পোষ্ট কৰা হৈছে:
26 NOV 2026 6:43PM by PIB Guwahati
তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ৰ অধীনত লাভ কৰা তথ্য অনুসৰি অসমত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত চলি থকা টোল প্লাজাসমূহৰ বৈধতা সন্দৰ্ভত শেহতীয়াকৈ সংবাদ মাধ্যমত কিছুমান বিবৃতি প্ৰচাৰিত হৈছে। এই প্ৰতিবেদনসমূহে ৰাজ্যখনত কেৱল তিনিটা টোল প্লাজাহে ব্যৱহাৰকাৰী মাচুল সংগ্ৰহৰ বাবে আইনগতভাৱে অনুমোদিত আৰু বাকী সকলো টোল প্লাজা অবৈধভাৱে চলি থকা বুলি এক বিভ্ৰান্তিকৰ ধাৰণাৰ সৃষ্টি কৰা দেখা গৈছে। এই ধাৰণাটো তথ্যগতভাৱে অশুদ্ধ আৰু জনসাধাৰণক সঠিক তথ্য প্ৰদানৰ স্বাৰ্থত ইয়াৰ স্পষ্টীকৰণ দিয়াটো প্ৰয়োজনীয়।
উক্ত আৰটিআইৰ জৰিয়তে লাভ কৰা তথ্যখিনি কেৱল গুৱাহাটী প্ৰকল্প ৰূপায়ণ গোটৰ (PIU) অধীনস্থ টোল প্লাজাসমূহৰ সৈতেহে জড়িত। অৱশ্যে, অসমত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ মুঠ চাৰিটা প্ৰকল্প ৰূপায়ণ গোট আছে। সেইবোৰ হৈছে গুৱাহাটী, কাজিৰঙা, বঙাইগাঁও আৰু শিলচৰ। এই চাৰিওটা প্ৰকল্প ৰূপায়ণ গোটৰ অধীনত ৰাজ্যখনৰ বিভিন্ন জিলাত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ, উন্নীতকৰণ, মেৰামতি আৰু ৰক্ষণাবেক্ষণ সম্পৰ্কীয় কাম-কাজ চলি আছে। একেদৰে, এনএইচএআইৰ অধীনস্থ টোল প্লাজাসমূহেও বিভিন্ন স্থানত কাৰ্যনিৰ্বাহ কৰি আছে।
গতিকে, কেৱল এনএইচএআইৰ গুৱাহাটী প্ৰকল্প ৰূপায়ণ গোটৰ অধীনত থকা তিনিটা টোল প্লাজাৰ তথ্যৰ ওপৰত ভিত্তি কৰি সমগ্ৰ অসমৰ টোল প্লাজাসমূহৰ বিষয়ে মন্তব্য কৰাটো অনুচিত। অসমৰ অন্যান্য টোল প্লাজাসমূহ তেলীপাৰা, পাটগাঁও, দহলপাৰা, গলীয়া, মদনপুৰ, নাজিৰাখাট, ৰহা, ৰঙামাটি, শালনা (চুলুং), ৰাতোৱা, মিকিৰআটি, মান্দাৰদিছা আৰু বালাছৰাত অৱস্থিত।
উক্ত স্পষ্টীকৰণটো গুৱাহাটীস্থিত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ আঞ্চলিক কাৰ্যালয়ৰ দ্বাৰা জাৰি কৰা হৈছে।
PG/SS/DB