কেবিনেট

পলাতক অৰ্থনৈতিক অপৰাধী বিধেয়ক ২০১৮ লৈ কেবিনেটৰ অনুমোদন বিধেয়কৰ অধীনত ১০০ কোটি অথবা তাতোধিক মূল্য হৰলুকী কৰি পলাতক হোৱা অৰ্থনৈতিক অপৰাধীৰ সম্পত্তি জব্দ কৰা হ’ব

Posted On: 01 MAR 2018 6:46PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত অনুষ্ঠিত দেশৰ কেন্দ্ৰীয় কেবিনেটে আজি বিত্ত মন্ত্ৰালয়ৰ প্ৰস্তাৱিত পলাতক অৰ্থনৈতিক অপৰাধী বিধেয়ক ২০১৮ লৈ যাৱতীয় অনুমোদন আগবঢ়াইছে৷ এই বিধেয়কৰ যোগেদি যিসকল লোকে অৰ্থনৈতিক অপৰাধ সংঘটিত কৰি ভাৰতীয় আইন ব্যৱস্থাৰ পৰা ৰক্ষা পাবলৈ ভাৰতীয় আদালতৰ কৰ্মপৰিসৰৰ বাহিৰত থকা লোকসকলৰ এনে কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক বিবেচিত হব৷

 

মুঠ ১০০ কোটি বা তাতোধিক মূল্যৰ এনে অৰ্থনৈতিক অপৰাধক এই বিধেয়কৰ কৰ্মক্ষেত্ৰত অন্তৰ্গত কৰা হব৷

 

প্ৰভাৱ

এই বিধেয়কৰ যোগেদি পলাতক অৰ্থনৈতিক অপৰাধী সংক্ৰান্তীয় আইন ব্যৱস্থাই পুনঃপ্ৰতিষ্ঠা লাভ কৰিব বুলি আশা কৰা হৈছে, কিয়নো ইয়াৰ জৰিয়তে সেই অৰ্থনৈতিক অপৰাধীসকলক ভাৰতলৈ উভতি আহিবলৈ বাধ্য কৰোৱা হব আৰু তেওঁলোকে সূচীবদ্ধ অপৰাধসমূহৰ আইনী শুনানিৰ সমূখীন হবলৈ বাধ্য হব৷ ই লগতে বেংক আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠানসমূহক তেনে পলাতক অৰ্থনৈতিক অপৰাধীসকলৰ পৰা যথাসম্ভৱ সৰ্বাধিক পৰিমাণৰ অনাদায়ী ধন বা মূল্য আদায় কৰাৰ ক্ষেত্ৰত সহায় কৰিব আৰু তেনে অৰ্থনৈতিক প্ৰতিষ্ঠানসমূহৰ বিত্তীয় অৱস্থা উন্নত হোৱাত সহায় কৰিব৷

 

আশা কৰা হৈছে যে ভাৰত আৰু ভাৰতৰ বাহিৰত এই পলাতক অৰ্থনৈতিক অপৰাধীসকলে কৰা অপৰাধৰ বাবে তেওঁলোকৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ বিধান থাকিব আৰু ভাৰতলৈ উভতি আহি আইনী প্ৰক্ৰিয়াৰ সমূখত উপস্থিত হোৱাৰ বাবে বাধ্য কৰোৱাৰ বাবে এক বিশেষ ফৰাম গঠন কৰা হব৷

 

বিধেয়কখনৰ মুখ্ দিশসমূহ -

  1. কোনো লোক পলাতক অৰ্থনৈতিক অপৰাধী হিচাপো ঘোষিত হলে বিশেষ আদালতৰ সমূখত আবেদন কৰা৷
  2. পলাতক অৰ্থনৈতিক অপৰাধীৰ সম্পত্তি বাজেয়াপ্ত কৰা
  3. পলাতক অৰ্থনৈতিক অপৰাধী হিচাপে ঘোষিত লোকক বিশেষ ন্যায়ালয়ৰ দ্বাৰা জাননী জাৰি কৰা
  4. অপৰাধ সংঘটিত কৰি দেশান্তৰ হোৱা লোকক পলাতক অৰ্থনৈতিক অপৰাধী হিচাপে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ সম্পত্তিসমূহ জব্দ কৰা
  5. এনে অপৰাধীৰ ভাৰত আৰু বিদেশত থকা অন্যান্য সম্পত্তিৰ লগতে বেনামী সম্পত্তিসমূহো জব্দ কৰা৷
  6. পলাতক অৰ্থনৈতিক অপৰাধীক কোনোধৰণৰ অসামৰিক অধিকাৰৰ দাবী কৰাৰ পৰা বাৰণ কৰা, আৰু
  7. এই অধিনিয়ম অনুসৰি জব্দ কৰা সম্পত্তিসমূহৰ ব্যৱস্থাপনা আৰু নিস্পত্তিকৰণৰ বাবে এক প্ৰশাসকো নিয়োগ কৰা হব৷

যদিহে কোনো ব্যক্তিয়ে তেওঁক পলাতক অৰ্থনৈতিক অপৰাধী হিচাপে ঘোষণা কৰা প্ৰক্ৰিয়াৰ মাজতে ভাৰতলৈ উভতি আহে আৰু আদালতৰ সমূখত হাজিৰ হয়, তেন্তে তেনে পৰিপ্ৰেক্ষিতত প্ৰস্তাৱিত অধিনিয়ম অনুসৰি সংশ্লিষ্ট প্ৰক্ৰিয়া বন্ধ কৰা ব৷ অধিবক্তাৰ জৰিয়তে শুনানিত অংশগ্ৰহণ কৰা, জবাব দাখিল কৰাৰ অনুমতি, চমন জাৰি কৰা আৰু উচ্চ ন্যায়ালয়ত আবেদন কৰাকে ধৰি আটাইবোৰ সাংবিধানিক ৰক্ষাকবচ প্ৰদান কৰাও ব৷ ইয়াৰ উপৰি সম্পত্তিসমূহৰ ব্যৱস্থাপনা আৰু নিস্পত্তিকৰণৰ বাবে আইনসংগতভাৱে এগৰাকী প্ৰশাসকো নিযুক্তি দিয়া ব৷

 

 

কৌশল আৰু লক্ষ্যৰ কাৰ্যকৰীকৰণ -

সাম্প্ৰতিক আইন ব্যৱস্থাৰ মাজত থকা বিভিন্ন সুৰক্ষা পৰিহাৰ কৰিবলৈ আৰু ভাৰতীয় আইন ব্যৱস্থাৰ কৰ্মপৰিসৰৰ বাহিৰত থাকি এই আইন প্ৰক্ৰিয়াৰ পৰা পলাই ফুৰা অৰ্থনৈতিক অপৰাধীসকলৰ অপৰাধমূলক কাৰ্যকলাপ ৰোধ কৰাৰা দৃষ্টিৰেই এই বিধেয়ক উত্থাপন কৰা হৈছে৷ এই বিধেয়কত কোনো ব্যক্তিক পলাতক অৰ্থনৈতিক অপৰাধী হিচাপে ঘোষণা কৰিবৰ বাবে এই বিধেয়কখনত এক ন্যায়ালয়ৰ (ধন প্ৰবঞ্চনা প্ৰতিৰোধ আইন, ২০০২ ৰ অধীনত বিশেষ ন্যায়ালয়) ব্যৱস্থাও ৰখা হৈছে৷ পলাতক অৰ্থনৈতিক অপৰাধী হৈছে এনে এগৰাকী লোক যাৰ বিপৰীতে সূচীবদ্ধ অপৰাধৰ বাবে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে আৰু তেওঁ এই আইনী ব্যৱস্থাৰ মোকৰ্দমাৰ পৰা ৰক্ষা পাবৰ বাবে ভাৰত এৰি গৈছে বা বিদেশত বসবাস কৰি আছে আৰু আইনী ব্যৱস্থাৰ মুখামুখি হোৱাৰ পৰা বিৰত থাকিবৰ বাবে ভাৰতলৈ আহিবলৈ অমান্তি হৈছে৷ অৰ্থনৈতিক অপৰাধৰ তালিকাও এই বিধেয়কত সন্নিৱিষ্ট কৰা হৈছে৷ ইয়াৰ উপৰিও, এইটো দিশ সুনিশ্চিত কৰাৰ বাবে যে আদালতৰ কাৰ্যপ্ৰণালীত যাতে অত্যধিক হেঁচা নপৰে তাৰ বাবে কেৱল ১০০ কোটি বা তাতোধিক ধন আত্মসাৎ কৰি দেশান্তৰ হোৱাৰ দৰে বিষয়সমূহহে এই পৰিসীমাৰ অন্তৰ্গত কৰা হৈছে৷

 

পটভূমি -

ইতিপূৰ্বে এনে বহু ঘটনা সংঘটিত হৈ গৈছে যে অৰ্থনৈতিক অপৰাধীয়ে বিভিন্ন ক্ষেত্ৰত ধন পৰিশোধ নকৰাকৈ বা তেওঁলোকক অপৰাধী ঘোষণা কৰাৰ পূৰ্বেই ভাৰতীয় আদালতৰ ন্যায়পালিকাৰ পৰিসৰৰ বাহিৰলৈ আঁতৰি গৈছে৷ ভাৰতীয় আদালতৰ এনে অপৰাধীৰ অনুপস্থিতিৰ বাবে বিভিন্ন পৰিস্থিতিৰ উদ্ভৱ হৈছে, যেনে, প্ৰথমতে, ইয়াৰ ফলশ্ৰুতিত অপৰাধমূলক কাৰ্যৰ বিচাৰ প্ৰক্ৰিয়া স্তব্ধ হৈ পৰে, দ্বিতীয়তে, ইয়াৰ ফলত আদালতৰ মূল্যৱান সময় নষ্ট হয়, তৃতীয়তে, ইয়াৰ ফলত বাৰতত আইনী ব্যৱস্থাৰ অৱমূল্যায়ন হয়৷ ইয়াৰ উপৰিও, অৰ্থনৈতিক অপৰাধৰ অধিকাংশ ক্ষেত্ৰতেই বেংক ঋণৰ অনাদায় বিষয়টো চামিল হৈ থাকে, যাৰ ফলত ভাৰতৰ বেংকিং ব্যৱস্থাটো যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্থ হৈ পৰে৷ এই সমস্যাটোৰ গভীৰতাৰ সৈতে মোকাবিলা কৰিবৰ বাবে আইনৰ হাতত থকা উপায় বৰ্তমান অসামৰিক আৰু অপৰাধজনিত ঘটনাৰ নিস্পত্তিকৰণৰ বাবে পৰ্যাপ্ত নহয়৷ গতিকে, এনে কাৰ্যকলাপ ৰোধ কৰাটো সুনিশ্চিত কৰিবৰ বাবে প্ৰভাৱী, ক্ষীপ্ৰতম আৰু সাংবিধানিক দৃষ্টিৰে ইয়াক ফলপ্ৰসূ ৰূপ দিয়াটো অত্যাৱশ্যকীয় বুলি গণ্য কৰা হৈছে৷ উল্লেখযোগ্য যে ভ্ৰষ্টাচাৰৰ সৈতে জড়িত বিষয়সমূহত অনা-দোষ সাব্যস্তকৰণভিত্তিক সম্পত্তিসমূহ জব্দ কৰাৰ ক্ষেত্ৰত ইউনইটেড নেশ্যনছ কনভেন্সনে সহমত প্ৰকাশ কৰিছে (ভাৰতৰ দ্বাৰা ২০১১ চনত অনুমোদিত) বিধেয়কখনত এই দিশটোকেই উল্লেখ কৰা হৈছে৷ ওপৰোক্ত সন্দৰ্ভত লক্ষ্য ৰাখিয়েই চৰকাৰে বাজেট ২০১৭-১৮ ঘোষণা কৰিছিল যে চৰকাৰে সাংবিধানিক সংশোধন কৰিব, অথবা এখন নতুন আইন প্ৰণয়ন কৰিব, যাতে তেনে আত্মগোপনকাৰী অৰ্থনৈতিক অপৰাধীসকলে আইনী ব্যৱস্থাত সমৰ্পন নকৰা পৰ্যন্ত তেওঁলোকৰ সম্পত্তি বাজেয়াপ্ত কৰিব পাৰে৷

 

****

AKT/Rang



(Release ID: 1522656) Visitor Counter : 72


Read this release in: English , Tamil