তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

‘প্ৰেছ আৰু সাময়িকী পঞ্জীয়ন আইন, ২০২৩’ সন্দৰ্ভত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰকাশকসকলৰ সৈতে মত-বিনিময় কৰে পি আৰ জি আই-য়ে

পি আৰ জি আই-য়ে নতুন কাঠামোৰ অধীনত সুশৃংখলিত পঞ্জীয়ন প্ৰক্ৰিয়া, ডিজিটেল সেৱা আৰু বৰ্ধিত জবাবদিহিতা সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰে

অনলাইন প্ৰক্ৰিয়াৰে প্ৰতিমাহে প্ৰায় ৭০০–৮০০ আবেদনৰ বিপৰীতে পঞ্জীয়ন প্ৰদান কৰা হয়

পোষ্ট কৰা হৈছে: 23 NOV 2026 4:49PM by PIB Guwahati

প্ৰেছ ইনফৰমেশ্যন ব্যুৰ’ (PIB), গুৱাহাটী-য়ে নতুন ‘প্ৰেছ আৰু সাময়িকী পঞ্জীয়ন আইন, ২০২৩’ (Press and Registration of Periodicals Act, 2023)-ৰ ব্যৱস্থাসমূহৰ লগতে ‘প্ৰেছ সেৱা প’ৰ্টেল’ (Press Sewa Portal)-ৰ জৰিয়তে উপলব্ধ প্ৰক্ৰিয়া তথা সেৱাসমূহৰ সৈতে পৰিচিত কৰাবলৈ সোমবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাতৰি কাকত আৰু আলোচনীসমূহৰ প্ৰকাশক তথা স্বত্বাধিকাৰীসকলৰ সৈতে এক ‘বাৰ্তা’  মত-বিনিময় বৈঠক অনুষ্ঠিত কৰে।

বৈঠকত ভাষণ দি ভাৰতৰ অতিৰিক্ত প্ৰেছ মহা পঞ্জীয়ক শ্ৰী সন্তোষ কুমাৰে নতুন আইনখনৰ গুৰুত্ব তথা ডেৰ শতিকাৰো অধিক সময় পঞ্জীয়ন ব্যৱস্থাক নিয়ন্ত্ৰণ কৰি থকা পূৰ্বৰ ‘প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেশ্যন অব বুকছ এক্ট, ১৮৬৭’ (Press and Registration of Books Act, 1867)-ৰ পৰা আঁতৰি অহাৰ প্ৰয়োজনীয়তাৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে। তেওঁ সৰলীকৃত প্ৰক্ৰিয়া আৰু প্ৰযুক্তি-সক্ষম সেৱাৰ জৰিয়তে ছপা মাধ্যমখণ্ডৰ পৰিৱৰ্তিত প্ৰয়োজনীয়তাৰ সৈতে খাপ খুৱাই এক সমসাময়িক আইনী কাঠামোৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

নতুন ব্যৱস্থাটোৱে আগবঢ়োৱা সুবিধাসমূহৰ বিষয়ে উল্লেখ কৰি শ্ৰী কুমাৰে জনাই যে প্ৰতি মাহে প্ৰায় ১,০০০ আবেদন লাভ কৰা হয়, যাৰ ভিতৰত প্ৰায় ৭০০–৮০০ আবেদনক অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে পঞ্জীয়ন প্ৰদান কৰা হয়। তেওঁ কয় যে পঞ্জীয়ন প্ৰক্ৰিয়াটোৰ ডিজিটাইজেশ্যন-য়ে প্ৰকাশকসকলৰ বাবে প্ৰক্ৰিয়াগত কাৰ্যক্ষমতা আৰু অভিগম্যতা যথেষ্ট উন্নত কৰিছে।

প্ৰেছ সেৱা প’ৰ্টেল-ৰ কাৰ্যপ্ৰণালী ব্যাখ্যা কৰি শ্ৰী কুমাৰে অংশগ্ৰহণকাৰীসকলক ডিজিটেল প্লেটফৰ্মখনৰ জৰিয়তে উপলব্ধ বিভিন্ন সেৱা আৰু প্ৰক্ৰিয়াসমূহৰ বিষয়ে অৱগত কৰে। প্ৰকাশকসকলৰ প্ৰশ্ন তথা খোকোজাসমূহ সমাধান কৰিবলৈ PRGI-য়ে গ্ৰহণ কৰা সহায়ক ব্যৱস্থাসমূহৰ বিষয়েও তেওঁ উল্লেখ কৰে, যাৰ ভিতৰত আছে সাপ্তাহিক বৈঠক, এক অনলাইন অভিযোগ-নিবাৰণ ব্যৱস্থা আৰু লেণ্ডলাইন তথা ম’বাইল ফোন দুয়োটাৰ জৰিয়তে যোগাযোগ কৰিব পৰা এক উৎসৰ্গিত হেল্পডেস্ক।

বিধিগত অনুপালনৰ গুৰুত্বৰ প্ৰসংগত মন্তব্য কৰি শ্ৰী কুমাৰে অংশগ্ৰহণকাৰীসকলক জনাই যে প্ৰকাশকসকলৰ বাবে বাৰ্ষিক বিৱৰণী দাখিল কৰাটো বাধ্যতামূলক। বাৰ্ষিক বিৱৰণী দাখিল নকৰাৰ প্ৰথমটো ঘটনাৰ বাবে জৰিমনা ১,০০০ টকাৰ পৰা ১০,০০০ টকালৈ বৃদ্ধি কৰা হৈছে, আৰু পৰৱৰ্তী ঘটনাৰ ক্ষেত্ৰত অধিক জৰিমনা প্ৰযোজ্য হ’ব। তেওঁ প্ৰকাশৰ নিয়মীয়াতা সম্পৰ্কীয় প্ৰয়োজনীয়তাৰ বিষয়েও অধিক ব্যাখ্যা দাঙি ধৰে, যাৰ অধীনত প্ৰকাশকসকলে তেওঁলোকৰ সাময়িক-পত্ৰিকাৰ প্ৰথম পৃষ্ঠাটো প্ৰকাশ পোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰত প্ৰেছ সেৱা প’ৰ্টেলত আপলোড কৰিব লাগিব।

পঞ্জীয়নভুক্ত পত্ৰিকাসমূহৰ নৱীকৰণ সম্পৰ্কীয় তথ্য-পাতি বৰ্তাই ৰখাৰ বাবে PRGI-য়ে হাতত লোৱা পদক্ষেপসমূহৰ বিষয়তো শ্ৰী কুমাৰে আলোকপাত কৰে। যিসমূহ পত্ৰিকাই ৩ বছৰতকৈ অধিক সময় ধৰি বাৰ্ষিক বিৱৰণী দাখিল কৰা নাই, সেইসমূহক নিষ্ক্ৰীয় (defunct) হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে আৰু ১০ বছৰতকৈ অধিক সময় ধৰি দাখিল নকৰা পত্ৰিকাসমূহৰ পঞ্জীয়ণ বাতিল কৰা হৈছে। তেওঁ জনাই যে এই পদক্ষেপৰ অংশ হিচাপে প্ৰায় ৮৮,০০০ পত্ৰিকাৰ পঞ্জীয়ণ বাতিল কৰা হৈছে।

ৰাজ্যভিত্তিক পঞ্জীয়নৰ সবিশেষ সহভাগ কৰি জনোৱা হয় যে ১৭ নৱেম্বৰ, ২০২৬ তাৰিখলৈকে অসমত ৩৭৩খন পঞ্জীয়নভুক্ত আলোচনী আৰু ৩৮টা ছপাশাল আছিল। ইয়াৰে মুঠ ১৬৩টাই বাৰ্ষিক বিৱৰণী দাখিল কৰিছিল, আনহাতে ৭৮খন আলোচনীক নিষ্ক্ৰীয় হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।

বৈঠকত NIC-ৰ উপ-সঞ্চালক শ্ৰী গৌৰৱ শৰ্মাই PRGI ৱেবছাইট আৰু প্ৰেছ সেৱা প’ৰ্টেল-ৰ এক বিশদ প্ৰদৰ্শনো আগবঢ়ায়। স্বত্বাধিকাৰী আৰু প্ৰকাশককে ধৰি বিভিন্ন অংশীদাৰৰ লগইনৰ জৰিয়তে প্লেটফৰ্মসমূহৰ কাৰ্যপ্ৰণালী এই প্ৰদৰ্শনীত সামৰি লোৱা হয়, যিয়ে অংশগ্ৰহণকাৰীসকলক বিভিন্ন সেৱা আৰু প্ৰক্ৰিয়াসমূহৰ এক ব্যৱহাৰিক ধাৰণা প্ৰদান কৰে। বিশদ উপস্থাপনাটো ইয়াত(here) চাব পাৰি।

PRGI-য়ে এইটোও স্পষ্ট কৰি দিয়ে যে ইয়াৰ কোনো অনুমোদিত প্ৰতিনিধি বা এজেণ্ট নাই। প্ৰকাশকসকলক পঞ্জীয়ন-সম্পৰ্কীয় সেৱাসমূহ পোনপটীয়াকৈ আনুষ্ঠানিক প্ৰেছ সেৱা প’ৰ্টেল আৰু PRGI মাধ্যমসমূহৰ জৰিয়তে গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। সময়মতে আপডেটসমূহ পাবলৈ সকলো প্ৰকাশককে হোৱাটছএপ চেনেল (WhatsApp Channel)-ত যোগ দিবলৈ আহ্বান জনোৱা হয়।

মত-বিনিময় বৈঠকখনত অসম, মেঘালয়, মিজোৰাম আৰু নাগালেণ্ডৰ বাতৰি কাকত তথা আলোচনীসমূহৰ প্ৰকাশক আৰু স্বত্বাধিকাৰীসকলে অংশগ্ৰহণ কৰে। মত-বিনিময়ৰ সময়ত PIB উত্তৰ-পূব মণ্ডলৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল।

 

 

***

PG/KB


(ৰিলিজ আই ডি : 2340451) অতিথি কক্ষ : 16
ত এই ৰিলিজটো পঢ়ক: Khasi , English