পোষ্ট কৰা হৈছে:
29 NOV 2026 9:17PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে অসমীয়া ভাষাত ভূপেন দালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে এই অনুষ্ঠানটোক অসম, উত্তৰ-পূৰ্বাঞ্চল, ভাৰতীয় কলা আৰু সামূহিক চেতনাৰ এক মহোৎসৱ বুলি অভিহিত কৰে। ইয়াৰ পূৰ্বে দিল্লীত অতি জাকজমকতাৰে উদযাপন কৰা বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ দৰেই এই শতবাৰ্ষিকী উদযাপন গুৱাহাটীত আৰম্ভ হৈ ৰাষ্ট্ৰীয় ৰাজধানীত সামৰণি পৰা এই হৃদয়স্পৰ্শী যাত্ৰাৰ কথা উল্লেখ কৰি তেখেতে ৰাষ্ট্ৰীয় ঐক্যৰ ভাৱনাক আলোকপাত কৰে। শ্ৰী মোদীয়ে এই সন্দৰ্ভত "এয়া এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ এক অতি সুন্দৰ নিদৰ্শন’’ বুলি মন্তব্য কৰে।
দেশে মহান সুপুত্ৰগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সময়তে শতবাৰ্ষিকী বৰ্ষৰ উদ্বোধনী আৰু সামৰণী দুয়োটা অনুষ্ঠানতে উপস্থিত থকাৰ সৌভাগ্য লাভ কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূপেন দাৰ সৈতে থকা তেখেতৰ বিশেষ ব্যক্তিগত সম্পৰ্কৰ কথা উল্লেখ কৰে ৷ তেওঁ কয় যে ভূপেন হাজৰিকা কেৱল অসমৰ এগৰাকী মহান সুপুত্ৰই নহয়, বৰঞ্চ গুজৰাটৰ জোঁৱাইও আছিল। ১১,০০০ শিল্পীৰ সমন্বিত বিহু পৰিৱেশন, বড়ো শিল্পীসকলৰ বাগৰুম্বা নৃত্য প্ৰদৰ্শন আৰু হাজাৰ হাজাৰ চাহ বাগিচাৰ শিল্পীয়ে ঝুমুৰ পৰিৱেশন কৰাকে ধৰি অসমৰ সাংস্কৃতিক জীৱন্ততাৰ বিশ্বজনীন প্ৰদৰ্শনৰ কথা স্মৰণ কৰি তেখেতে অসমৰ চুকে-কোণে থকা শিল্পীসকলে সেই একে ৰং তথা উৎসাহ দিল্লীলৈ কঢ়িয়াই অনা কাৰ্যক আদৰণি জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "১১,০০০ শিল্পীয়ে একেলগে বিহু পৰিৱেশন কৰা আৰু সমগ্ৰ বিশ্বই অসমৰ সাংস্কৃতিক শক্তিৰ সাক্ষী হোৱা সেই মুহূৰ্তটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ।"
ভূপেন হাজৰিকাৰ স্মৃতিত এটা নতুন বঁটা প্ৰৱৰ্তন কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেখেতৰ সহযোগী আৰু অসমবাসীক অভিনন্দন জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বঁটাৰ প্ৰথমগৰাকী প্ৰাপক শ্ৰদ্ধেয়া উষা মংগেশকাৰক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে আৰু লগতে উল্লেখ কৰে যে অসম তথা ভাৰতৰ কেইবাটাও প্ৰজন্ম ভূপেন দা আৰু উষা দিদিৰ গীত শুনি ডাঙৰ-দীঘল হৈছে। শ্ৰী মোদীয়ে কয়, "উষা দিদিৰ বাবে এই সন্মান ভূপেন দাৰ ঐতিহ্য আৰু সংগীত জগত— দুয়োটাৰে বাবে এক সন্মানস্বৰূপ।"
সাধাৰণতে নাম, কাম আৰু কৃতিত্বৰ দ্বাৰা মহত্বৰ পৰিমাপ কৰা হয় যদিও ভূপেন দাৰ দৰে বিৰল ব্যক্তিত্বই এই সকলোবোৰৰ ঊৰ্ধ্বত অৱস্থান কৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সুৰত প্ৰাণ সঞ্চাৰ কৰিবলৈ তেখেতে গীত গাইছিল, শব্দত জীৱন দিবলৈ লিখিছিল আৰু সমাজখনক একত্ৰিত কৰিবলৈ সংগীত ৰচনা কৰিছিল। ভূপেন দাই কেনেকৈ গংগা আৰু ব্ৰহ্মপুত্ৰৰ বিশালতাক সামৰি লৈছিল, ভাষাৰ সীমা নেওচি নতুন প্ৰজন্মৰ বাবে লোক-পৰম্পৰাসমূহ একেডাল সূতাৰে বান্ধিছিল আৰু অসাধাৰণ দায়বদ্ধতাৰে ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক আগুৱাই লৈ গৈছিল— সেই কথা আলোকপাত কৰি তেখেতে মহান শিল্পীগৰাকীৰ শিল্পকৰ্মলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। "মই বিশ্বাস কৰোঁ যে ভূপেন দাই কেৱল গীত ৰচনা কৰাই নহয়; তেখেতে নিজৰ গীতৰ মাজেৰে এটা যুগৰ ইতিহাস ৰচনা কৰি থৈ গৈছে" এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷
ভূপেন দাক একেসময়তে আধুনিক আৰু নিজৰ মাটিৰ সৈতে গভীৰভাৱে শিপাই থকা, বিশ্বমানৰ প্ৰতিভাৰ অধিকাৰী অথচ ভাৰতীয় হৃদয়ৰ এজন ব্যক্তি বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱা বছৰ গুৱাহাটীত কোৱা কথাষাৰ পুনৰ স্মৰণ কৰি কয় যে ভূপেন দাই ভাৰতৰ আৱেগক কণ্ঠ দিছিল আৰু দেশৰ সপোনবোৰক নিজৰ গীতৰ মাজেৰে গাঁথি থৈ গৈছে। শ্ৰী মোদীয়ে কয়, "এয়া আমাৰ পৰম সৌভাগ্য যে ভাৰত চৰকাৰে তেখেতৰ এই ঐতিহ্যকেই দেশৰ সৰ্বোচ্চ সন্মান 'ভাৰত ৰত্ন'ৰে সন্মানিত কৰিছে।"
ভূপেন হাজৰিকাক এজন কঠোৰ জাতীয়তাবাদী আৰু প্ৰকৃত দেশপ্ৰেমিক হিচাপে স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভূপেন হাজৰিকাই বিশ্বাস কৰিছিল যে এজন ভাল ভাৰতীয় হ’বলৈ প্ৰতিজন অসমীয়া প্ৰথমে এজন ভাল অসমীয়া হ’ব লাগিব ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৯৬২ চনৰ যুদ্ধৰ অন্ধকাৰময় সময়ত মাতৃভূমিৰ বাবে সকলো উচৰ্গা কৰিবলৈ যুৱসমাজক জনোৱা তেখেতৰ সেই হৃদয়স্পৰ্শী আহ্বানৰ (বুকু হম হম কৰে, মোৰ আই) কথা স্মৰণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "নদীসমূহৰ প্ৰতি তেখেতৰ প্ৰেম আছিল পুত্ৰসুলভ।"
এখন নতুন অসম আৰু এখন নতুন ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত ডেকা বয়সৰ ভূপেন হাজৰিকাৰ দৃঢ় সংকল্পৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ যুৱপ্ৰজন্মই কেনেকৈ ষ্টাৰ্টআপ আৰম্ভ কৰি, মহাকাশলৈ ৰকেট প্ৰেৰণ কৰি আৰু কৃষি, বিত্ত, ক্ৰীড়া তথা বিজ্ঞানৰ ক্ষেত্ৰত নতুন মাইলৰ খুঁটি স্থাপন কৰি সেই সপোনক বাস্তৱত পৰিণত কৰিছে, সেই বিষয়ে আলোকপাত কৰে। শ্ৰী মোদীয়ে কয়, "আজি আমি আমাৰ চকুৰ সন্মুখতে এখন নতুন ভাৰত নিৰ্মাণ হোৱা দেখিবলৈ পাইছোঁ।"
সমগ্ৰ মানৱ জাতিক জীৱনৰ একেখন নাঁৱৰ সহযাত্ৰী বুলি আহ্বান জনোৱা ভূপেন দাৰ কালজয়ী গীতটিৰ ("আমি একেখন নাৱৰে যাত্ৰী") উদ্ধৃতি দি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে 'সবকা সাথ, সবকা বিকাশ' মন্ত্ৰৰ জৰিয়তে এই দৃষ্টিভংগী আজি জীৱন্ত হৈ উঠিছে, য'ত প্ৰতিজন ভাৰতীয়ৰ প্ৰচেষ্টাই ৰাষ্ট্ৰীয় প্ৰগতিৰ বঠা হিচাপে কাম কৰিছে যাতে কোনো এজন লোকেই বঞ্চিত হ’বলগীয়া নহয়। শেহতীয়াকৈ বিশ্ব বেংকৰ প্ৰতিবেদনত অসমৰ ব্যাপক উন্নতিকে ধৰি বিগত কেইটামান বছৰত পঞ্চাশ কোটি ভাৰতীয় চৰম দৰিদ্ৰতাৰ পৰা মুক্ত হোৱাৰ কথা উল্লেখ কৰি তেখেতে সৰ্বাংগীন বিকাশৰ প্ৰভাৱক বিশেষভাৱে গুৰুত্ব দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "এয়াই হৈছে 'সবকা সাথ, সবকা বিকাশ' মন্ত্ৰৰ শক্তি।"
মানুহে নিজেই যদি আন মানুহৰ দুখ-কষ্টৰ কথা নাভাবে, তেন্তে কোনে ভাবিব বুলি প্ৰশ্ন কৰা ভূপেন দাৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে'ৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে নীতি-নিৰ্ধাৰণত মানৱতাক সৰ্বোচ্চ স্থান দিলেহে সমাজ আৰু সম্প্ৰীতিৰ সেতু নিৰ্মাণ হয় বুলি গুৰুত্ব আৰোপ কৰে। তেখেতে লগতে কয় যে বিগত ১২ বছৰত চৰকাৰে মানৱীয় সংবেদনশীলতা, সদ্ভাৱ আৰু সু-ইচ্ছাৰে অসম তথা সমগ্ৰ 'অষ্টলক্ষ্মী' উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি সেৱা আগবঢ়াই আহিছে। অসমৰ হাজাৰ হাজাৰ যুৱকে হিংসাৰ পথ পৰিহাৰ কৰি উন্নয়ন আৰু বিশ্বাসৰ পথ বাছি লোৱাত আনন্দ প্ৰকাশ কৰি তেখেতে অঞ্চলটোৰ এই চলমান ৰূপান্তৰৰ কৃতিত্ব মহীৰূহগৰাকীৰ পথ প্ৰদৰ্শনকামিতাৰ আদৰ্শ বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে কয়, "আজি আমি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যত অষ্টলক্ষ্মীৰ প্ৰতিটো ৰূপ আৰু অঞ্চলটোৰ প্ৰতিটো কোণ স্পৰ্শ কৰি যিবোৰ উন্নয়নমূলক কাম কৰি আছোঁ, সেই সকলোবোৰ ভূপেন দাৰ আশীৰ্বাদ আৰু তেখেতৰ প্ৰেৰণাতে সম্ভৱ হৈছে।"
ভূপেন দাই তেখেতৰ সংসদীয় সমষ্টি কাশীত অধ্যয়ন কৰাৰ লগতে গণসংযোগ বিষয়ত পিএইচডি ডিগ্ৰী লাভ কৰা প্ৰথমসকল ভাৰতীয়ৰ অন্যতম আছিল বুলি গৌৰৱ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি শতবাৰ্ষিকী অনুষ্ঠানসমূহৰ সামৰণি পৰিলেও তেখেতৰ ঐতিহ্য চিৰন্তন হৈ থাকিব। নতুন প্ৰজন্মৰ বাবে ভূপেন দাৰ গীতসমূহ শিক্ষাৰ সৈতে সংযুক্ত কৰিবলৈ, তেখেতৰ সৃষ্টিৰাজি সংৰক্ষণ কৰিবলৈ, তেখেতৰ চিন্তাধাৰাৰ ওপৰত গৱেষণা চলাবলৈ আৰু তেখেতৰ সাহিত্যক ভাৰতীয় ভাষাসমূহলৈ অনুবাদ কৰিবলৈ আহ্বান জনাই তেখেতে সকলোকে সামূহিকভাৱে আগবাঢ়ি আহিবলৈ অনুৰোধ জনায়। শ্ৰী মোদীয়ে কয়, "তেখেতৰ স্মৃতিৰ পৰা প্ৰেৰণা লৈ আমি নতুন সংকল্পক বাস্তৱ ৰূপ দিব লাগিব।"
ভূপেন দাৰ এখন নতুন অসমৰ সপোনৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত এটা দশকত অসম কেনেকৈ অভূতপূৰ্ব সম্ভাৱনাৰ ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছে সেই বিষয়ে আলোকপাত কৰে। আধুনিক যোগাযোগ ব্যৱস্থা আৰু প্ৰযুক্তি কেন্দ্ৰৰ পৰা আৰম্ভ কৰি ভূপেন দাৰ নামেৰে নামাকৰণ কৰা ব্ৰহ্মপুত্ৰৰ বিশাল দলংখন আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামেৰে নামাকৰণ কৰা আধুনিক গুৱাহাটী বিমানবন্দৰলৈকে হোৱা উন্নয়নৰ কথা উল্লেখ কৰি তেখেতে উপস্থিত সকলোলৈকে আৰু বিশেষকৈ উষা মংগেশকাৰলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয়, "অসমৰ এক নতুন অৱতাৰৰ উন্মেষ ঘটিছে আৰু অসমৰ উন্নয়নৰ এই গতি ভৱিষ্যতে আৰু অধিক ত্বৰান্বিত হ'ব।"
NKR/SS/PRK/MM