কেবিনেট

ঔষধি উদ্ভিদৰ ক্ষেত্ৰত ভাৰত আৰু ছাও টোমি আৰু প্ৰিন্সিপেৰ মাজত সহযোগিতাৰ অৰ্থে স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 25 APR 2018 1:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ঔষধি উদ্ভিদৰ ক্ষেত্ৰত ভাৰত আৰু ছাও টোমি আৰু প্ৰিন্সিপেৰ মাজত সহযোগিতাৰ অৰ্থে স্বাক্ষৰিত পূৰ্বে প্ৰস্তাৱিত বুজাবুজি চুক্তিত অনুমোদন জনায়। ১৪.০৩.২০১৮ত এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়।

পটভূমিঃ

১৫টা কৃষি জলবায়ুজনিত মণ্ডলেৰে জৈৱ-বৈচিত্ৰৰ দিশত বিশ্বৰ ভিতৰতে অন্যতম চহকী দেশ হৈছে ভাৰত। ইয়াত উপলব্ধ ১৭,০০০-১৮,০০০ সপুষ্পক উদ্ভিদৰ প্ৰজাতিৰ ভিতৰত ৭,০০০তকৈ অধিক উদ্ভিদেই পৰম্পৰাগত ঔষধি পদ্ধতি যেনে-আয়ুৰ্বেদ, উনানি, সিদ্ধ আৰু হোমিঅপেথি(আয়ুষ ঔষধ পদ্ধতি)ৰ বাবে ব্যৱহৃত হয়। প্ৰায় ১১৭৭টা প্ৰজাতিৰ ঔষধি উদ্ভিদৰ বাণিজ্যিক ভিত্তি আছে আৰু ইয়াৰে ২৪২বিধৰ বাৰ্ষিক উপভোগৰ পৰিমাণ ১০০ মেট্ৰিক টনতকৈও অধিক। এই ঔষধি উদ্ভিদসমূহে পৰম্পৰাগত আৰু হাৰ্বেল উদ্যোগৰ প্ৰধান সম্পদেই নহয়, বৰঞ্চ এইবোৰে ভাৰতৰ একাংশ লোকৰ জীৱন-জীৱিকাৰ সন্ধানো দিছে। এইবোৰৰ বৈশ্বিক বজাৰত বাণিজ্যিক মুল্য ১২০ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ২০৫০ চনত ৭ ত্ৰিলিয়ন মাৰ্কিল ডলাৰলৈ বৃদ্ধি হোৱাৰ আশা আছে।

*****

AKT/VBA/SH/DB



(Release ID: 1530772) Visitor Counter : 67