প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া বিশ্ব পৰিৱেশ দিৱসৰ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত উপস্থিত থাকিব৷ প্ৰধানমন্ত্ৰীয়ে লগতে এই উপলক্ষে ৰাজপথ লনত অনুষ্ঠিত প্ৰদৰ্শনীও দৰ্শন কৰিব৷
চলিত বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু হ’ল—প্লাষ্টিক প্ৰদূষণ ৰোধ কৰা৷ ৪৩সংখ্যক এই দিৱস এইবাৰ আন্তঃৰাষ্ট্ৰীয়ভাৱে ভাৰতে আয়োজন কৰিছে৷ পৰিৱেশ মন্ত্ৰী, ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি আৰু বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানৰ প্ৰতিনিধি অনুষ্ঠানত উপস্থিত থাকিব৷
প্ৰধানমন্ত্ৰীয়ে ৪৪সংখ্যক মন কী বাতত উল্লেখ কৰিছিল যে ভাৰতে বিশ্ব পৰিৱেশ দিৱসৰ আনুষ্ঠানিক আয়োজকৰ দায়িত্ব লাভ কৰাতোৱে জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধত দেশখনৰ ক্ৰমবৰ্ধিত নেতৃত্বক প্ৰতিফলিত কৰে৷
*****
AKT/HS/MS