পোষ্ট কৰা হৈছে:
27 NOV 2026 10:50PM by PIB Guwahati
ভাৰতীয় মহাকাশ চিকিৎসা সমিতিৰ (ইচাম) ৬৫ সংখ্যক বাৰ্ষিক সন্মিলন ২০২৬ চনৰ ২৬-২৭ নৱেম্বৰত বেংগালুৰুৰ মহাকাশ চিকিৎসা প্ৰতিষ্ঠানত (আই এ এম) অনুষ্ঠিত হয়। দেশ-বিদেশৰ সামৰিক আৰু অসামৰিক বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত বায়ুসেনাৰ মুৰব্বী (চি এ এচ) এয়াৰ চিফ মাৰ্শ্বেল আশুতোষ দীক্ষিতে সন্মিলনখন উদ্বোধন কৰে। “এক আকাশ - এক অভিযান: ৰাণৱেৰ পৰা মহাকাশলৈ এয়াৰ’মেডিকেল সহায়” বিষয়বস্তুৰে অনুষ্ঠিত সন্মিলনখনে মহাকাশ চিকিৎসাৰ এক ঐক্যবদ্ধ দৃষ্টিভংগী প্ৰদৰ্শনৰ জৰিয়তে সামৰিক আৰু অসামৰিক বিমান চলাচল তথা মানৱ মহাকাশ যাত্ৰাক নিৰৱচ্ছিন্নভাৱে সামৰি লোৱাৰ উপৰি ৰাণৱেৰ পৰিচালনাৰ পৰা কক্ষপথৰ অভিযানলৈ সুৰক্ষা, প্ৰদৰ্শন আৰু মিছনৰ সফলতা নিশ্চিত কৰাত এয়াৰ’মেডিকেল সহায়ৰ গুৰুত্বপূৰ্ণ ভূমিকা উজলাই তোলে।
বিশেষজ্ঞসকলৰ এক মিলনস্থল হিচাপে পৰিগণিত এই অনুষ্ঠানত প্ৰতিৰক্ষা বাহিনীৰ কৰ্মী, আই এ এফ-ৰ কৰ্মচাৰী আৰু ইচৰ’, ডি আৰ ডি অ’ আৰু এইচ এ এলৰ বৈজ্ঞানিক বিশেষজ্ঞসকল একত্ৰিত হয়। এয়াৰ মাৰ্শ্বেল বিবেক হাণ্ডে, ডি জি এম এচ (এয়াৰ) এ অধ্যক্ষৰ ভাষণত বায়ুসেনাৰ কৰ্মচাৰীসকলৰ দক্ষতা বৃদ্ধি কৰাৰ লগতে মহাকাশত মানৱ জীৱনৰ স্থায়িত্ব নিশ্চিত কৰাত মহাকাশ চিকিৎসাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে।
চেমিলাকৰ চি ই, এ পি ভি এচ প্ৰসাদৰ এয়াৰ মাৰ্শ্বেল সুব্ৰত মুখাৰ্জী স্মাৰক বক্তৃতাই সন্মিলনৰ বৌদ্ধিক উৎকৃষ্টতাৰ পৰম্পৰা বজাই ৰাখে। পূৰ্বে ড° এ পি জে আব্দুল কালাম আৰু উইং কমাণ্ডাৰ ৰাকেশ শৰ্মাৰ দৰে ব্যক্তিত্বই ভাষণ দিয়া এই সন্মানীয় মঞ্চ, সমিতিৰ শৈক্ষিক ঐতিহ্যৰ এক মূল ভিত্তি হৈ আছে।
এয়াৰ ভাইচ মাৰ্শ্বেল অনুপম আগৰৱালে (অৱসৰপ্ৰাপ্ত) ‘বিমান চিকিৎসাৰ জনক’ গৰাকীৰ প্ৰতি উৎসৰ্গিত এয়াৰ ভাইচ মাৰ্শ্বেল এম এম শ্ৰীনাগেশ স্মাৰক বক্তৃতা প্ৰদান কৰে। ‘জে এইচ এফ মানেকশ্ব’ পেনেলত এয়াৰ’মেডিকেল সেৱাৰ মুখ্য উপদেষ্টা এম ডি অনব’ৰ্ড (কানাডা) উইং কমাণ্ডাৰ সুৰেন্দ্ৰ সোধি (অৱসৰপ্ৰাপ্ত)আৰু আই চি এ অ’ (কানাডা)ৰ কাৰিকৰী বিষয়া কৰ্ণেল কে এন ৰাও (অৱসৰপ্ৰাপ্ত)ৰ বিশেষজ্ঞ মতামত প্ৰকাশ পায়। সন্মিলনৰ মহাকাশমুখী দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি মহাকাশচাৰী উইং কমাণ্ডাৰ ৰাকেশ শৰ্মাই পৰিচালনা কৰা মহাকাশচাৰী ৰাকেশ শৰ্মা বক্তৃতা শৃংখলাত স্কাইৰুট এয়াৰ’স্পেছৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী পৱন চান্দনাই মূল ভাষণ দিয়ে।
পৰিৱৰ্তিত মাধ্যাকৰ্ষণ আৰু মহাকাশ যাত্ৰাৰ চিকিৎসাৰ পৰা অসামৰিক বিমান চলাচলৰ মানসিক কঠোৰতালৈকে সকলো দিশ অন্বেষণ কৰা এই বৈজ্ঞানিক কাৰ্যসূচী কঠোৰ আৰু বৈচিত্ৰ্যপূৰ্ণ আছিল।
মূল আলোচনাসমূহৰ জৰিয়তে কৰ্মচাৰীসকলৰ প্ৰদৰ্শন অনুকূলন, থলুৱা বিমান শৈলী আৰু বিশেষ পদ্ধতিৰে আত্ম সুৰক্ষাৰ পৰা পৰিৱেশৰ চৰম পৰিস্থিতিলৈকে গুৰুত্বপূৰ্ণ সুৰক্ষা সম্পৰ্কীয় দিশসমূহ সামৰি লোৱা হয়। উচ্চ প্ৰভাৱসম্পন্ন পেনেলসমূহে যুঁজাৰু বিমান চলোৱাত মহিলাৰ বিৱৰ্তন আৰু স্থলত মহাকাশৰ লেখীয়া কৃত্ৰিম পৰিস্থিতি সৃষ্টি কৰি কৰা অনুশীলনক মহাকাশৰ উৰণৰ সৈতে সংযোগ কৰাৰ বিষয়েও আলোচনা কৰে। আনহাতে যুৱ গৱেষকসকলে এই ক্ষেত্ৰৰ ভৱিষ্যতৰ সংকেত দিয়া অগ্ৰণী গৱেষণাৰ দিশটোত আলোকপাত কৰে।
***
JS/VK/SM/DD