মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ‘নয়ী চেতনা ৫.০’-ত #NumberSaveKiya? অভিযান মুকলি কৰে, লিংগভিত্তিক হিংসাৰ বিৰুদ্ধে ষোল্লদিনীয়া সক্ৰিয়তা সম্পৰ্কীয় পৰামৰ্শাৱলী জাৰি কৰে আৰু নাৰী সুৰক্ষা সেৱা শক্তিশালী কৰাৰ বাবে আন্তঃমন্ত্ৰালয় বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীয়ে ২০২৬ চনৰ ২৫ নৱেম্বৰত লিংগ সমতা আৰু নাৰী সৱলীকৰণ বিষয়ক ৰাষ্ট্ৰীয় অভিযানত ভাষণ প্ৰদান কৰে

#NumberSaveKiya? অভিযানে প্ৰতিগৰাকী মহিলাকে নিজৰ ফোনত মহিলা হেল্পলাইন ১৮১ আৰু জৰুৰীকালীন সেৱা ১১২ মনত ৰাখিবলৈ আহ্বান জনায়

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়, ন্যায় বিভাগ, নালছা আৰু গ্ৰামোন্নয়ন বিভাগে ‘হিংসামুক্ত গাঁও পদক্ষেপ’ৰ বাবে যুটীয়া বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে

পোষ্ট কৰা হৈছে: 25 NOV 2026 7:30PM by PIB Guwahati

২০২৬ চনৰ ২৫ নৱেম্বৰত নতুন দিল্লীৰ পুছাস্থিত ভাৰত ৰত্ন চি সুব্ৰমনিয়াম প্ৰেক্ষাগৃহত আয়োজিত লিংগ সমতা আৰু নাৰী সৱলীকৰণ বিষয়ক ৰাষ্ট্ৰীয় অভিযান ‘নয়ী চেতনা ৫.০’-ৰ উদ্বোধনী অনুষ্ঠানত মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ সৈতে অংশগ্ৰহণ কৰে। নাৰীৰ বিৰুদ্ধে হিংসা নিৰ্মূলৰ আন্তঃৰাষ্ট্ৰীয় দিৱস আৰু লিংগভিত্তিক হিংসাৰ বিৰুদ্ধে ১৬ দিনীয়া সক্ৰিয়তা অভিযানৰ আৰম্ভণিৰ দিনটোতে এই অনুষ্ঠানটো অনুষ্ঠিত হয়।

এই ৰাষ্ট্ৰীয় অনুষ্ঠানটোত কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীৰ লগতে কেন্দ্ৰীয় গ্ৰামোন্নয়ন তথা কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান উপস্থিত থাকে। ইয়াৰ উপৰিও মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়, ন্যায় বিভাগ আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিবসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

মূল ঘোষণাসমূহ:

১৬ দিনীয়া অভিযান সম্পৰ্কীয় পৰামৰ্শাৱলী: অনুষ্ঠানত উপস্থিত গণ্যমান্য ব্যক্তিসকলে ১০ টা মন্ত্ৰালয় আৰু নালছাৰ দ্বাৰা জাৰি কৰা এক যুটীয়া পৰামৰ্শাৱলী মুকলি কৰে। ‘সজাগতাৰ পৰা কাৰ্যলৈ আৰু সুবিধা প্ৰাপ্তিৰ পৰা আত্মনিৰ্ভৰশীলতালৈ’ মূল বিষয়বস্তুৰে প্ৰস্তুত কৰা এই পৰামৰ্শাৱলীয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সজাগতা বৃদ্ধি কৰিবলৈ, সহায় আৰু আইনী সাহায্যৰ বাট মুকলি কৰিবলৈ তথা নাৰী সুৰক্ষাক প্ৰত্যেকৰে দায়িত্ব হিচাপে গঢ়ি তুলিবলৈ দিশ নিৰ্দেশনা প্ৰদান কৰিব।

#NumberSaveKiya? অভিযান: “নম্বৰ ছেভ কিয়া?” (আপুনি নম্বৰটো সংৰক্ষণ কৰিছেনে?) শীৰ্ষক এক সৰল প্ৰশ্নৰ আধাৰত নিৰ্মিত এই অভিযানৰ ভিডিঅ’টোৱে প্ৰতিগৰাকী মহিলা আৰু তেওঁলোকৰ আশে-পাশে থকা লোকসকলক নিজৰ ফোনত মহিলা হেল্পলাইন ১৮১ আৰু জৰুৰীকালীন সঁহাৰি সহায় ব্যৱস্থা ১১২ সংৰক্ষণ কৰি ৰাখিবলৈ আহ্বান জনাইছে। হেল্পলাইন ১৮১ হৈছে এক ২৪x৭ শুল্কমুক্ত সেৱা, যিয়ে হিংসাৰ সন্মুখীন হোৱা মহিলাসকলক আৰক্ষী, ৱান ষ্টপ চেণ্টাৰ, চিকিৎসা সেৱা আৰু আইনী সাহায্যৰ সৈতে সংযোগ কৰে। মন্ত্ৰালয়ৰ ডিজিটেল প্লেটফৰ্মসমূহৰ লগতে অংগনৱাড়ী কৰ্মী, ৱান ষ্টপ চেণ্টাৰ আৰু মিছন শক্তি কেন্দ্ৰসমূহৰ তৃণমূল পৰ্যায়ৰ নেটৱৰ্কৰ জৰিয়তে এই অভিযানটো অধিক সম্প্ৰসাৰিত কৰা হ’ব।

সমবেত ৰাইজক সম্বোধন কৰি শ্ৰীমতী অন্নপূৰ্ণা দেৱীয়ে #NumberSaveKiya? অভিযান আৰু হেল্পলাইন শীৰ্ষক গীতটো মুকলি কৰে, লগতে সকলোকে নিজৰ ফোনত মহিলা হেল্পলাইন ১৮১, জৰুৰীকালীন হেল্পলাইন ১১২ আৰু শিশু হেল্পলাইন ১০৯৮ সংৰক্ষণ কৰিবলৈ আৰু আনৰ মাজতো সজাগতা বিয়পাবলৈ আহ্বান জনায়। তেওঁ কয়, “এই ডিজিটেল যুগত মোবাইল ফোনটো এক বৃহৎ সংগী হৈ পৰিছে। বিপদৰ সময়ত এগৰাকী মহিলাই ওচৰৰ ৱান ষ্টপ চেণ্টাৰ, লিংগ সমল কেন্দ্ৰ বা মহিলা হেল্পলাইনলৈ এটা মাত্ৰ ফোন কৰিয়েই তৎক্ষণাত সহায় লাভ কৰিব পাৰে। কিন্তু কেতিয়াবা অত্যাধিক মানসিক চাপৰ বাবে তেওঁৰ নম্বৰটো মনত নাথাকিব পাৰে আৰু সহায় পোৱাত পলম হ’ব পাৰে। প্ৰয়োজনৰ সময়ত সঠিক তথ্য আৰু সঠিক যোগাযোগ নম্বৰ জনাটোৱেই আটাইতকৈ ডাঙৰ বিপদো চম্ভালি লোৱাৰ প্ৰথম পদক্ষেপ হ’ব পাৰে। এই অভিযানৰ জৰিয়তে আমাৰ বাৰ্তা হৈছে: নম্বৰটো জানক, নম্বৰটো সংৰক্ষণ কৰক আৰু আনকো জনাওক। মই আপোনালোক প্ৰত্যেককে সুধিব বিচাৰোঁ, ‘নম্বৰ ছেভ কিয়া?’”

অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী শিৱৰাজ সিং চৌহানে কয় যে বিকশিত ভাৰতৰ সপোনৰ মূলতেই হৈছে নাৰীৰ সৱলীকৰণ, মৰ্যাদা আৰু সন্মান। তেওঁ গ্ৰাম্য অৰ্থনীতিলৈ প্ৰায় ৩.৭৫ কোটি ‘লাখপতি দিদি’য়ে আগবঢ়োৱা অৱদানৰ ভূয়সী প্ৰশংসা কৰে। অৰ্থনৈতিক স্বাধীনতাৰ লগতে মৰ্যাদা, সুৰক্ষা আৰু সমান সুযোগ থকাটো অপৰিহাৰ্য বুলি উল্লেখ কৰি তেওঁ পিতৃতান্ত্ৰিক মানসিকতাক প্ৰত্যাহ্বান জনাবলৈ সামূহিক প্ৰচেষ্টাৰ আহ্বান জনায়। এই বুজাবুজিৰ চুক্তিখনক সুৰক্ষা, ন্যায়, পুনৰ্বাসন আৰু জীৱিকাৰ সহায় একত্ৰিত কৰা এক কাঠামো বুলি অভিহিত কৰি তেওঁ ৰাজ্যসমূহ, আত্মসহায়ক গোট, অংগনৱাড়ী নেটৱৰ্ক আৰু সমাজক এই অভিযানক তৃণমূল পৰ্যায়ৰ নিৰন্তৰ কাৰ্যসূচীলৈ ৰূপান্তৰিত কৰিবলৈ আৰু ড্ৰাগছমুক্ত তথা হিংসামুক্ত গাঁও গঢ়াৰ দিশত ‘নিচামুক্ত ভাৰত অভিযান’কো ইয়াৰ সৈতে সংযুক্ত কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে সকলোকে নিজৰ ফোনত মহিলা হেল্পলাইন ১৮১ আৰু জৰুৰীকালীন হেল্পলাইন ১১২ সংৰক্ষণ কৰি ৰাখিবলৈ উৎসাহিত কৰে।

আন্তঃমন্ত্ৰালয় বুজাবুজিৰ চুক্তি: গাঁও পৰ্যায়ত আইনী সাহায্য, নাৰী সহায় সেৱা আৰু সামূহিক প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰি ‘হিংসামুক্ত গাঁও পদক্ষেপ’ আৰম্ভ কৰাৰ উদ্দেশ্যে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়, ন্যায় বিভাগ, নালছা আৰু গ্ৰামোন্নয়ন বিভাগৰ মাজত এক আন্তঃমন্ত্ৰালয় বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

তৃণমূল পৰ্যায়ত সমন্বয়:

পুৱাৰ অধিৱেশনত দুটা পেনেল আলোচনা অনুষ্ঠিত হয়: ইয়াৰে এটা আছিল লিংগ সমল কেন্দ্ৰ, ৱান ষ্টপ চেণ্টাৰ, আইনী সেৱা প্ৰাধিকৰণ আৰু স্বাস্থ্য ব্যৱস্থাৰ জৰিয়তে আন্তঃমন্ত্ৰালয় সমন্বয়ৰ ওপৰত, আৰু আনটো আছিল ক্ষেত্ৰভিত্তিক মহিলা নেত্ৰীসকলৰ সৈতে। অনুষ্ঠানত নতুন লিংগ সমল কেন্দ্ৰসমূহ মুকলি কৰা হয় আৰু আত্মসহায়ক গোটৰ নেত্ৰী তথা ৱান ষ্টপ চেণ্টাৰৰ প্ৰশাসকসকলে তেওঁলোকৰ অভিজ্ঞতা বিনিময় কৰে। ইয়াৰ উপৰিও অনুষ্ঠানত ভিডিঅ’ সমল আৰু ‘নয়ী চেতনা ৪.০’ মূল্যায়ন প্ৰতিবেদন মুকলি কৰাৰ লগতে ‘নয়ী চেতনা ৫.০’ অভিযানৰ শুভাৰম্ভ কৰা হয়।

‘নয়ী চেতনা ৫.০’-ৰ অংশ হিচাপে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ইয়াৰ ‘মিছন শক্তি’ৰ জৰিয়তে প্ৰতিগৰাকী মহিলাৰ সুৰক্ষা, নিৰাপত্তা আৰু সৱলীকৰণৰ প্ৰতি থকা দায়বদ্ধতাক পুনৰ দৃঢ় কৰে।

 

***

RC/SM/MM


(ৰিলিজ আই ডি : 2341646) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी