কেবিনেট

ভাৰত-আফ্ৰিকা ফ’ৰাম সন্মিলন (আইএএফএছ-III) ৰ প্ৰতিশ্ৰুতি প্ৰণয়ন কৰিবলৈ আফ্ৰিকাত অভিযান মুকলি কৰাৰ বাবে কেবিনেটৰ অনুমোদন

পোষ্ট কৰা হৈছে: 21 MAR 2018 8:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ২০১৮ৰ পৰা ২০২১লৈ চাৰি বছৰৰ বাবে আফ্ৰিকাত ১৮টা নতুন অভিযান মুকলি কৰাৰ বাবে অনুমোদন জনাইছে৷

আফ্ৰিকাত এই ১৮টা নতুন ভাৰতীয় অভিযান বুৰ্কিনা ফাছ’, কেমেৰুণ, কেপ, ভাৰ্ডে, চাড, ৰিপাব্লিক অৱ দা কংগো, ডিজিবৌটি, ইকুৱেট’ৰিয়েল গিয়েনা, আৰ্টেৰিয়া, গিনিয়া, গিনিয়া বিচাও, লিবেৰিয়া, মৌৰিটানিয়া, ৰুৱাণ্ডা, চাও টম আৰু প্ৰিঞ্চিপি, ছিয়েৰা লিঅ’ন, ছোমালিয়া, ছোৱাজিলেণ্ড আৰু টংগোত ২০১৮-২০২১ত চাৰি বছৰৰ বাবে মুকলি কৰা হ’ব আৰু ইয়াৰ জৰিয়তে আফ্ৰিকাত আৱাসিক ভাৰতীয় অভিযান ২৭ৰ পৰা ৪৭টালৈ বৃদ্ধি হ’ব৷

এই সিদ্ধান্তৰ জৰিয়তে আফ্ৰিকা মহাদেশত ভাৰতৰ কূটনৈতিক সম্পৰ্ক বৃদ্ধি পাব আৰু আফ্ৰিকান দেশসমূহত ভাৰতক ভাৰতীয় প্ৰবাসীৰ সৈতে জড়িত হ’বলৈ সুযোগ প্ৰদান কৰিব৷ এই নতুন অভিযানৰ মুকলিৰ জৰিয়তে আফ্ৰিকাৰ সৈতে সহযোগিতা তথা সংবদ্ধতা বৃদ্ধিৰ দৃষ্টিকোণৰ প্ৰণয়ন এক পদক্ষেপ হিচাপে বিবেচিত হ’ব৷

****

AKT/VBA/SH/MANN


(ৰিলিজ আই ডি : 1526024) অতিথি কক্ষ : 100
ত এই ৰিলিজটো পঢ়ক: English , Tamil