প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ প্ৰতিষ্ঠা সন্মিলনৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 11 MAR 2018 2:31PM by PIB Guwahati

মাননীয় ৰাষ্ট্ৰপতি মহোদয় মেক্ৰ’ন, মাননীয় ৰাষ্ট্ৰপতি মহোদয়সকল আৰু প্ৰধানমন্ত্ৰীসকল, সন্মানীয় অতিথিবৃন্দ,

ভদ্ৰমহিলা তথা ভদ্ৰপুৰুষসকল, স্বাগতম, মই আপোনালোকক দিল্লীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ প্ৰতিষ্ঠা সন্মিলনলৈ সহৃদয়েৰে স্বাগতম জনাইছোঁ৷

আজিৰ এই ঐতিহাসিক দিনটোৰ বীজ ২০১৫ চনৰ নৱেম্বৰত পেৰিচত ২১তম কনফাৰেন্স অৱ পাৰ্টীজতে ৰোপণ কৰা হৈছিল৷ আজি, সেই বীজটোৰ কুমলীয়া পুলি দেখা গৈছে৷

এই নতুন পুলিটোৰ নতুন সম্ভাৱনীয়তাৰ ক্ষেত্ৰত ফ্ৰান্সে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ এই কুমলীয়া পুলিটোৰ ৰোপণ আপোনালোকৰ সহযোগিতা তথা প্ৰতিশ্ৰুতি অবিহনে সম্ভৱ নহ’লহেঁতেন৷ আৰু সেইবাবে মই ফ্ৰান্স তথা আপোনালোকৰ ওচৰত গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ৷ ১২১খন সাম্ভাৱ্য দেশৰ ৬১খনে এই মৈত্ৰীত অংশগ্ৰহণ কৰিছে৷ তেওঁলোকৰ পৰা ৩২খনে পৰিকাঠামো চুক্তিৰ বাবেও মূল্যায়িত কৰিছে৷ কিন্তু এই মৈত্ৰীত আমাৰ সকলো সহযোগী দেশসমূহৰ অংশগ্ৰহণৰ উপৰিও, সূৰ্য ভগৱানে আমাক বাহিৰৰ পৰিৱেশক পোহৰ প্ৰদান তথা সমাধানসমূহত শক্তি প্ৰদান কৰিছে৷

বন্ধুসকল,

সূৰ্যই বহু কোটি কোটি বছৰ ধৰি পৃথিৱীক পোহৰ আৰু জীৱন প্ৰদান কৰি আহিছে, আনকি এই পৃথিৱীত জীৱন আৰম্ভ হোৱাৰ পূৰ্বেও৷ প্ৰত্যেকটো সভ্যতা, জাপানৰ পৰা পেৰুলৈ, গ্ৰীচেই হওক অথবা ৰোম, ইজিপ্টেই হওক বা ইনকা আৰু পুৰণি মায়া সভ্যতা, সকলোৱে সূৰ্যক গুৰুত্ব তথা সন্মান প্ৰদৰ্শন কৰি আহিছে৷

কিন্তু, ভাৰতীয় দৰ্শনত হাজাৰ বছৰ পূৰ্বেও সূৰ্যক মধ্যমনি হিচাপে স্থান দিয়া নজিৰ অতিশয় গুৰুত্বপূৰ্ণ৷

ভাৰতত, হাজাৰ বছৰ পূৰ্বে বেদত সূৰ্যক বিশ্বৰ আত্মা হিচাপে জ্ঞান কৰা হৈছিল৷ ভাৰতত সূৰ্যক সমগ্ৰ জীৱনৰ উৎস হিচাপে গণ্য কৰা হয়৷ আজি, যেতিয়া আমি জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সমাধান বিচৰাৰ বাবে চেষ্টা কৰি আছোঁ তেতিয়া প্ৰাচীন দৰ্শনৰ ব্যাপক অভিগমন আৰু ভাৰসাম্যতাৰ ওপৰতো দৃষ্টি দিব লাগিব৷

বন্ধুসকল,

আমাৰ সেউজীয়া ভৱিষ্যত এই সত্যটোৰ ওপৰত নিৰ্ভৰ কৰিছে যে আমি একেলগে কি কৰিব পাৰোঁ৷ মই মহাত্মা গান্ধীৰ এষাৰি উক্তি মনত পেলাই দিব খুজিছোঁ, ‘‘আমি কি কৰোঁ আৰু আমাৰ কি কৰিব পৰাৰ সামৰ্থ আছেৰ পাৰ্থক্যতাই বিশ্বৰ বহু সমস্যা সমাধান কৰে৷’’ আজি সমগ্ৰ বিশ্বৰে নেতাসকলৰ উপস্থিতি এই সত্যৰ প্ৰতিফলন যে সৌৰ শক্তিয়ে সমগ্ৰ মানৱতাক বহনক্ষম উপায়েৰে তথা কাৰ্যকৰী উপায়েৰে প্ৰয়োজনীয় শক্তি যোগান ধৰে৷

বন্ধুসকল,

আমি ভাৰতত বিশ্বৰ সবাতোকৈ বৃহৎ পুনৰ নৱীকৰণযোগ্য শক্তি সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিছোঁ৷ আমি পুনৰ নৱীকৰণযোগ্য উৎসৰ পৰা ১৭৫ গিগাৱাট বিদ্যুৎ উৎপাদন কৰিম আৰু ১০০ গিগাৱাট বিদ্যুৎ সৌৰ শক্তিৰ পৰা প্ৰাপ্ত কৰিম৷

আমি ইতিমধ্যে স্থাপিত সৌৰ শক্তি সামৰ্থৰ পৰা ২০ গিগাৱাট সৌৰ শক্তিৰ লক্ষ্য প্ৰাপ্তি কৰিছোঁ৷ ভাৰতত পাৰম্পৰিক শক্তিৰ উৎসৰ তুলনাত পুনৰ নৱীকৰণযোগ্য উৎসত অধিক সামৰ্থ সংবদ্ধ কৰা হৈছে৷

ভাৰতত অটল জ্যোতি আঁচনিৰ উদ্দেশ্য হ’ল যিবোৰ অঞ্চলত বিদ্যুতৰ অভাৱ তাত সৌৰ শক্তিযুক্ত পথৰ লাইট স্থাপন কৰা৷ সৌৰ অধ্যয়ন লেম্প আঁচনিৰ জৰিয়তে বিদ্যালয়লৈ যোৱা ৭ মিলিয়ন শিক্ষাৰ্থী উপকৃত হৈছে৷

এই ফলাফল আৰু অধিক উন্নত হ’লহেঁতেন যদি আমি অন্য প্ৰযুক্তিৰ সৈতে সৌৰ শক্তি সংবদ্ধ কৰিলোহেঁতেন৷ উদাহৰণস্বৰূপে, যোৱা তিনিটা বৰ্ষত ২৮ কোটি এলইডি বাল্বৰ বিতৰণৰ জৰিয়তে কেৱল ২ বিলিয়ন আমেৰিকান ডলাৰ সঞ্চয় হোৱাই নহয়, ৪ গিগাৱাট বিদ্যুতো ৰাহি কৰিছে৷ কেৱল এয়াই নহয়, কাৰ্বন-ডাই-অক্সাইডৰ উৎপাদনো ৩০ মিলিয়ন টনলৈ হ্ৰাস পাইছে৷

বন্ধুসকল,

আমি কেৱল ভাৰততেই নহয়, সমগ্ৰ বিশ্বতে সৌৰ নৱজাগৰণ হোৱাটো বিচাৰোঁ৷ আপোনালোকে ভাৰতত প্ৰশিক্ষিত সৌৰ মামাৰ গান, বক্তৃতা আৰু ভিডিঅ’সমূহ দেখিছে৷ এতিয়া আপোনালোকে এই সৌৰ মামাৰ সৈতে ভালদৰেই পৰিচিত৷ তেওঁলোকৰ গাঁথাসমূহ অনুপ্ৰেৰণামূলক৷

আমি সুখী যে আইএছএ ক’ৰপাছ ফাণ্ডত আইএছএ সচিবালয় নিৰ্মাণৰ বাবে ৬২ মিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগ কৰা হৈছে৷ মই সুখী যে প্ৰতি বছৰে আমি সৌৰ শক্তিৰ ক্ষেত্ৰত আইএছএ সদস্যক ৫০০ প্ৰশিক্ষণ শ্ল’ট প্ৰদান কৰিম৷

হয়তোবা আমি সমগ্ৰ বিশ্বত ১৪৩ মিলিয়ন ডলাৰৰ ১৩টা সৌৰ প্ৰকল্প সম্পূৰ্ণ কৰিম নহ’লে তেওঁলোকে প্ৰণয়ন কৰা প্ৰক্ৰিয়াত ব্যস্ত থাকিব৷ ভাৰতে অন্যান্য ১৫খন উন্নয়নশীল দেশত ২৭টা অধিক প্ৰকল্পৰ বাবে ১.৪ বিলিয়ন ডলাৰৰ সাহায্য প্ৰদান কৰিব৷

আমি এটা প্ৰকল্প প্ৰস্তুতি ব্যৱস্থা স্থাপন কৰিছোঁ যিয়ে বেংকভিত্তিক প্ৰকল্পৰ ডিজাইনৰ বাবে সহযোগী দেশসমূহক পৰামৰ্শমূলক সহযোগিতা প্ৰদান কৰিব৷

আজি মই এইবাবেও সুখী যে ভাৰতে সৌৰ প্ৰযুক্তিৰ ক্ষেত্ৰত ব্যৱধান হ্ৰাস কৰিবলৈ সৌৰ প্ৰযুক্তি অভিযান আৰম্ভ কৰিব৷ এই অভিযানত এটা আন্তঃৰাষ্ট্ৰী লক্ষ্য থাকিব আৰু ই আমাৰ সকলো চৰকাৰী, প্ৰযুক্তিগত আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহক সামৰি সৌৰ প্ৰযুক্তিৰ ক্ষেত্ৰখনত গৱেষণা আৰু উন্নয়ন বিষয়ত নেতৃত্ব বহন কৰিব৷

বন্ধুসকল,

সৌৰ শক্তিৰ বিকাশ আৰু ব্যৱহাৰ বতাহৰ দৰেই প্ৰচুৰ আৰু ই নিশ্চিতভাৱেই বিশ্বত কাৰ্বন ফুটপ্ৰিণ্টৰ পৰিমাণ হ্ৰাস কৰি আমাক সমৃদ্ধিশালী কৰি তুলিব৷

বন্ধুসকল,

আমি কিছুমান কথাত নিশ্চিতভাৱে গুৰুত্ব প্ৰদান কৰিব লাগিব৷ আৰু সেইসমূহ হ’লঃ এনে কিছুমান দেশ আছে য’ত সমগ্ৰ বছৰটো সূৰ্যৰ পোহৰেৰে আলোকিত হৈ থাকে উপযুক্ত সম্পদ তথা প্ৰযুক্তিৰ অভাৱে অন্তৰায় হৈ দেখা দিছে, ই সৌৰ শক্তিৰ ব্যৱহাৰত বাধা প্ৰদান কৰিছে৷  

আনহাতে এনে কিছুমান দ্বীপ আৰু দেশ আছে যি জলবায়ু পৰিৱৰ্তনৰ ফলত তেওঁলোকৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে৷ তৃতীয়তে কেৱল পোহৰৰ বাবেই নহয়, সৌৰ শক্তি বিভিন্ন ক্ষেত্ৰ যেনে পৰিবহণ, পৰিষ্কাৰ ৰন্ধন, কৃষি ক্ষেত্ৰত, সৌৰ পাম্প আপু স্বাস্থ্যৰ যত্নটো ইয়াক ব্যৱহাৰ কৰিব পাৰি৷

সৌৰ শক্তি ব্যৱহাৰত উৎসাহ প্ৰদান কৰিবলৈ প্ৰযুক্তিৰ উপলব্ধতা, বিত্তীয় সম্পদ, ব্যয় হ্ৰাস, সঞ্চয় প্ৰযুক্তিৰ উত্তৰণ, বিশাল পৰিমাণত নিৰ্মাণ আৰু উদ্ভাৱনৰ বাবে সমগ্ৰ পৰিৱেশতন্ত্ৰৰ অতিশয় প্ৰয়োজন৷  

বন্ধুসকল,

ইয়াক কেনেদৰে আগবঢ়াই নিব পাৰি সেই বিষয়ে আমি সকলো ভাবিব লাগে৷ এই সম্পৰ্কে মোৰ মগজুত দহটা কাৰ্যকৰী পৰিকল্পনা আছে যি আজি মই আপোনালোকৰ সৈতে বিনিময় কৰিবলৈ বিচাৰিম৷ প্ৰথমে আমি নিশ্চিত প্ৰদান কৰিব লাগিব যে উন্নত আৰু ব্যয়সাধ্য সৌৰ প্ৰযুক্তি সকলোৰে বাবে সহজে তথা সুবিধাজনকভাৱে উপলব্ধ হওক৷

আমি আমাৰ শক্তি মিশ্ৰণত সৌৰ শক্তিৰ অনুপাত বৃদ্ধি কৰিব লাগিব৷ আমি উদ্ভাৱনক উৎসাহ প্ৰদান কৰিব লাগিব যাতে সৌৰ সমাধান বিভিন্ন প্ৰয়োজনীয়তাৰ বাবে প্ৰদান কৰিব পাৰি৷

আমি সৌৰ প্ৰকল্পসমূহক সুবিধাজনক তথা কম ক্ষতিশংকাপূৰ্ণ বিত্তীয়া ব্যৱস্থা প্ৰদান কৰিব লাগিব৷ আমি কিছুমান এনেকুৱা ধৰণৰ নিয়ামক প্ৰত্যাশা আৰু মানক উত্তৰণ কৰিব লাগিব যাতে সৌৰ সমাধান গ্ৰহণ আৰু বিকাশত এক নতুন গতি প্ৰাপ্ত হয়৷ উন্নয়নশীল দেশসমূহত বেংকভিত্তিক সৌৰ প্ৰকল্পসমূহৰ বিকাশৰ বাবে পৰামৰ্শভিত্তিক সমৰ্থনৰ বিকাশ প্ৰয়োজনীয় হ’ব৷

আমাৰ প্ৰয়াসত অধিক সংখ্যক অংশগ্ৰহণ আৰু অংশদাৰীত্ব হোৱা উচিত৷ স্থানীয় কাৰক আৰু পৰিস্থিতিসমূহ মোকাবিলা কৰিব পৰাকৈ আমি উৎকৃষ্টতাৰ এক ব্যাপক নেটৱৰ্কৰ কেন্দ্ৰ গঠন কৰা উচিত৷ আমি বিকাশৰ সম্পূৰ্ণতাৰ ওপৰত সৌৰ শক্তিৰ নিয়মাৱলীসমূহ পৰিদৰ্শন কৰা উচিত যাতে ই এছডিজি প্ৰাপ্তত সৰ্বাধিক অৰিহণা প্ৰদান কৰিব পাৰে৷ আমি আইএছএ সচিবালয় অধিক শক্তিশালী আৰু পেছাদাৰী কৰা উচিত৷

বন্ধুসকল,

মোৰ বিশ্বাস যে আমি আইএছএৰ জৰিয়তে এই সকলো কাৰ্যাৱলীমূলক বিষয়সমূহত ক্ষীপ্ৰতাৰে আগবাঢ়ি যাবলৈ সমৰ্থ হ’ম৷ 

বন্ধুসকল,

আজিৰ এই মুহূৰ্তটো কেৱল আমাৰ যাত্ৰাৰ এক আৰম্ভণিহে৷ আমাৰ সহযোগিতাই পৰৱৰ্তী পৰ্যায়ত আমাৰ জীৱনক সূৰ্যৰ পোহৰৰে আলোকিত কৰিব৷ ই এই উক্তিষাৰক অৰ্থৱহ কৰি তুলিব, ‘‘আহক সূৰ্যক অধিক প্ৰকাশিত কৰি তোলোঁ৷’’ ভাৰতীয় দৰ্শনৰ আত্মা সদায়েই ‘বসুধৈৱ কুটুম্বকম’ হৈ আহিছে, ইয়াৰ অৰ্থ হ’লঃ ‘সমগ্ৰ বিশ্বখনেই এটা পৰিয়াল’৷

মোৰ বিশ্বাস যে যদি আমি সমগ্ৰ বিশ্ব, সমগ্ৰ মানৱ জাতিৰ উন্নতি বিচাৰোঁ, তেনেহ’লে আমি একতা গঢ়িবলৈ সমৰ্থ হ’ম আৰু পৰিয়ালৰ দৰে আমাৰ প্ৰয়াস তথা উদ্দেশ্যক সংবদ্ধ কৰিবলৈ সমৰ্থ হ’ম৷

বন্ধুসকল,

এইটোৱেই সেই পথ যাৰ জৰিয়তে আমি সেই পুৰণি জ্ঞানৰ প্ৰাৰ্থনাটো অনুভৱ কৰিব পাৰোঁ- তমসো মা জ্যোতিৰ্গময়- ইয়াৰ অৰ্থ হ’ল, ‘আহক আমি আন্ধাৰৰ পৰা পোহৰলৈ গতি কৰোঁ৷’

বহুত বহুত ধন্যবাদ৷

ধন্যবাদ৷

***

AKT/SH/KT/RSB/AK/MANN



(Release ID: 1528260) Visitor Counter : 91


Read this release in: English , Urdu , Hindi , Tamil