পোষ্ট কৰা হৈছে:
27 NOV 2026 7:21PM by PIB Guwahati
প্ৰচাৰৰ হকে নিৰন্তৰ প্ৰচেষ্টা, জনমুখী আৰ্হি আৰু নাগৰিককেন্দ্ৰিক যোগাযোগৰ স্বীকৃতি স্বৰূপে কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক ব’ৰ্ডৰ (চি বি আই চি) জি এছ টি আৰু শুল্ক পেভিলিয়নে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৪৫ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা (আই আই টি এফ) ২০২৬ত কৰা প্ৰদৰ্শনৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰিছে।
চি বি আই চি এ ২০২৬ চনৰ ১৪-২৭ নৱেম্বৰলৈ আই আই টি এফ ২০২৬ত ইয়াৰ ধ্বজাবাহী কাৰ্যসূচী ‘জি এছ টি আৰু শুল্ক পেভিলিয়ন’ প্ৰদৰ্শন কৰে। ২০২৬ চনৰ ১৬ নৱেম্বৰত চি বি আই চি ৰ অধ্যক্ষ শ্ৰী বিবেক চতুৰ্বেদীয়ে ব’ৰ্ডৰ সদস্য আৰু জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত এই পেভিলিয়ন উদ্বোধন কৰে।
মেলাৰ “বিকাশ আৰু বিৰাসত” বিষয়বস্তুৰ সৈতে সংগতি ৰাখি, এই পেভিলিয়নে পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি প্ৰক্ৰিয়া সংস্কাৰ, আপডেট কৰা বেগেজ নিয়ম, ২০২৬ আৰু চি বি আই চি ৰ ডিজিটেল পদক্ষেপসমূহৰ বিষয়ে সজাগতা সৃষ্টিত গুৰুত্ব দিয়ে। পাৰস্পৰিক আৰু শিক্ষামূলক স্থান হিচাপে প্ৰস্তুত কৰা শৈলীৰ সৈতে ই একক জনমুখী ইণ্টাৰফেচ হিচাপে কাম কৰে। ইয়াৰ জৰিয়তে কৰদাতা, ব্যৱসায়ী, ৰপ্তানিকাৰী আৰু আমদানিকাৰী, ছাত্ৰ-ছাত্ৰী, ভ্ৰমণকাৰী তথা নাগৰিকে কৰ আৰু শুল্ক প্ৰক্ৰিয়াত শেহতীয়া পৰিৱৰ্তন আৰু তেওঁলোকৰ বাবে উপলব্ধ সুবিধাসমূহ বুজিব পাৰে।
বিভিন্ন বয়সৰ গোট, বৃত্তি আৰু খণ্ডৰ লক্ষাধিক লোকে চি বি আই চি মণ্ডপ পৰিদৰ্শন কৰাৰ জৰিয়তে চি বি আই চি ৰ সংস্কাৰ আৰু সুবিধা প্ৰদান পদক্ষেপৰ প্ৰতি জনসাধাৰণৰ প্ৰবল আগ্ৰহ প্ৰতিফলিত হৈছে।
চি বি আই চি পেভিলিয়নৰ মুখ্য আকৰ্ষণসমূহ
১. তাৎক্ষণিক সহায়ৰ বাবে বিশেষজ্ঞ হেল্পডেস্ক: জিএছটি, শুল্ক, জি এছ টি এন, ইনভইচ পঞ্জীয়ন প’ৰ্টেল (আই আৰ পি), আইচগে’ট আৰু চি পি গ্ৰামচ-ক সামৰি ৮টা সমৰ্পিত হেল্পডেস্কত বিষয়া আৰু ক্ষেত্ৰ বিশেষজ্ঞসকলে আগ্ৰহীসকলক জি এছ টি পঞ্জীয়ন, ৰিটাৰ্ন দাখিল, ৰিফাণ্ড, ই-ইনভইচিং, শুল্ক প্ৰক্ৰিয়া, বেগেজৰ ব্যৱস্থা, আমদানি-ৰপ্তানি সুবিধা আৰু অভিযোগ নিষ্পত্তিৰ ক্ষেত্ৰত সহায় কৰে।
২. পৰৱৰ্তী প্ৰজন্মৰ জিএছটি প্ৰক্ৰিয়া সংস্কাৰ আৰু বেগেজ নিয়ম, ২০২৬ৰ বিষয়ে সজাগতা: পৰৱৰ্তী প্ৰজন্মৰ জিএছটি প্ৰক্ৰিয়াৰ সংস্কাৰ আৰু আপডেট কৰা বেগেজ নিয়ম, ২০২৬ ব্যাখ্যা কৰাত বিশেষ গুৰুত্ব দিয়াৰ জৰিয়তে কৰদাতা আৰু আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীসকল সৰলীকৃত প্ৰক্ৰিয়া আৰু নিজৰ অধিকাৰ বুজাৰ ক্ষেত্ৰত উপকৃত হয়।
৩. পাৰস্পৰিক ডিজিটেল প্ৰদৰ্শন: ডিজিটেল প্ৰদৰ্শন আৰু শিক্ষামূলক সামগ্ৰীয়ে চি বি আই চি-ৰ প্ৰযুক্তি-চালিত ৰূপান্তৰ প্ৰদৰ্শন কৰে। ইয়াত অধিক স্বচ্ছতা, দক্ষতা আৰু অনুপালনৰ সূচলতাৰ ওপৰত গুৰুত্ব দিয়া হয়। [হিন্দী আৰু ইংৰাজীৰ উপৰি Xটা আঞ্চলিক ভাষাত শিক্ষামূলক ভিডিঅ’ আৰু টিউটৰিয়েল উপলব্ধ কৰাৰ ব্যৱস্থা কৰা হয়।]
৪. আকৰ্ষণীয় সজাগতামূলক কাৰ্যকলাপ: ভাৰ্চুৱেল ৰিয়েলিটি (ভি আৰ) গেম, কেচ দ্য বেটন আৰু গোল্ড বাৰৰ দৰে যান্ত্ৰিক গেম, ভেণ্ট্ৰিল’কুইষ্ট আৰু পুতলা শ্ব’, শিশুৰ বাবে ৰং কৰা প্ৰতিযোগিতা আৰু বাৰ্তালাপৰ মাজেৰে কুইজ, যাদুৰ শ্ব’, অগমেণ্টেড ৰিয়েলিটি (এ আৰ) চেলফি জ’ন, আঞ্চলিক নৃত্য, নুক্কড় নাটক (পথ নাটক) আদিয়ে সকলো বয়সৰ দৰ্শনাৰ্থীৰ বাবে, বিশেষকৈ শিশু আৰু যুৱক-যুৱতীৰ বাবে কৰ আৰু শুল্ক সজাগতাক ৰসাল আৰু সহজলভ্য কৰি তুলিছিল।
চি বি আই চি এ উৎসাহী অংশগ্ৰহণৰ বাবে সকলো দৰ্শনাৰ্থী, অংশীদাৰ আৰু আগ্ৰহীসকলক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে কৰ সৰলীকৰণ, স্বচ্ছতা বৃদ্ধি আৰু অধিক নাগৰিক-বন্ধুত্বপূৰ্ণ পৰোক্ষ কৰ আৰু শুল্ক ব্যৱস্থা গঢ়ি তোলাৰ প্ৰতি ইয়াৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে।

****
KT/KMN/DD