গ্ৰামোন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে কৃষি আৰু গ্ৰামোন্নয়ন সম্পৰ্কীয় প্ৰস্তাৱ সন্দৰ্ভত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱৰ উচ্চস্তৰীয় বৈঠক মধ্যপ্ৰদেশত ২২৩খন দলং নিৰ্মাণৰ বাবে কেন্দ্ৰৰ ৬৪৩.১৪ কোটি টকাৰ অনুমোদন

ৰাজ্যখনৰ বাবে বৈজ্ঞানিক কৃষি পৰিকল্পনা প্ৰস্তুত কৰাৰ লগতে দুটা কৃষি ক্লাষ্টাৰ আৰু দুটা উৎকৰ্ষ কেন্দ্ৰ স্থাপন কৰা হ’ব

পোষ্ট কৰা হৈছে: 25 NOV 2026 11:42PM by PIB Guwahati

নতুন দিল্লী, ২৫ নৱেম্বৰ: কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে আজি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড° মোহন যাদৱৰ সৈতে এখন বিস্তৃত আৰু ফলপ্ৰসূ বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যখনৰ কৃষি বিকাশ ত্বৰান্বিত কৰা আৰু গ্ৰাম্য আন্তঃগাঁথনিৰ উন্নয়নৰ লক্ষ্যৰে গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱৰ পৰ্যালোচনা কৰা হয়। বৈঠকত ৰাজ্য চৰকাৰৰ মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেল আৰু শ্ৰী আইদাল সিং কানছানা তথা জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।

ৰাজ্যখনৰ উন্নয়নৰ দিশত সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° মোহন যাদৱ আৰু তেওঁৰ সমগ্ৰ দলটোক অভিনন্দন জনাই শ্ৰী শিৱৰাজ সিং চৌহানে কয় যে প্ৰতিনিধি দলটোৱে পথ, দলং, আৱাস, জলসিঞ্চন আৰু বিভিন্ন কেন্দ্ৰীয় আঁচনি সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ দাখিল কৰিছে।

বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু মূল বিষয়সমূহ

দলং-পথ আন্তঃগাঁথনি নিৰ্মাণত অনুমোদন: গ্ৰাম্য যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত  গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মধ্যপ্ৰদেশত ২২৩খন দলং নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৬৪৩.১৪ কোটি টকাৰ অনুমোদন জনাইছে। ইয়াৰ উপৰি প্ৰায় ৬০০ কোটি টকা ব্যয়সাপেক্ষ পথ নিৰ্মাণৰ কেইবাটাও প্ৰস্তাৱো বৈঠকত দাখিল আৰু আলোচনা কৰা হয়।

বৈজ্ঞানিক কৃষি পৰিকল্পনা: কৃষি উৎপাদনশীলতা আৰু বহনক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে কৃষি বিজ্ঞানীসকলৰ সহযোগত মধ্যপ্ৰদেশৰ বাবে  সুকীয়া বৈজ্ঞানিক কৃষি পৰিকল্পনা প্ৰস্তুত কৰা হ’ব বুলি শ্ৰী চৌহানে ঘোষণা কৰে।

কৃষি ক্লাষ্টাৰ আৰু উৎকৰ্ষ কেন্দ্ৰ: আধুনিক কৃষি পদ্ধতিৰ প্ৰসাৰ আৰু কৃষিজাত সামগ্ৰীৰ মূল্য সংযোজনৰ উদ্দেশ্যে মধ্যপ্ৰদেশত দুটা কৃষি ক্লাষ্টাৰ আৰু দুটা উৎকৰ্ষ কেন্দ্ৰ (Centres of Excellence) স্থাপন কৰা হ’ব।

ক্লীন প্লাণ্ট কাৰ্যসূচী (পৰিষ্কাৰ উদ্ভিদ কাৰ্যসূচী): কৃষকসকলৰ বাবে ৰোগমুক্ত আৰু উন্নত মানৰ ৰোপণ সামগ্ৰীৰ উপলব্ধতা নিশ্চিত কৰাৰ উদ্দেশ্যে ‘ক্লীন প্লাণ্ট কাৰ্যসূচী’ৰ অধীনত মধ্যপ্ৰদেশত বিশেষ নাৰ্ছাৰী (বাগান) গঢ়ি তোলাৰ কাম হাতত লোৱা হ’ব।

ক্ষুদ্ৰ জলসিঞ্চন আৰু জলসিঞ্চন খণ্ডত সহায়: জলসিঞ্চন খণ্ডত মধ্যপ্ৰদেশে আগবঢ়োৱা উল্লেখযোগ্য আৰু অভূতপূৰ্ব অৱদানৰ প্ৰশংসা কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ‘প্ৰতি টোপালত অধিক শস্য’ (Per Drop More Crop—PDMC) আঁচনিৰ অধীনত ৰাজ্যখনক ব্যাপক সহায় আগবঢ়োৱাৰ বিষয়ত বিতং আলোচনা কৰা হৈছে। ইয়াৰ লগতে ৰাজ্য চৰকাৰে উত্থাপন কৰা জলসিঞ্চন সম্পৰ্কীয় অন্যান্য প্ৰস্তাৱসমূহৰো ফলপ্ৰসূ সমাধান উলিওৱাৰ বিষয়ে আলোচনা কৰা হয়।

 

******

SS/HR/MS


(ৰিলিজ আই ডি : 2341842) অতিথি কক্ষ : 2
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी