প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভিয়েটনামৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণকালত ভাৰত-ভিয়েটনামৰ যুটীয়া প্ৰেছ বিবৃতি(৩ মাৰ্চ, ২০১৮)

Posted On: 04 MAR 2018 9:39AM by PIB Guwahati

ৰাষ্ট্রপতি শ্ৰীযুত ৰামনাথ কোবিন্দৰ আমন্ত্রণ ক্ৰমে ভিয়েটনামৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ত্রাণ দাই কোৱাঙে চলিত মাহৰ ২-৪ মাৰ্চলৈ ভাৰত ভ্ৰমণ কৰে। ভিয়েটনামৰ উপ-প্রধানমন্ত্রী তথা বিদেশ মন্ত্রী শ্ৰী ফাম বিন মিনসহ এক উচ্চ পর্যায়ৰ প্রতিনিধি দলো ৰাষ্ট্ৰপতি কোৱাঙৰ সৈতে ভাৰত ভ্ৰমণলৈ আহে।

 

ভিয়েটনামৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কালত তেওঁক সাদৰেৰে আদৰণী ৰাষ্ট্রপতি শ্ৰীযুত কোবিন্দে আৰু তেওঁৰ আপ্যায়নৰ উদ্দেশ্যে ৰাষ্ট্রপতি ভৱনত এক বিশেষ আয়োজন কৰা হয়। শ্ৰী ত্রাণেৰ চৰকাৰী ভ্ৰমণ সূচীৰ ভিতৰত ৰাজঘাটত মহাত্মা গান্ধীৰ স্মৃতিসৌধত পুষ্পমাল্য নিবেদন, ভাৰতৰ ৰাষ্ট্রপতিয়ে আয়োজন কৰা ভোজসভাত যোগদান, প্রধানমন্ত্রী শ্ৰীযুত নৰেন্দ্র মোদীৰ সৈতে প্রতিনিধি পর্যায়ৰ আলোচনা বৈঠকত অংশগ্রহণ ইত্যাদি উল্লেখযোগ্য। তদুপৰি, ৰাষ্ট্ৰপতি কোৱাঙে লোকসভাৰ অধ্যক্ষ শ্ৰীমতী সুমিত্রা মহাজন আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী শ্ৰীমতী সুষমা স্বৰাজকো সাক্ষাৎ কৰে। ভিয়েটনাম-ভাৰত বাণিজ্য ফোৰামৰ বৈঠকতো ভাষণ দিয়ে ভিয়েটনামৰ ৰাষ্ট্রপ্রতিয়ে। ইফালে, ভাৰতীয় উদ্যোগ আৰু বাণিজ্য খণ্ডৰ আগশাৰীৰ মুৰব্বীৰ সৈতেও আলোচনাত মিলিত হয়। ভিয়েটনামৰ ৰাষ্ট্রপ্রতিয়ে বুদ্ধগয়াও পৰিদর্শন কৰে।

 

এক বিনম্ৰ তথা আন্তৰিক পৰিৱেশত ভাৰত আৰু ভিয়েটনামৰ মাজৰ প্রতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়। দ্বিপাক্ষিক সম্পর্কৰ ক্ষেত্রত অগ্রগতি, বিভিন্ন ক্ষেত্রত দুয়ো দেশৰ সহযোগিতামুলক প্রচেষ্টা তথা ২০১৬ চনতে ভাৰতৰ প্রধানমন্ত্রীৰ সফল ভিয়েটনাম ভ্ৰমণৰ পৰৱর্তীসময়ত দুয়ো দেশৰ কর্মপ্রচেষ্টা আৰু সুদৃঢ় কৰি তোলাৰ দিশবোৰে আলোচনাত স্থান পায়। বৈঠকৰ শেষত ৰাষ্ট্ৰপতি কোৱাং আৰু প্রধানমন্ত্রী মোদীয়ে দুয়ো দেশৰ মাজত পৰমাণুশক্তি, বাণিজ্য, কৃষি আৰু মীন পালনকে ধৰি বিভিন্ন ক্ষেত্রত চুক্তি বিনিময় অনুষ্ঠানত উপস্থিত থাকে।

 

আর্থ-সামাজিক উন্নয়ন, বিজ্ঞান আৰু প্রযুক্তি, জনসাধাৰণৰ জীৱন-ধাৰণৰ মান উন্নয়ন ইত্যাদি ক্ষেত্রত ভাৰতৰ সফলতাক ভূয়সী প্রশংসা কৰে ৰাষ্ট্ৰপতি কোৱাঙে। আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় মঞ্চসমূহত ভাৰতৰ ভূমিকা তথা অৱস্থানক আৰু উন্নত কৰি তুলিবলৈ সর্বতো প্ৰকাৰৰ সমর্থনৰো প্রতিশ্রুতি দিয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে। আনহাতে, বৈদেশিক নীতি তথা আর্থ-সামাজিক উন্নয়নৰ ক্ষেত্রত ভিয়েটনামৰ গুৰুত্বপূর্ণ অগ্রগতি তথা সাফল্যৰ বাবে ভাৰতৰ ৰাষ্ট্রপতি আৰু প্রধানমন্ত্রীয়ে ৰাষ্ট্ৰপতি কোৱাঙক অভিনন্দন জনায়। ভিয়েটনাম যে অচিৰেই এক ঔদ্যোগিকভাৱে উন্নত দেশৰ মর্যাদা অর্জন কৰিবলৈ গতি কৰিছে, এই সন্দৰ্ভতো তেওঁলোকে দৃঢ় আস্থা আৰু বিশ্বাসৰ কথাও ব্যক্ত কৰে।

 

জাতিৰ পিতা মহাত্মা গান্ধী আৰু ভিয়েটনামৰ ৰাষ্ট্ৰপতি হো চি মিনৰ নেতৃত্বত ভাৰত আৰু ভিয়েটনামৰ মাজত যি বন্ধুত্বপূৰ্ণ সম্পর্কৰ আৰম্ভ হৈছিল, তাৰ কথা দুয়ো দেশেই স্বীকাৰ কৰে আৰু পৰৱর্তী প্রজন্মৰ নেতৃবৃন্দ তথা জনসাধাৰণে এই দ্বিপাক্ষিক সম্পর্কক আৰু অধিক প্রসাৰিত কৰি তুলিছে। ভাৰত আৰু ভিয়েটনামৰ মাজত কৌশলগত অংশীদাৰিত্বৰ মাত্রা বৰ্তমান যি পর্যায়লৈ উন্নীত হৈছে, তাক লৈ দুয়ো দেশেই সন্তোষ প্রকাশ কৰিছে। ভাৰত আৰু ভিয়েটনামৰ মাজত কূটনৈতিক সম্পর্ক স্থাপনৰ ৪৫সংখ্যক বার্ষিকী তথা কৌশলগত অংশীদাৰিত্বৰ দশম বার্ষিকীৰ উদযাপন উপলক্ষে ২০১৭ বৰ্ষটি মৈত্রী বর্ষৰূপে পালন কৰা হয়। এই উপলক্ষে ভাৰতত ভিয়েটনাম দিৱস পালনৰ যি প্ৰচেষ্টা লোৱা হৈছিল তাৰ ভূয়সী প্রশংসা কৰে ভিয়েটনামৰ ৰাষ্ট্ৰপতিয়ে।

 

দ্বিপাক্ষিক সম্পর্কৰ এই প্ৰসাৰৰ ধাৰা বৰ্তাই ৰাখিবলৈ নিয়মীয়াকৈ দ্বিপাক্ষিক ভ্ৰমণসূচী বিনিময়ৰ ওপৰত বিশেষ জোৰ দিয়া হয় আলোচনা। সহযোগিতাৰ ক্ষেত্রসমূহৰৰ সম্পর্কে পর্যালোচনা আৰু ২০১৭-২০ পর্যন্ত কৌশলগত অংশীদাৰিত্বৰ কর্মপৰিকল্পনা ৰূপায়ণৰ বিষয়সমূহৰ খতিয়ান চাই ২০১৮চনত দুয়ো দেশৰ বৈদেশিক মন্ত্রীৰ নেতৃত্বত গঠিত যৌথ কমিটিৰ পৰৱর্তী বৈঠক আয়োজনৰ প্রস্তাৱ তথা অনুমতিও প্ৰদান কৰে ভাৰত আৰু ভিয়েটনামে।

 

প্রতিৰক্ষা আৰু নিৰাপত্তা

 

দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্বৰ ক্ষেত্রত প্রতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাই যি গুৰুত্বপূর্ণ আৰু কার্যকৰী ভূমিকা পালন কৰে, তাক দুয়োপক্ষই স্বীকাৰ কৰে। এইক্ষেত্রত অর্জিত সাফল্য আৰু অগ্রগতিত বিশেষ সন্তোষ প্রকাশ কৰা হয় তেওঁলোকে। দুয়ো দেশৰ সেনাবাহিনীৰ মাজত সুদৃঢ় সহযোগিতা আৰু চাইবাৰ নিৰাপত্তা, সন্ত্রাসবাদ দমন আৰু উগ্রপন্থীৰ কার্যকলাপ ৰোধত দুয়ো দেশৰ ঘনিষ্ঠ সহযোগিতা প্রচেষ্টাক আদৰণী জনায়। তদুপৰি, মানৱ আৰু ড্ৰাগছৰ সৰবৰাহ ৰোধ, সামূদ্ৰিক-নিৰাপত্তা, জলবায়ু পৰিৱর্তন আৰু খাদ্য নিৰাপত্তাৰ ক্ষেত্রত দ্বিপাক্ষিক সহযোগিতাক আৰু অধিক দৃঢ় কৰি তোলাৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হয়।

 

চাইবাৰ নিৰাপত্তাৰ ক্ষেত্রত ভাৰত আৰু ভিয়েটনামৰ মাজত স্বাক্ষৰিত চুক্তিসমূহৰ সক্ৰিয় ৰূপায়ণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে দুয়ো দেশে। ভাৰতৰ জাতীয় নিৰাপত্তা পৰিষদ সচিবালয় আৰু ভিয়েটনামৰ চৰকাৰী নিৰাপত্তা মন্ত্রালয়ৰ মাজত স্বাক্ষৰিত সহযোগিতা চুক্তিক শীঘ্ৰে বাস্তবায়িত কৰিবলৈও দুয়ো পক্ষই সহমত প্রকাশ কৰে।

 

ভিয়েটনামৰ সৈতে প্রতিৰক্ষা সহযোগিতাৰ উপৰি সেই দেশৰ দক্ষতা বৃদ্ধিত সহযোগিতা আগবঢ়োৱাত ভাৰতে আগ্রহ প্রকাশ কৰে। দুয়ো দেশৰ আলোচনামুলক বৈঠকত ভিয়েটনামৰ উপকূলৰক্ষী বাহিনীৰ উচ্চগতিৰ প্রহৰা যান নির্মাণৰ লক্ষ্যৰে ১০০ মিলিয়ন মার্কিন ডলাৰ ঋণ সাহায্য বাস্তবায়নৰ বিষয়টো দ্রুততৰ কৰি তোলাৰ ওপৰত জোৰ দিয়া হয়। তদুপৰি, প্রতিৰক্ষা সহযোগিতাকে আৰু অধিক দৃঢ় কৰি তোলাৰ সপক্ষে মত প্রকাশ কৰেন নেতা দুগৰাকীয়ে।

নৌ-ক্ষেত্রত বিশেষকৈ, জলদস্যুৰ কাৰ্যকলাপ ৰোধ, সমুদ্রপথেৰে নিৰাপত্তা, জাহাজ চলাচল সম্পর্কীয় তথ্য বিনিময় ইত্যাদি দিশৰ সহযোগিতা অধিক সুদৃঢ় কৰি তোলাটো যে অতি জৰুৰী সেই বিষয়ে উভয়ে সহমত প্রকাশ কৰে। ২০১৮ৰ জানুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত আছিয়ান-ভাৰত নৌ-সহযোগিতা সম্পর্কীয় স্মাৰক শীর্ষ সন্মিলন আয়োজনৰ প্ৰতি লক্ষ্য ৰাখি সামুদ্রিক বিষয়সমূহত ভাৰত-ভিয়েটনামে দ্বিপাক্ষিক পৰামর্শ আৰু আলাপ-আলোচনা চলাই যোৱাৰ দিশত জোৰ দিয়া হয়।

 

আন্তঃসীমান্ত সন্ত্রাসকে ধৰি যিকোনো ধৰণৰ সন্ত্রাসমূলক কাৰ্যকলাপক দুয়োদেশে তীব্ৰ নিন্দা কৰে। বিশ্বশান্তি, নিৰাপত্তা আৰু স্থিতিশীলতাৰ ক্ষেত্ৰত সন্ত্রাসবাদৰ ভাবুকি যে ভয়ংকৰ ৰূপ লব পাৰে, সেই সম্পর্কে ভাৰতৰ লগতে ভিয়েটনামেও উদ্বেগ প্ৰকাশ কৰে। সন্ত্রাসবাদক লৈ কোনোধৰণৰ যুক্তি বা কাৰণ থাকিব নোৱাৰে, সেই ক্ষেত্ৰতো সহমত প্রকাশ কৰে তেওঁলোকে। তদুপৰি, সন্ত্রাসজনিত কর্মতৎপৰতাৰ সৈতে জাতি, ধর্ম, সভ্যতা আৰু জনজাতি গোষ্ঠীক যে কোনো ধৰণেই জড়িত কৰা উচিৎ নহয়, এই সম্পর্কে দৃঢ় মত পোষণ কৰে ভাৰত আৰু ভিয়েটনামে। নেৰিস্থিতিত সন্ত্রাসবাদ আৰু ইয়াৰ সহায়কাৰীসকলৰ বিৰুদ্ধে সতর্ক থাকিবলৈ বিশ্বৰ সকলো দেশকে আহ্বান জানানো হয়। সন্ত্রাস দমনত সকলো দেশে একেলগে আগুৱাই অহা উচিৎ সেই কথাতো দ্বিপাক্ষিক আলোচনাত বিশেষ জোৰ দিয়া হয়। আন্তঃৰাষ্ট্ৰীয় সন্ত্রাস সম্পর্কে এক সুসংবদ্ধ আলোচনা বৈঠক আৰু প্রস্তাব গ্রহণৰ প্রয়োজনীয়তাৰ দিশতো দৃষ্টি আকর্ষণ কৰে ভাৰত আৰু ভিয়েটনামে।

 

অর্থনৈতিক সম্পর্ক

দুয়োদেশেই স্বীকাৰ কৰে যে এক বলিষ্ঠ বাণিজ্য আৰু অর্থনৈতিক সহযোগিতা গঢ়ি তোলা দুয়ো দেশেৰই এটি কৌশলগত উদ্দেশ্য। কেৱল ইমানেই নহয়, দুয়ো দেশৰ কৌশলগত অংশীদাৰিত্বৰ ই এক বিশেষ স্তম্ভ। বিগত দুবছৰত ভাৰত আৰু ভিয়েটনামৰ মাজত বাণিজ্যিক লেনদেনৰ মাত্রা যিধৰণে বৃদ্ধি পাইছে, তাতো ভিয়েটনামৰ ৰাষ্ট্ৰপতি আৰু প্রধানমন্ত্রী মোদীয়ে সন্তোষ প্রকাশ কৰে। দ্বিপাক্ষিক বাণিজ্যৰ মাত্রাক আৰু অধিক প্রসাৰ তথা ব্যাপক কৰি তোলাৰ উদ্দেশ্যে সম্ভাব্য সকলো ধৰণৰ প্রচেষ্টা চলাই যোৱাৰ প্ৰতিও তেওঁলোকে মত প্রকাশ কৰেঅহা ২০২০ চনৰ ভিতৰত ১৫ বিলিয়ন মার্কিন ডলাৰেৰ বাণিজ্যৰ লক্ষ্য পূৰণত উদ্যোগী হোৱাৰ বাবে সংশ্লিষ্ট সকলো পক্ষকে তেওঁলোকে পৰামর্শ দিয়ে। এই বছৰ যতদূৰ সম্ভৱ সোনকালে হানৈত বাণিজ্য সম্পর্কীয় যুটীয়া উপ-আয়োগৰ পৰৱর্তী বৈঠক আয়োজনৰ প্রস্তাৱ গ্ৰহণ কৰে নেতাদুগৰাকীয়ে।

 

হাইড্রোকার্বন, বিদ্যুৎ উৎপাদন, নবীকৰণযোগ্য শক্তি, শক্তি, পৰিৱেশ আৰু শক্তি সংৰক্ষণ, আন্তঃগাঁথনি, বস্ত্রশিল্প, পাদুকা শিল্প, ঔষধ উৎপাদন, মেচিনাৰী সামগ্ৰী, কৃষি আৰু কৃষিজাত সামগ্ৰী, পর্যটন, ৰাসায়নিক, তথ্য, যোগাযোগ আৰু প্রযুক্তি আৰু অন্যান্য সেৱাজনিত উদ্যোগৰ নতুন নতুন বাণিজ্য আৰু বিনিয়োগৰ সম্ভাৱনাৰ প্রসাৰত দুয়ো দেশৰ ব্যৱসায়ীক উদ্যোগী হোৱাৰ আহ্বান জনায় নেতাদুগৰাকীয়ে। তদুপৰি, কৃষিৰ উৎপাদনশীলতা বৃদ্ধি আৰু কৃষিক্ষেত্রত বিজ্ঞান আৰু প্রযুক্তিৰ প্রয়োগক আৰি অধিক নিবিড় কৰি তোলাৰ ওপৰতো তেওঁলোকে জোৰ দিয়ে।

 

মেক ইন ইণ্ডিয়াকার্যসূচীৰ অধীনত ভাৰতত বিনিয়োগ অনুকূল এক পৰিৱেশ যে সৃষ্টি হৈছে, তাৰ সুযোগ গ্রহণ কৰাৰ বাবে ভিয়েটনামৰ উদ্যোগসমূহক আহ্বান জনায় প্ৰধানমন্ত্ৰী মোদীয়ে। আনফালে, ৰাষ্ট্ৰপতি কোৱাঙে ভিয়েটনামত বিনিয়োগৰ পৰিমাণ প্রসাৰ ঘটাবলৈ ভাৰতৰ উদ্যোগীসকলক আমন্ত্রণ জনায়। বাণিজ্যিক কাম-কাজ সহজ কৰি তোলাৰ লক্ষ্যৰে প্রধানমন্ত্রী মোদীয়ে গ্ৰহণ কৰা প্রচেষ্টাৰ ভূয়সী প্রশংসাও কৰে ৰাষ্টপতি কোৱাঙে।

 

উন্নয়নমুলক সহযোগিতা

 

ভিয়েটনামক দীর্ঘদিন ধৰি ভাৰতে আগবঢ়োৱা অনুদান আৰু ঋণ সাহায্যৰ বাবে ভাৰতক ভূয়সী প্রশংসা কৰে ৰাষ্ট্ৰপতি কোৱাঙে। ভিয়েটনামৰ ছাত্র-ছাত্রী, গৱেষক আৰু শিক্ষাক্ষেত্রৰ বৃত্তিধাৰী কর্মী আৰু চৰকাৰী বিষয়াসকলৰ বৃত্তি প্ৰদানৰ মাত্রা ভাৰতে অধিক উন্নীত কৰিছে, সেই লৈ ভাৰতৰ প্রতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। বিশেষকৈ, ভাৰতৰ প্রযুক্তিগত আৰু অর্থনৈতিক সহযোগিতা কার্যসূচী, মেকং-গংগা সহযোগিতা আন্তঃগাঁথনি তথা অন্যান্য প্রকল্পসমূহৰ জৰিয়তে যিদৰে এই সহযোগিতাৰ প্রসাৰ ঘটিছে, তাৰ প্রশংসা কৰে ভিয়েটনামৰ ৰাষ্ট্রপতিগৰাকীয়ে। চলিত বৰ্ষৰ আছিয়ান-ভাৰত সন্মিলনত বিভিন্ন দেশক গ্রামীণ সংযোগ আৰু যোগাযোগ ব্যৱস্থাৰ প্রসাৰত সহযোগিতাবদ্ধ হোৱাৰ প্ৰতি প্রধানমন্ত্রী মোদীয়ে জনোৱা আহ্বানক তেওঁ প্রশংসা কৰে।

 

শক্তিখণ্ডৰ সহযোগিতা

 

তেল আৰু গেছৰ অনুসন্ধান, তাপবিদ্যুৎ আৰু জলবিদ্যুৎ উৎপাদন তথা শক্তি আৰু নবীকৰণযোগ্য শক্তি খণ্ডত দুয়ো দেশৰ সহযোগিতা যে উল্লেখযোগ্যভাবে প্রসাৰ লাভ কৰিছে সেইকথাও স্বীকাৰ কৰে দুয়োগৰাকী নেতাই। ভিয়েটনামত তেল আৰু গেছ অনুসন্ধান প্রচেষ্টাক আৰু অধিক জোৰদাৰ কৰি তুলিবলৈ ভাৰতৰ ব্যৱসায়ীসকলক সাদৰেৰে আহ্বান জনায় ৰাষ্ট্ৰপতি ত্রাণদাই কোৱাঙে। তৃতীয় বিশ্ব দেশসমূহত তেল আৰু গেছৰ অনুসন্ধান প্রকল্পৰ ক্ষেত্রত সহযোগিতাপ্রসাৰৰ বাবে স্বাক্ষৰিত চুক্তিখন যথাযথভাবে অনুসৰণ কৰাৰ বাবে আহ্বান জনায় দুয়োগৰাকী নেতাই। ভিয়েটনামত তেল আৰু গেছ অনুসন্ধানৰ ক্ষেত্রত যিবোৰ সুযোগ-সুবিধাৰ প্রসাৰ ঘটোৱা হৈছে, সেয়া সদ-ব্যৱহাৰৰ বাবে সংশ্লিষ্ট ভাৰতীয় উদ্যোগীসকলৰ প্ৰতি আহ্বান জনায় ভিয়েটনামৰ ৰাষ্ট্রপতি কোৱাঙে। তেওঁৰ দেশৰ শক্তি আৰু নবীকৰণযোগ্য শক্তি সংৰক্ষণ প্রকল্পসমূহত ভাৰতীয় সংস্থাসমূহে কৰা বিনিয়োগক আদৰণী জনায় ৰাষ্ট্ৰপতিগৰাকীয়ে। তদুপৰি, আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী চুক্তিত স্বাক্ষৰ দানৰ বিষয়টো বিবেচনাৰ বাবে ভাৰতে যি আবেদন জনাইছে, তাৰ কথাও আলোচনাত স্থান লাভ কৰে।

 

দুয়ো দেশৰ শিক্ষা, সংস্কৃতি আৰু জনসাধাৰণৰ মাজত ভ্ৰমণ বিনিময় কার্যসূচী

 

সংস্কৃতি আৰু পর্যটনৰ প্রসাৰ আৰু দুয়ো দেশৰ জনসাধাৰণৰ পাৰস্পৰিক ভ্ৰমণসূচীত অংশগ্রহণৰ ওপৰো বিশেষ জোৰ দিয়া হয় দুয়ো দেশৰ প্রতিনিধি পৰ্যায়ৰ আলোচনাত। সেইবাবে সহযোগিতাৰ বাতাবৰণকে অধিক সুদৃঢ় কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে দুয়োগৰাকী নেতাই। তদুপৰি, দুয়ো দেশৰ মাজত পুৰাতত্ত্ব, সংৰক্ষণ আৰু সংগ্রহশালা সম্পর্কীয় যি ঐতিহাসিক সহযোগিতাৰ সম্পর্ক আছে, তাক অধিক গভীৰ কৰি তোলাৰ দিশতো মত পোষণ কৰে। ভাৰতত ভিয়েটনামৰ এটি সাংস্কৃতিক কেন্দ্র গঢ়ি তোলাৰ প্রস্তাৱক আন্তৰিকভাবে আদৰণী জনায় ভাৰতে।

 

ভিয়েটনামত ইউনেস্কো বিশ্ব সাংস্কৃতিক ঐতিহ্য কেন্দ্রটিৰ সংৰক্ষণ আৰু তাক নতুনকৈ গঢ়ি তোলাৰ বাবে লোৱা প্রকল্পৰ সফল ৰূপায়ণৰ প্রশংসা কৰে দুয়োগৰাকী নেতাই। ভিয়েটনামত বিভিন্ন ঐতিহ্য আৰু সাংস্কৃতিক কেন্দ্রৰ পুনৰুদ্ধাৰ আৰু সংস্কৰণ প্রচেষ্টাত ভাৰতৰ আর্থিক সহযোগিতা প্রস্তাৱক আদৰণী জনায় ভিয়েটনামে। সেই দেশৰ ফু তো, বিন ফুক আৰু অন্যান্য প্রদেশত ৫০০ জন ভিয়েটনাম নাগৰিকৰ ওচৰত জয়পুৰ ফুটৰ দৰে কৃত্রিম অংগ প্ৰেৰণৰ বাবে ভাৰত চৰকাৰ আৰু ভগবান মহাবীৰ বিকলাংগ সাহায্য সমিতিয়ে যে পুনর্বাসন কার্যসূচী ৰূপায়িত কৰিছে, সেইবাবে ভিয়েটনামৰ ফালৰ পৰা ভাৰতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনায়।

 

যোগাযোগ

ভাৰতৰ সৈতে ভিয়েটনাম আৰু আছিয়ানভুক্ত দেশসমূহৰ সৈতে ভাৰতৰ বলিষ্ঠ সংযোগ আৰু যোগাযোগ ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত দুয়োপক্ষই বিশেষ গুৰুত্ব আৰোপ কৰে। ভাৰত, ম্যানমাৰ, থাইলেণ্ড ত্রিপাক্ষিক ঘাইপথ নির্মাণ প্রকল্পৰ জৰিয়তে আঞ্চলিক পর্যায়ত যি যোগাযোগ প্রসাৰৰ চেষ্টা কৰা হৈছে, সেই কথাৰো উল্লেখ কৰা হয় প্রতিনিধিপৰ্যায়ৰ বৈঠকত। নতুন দিল্লীৰ সৈতে হো চি মিন চিটীৰ বিমান সংযোগ শীঘ্ৰে যোগাযোগ স্থাপনৰ বাবে উদ্যোগক ভূয়সী প্রশংসা কৰে দুয়োগৰাকী ৰাষ্ট্রনেতাই।

 

আঞ্চলিক সহযোগিতা

 

প্রধানমন্ত্রী মোদী আৰু ৰাষ্ট্ৰপতি ত্রাণ দাই কোৱাঙে এছিয়াৰ আঞ্চলিক নিৰাপত্তা পৰিস্থিতিৰ লগতে দ্বিপাক্ষিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহত সহমত প্রকাশ কৰে। এক শান্তিপূর্ণ আৰু সমৃদ্ধ ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে দুয়োজনেদুয়োগৰাকী ৰাষ্ট্রনেতাৰ মতে, সার্বভৌমত্ব আৰু আন্তঃৰাষ্ট্ৰীয় নিয়ম-নীতি, আকাশ তথা সমুদ্রপথেৰে যান চলাচলৰ স্বাধীনতা, বহনক্ষম উন্নয়ন প্রচেষ্টা আৰু ন্যায়সংগতভাবে উদাৰ বাণিজ্য আৰু বিনিয়োগ সহযোগিতাকে সমর্থন জনোৱা হব এই শান্তিপূর্ণ আৰু সমৃদ্ধ অঞ্চলত।

 

দুয়োগৰাকী নেতাই স্বীকাৰ কৰে যিধৰণে এক মুক্ত, স্বচ্ছ, অন্তর্ভুক্তিমূলক আৰু নিয়ম-নীতি পৰিচালিত আঞ্চলিক আন্তঃগাঁথনি গঢ়ি তোলা আৰু আছিয়ানভুক্ত দেশসমূহৰ সৈতে সহযোগিতামুলক সম্পর্কক সুদৃঢ় কৰি তোলাৰ ক্ষেত্রত ভাৰত আৰু ভিয়েটনামে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰেতেওঁলোকে ২০১৮ৰ জানুৱাৰীত আছিয়ান-ভাৰত স্মাৰক সন্মিলনৰ সফল সমাপ্তিত সন্তোষপ্রকাশ কৰে। দ্বিপাক্ষিক আলোচনাত ২০১৫-১৮এই সময়ছোৱাত এক সমন্বয়ৰক্ষীকাৰী দেশ হিটাপে ভিয়েটনামৰ বিশেষ অৱদানৰ কথাও স্বীকাৰ কৰা হয়। আছিয়ান-ভাৰত কৌশলগত অংশীদাৰিত্বৰ সম্পর্কৰ প্রসাৰত দিল্লী ঘোষণাৰ মাজত যিবোৰ প্রস্তাৱৰ কথা উল্লেখ আছে, তাৰ বাস্তবায়নত প্রয়োজনীয় পদক্ষেপ গ্রহণৰ অনুকূলেও মত প্রকাশ কৰে দুয়ো দেশে।

 

অন্যান্য ক্ষেত্রত সহযোগিতা

দ্বিপাক্ষিক আলোচনাত আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰত আৰু ভিয়েটনামৰ মাজত সহযোগিতা আৰু সমন্বয়ৰ অৱস্থানৰ সন্দৰ্ভত প্রশংসা কৰা হয়। ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য পদত দুয়ো দেশৰ আবেদনক পাৰস্পৰিকভাবে সমর্থন জনোৱাৰ সিদ্ধান্তৰ কথাও বৈঠকত পুনৰ দোঁহাৰে। আনফালে, নিৰাপত্তা পৰিষদৰ সংস্কাৰ আৰু পুনৰগঠন প্রক্রিয়াত ভাৰতৰ স্থায়ী সদস্য পদৰ আবেদনক ভিয়েটনামে একেৰাহে সমর্থন জনাই যাব বুলি আশ্বাস দিয়ে।

 

ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল তথা বিশ্বত শান্তি, সুস্থিৰতা আৰু উন্নয়নৰ স্বার্থত ভাৰত আৰু ভিয়েটনামে পৰস্পৰৰ সংকল্প আৰু উন্নয়ন সহযোগিতাৰ প্ৰতিশ্ৰুতিক পুনৰ দোঁহাৰে। দক্ষিণ চসাগৰত নৌ চলাচলৰ স্বাধীনতা আৰু বিমানপথত বিমান পৰিবহণৰ বিষয়সমূহৰ সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়।

 

দুয়োগৰাকী নেতাই বহনক্ষম উন্নয়নৰ লক্ষ্যৰে অহা ২০৩০ চনলৈকে এক সুসংবদ্ধ কর্মসূচী গ্রহণৰ বিষয়টোক আদৰণী জনায়। ইয়াৰ লক্ষ্য পূৰণত দুয়ো দেশই যে প্ৰতিশ্ৰুতিবদ্ধ, সেই কথাতো অতি দৃঢ়তাৰে ঘোষণা কৰা হয়।

 

ভাৰত ভ্ৰমণকালত লাভ কৰা আন্তৰিক অভ্যর্থনা আৰু আতিথ্যৰ বাবে ৰাষ্ট্রপতি কোবিন্দ আৰু ভাৰতৰ বন্ধুত্বপ্ৰিয় জনসাধাৰণক ধন্যবাদ জনায় ৰাষ্ট্ৰপতি কোৱাঙে। ৰাষ্ট্রপতি কোবিন্দক তেওঁ সুবিধা অনুসৰি ভিয়েটনাম ভ্ৰমণৰ বাবে জনোৱা আমন্ত্রণক সাদৰেৰে গ্রহণ কৰে ভাৰতৰ ৰাষ্ট্রপতিয়ে।

***

AKT/AP/DB



(Release ID: 1530503) Visitor Counter : 188


Read this release in: English , Urdu , Tamil