পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
azadi ka amrit mahotsav

নাগৰিক বিজ্ঞান আৰু সংৰক্ষণ সজাগতাক প্ৰসাৰিতকৰণৰ বাবে নেচনেল জুলজিকেল পাৰ্কৰ ২২ সংখ্যক ছানডে’ বাৰ্ড ৱাকৰ আয়োজন; ৪৫ বিধ প্ৰজাতিৰ চৰাই প্ৰত্যক্ষ

পোষ্ট কৰা হৈছে: 22 NOV 2026 10:02PM by PIB Guwahati

নতুন দিল্লীস্থিত নেচনেল জুলজিকেল পাৰ্কে ২০২৬-ৰ ২২ নৱেম্বৰৰ পুৱা ৭:৩০ বজাৰ পৰা ১০:৩০ বজালৈ ‘ছানডে’ বাৰ্ড ৱাক @ এনজেডপি’ৰ ২২ সংখ্যক সংস্কৰণৰ আয়োজন কৰি জৈৱ বৈচিত্ৰ্যৰ ডুকুমেন্টেচন, পৰিবেশ সজাগতা আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত নাগৰিক সকলৰ অংশগ্ৰহণৰ প্ৰতি স্বকীয় দায়বদ্ধতাক পুনৰ সুদৃঢ় কৰে।

এই কাৰ্য্যসূচীত পক্ষী নিৰীক্ষণ আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি আগ্ৰহী ১০ জন প্ৰকৃতিপ্ৰেমী, ছাত্ৰ-ছাত্ৰী, ৱাইল্ডলাইফ ফটোগ্ৰাফাৰ আৰু নাগৰিকে অংশগ্ৰহণ কৰে। সমল বিশেষজ্ঞ আৰু সমৰ্পিত স্বেচ্ছাসেৱক সকলৰ দ্বাৰা পৰিচালিত হৈ অংশগ্ৰহণকাৰীসকলে চিৰিয়াখানাখনিৰ পক্ষী বৈচিত্ৰ্য অন্বেষণ কৰে আৰু চৰাই চিনাক্তকৰণ, আচৰণ, পৰিবেশ বিজ্ঞান তথা ইয়াৰ পৰিবেশগত তাৎপৰ্য্য সম্পৰ্কে জানিব পাৰে।

.

ইয়াত অংশগ্ৰহণকাৰীসকলে নিৰ্দিষ্ট অঞ্চলটোত ৪৫ বিধ প্ৰজাতিৰ চৰাই আৰু ৪০০-ৰো অধিক চৰাই প্ৰত্যক্ষ কৰে। এনে নিৰীক্ষণ কাৰ্য্যই ক্ষেত্ৰ-ভিত্তিক জৈৱ বৈচিত্ৰ্যৰ ডুকুমেন্টেচনত অৰিহণা যোগাই আৰু অংশগ্ৰহণকাৰীসকলক নাগৰিক বিজ্ঞানৰ এক সমৃদ্ধিশালী ব্যৱহাৰিক অভিজ্ঞতা প্ৰদান কৰে। ইয়াত হোৱা আলোচনাত পক্ষীৰ পৰিবেশগত গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়। উল্লেখ্য যে চৰায়ে প্ৰাকৃতিক কীট-পতংগ নিয়ন্ত্ৰণ কৰে, পাৰিপাৰ্শ্বিক ভাৰসাম্য অটুট ৰাখে আৰু পৰিবেশৰ মানদণ্ড তথা পৰিবেশ তন্ত্ৰৰ সুস্থতাৰ সূচক হিচাপে কাম কৰে।

.

অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি সঞ্চালক (এনজেডপি) ডঃ সঞ্জীত কুমাৰে কয় যে ছানডে’ বাৰ্ড ৱাকৰ দৰে নাগৰিক বিজ্ঞান পদক্ষেপে জনসাধাৰণক প্ৰকৃতিৰ সৈতে সংযোগ স্থাপন, ক্ষেত্ৰ-চিনাক্তকৰণ দক্ষতাৰ বিকাশ সাধন আৰু পৰিবেশ সম্পৰ্ক তথা খাদ্য জালৰ গভীৰ বুজাবুজিৰ প্ৰসাৰ ঘটাবলৈ এখনি ফলপ্ৰসূ মঞ্চ প্ৰশস্ত কৰে। তেওঁ কয় যে জনসাধাৰণৰ অংশগ্ৰহণৰ দ্বাৰা সমৰ্থিত জৈৱ বৈচিত্ৰ্যৰ এনে পদ্ধতিগত ডুকুমেন্টেচনে সংৰক্ষণ সজাগতা আৰু পৰিবেশ ব্যৱস্থাপনাৰ ক্ষেত্ৰত অৰ্থপূৰ্ণ অৰিহণা যোগাব পাৰে। সঞ্চালকগৰাকীয়ে প্ৰকৃতিপ্ৰেমী আৰু নাগৰিকসকলক এনে পদক্ষেপত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ তথা বন্যপ্ৰাণী সংৰক্ষণৰ একো-একোগৰাকী অগ্ৰদূত হ’বলৈ উৎসাহিত কৰে। কাৰ্য্যসূচীৰ সামৰণিত মত-বিনিময় কৰা হয় আৰু মন্তব্য আগবঢ়োৱা হয়। ইয়াত অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ পৰ্য্যবেক্ষণ আৰু অভিজ্ঞতাসমূহ ব্যক্ত কৰে। ইয়াৰ পিছতে এখন গ্ৰুপ ফটো লোৱা হয়।

নেচনেল জুলজিকেল পাৰ্কে নিয়মিতভাৱে ছানডে’ বাৰ্ড ৱাকৰ আয়োজন কৰি পক্ষী নিৰীক্ষণ, জৈৱ বৈচিত্ৰ্যৰ ডুকুমেন্টেচন আৰু সংৰক্ষণৰ ক্ষেত্ৰত জনসাধাৰণৰ অংশগ্ৰহণ কাৰ্য্যক উৎসাহিত কৰি আহিছে। অৰ্থপূৰ্ণ শিক্ষণ আৰু মত-বিনিময় কাৰ্য্য নিশ্চিত কৰিবলৈ প্ৰতিবাৰতে ২০–২৫ জন অংশগ্ৰহণকাৰীৰ মাজতে সীমাবদ্ধ ৰখা হয়। ইয়াত অংশগ্ৰহণৰ অৰ্থে পূৰ্ব-পঞ্জীয়ন বাধ্যতামূলক। প্ৰতি সপ্তাহৰ সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে পঞ্জীয়ন প্ৰক্ৰিয়া মুকলি থাকে আৰু ফাৰ্ষ্ট-কাম, ফাৰ্ষ্ট ছাৰ্ভ ভিত্তিত অংশগ্ৰহণৰ সুযোগ লাভ কৰে। নেচনেল জুলজিকেল পাৰ্কৰ অফিচিয়েল ৱেবছাইটত আৰু এনজেডপি সাথী ম’বাইল এপ্লিকেচনৰ জৰিয়তে পঞ্জীয়নৰ লিংক উপলব্ধ।

 

***

VM/SK/SB


(ৰিলিজ আই ডি : 2341277) অতিথি কক্ষ : 14
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी