প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিশ্ব বাণিজ্য সংস্থাৰ মন্ত্ৰীপৰিষদীয় অনানুষ্ঠানিক বৈঠকত অংশ ল’বলগীয়া মন্ত্ৰী/জেষ্ঠ বিষয়ববীয়াৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

Posted On: 20 MAR 2018 5:34PM by PIB Guwahati

নতুন দিল্লীত অনুষ্ঠিত বিশ্ব বাণিজ্য সংস্থাৰ মন্ত্ৰীপৰিষদীয় অনানুষ্ঠানিক বৈঠকত অংশ ল’বলগীয়া মন্ত্ৰী/জেষ্ঠ বিষয়ববীয়াসকলে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

বাৰ্তালাপত তেওঁলোকে বহুপাক্ষিক বাণিজ্যকে ধৰি বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে৷ এই মন্ত্ৰীপৰিষদীয় বৈঠক আয়োজনৰ বাবে কেইবাগৰাকীও মন্ত্ৰীয়ে ভাৰতক প্ৰশংসা কৰে৷

আমন্ত্ৰিত অতিথিসকলক সম্ভাষণ জনাই প্ৰধানমন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰে যে বিশ্ব বাণিজ্য সংস্থাৰ মন্ত্ৰীপৰিষদীয় অনানুষ্ঠানিক বৈঠকৰ আলোচনাসমূহ গঠনমূলক বিবেচিত হ’ব৷ তেওঁ কয় যে এক সুদৃঢ় বিবাদ নিষ্পত্তি ব্যৱস্থা বিশ্ব বাণিজ্য সংস্থাৰ এক অন্যতম গুৰুত্বপূৰ্ণ উপযোগিতা৷

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বহুপক্ষীয় বাণিজ্য ব্যৱস্থাৰ সন্মুখত আহি পৰা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিব পৰাতো অত্যন্ত গুৰুত্বপূৰ্ণ৷ তেওঁ উল্লেখ কৰে যে ডোহা আৰু বালীত অনুষ্ঠিত মন্ত্ৰীপৰিষদীয় বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ন কৰিবলৈ এতিয়াও বাকী আছে৷ কম বিকশিত দেশসমূহৰ প্ৰতি এক অনুকম্পামূলক দৃষ্টিভংগীৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে৷

বৈঠকখনৰ বাবে ভাৰতে জনোৱা আমন্ত্ৰণৰ প্ৰতি দেশসমূহে উৎসাহজনক সঁহাৰি আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে গভীৰ সন্তুষ্টি প্ৰকাশ কৰে৷ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী সুৰেশ প্ৰভু অনুষ্ঠানত উপস্থিত আছিল৷

****

AKT/KP/VK/MS



(Release ID: 1526994) Visitor Counter : 50


Read this release in: English , Gujarati , Tamil , Telugu