷ তেওঁ হাট বজাৰ স্বাস্থ্য কেন্দ্ৰ পৰদৰ্শন কৰিব আৰু স্বাস্থ্য কৰ্মীৰে আলোচনাত মিলিত হব৷ প্ৰধানমন্ত্ৰীয়ে লগতে জাংগলাত এটি বেংক শাখা মুকলি কৰিব আৰু মুদ্ৰা আঁচনিৰ অধীনত ঋণ অনুদান পত্ৰ বিতৰণ কৰিব৷ গ্ৰাম্য বিপিঅকৰ্মীৰ সৈতেও তেওঁ মত-বিনিময়ত অংশ লব৷

প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পাছতে ৰাজহুৱা সভাস্থলীত উপস্থিত হ’ব৷ তেওঁ ভান ধন যোজনা মুকলি কৰিব, যিয়ে জনজাতীয় সম্প্ৰদায়ক সৱল কৰাৰ লক্ষ্য লৈছে৷

ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে প্ৰধানমন্ত্ৰী মোদীয়ে ভানুপ্ৰতাপপুৰ-গুড়ুম ৰে’লৱে লাইন দেশবাসীৰ বাবে উৎসৰ্গা কৰে৷ ডাল্লি ৰাজহাৰা আৰু ভানুপ্ৰতাপপুৰৰ মাজত তেওঁ এখন ৰে’লগাড়ীৰ ফ্লেগ অফ কৰিব৷ বিজাপুৰ চিকিৎসালয়ত তেওঁ এটি ডাইলেছিছ কেন্দ্ৰও উদ্বোধন কৰিব৷

প্ৰধানমন্ত্ৰীয়ে এলডব্লিউই অঞ্চলৰ ১৯৮৮ কিলোমিটাৰৰ পিএমজিএছৱাই পথ তথা এলডব্লিউই অঞ্চলৰ অন্যান্য পথ সংযোগ প্ৰকল্প, বিজাপুৰৰ জলসিঞ্চন আঁচনি আৰু দুখন দলঙৰ আধাৰশিলা স্থাপন কৰিব৷ তেওঁ উপস্থিত জনতাকো সম্বোধন কৰিব৷

*****

AKT/HS/MS


(रिलीज़ आईडी: 1531676) आगंतुक पटल : 109
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Marathi , Gujarati , Tamil , Telugu