যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
azadi ka amrit mahotsav

ফিট ইণ্ডিয়া ছানডেজ অন চাইকেলৰ শততম সংস্কৰণৰ দেশজোৰা উদযাপনত অংশগ্ৰহণ কৰিব গুৱাহাটীয়ে

পোষ্ট কৰা হৈছে: 26 NOV 2026 6:42PM by PIB Guwahati

অহা ২৯ নৱেম্বৰ, দেওবাৰে জালুকবাৰীস্থিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত এক বিশেষ চাইকেল ৰেলী তথা বিভিন্ন ফিটনেছ আৰু সাংস্কৃতিক কাৰ্যসূচীৰে ঐতিহাসিক শততম ফিট ইণ্ডিয়া ছানডেজ অন চাইকেলৰ (এছঅ’চি) দেশজোৰা উদযাপনত গুৱাহাটীয়েও অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে। পুৱা ৬:৪৫ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই অনুষ্ঠানটোত এক বিশাল চাইকেল ৰেলী, ফিটনেছ অধিৱেশন, সাংস্কৃতিক অনুষ্ঠানৰ লগতে ক্ৰীড়া জগতৰ তাৰকা আৰু স্বাস্থ্য সচেতন লোকসকলৰ সৈতে মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত হ’ব।

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয় (এমৱাইএএছ), ফিট ইণ্ডিয়া মুভমেণ্ট, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (ছাই) আৰু ভাৰতীয় অলিম্পিক সন্থাৰ (আইঅ’এ) যৌথ উদ্যোগত ছানডেজ অন চাইকেলৰ এই শততম সংস্কৰণটোৰ আয়োজন কৰা হৈছে। মুম্বাইৰ গিৰগাঁও চৌপাট্টিত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া তথা শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড° মনসুখ মাণ্ডব্যই এই দেশজোৰা উদযাপনৰ নেতৃত্ব বহন কৰিব। গুৱাহাটীকে ধৰি দেশৰ ১০০টা উল্লেখযোগ্য স্থানত একেলগে বহু তাৰকা, ক্ৰীড়াবিদ আৰু হাজাৰ হাজাৰ ফিটনেছপ্ৰেমীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ভাৰতীয় অলিম্পিক আন্দোলনক উদযাপন কৰাৰ এক সামূহিক অভিযান হিচাপে দেশৰ প্ৰতিখন জিলাতে এই কাৰ্যসূচী সম্প্ৰসাৰিত হ’ব যিয়ে সমাজৰ বিভিন্ন স্তৰৰ লোকসকলক একত্ৰিত কৰিব।

এছঅ’চিৰ এই শততম সংস্কৰণটো অলিম্পিকৰ মূল আদৰ্শ— উৎকৰ্ষতা, সন্মান আৰু বন্ধুত্বৰ প্ৰতি উছৰ্গা কৰা হৈছে আৰু ইয়াৰ মূল বিষয়বস্তু হৈছে ‘ভাৰতৰ অলিম্পিক সপোনৰ দিশে চাইকেল যাত্ৰা’। ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰৰ উৎকৰ্ষতা উদযাপন কৰা, এখন অধিক সুস্থ ভাৰত গঢ়ি তোলা আৰু ভৱিষ্যতে অলিম্পিক গেমছ আয়োজন কৰাৰ দিশত দেশৰ আকাংক্ষাক অধিক গতি প্ৰদান কৰাই হৈছে এই অনুষ্ঠানটোৰ মূল লক্ষ্য।

মাননীয় কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মাণ্ডব্যৰ মাৰ্গদৰ্শনত ২০২৪ চনৰ ডিচেম্বৰ মাহত ফিট ইণ্ডিয়া ছানডেজ অন চাইকেলৰ শুভাৰম্ভ কৰা হৈছিল। বৰ্তমান ই এক সাপ্তাহিক কাৰ্যসূচীত পৰিণত হৈছে, যিয়ে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘ফিটনেছ কা ডোজ, আধা ঘণ্টা ৰোজ’ আৰু ‘মেদবহুলতাৰ বিৰুদ্ধে যুঁজ’ শ্লোগানত নিহিত হৈ থকা দূৰদৰ্শী চিন্তাধাৰাক অধিক শক্তিশালী কৰি তুলিছে।

এই পদক্ষেপটোৱে কেৱল শাৰীৰিক সুস্থতা আৰু বহনক্ষমতাৰ প্ৰসাৰ ঘটোৱাই নহয়, বৰঞ্চ চহৰ, নগৰ আৰু গাঁৱৰ লোকসকলক একেলগে চাইকেল চলোৱাৰ জৰিয়তে একত্ৰিতও কৰিছে। এই যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত শততম সংস্কৰণটোৱে সুস্বাস্থ্য, ভাৰতবৰ্ষ আৰু অলিম্পিকৰ সপোন পূৰণৰ বাবে চাইকেল চলাবলৈ সকলো বয়সৰ নাগৰিকক একত্ৰিত কৰিছে।

PG/BM/MM


(ৰিলিজ আই ডি : 2342248) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English