কেবিনেট

বৌদ্ধিক সম্পদৰ অধিকাৰ সন্দৰ্ভত ভাৰত আৰু কানাডাৰ মাজত বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 28 MAR 2018 7:52PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু কানাডাৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে৷ বৌদ্ধিক সম্পদ(আইপি)ৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা স্থাপনৰ লক্ষ্যৰে ২০১৮ৰ ২৩ ফেব্ৰুৱাৰীত বুজাবুজিৰ চুক্তিখন স্বাক্ষৰিত হৈছিল৷

চুক্তিখনে দুয়োখন ৰাষ্ট্ৰৰ নতুন উদ্ভাৱন, সৃষ্টিশীলতা আৰু অৰ্থনৈতিক বিকাশক প্ৰসাৰিত কৰাৰ আশা কৰা হৈছে৷  

বুজাবুজিৰ চুক্তিখনৰ অধীনত অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহ হ’ল—

১.দুয়োখন দেশৰ নাগৰিক, ব্যৱসায়িক তথা শৈক্ষিক প্ৰতিষ্ঠানৰ মাজত বৌদ্ধিক সম্পদ সম্পৰ্কীয় সজাগতা সৃষ্টি কৰিবলৈ সৰ্বশ্ৰেষ্ঠ পদ্ধতি, অভিজ্ঞতা আৰু জ্ঞানৰ আদান প্ৰদান৷

২. বৌদ্ধিক সম্পদৰ ক্ষেত্ৰত নিয়োজিত মানৱ সম্পদৰ সৈতে পৰস্পৰ সম্পৰ্ক স্থাপনৰ বাবে বিশেষজ্ঞৰ আদান প্ৰদান৷

৩. কাৰ্যসূচী, প্ৰশিক্ষণ আৰু অনুষ্ঠানত অংশ গ্ৰহণৰ মাধ্যমেৰে উদ্যোগ, বিশ্ববিদ্যালয়, গৱেষণা আৰু উন্নয়ন সংস্থা আৰু ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ সৈতে বৌদ্ধিক সম্পদক লৈ সৰ্বশ্ৰেষ্ঠ পদ্ধতি, অভিজ্ঞতা আৰু জ্ঞানৰ আদান প্ৰদান আৰু প্ৰসাৰ৷ 

  • ৪. বৌদ্ধিক সম্পত্তিৰ আধুনিকীকৰণ প্ৰকল্প, নবীন আৰু বৰ্তমানৰ দস্তাবেজ আৰু তথ্য পদ্ধতিৰ স্বসঞ্চালন তথা ৰূপায়নৰ বিকাশ আৰু বৌদ্ধিক সম্পত্তিৰ পৰিচালনাৰ বাবে প্ৰক্ৰিয়াত সহযোগিতা৷

৫.পৰম্পৰাগত জ্ঞানক কিদৰে সুৰক্ষিত কৰিব পাৰি, আৰু পৰম্পৰাগত জ্ঞান সম্পৰ্কীয় তথ্য আধাৰ আৰু বৰ্তমানৰ বৌদ্ধিক জ্ঞান প্ৰণালীৰ প্ৰতি সজাগতাকে ধৰি সৰ্বশ্ৰেষ্ঠ পদ্ধতিৰ আদান-প্ৰদানত  সহযোগিতা৷

  • ৬.স্থানীয় আই.পি আৰু ব্যৱসায়িক সমূদায়ৰ বাবে বৌদ্ধিক জ্ঞান সম্পৰ্কীয় প্ৰশিক্ষণত সহযোগিতা৷

৭.বুজাবুজিৰ চুক্তিখনৰ আওতাত থাকি দুয়োখন দেশে পাৰস্পৰিকভাৱে গ্ৰহণ কৰা অন্যান্য সহযোগিতামূলক কাৰ্যসূচী৷

****

AKT/VBA/MS



(Release ID: 1527068) Visitor Counter : 85


Read this release in: English , Tamil