প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১১ ফেব্ৰুৱাৰীত ওমানৰ মস্কটত প্ৰবাসী ভাৰতীয়ক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী সংস্কৰণ

Posted On: 12 FEB 2018 4:00PM by PIB Guwahati

ভাৰতবৰ্ষত, ২০১৪ চনৰ পূৰ্বে ৩৫০ টকাতকৈও অধিক হোৱা এল..ডি বাল্বৰ বৰ্তমান মূল্য মাত্ৰ ৪০-৪৫ টকা হোৱা দেখা গৈছে। তদুপৰি, যিসকলে সুলভমুল্যত ইয়াক ব্যৱহাৰ কৰি আছে, বছৰি ১৫০০০ কোটি টকাৰ বিদ্যুতৰ বিল বচাবলৈ সক্ষম হৈছে।

 

আজি প্ৰতিগৰাকী ভাৰতীয়ই নতুন ভাৰত নিৰ্মাণৰ সপোন বাস্তবায়িত কৰাৰ বাবে কাম কৰি আছে। আমি সেই দিশে গতি কৰি আছো দুখীয়াতকৈও দুখীয়ালোকসকলে সমান সুযোগ-সুবিধাৰে প্ৰগতি লাভ কৰিব পাৰিব, সপোন দেখিব পাৰিব আৰু সেইবোৰ পৰিপূৰ্ণ কৰিব পাৰিব।

 

বৰ্তমান, মই নিজৰ মাজতো এখন ক্ষুদ্ৰ ভাৰতবৰ্ষহে দেখা পাওঁ।দেশৰ বিভিন্ন ঠাইৰ  লোকসকলে এক বিশাল ভাৰতবৰ্ষ নিমাৰ্ণৰ বাবে বিভিন্ন ক্ষেত্ৰত কাম কৰি আছে।

 

আজিৰপৰা প্ৰায় ১০ বছৰ পূৰ্বে মই ওমান ভ্ৰমণ কৰিছিলো গুজৰাটৰ মুখ্যমন্ত্ৰীৰ ৰূপত মই আফ্ৰিকালৈ গৈছিলো আৰু সেই ভ্ৰমণৰ সময়ছোৱাতেই ছালালাৰ মাজেৰে অতিক্ৰম কৰিছিলো।আপোনালোকক ওমানত লগ পাবলৈ আৰু আপেনালোকৰ মাজৰে এজন বলৈ অত্যন্ত আগ্ৰহী আছিলো আৰু আজি সেই সৌভাগ্য প্ৰাপ্তি ল। ওমান আৰু ভাৰতবৰ্ষৰ মাজৰ সম্পৰ্ক বছৰ, হাজাৰ বছৰ পুৰণি। বিগত তিনি বছৰ ধৰি যিবোৰ নীতি-নিয়মৰ প্ৰয়োজন সেইবোৰ প্ৰস্তুতকৰণৰ জৰিয়তে পুৰণি আৰু বন্ধু-ভাৱাপন্ন উপ-সাগৰীয় দেশবিলাকৰবিলাকৰ সৈতে সম্পৰ্ক স্থাপনৰ জৰিয়তে ভাৰতবৰ্ষক এক নতুন আকাৰ দিবলৈ বিচৰা হৈছে।

 

আপোনালোকে লক্ষ্য ৰিছে যে, উপ-সাগৰীয় দেশসমূহে কিদৰে ভাৰতবৰ্ষৰ উন্নয়ন আৰু বিকাশত আগ্ৰহ ব্যক্ত কৰিছে৷

 

প্ৰকৃততে, ওমানৰ লগত ভাৰতবৰ্ষৰ ঐতিহাসিক সম্পৰ্কই এক নতুন গতি লোৱা পৰিলক্ষিত হৈছে। ইয়াৰ সন্মানীয় ৰজা চুলতানৰো ভাৰতবৰ্ষৰ সৈতে এক অভিন্ন সম্পৰ্ক আছে। আজি এই ষ্টেডিয়ামত ইয়াৰ ৰজা চুলতানৰ বাবেই মই এক বৃহৎ সংখ্যক দৰ্শকৰ সন্মুখীন বলৈ সক্ষম হৈছো

 

দেশখনৰ সাধাৰণ মানুহৰ জীৱন-ধাৰণ প্ৰণালী সহজ কৰিবলৈ আমি নূন্যতম চৰকাৰ-উৰ্ধতম শাসননীতি অনুসৰণৰে কাম কৰি আছো।

 

আমি প্ৰক্ৰিয়াৰ সৰলীকৰণ, -প্ৰয়োজনীয় আইনবিলাক নিষিদ্ধ কৰা, চৰকাৰী কাৰ্যালয়বিলাকত ৪০-৫০ পৃষ্ঠাৰ পত্ৰবিলাক - পৃষ্ঠালৈ হ্ৰাস কৰা, সেইসমূহ অনলাইনৰ জৰিয়তে পূৰণ কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা, জনসাধাৰণৰ সমস্যাবিলাকৰ ওপৰত গভীৰভাৱে আলোকপাত কৰা আৰু সেইবোৰৰ ওপৰত কাম কৰা ইত্যাদিবোৰ চৰকাৰৰ কাৰ্যকলাপৰ ভিতৰত অন্তৰ্ভূক্ত কৰি লৈছো।

 

বৰ্তমান, পৰিৱৰ্তনশীল ভাৰতবৰ্ষত দৰিদ্ৰ লোকসকলে বেংকৰ পৰা বিমূখ হৈ উভতিব লগা নহয়। এই পৰিৰ্ৱতনশীল ভাৰতবৰ্ষতেই ভাৰত চৰকাৰে ঘৰে ঘৰে গৈ গেছ আৰু বিদ্যুতৰ সংযোগ আগবঢ়াইছে।

 

দুখীয়ালোকসকলে প্ৰতিদিনে ৯০ পইচা আৰু প্ৰতি মাহত টকাৰ বিনিময়তে জীৱন আৰু সুৰক্ষা বীমা পাবলৈ সক্ষম হৈছে। এই আঁচনিৰ অধীনত দাবী(ক্লেইম)হিচাপে দুখীয়া ব্যক্তিলৈ ২০০০ কোটি টকা আগবঢ়োৱা হৈছে৷

 

 আমি এনেকুৱা কিছুমান আঁচনি বাজেটত উপস্থাপন কৰিছো, যিবোৰে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।আয়ুষ্মান ভাৰত যোজনা অধীনত ভাৰতবৰ্ষৰ প্ৰায়  ১০ কোটি দুখীয়া পৰিয়াললৈ অৰ্থা ৪০-৪৫ কোটি নাগৰিকলৈ স্বাস্থ্য বীমা আগবঢ়োৱা হ’ব দুখীয়া পৰিয়াললৈ প্ৰায় লাখ টকালৈকে বিনামূলীয়া চিকিসা সেৱা প্ৰদানৰ আশ্বাস দিয়া হৈছে

 

বৰ্তমান, দেশখনৰ পৰৱৰ্তী প্ৰজন্মৰ বিকাশ সাধন কৰাও ২১ শতিকাৰ বাবে গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। বিশেষকৈ, আমি যাতায়ত-ব্যৱস্থা উন্নতি কৰাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে যাতে বিভিন্ন উপাদান ইটো-আনটোৰ পৰিপূৰক পাৰে।

 

ঘাই-পথ,বিমান-পথ,ৰেল-পথ আৰু জল-পথ এই আটাইবোৰক প্ৰয়োজন নুসৰি একত্ৰিত কৰাৰ ব্যৱস্থা কৰা হৈছে।

 

ভাৰতমালা আঁচনি অধীনত ৫৩ হাজাৰ কি:মি: দৈৰ্ঘৰ ৰাষ্ট্ৰীয় ঘাই-পথ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। দেশখনৰ বিভিন্ন প্ৰান্তত ৰেল-পথৰ ৰিডৰসমূহৰ মেৰামতিৰ কামো চলি আছে।দেশখনৰ ১১ খন ডাঙৰ চহৰলৈ মেট্ৰৰেল-ব্যৱস্থাৰ প্ৰসাৰণ ঘটিছে।সাগৰমালা আঁচনিৰ অধীনত দেশখনৰ উপকূল অঞ্চলসমূহৰ অৰ্থ-ব্যৱস্থা আৰু আন্তঃগাঁঠনি সম্পৰ্কীয় উন্নয়নমূলক কাৰ্যসূচীৰ পৰিচালনা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

 

মাছমৰীয়া সম্প্ৰদায়ৰ ভাইসকলৰ বাবে আমি এক নীলা বিপ্লৱ আঁচনি কাম হাতত লৈছো আৰু মাছ ধৰিব পৰা আধুনিক নৌকা ক্ৰয়ৰে তেওঁলোকলৈ আমি সহায় আগবঢ়াইছো। তদুপৰি চৰকাৰে দেশৰ ১১০ টা জলপথৰ উন্নয়নৰ কাম হাতত লৈছে

 

ভাৰতবৰ্ষ এতিয়া সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পিছ পৰি থকা নাই। নিৰ্ধাৰিত সময়ৰ ভিতৰতে ভাৰতবৰ্ষত লক্ষ্যবোৰ সমাপ্ত হোৱা পৰিলক্ষিত হৈছে। ভাৰতবৰ্ষৰ কৰ্ম সংস্কৃতি সলনি হোৱাৰ এয়া এক উদাহৰণ এয়া নতুন ভাৰতবৰ্ষৰ এক উদাহৰণ।

 

দেশৰ পুঁজিসমূহ ৰাহি কৰিব পৰা যায়, যেতিয়া দেশৰ সিদ্ধান্তসমূহ স্পষ্ট বিবেক আৰু এক সুপৰিকল্পিত নীতিৰে লোৱা হয়যেতিয়া কামবিলাক দক্ষতাৰে সম্পন্ন কৰা হয় আৰু দেশখনৰ সম্পদবোৰৰ যেতিয়া সদ্বব্যৱহাৰ কৰা হয়, তেতিয়া দেশৰ পুঁজি ৰাহি কৰিব পৰা যায়।             

 

দেশৰ প্ৰগতি আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ পথত মই আপোনালোককো গুৰুত্বপূৰ্ণ অংশীদাৰ ৰূপে গণ্য কৰো। নতুন ভাৰতবৰ্ষ নিৰ্মাণৰ সপোন পৰিপূৰ্ণ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ অংগীকাৰৰ প্ৰভাৱ ভাৰতবৰ্ষতো পৰিলক্ষিত ব।

****

AKT/NT/MS



(Release ID: 1527100) Visitor Counter : 87


Read this release in: English , Tamil