পোষ্ট কৰা হৈছে:
23 NOV 2026 8:38PM by PIB Guwahati
কলকাতাৰ গাৰ্ডেন ৰীচ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ (GRSE)-এ থলুৱাভাৱে নক্সা প্ৰস্তুত কৰি নিৰ্মাণ কৰা উপকূলীয় অগভীৰ জলভাগত ব্যৱহাৰযোগ্য ছাবমেৰিনবিৰোধী যুদ্ধজাহাজ (Anti-Submarine Warfare Shallow Water Craft – ASW SWC) সমূহৰ ভিতৰত অন্যতম ‘অশংক’ (য়াৰ্ড ৩০৩৬) ২৩ নৱেম্বৰত বিশাখাপট্টনমত ভাৰতীয় নৌসেনাক হস্তান্তৰ কৰা হয়।
গাৰ্ডেন ৰীচ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ (GRSE)-ৰ দ্বাৰা নিৰ্মিত এই ছাবমেৰিনবিৰোধী যুদ্ধজাহাজ (ASW SWC) শ্ৰেণীৰ যুদ্ধজাহাজসমূহ ভাৰতীয় জাহাজ পঞ্জীয়ন সংস্থা (Indian Register of Shipping – IRS)-ৰ শ্ৰেণীবিভাজন বিধি অনুসৰি নক্সা প্ৰস্তুত কৰি নিৰ্মাণ কৰা হৈছে।
অত্যাধুনিক লঘু টৰ্পিডো, থলুৱাভাৱে নিৰ্মিত ৰকেট নিক্ষেপক আৰু উন্নত ছ’নাৰ ব্যৱস্থাৰে সজ্জিত য়াৰ্ড ৩০৩৬ ‘অশংক’ হৈছে এক শক্তিশালী যুদ্ধজাহাজ। বিশেষকৈ উপকূলীয় জলভাগত নৌসেনাৰ পানীৰ তলৰ নিৰীক্ষণ আৰু ছাবমেৰিনবিৰোধী যুদ্ধৰ সক্ষমতা শক্তিশালী কৰাৰ লক্ষ্যৰে ইয়াক প্ৰস্তুত কৰা হৈছে।
এই যুদ্ধজাহাজসমূহ পানীৰ জেট প্ৰপালশ্যন ব্যৱস্থাৰে পৰিচালিত ভাৰতীয় নৌসেনাৰ অন্যতম বৃহৎ যুদ্ধজাহাজৰ শাৰীত পৰে। এই জাহাজখনে নৌসেনাৰ ছাবমেৰিনবিৰোধী অভিযান, উপকূলীয় নিৰীক্ষণ আৰু সাগৰৰ তলত মাইন স্থাপনৰ সক্ষমতা অধিক শক্তিশালী কৰিব।
‘অশংক’ যুদ্ধজাহাজখন হস্তান্তৰ কৰাটো ভাৰতীয় নৌসেনাৰ থলুৱাভাৱে যুদ্ধজাহাজ নিৰ্মাণৰ প্ৰচেষ্টাৰ আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। ই চৰকাৰৰ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখিছে।
৮০ শতাংশতকৈ অধিক থলুৱা উপাদানেৰে নিৰ্মিত এই যুদ্ধজাহাজখনে দেশীয় প্ৰতিৰক্ষা উৎপাদন ব্যৱস্থাৰ ক্ৰমবৰ্ধমান শক্তি আৰু আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ প্ৰচেষ্টাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে।
(4)_20261123203921_22778b.jpeg)
********
VM/SPS/PB