প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১৭ মাৰ্চত আইএআৰআইত ‘কৃষি উন্নতি মেলা’ত কৃষকসকলক উদ্দেশ্যি ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্ৰধানমন্ত্ৰীয়ে জৈৱিক কৃষি পৰ্টেল আৰু ২৫ কৃষি বিজ্ঞান কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰিব কৃষি কৰ্ম বঁটা আৰু পণ্ডিত দীনদয়াল উপাধ্যায় কৃষি বিজ্ঞান প্ৰোৎসাহন পুৰষ্কাৰ

Posted On: 16 MAR 2018 10:34AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজধানীৰ পুছাস্থিত ভাৰতীয় কৃষিজাত গৱেষণা প্ৰতিষ্ঠানত বাৰ্ষিক কৃষি উন্নতি মেলাত ভাষণ আগবঢ়াব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে কৃষকসকলক সম্বোধন কৰাৰ লগতে ২৫টা কৃষি বিজ্ঞান কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত কৃষি কৰ্ম বঁটা আৰু পণ্ডিত দীনদয়াল উপাধ্যায় কৃষি বিজ্ঞান প্ৰোৎসাহন পুৰষ্কাৰো প্ৰদান কৰিব।

এই মেলাৰ উদ্দেশ্য হৈছে ২০২২ চনৰ ভিতৰত কৃষকৰ উপাৰ্জন দুগুন কৰা। কৃষি উন্নতি মেলাৰ লক্ষ্য হৈছে কৃষকসকলৰ মাজত কৃষি আৰু প্ৰায়োগিক খণ্ডত শেহতীয়াকৈ বিকশিত প্ৰযুক্তিৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰা।

এই উপলক্ষে আয়োজিত প্ৰদৰ্শনীত কৃষকৰ আয় দুগুন কৰা, ক্ষুদ্ৰ জলসিঞ্চনৰ জীৱন্ত প্ৰদৰ্শন, অপচয় হোৱা পানীৰ উপযুক্ত ব্যৱহাৰ, পশুপালন আৰু মীন পালন হৈছে ইয়াৰ মুখ্য আকৰ্ষণ। মেলাৰ প্ৰদৰ্শনীত বীজ, সাৰ আৰু কীটনাশকো প্ৰদৰ্শন কৰা হব।

*****

AKT/KP/DB



(Release ID: 1524933) Visitor Counter : 100