বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

স্বচ্ছতা আৰু ৰৈ যোৱা কামৰ নিষ্পত্তিৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতাৰে ডি পি আই আই টি-ৰ বিশেষ অভিযান ৬ৰ সামৰণি

বহনক্ষম আৱৰ্জনাৰ পৰা শক্তি উৎপাদনক উৎসাহিত কৰাৰ লক্ষ্যৰে এন চি চি বি এম-ৰ বল্লভগড় চৌহদত বায়’মাছ গেছিফায়াৰ স্থাপন

বিশেষ অভিযান ৬ৰ অধীনত জনঅভিযোগ নিষ্পত্তিৰ ক্ষেত্ৰত ডি পি আই আই টি -ৰ ১০০ শতাংশ সফলতা অৰ্জন, ১৮,৬৪৪ বৰ্গফুট কাৰ্যালয়ৰ স্থান পুনৰুদ্ধাৰ

পোষ্ট কৰা হৈছে: 25 NOV 2026 1:39PM by PIB Guwahati

উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগে (DPIIT) ইয়াৰ সংলগ্ন আৰু অধীনস্থ কাৰ্যালয়সমূহৰ সহযোগত প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগৰ (DARPG) নিৰ্দেশনাত বিশেষ অভিযান ৬ৰ সফল সামৰণি পেলায়। স্বচ্ছতাৰ নীতিসমূহক প্ৰাতিষ্ঠানিক ৰূপ দিয়া আৰু চৰকাৰী কাম-কাজত ৰৈ যোৱা কামৰ পৰিমাণ হ্ৰাস কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই অভিযান সকলো কাৰ্যালয়তে ৰূপায়ণ কৰা হয়। ইয়াৰ জৰিয়তে পৰিষ্কাৰ-পৰিচ্ছন্নতা, কৰ্মদক্ষতা আৰু নথি-পত্ৰৰ ফলপ্ৰসূ ব্যৱস্থাপনাক উৎসাহিত কৰা হয়।

বিশেষ অভিযান ৬ ৰূপায়ণ কৰা হৈছিল ২০২৬ চনৰ ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈকে। ইয়াৰ পূৰ্বে ২০২৬ চনৰ ১৫ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে প্ৰস্তুতিমূলক পৰ্যায় অনুষ্ঠিত কৰা হৈছিল। সমগ্ৰ অভিযানৰ সময়ছোৱাত ডি পি আই আই টি -য়ে পৰিষ্কাৰ-পৰিচ্ছন্নতা, নথি-পত্ৰৰ পদ্ধতিগত ব্যৱস্থাপনা আৰু বাকী থকা গোচৰবিলাক সময়মতে নিষ্পত্তি কৰাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে। চিহ্নিত লক্ষ্যৰ প্ৰায় সম্পূৰ্ণ সফলতা অৰ্জন কৰাৰ লগতে অভিযানৰ বিভিন্ন দিশত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰি ডি পি আই আই টি -য়ে স্বচ্ছতাক প্ৰাতিষ্ঠানিক ৰূপ দিয়া, কৰ্মদক্ষ আৰু দায়বদ্ধতাৰ সংস্কৃতি গঢ়ি তোলা তথা চৰকাৰী কাম-কাজত বহনক্ষম পদ্ধতিসমূহ শক্তিশালী কৰাৰ প্ৰতি নিজৰ সংকল্প পুনৰ দৃঢ় কৰে।

অভিযানৰ অংশ হিচাপে ডি পি আই আই টি -ৰ অধীনস্থ স্বায়ত্তশাসিত সংস্থা নেচনেল কাউন্সিল ফৰ চিমেণ্ট এণ্ড বিল্ডিং মেটেৰিয়েলছ (NCCBM)-এ হাৰিয়ানাৰ বল্লভগড়স্থিত ইয়াৰ চৌহদত এটা বায়’মাছ গেছিফায়াৰ স্থাপন কৰে। এই গেছিফায়াৰত বায়’মাছ, কাঠ আৰু আৱৰ্জনাৰ পৰা প্ৰস্তুত কৰা ইন্ধন (RDF) কেঁচামাল হিচাপে ব্যৱহাৰ কৰি ছিনগেছ (Syngas) নামৰ দহনযোগ্য গেছ উৎপাদন কৰা হয়। অভিযানৰ সময়ছোৱাত এন চি চি বি এম -এ ১৫০ কিলোগ্ৰাম শুকান উদ্যানশস্যজাতীয় আৱৰ্জনা ব্যৱহাৰ কৰি সফলতাৰে পৰীক্ষামূলকভাৱে গেছিফায়াৰটো চলায়। প্ৰথমে আৱৰ্জনাখিনি সৰু সৰু টুকুৰালৈ কটা হয় আৰু তাৰ পিছত নিয়ন্ত্ৰিতভাৱে গেছিফায়িং এজেণ্টৰ যোগানৰ অধীনত উচ্চ উষ্ণতাত আংশিক জাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে ছিনগেছলৈ ৰূপান্তৰ কৰা হয়। এই প্ৰক্ৰিয়াত উৎপাদিত ছিনগেছ বিদ্যুৎ উৎপাদন আৰু ডিজেল জেনেৰেটৰ (DG) ছেটত ব্যৱহাৰ কৰাৰ সম্ভাৱনীয়তা পৰৱৰ্তী সময়ত পৰীক্ষা কৰা হ’ব। অভিযানৰ সময়ছোৱাত পৌৰসভাৰ গোটা আৱৰ্জনা (MSW)ৰ পৰা প্ৰাপ্ত আৱৰ্জনাজাত ইন্ধন (RDF) ব্যৱহাৰ কৰিও গেছিফায়াৰটোত পৰীক্ষামূলকভাৱে চলোৱা হয়। এই পদক্ষেপে আৱৰ্জনাৰ পৰা শক্তি উৎপাদনৰ ক্ষেত্ৰত এক পৰিৱেশ-অনুকূল আৰু বহনক্ষম পদ্ধতিৰ নিদৰ্শন দাঙি ধৰিছে। লগতে বহনক্ষম আন্তঃগাঁথনিৰ প্ৰসাৰ, সম্পদৰ পুনৰুদ্ধাৰ আৰু চক্ৰীয় অৰ্থনীতিৰ নীতিসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ই এক অনুকৰণযোগ্য আৰ্হি হিচাপে বিবেচিত হৈছে।

এই পদক্ষেপৰ উপৰি ডি পি আই আই টি -য়ে অভিযানৰ অন্যান্য গুৰুত্বপূৰ্ণ দিশসমূহতো উল্লেখযোগ্য অগ্ৰগতি লাভ কৰে। বিভাগটোৰ সংলগ্ন আৰু অধীনস্থ কাৰ্যালয়সমূহে পেলনীয়া সামগ্ৰী আৰু ই-আৱৰ্জনা নিষ্কাশনৰ ব্যৱস্থা কৰে। ইয়াৰ ফলত ১৮,৬৪৪ বৰ্গফুট কাৰ্যালয়ৰ স্থান পুনৰুদ্ধাৰ কৰাৰ লগতে ১৬,৫২,৫৬৯ টকাৰ ৰাজহ আহৰণ কৰা হয়। বিভাগটোৱে ৰাজহুৱা অভিযোগসমূহৰ নিষ্পত্তিৰ ক্ষেত্ৰত ১০০ শতাংশ সফলতা অৰ্জন কৰে। ইয়াৰ উপৰি ৰাজহুৱা অভিযোগৰ আপীল, ই-ফাইল আৰু ভৌতিক ফাইলসমূহৰ পৰ্যালোচনা তথা পৰিষ্কাৰ-পৰিচ্ছন্নতা সম্পৰ্কীয় কাৰ্যকলাপকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ দিশসমূহতো প্ৰায় ১০০ শতাংশ লক্ষ্য পূৰণ কৰে। কৰ্মচাৰীসকলৰ স্বাচ্ছন্দ্য আৰু কৰ্মদক্ষতা বৃদ্ধিৰ লক্ষ্যৰে কৰ্মক্ষেত্ৰৰ সামগ্ৰিক পৰিৱেশ উন্নত কৰাৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই প্ৰচেষ্টাসমূহে জবাবদিহিতা, নথি-পত্ৰৰ দক্ষ ব্যৱস্থাপনা আৰু বাকী থকা বিষয়সমূহৰ সময়োচিত নিষ্পত্তিৰ প্ৰতি ডি পি আই আই টি -ৰ নিৰন্তৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে।

Abhishek Dayal/ C N Abhijith Narayanan/ Abhimanyu Panwar/PK


(ৰিলিজ আই ডি : 2341143) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , हिन्दी