প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় জন জাগৃতি ধৰম সন্মিলন সম্বোধন প্ৰধানমন্ত্ৰীৰ

Posted On: 17 MAR 2018 11:06PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় জন জাগৃতি ধৰম সন্মিলন সম্বোধন কৰে৷   

সকলোকে উগাড়ীৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে উগাড়ী হ’ল নতুন আৰম্ভণি আৰু নতুন আশাৰ উৎসৱ৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে নিৰ্দিষ্ট লক্ষ্য আৰু সময়সীমা সন্মুখত লৈ বিভিন্ন আঁচনিৰ কামসমূহ কৰি আছে৷ ভাষণ প্ৰসংগত তেওঁ জন ধন একাউণ্ট মুকলি, দৰিদ্ৰৰ বাবে বীমা, উজ্জলা ৰন্ধন গেছ সংযোগ, মুদ্ৰা যোজনা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা ইত্যাদি আঁচনিসমূহৰ অগ্ৰগতিৰ কথা উল্লেখ কৰে৷

তেওঁ কয় যে আন্তঃগাথনি উন্নয়নৰ গতি লক্ষ্যণীয়ভাৱে বৃদ্ধি পাইছে৷ আয়ুস্মান ভাৰত আৰু ৰাষ্ট্ৰীয় পুষ্টিকৰণ অভিযানৰ কথাও তেওঁ উনুকিয়ায়৷ তেওঁ কয় যে স্বচ্ছ ভাৰত অভিযানৰ ফলস্বৰূপে দেশ স্বচ্ছতাৰ দিশে সঠিক ৰূপত আগবাঢ়িছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণে এতিয়া বিচাৰে যে অতি সোনকালে দেশখনে নিজৰ দূৰ্বলতাসমূহৰ পৰা পৰিত্ৰাণ লাভ কৰক৷ চৰকাৰে দেশ নিৰ্মাণৰ বাবে কঠোৰ পৰিশ্ৰমেৰে কাম কৰি আছে আৰু সকলোৰে সহায়-সহযোগিতাই এই প্ৰচেষ্টাক অধিক গতি প্ৰদান কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে৷

***

AKT/VJ/HS/MS



(Release ID: 1525273) Visitor Counter : 49


Read this release in: English , Hindi , Tamil