প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিজ্ঞান ভৱনত চিপিএছই আলোচনাচক্ৰত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী

Posted On: 08 APR 2018 2:47PM by PIB Guwahati

নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া চিপিএছই আলোচনাচক্ৰত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী৷

কেন্দ্ৰীয় ৰাজহুৱা খণ্ড উদ্যোগৰ জেষ্ঠ বিষয়া আৰু মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকল আলোচনাচক্ৰত উপস্থিত থাকিব৷ চিপিএছইৰ শ্ৰেষ্ঠ পদ্ধতিসমূহ আলোচনাচক্ৰত প্ৰদৰ্শন কৰা হ’ব৷

কৰ্প’ৰেট প্ৰশাসন, মানৱ সম্পদ ব্যৱস্থাপনা, বিত্তীয় ৰি-ইঞ্জিনিয়াৰিং আৰু নতুন উদ্ভাৱন আদিৰ  দৰে বিষয়সমূহ সন্ধিয়া প্ৰধানমন্ত্ৰীৰ সন্মুখত উপস্থাপন কৰা হ’ব৷ ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে আলোচনাচক্ৰখন সম্বোধন কৰিব৷

***

AKT/AP/MS



(Release ID: 1528264) Visitor Counter : 58