প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কমনৱেলথ গেমছত ভাগ লোৱা ভাৰতীয় দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 15 APR 2018 6:33PM by PIB Guwahati

কমনৱেলথ গেমছত ভাগ লোৱা ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে৷

কমনৱেলথ গেমছত ভাগ লোৱা ভাৰতীয় দলটোৱে প্ৰতিগৰাকী দেশপ্ৰেমীক গৌৰবান্বিত কৰিছে৷ দেশৰ সকলো এথলীটে সৰ্বস্ব উজাৰি প্ৰদৰ্শন কৰিছে আৰু উন্নত ফলাফল দেখুৱাইছে৷ দেশলৈ পদক কঢ়িয়াই অনা সকলো এথলীটলৈ মই অভিনন্দন জনাইছো৷

কমনবেৱলথ গেমছত দেশক প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী এথলীটে আমাক অনুপ্ৰাণিত কৰে৷  তেওঁলোকৰ জীৱন কাহিনীয়ে অদম্য মানসিক শক্তি আৰু নিষ্ঠা প্ৰদৰ্শন কৰে৷

মই আশা কৰো কমনৱেলথ গেমছত ভাৰতৰ সাফল্যই দেশৰ যুৱ প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি উৎসাহিত কৰিব৷

আমাৰ প্ৰচেষ্টা স্বৰূপে ভাৰত চৰকাৰে ফিট ইণ্ডিয়া আন্দোলনক শক্তিশালী কৰি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই আছো৷’—প্ৰধানমন্ত্ৰীয়ে ধাৰাবাহিক টুইটত এইদৰে কয়৷

*****

AKT/KP/MS



(Release ID: 1529167) Visitor Counter : 88