সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

এনআইএছডি-এ সমগ্ৰ ভাৰতৰ বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানসমূহৰ সৈতে ২৩ বুজাবুজিৰ চুক্তি (MoU) সম্পন্নৰে সামাজিক প্ৰতিৰক্ষা পদক্ষেপৰাজিক সুদৃঢ় কৰে

প্ৰতিষ্ঠানিক অংশীদাৰিত্ব ৩০-লৈ সম্প্ৰসাৰণেৰে সামাজিক প্ৰতিৰক্ষা ক্ষেত্ৰসমূহত প্ৰতিৰোধ শিক্ষা, গৱেষণা, প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশৰ প্ৰসাৰ

বুজাবুজিৰ চুক্তি সমূহে ড্ৰাগছ সেৱন প্ৰতিৰোধ, জ্যেষ্ঠ নাগৰিকৰ কল্যাণ, তৃতীয় লিংগৰ কল্যাণ আৰু দৰিদ্ৰতা নিৰ্মূলৰ সহযোগিতামূলক প্ৰচেষ্টাৰাজিক শক্তিশালী কৰিব

পোষ্ট কৰা হৈছে: 21 NOV 2026 8:38PM by PIB Guwahati

ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় সামাজিক প্ৰতিৰক্ষা প্ৰতিষ্ঠানৰ (NISD) উদ্যোগত আজি ৰাষ্ট্ৰীয় ৰাজধানীস্থিত ইয়াৰ চৌহদত এটি বুজাবুজিৰ চুক্তি (MoU) সম্পন্ন অনুষ্ঠান অনুষ্ঠিত হয়।

এই অনুষ্ঠানত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰ, সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় সচিব শ্ৰী সুধাংশ পন্ত, সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ যুটীয়া সচিব ডঃ সন্দীপ ৰেৱাজী ৰাথোড় আৰু এনআইএছডি-নতুন দিল্লীৰ সঞ্চালক শ্ৰী গৌৰৱ সিং ৰাজাৱটকে প্ৰমুখ্য কৰি মন্ত্ৰালয়ৰ আন-আন জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে।

এই অনুষ্ঠানত এনআইএছডি আৰু দেশৰ ভিন্ন প্ৰান্তৰ বিশ্ববিদ্যালয় তথা প্ৰতিষ্ঠানসমূহৰ মাজত ২৩ খন বুজাবুজিৰ চুক্তি (MoU) আদান-প্ৰদান কৰা হয়।

ইয়াৰে ১৫ খন প্ৰতিষ্ঠানে কায়িকভাৱে অংশগ্ৰহণ কৰে আৰু ৮ খন প্ৰতিষ্ঠানে ভাৰ্চুৱেলভাৱে যোগদান কৰে। ইয়াৰ লগে-লগে বিশ্ববিদ্যালয় আৰু সংস্থাসমূহৰ সৈতে পূৰ্বে স্বাক্ষৰিত ৭ বুজাবুজিৰ চুক্তিৰ ভিত্তিত এনআইএছডি-ৰ প্ৰতিষ্ঠানিক অংশীদাৰিত্ব ৩০ লৈ বৃদ্ধি পায়।

ইয়াত ভাষণ প্ৰদানেৰে কেন্দ্ৰীয় মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে কয় যে সমগ্ৰ দেশৰ ২৩ খন প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি আদান-প্ৰদান কাৰ্য্য প্ৰতিষ্ঠানিক সহযোগিতাৰ জৰিয়তে এনআইএছডি-ৰ কাম-কাজক গভীৰ কৰাৰ দিশত এক উল্লেখযোগ্য আৰু ঐতিহাসিক পদক্ষেপ।

তেওঁ কয় যে বিশ্ববিদ্যালয়, গ্ৰামোন্নয়ন প্ৰতিষ্ঠান আৰু আন-আন সুনামধন্য প্ৰতিষ্ঠানৰ সৈতে উক্ত অংশীদাৰিত্বই মাদক দ্ৰব্য সেৱনৰ দ্বাৰা প্ৰভাৱিত ব্যক্তি, তৃতীয় লিংগৰ লোক, জ্যেষ্ঠ নাগৰিক আৰু দৰিদ্ৰতাৰ গ্ৰাসত পৰা লোক সকলৰ প্ৰশিক্ষণ, সামৰ্থ্য বিকাশ, পুনৰ্বাসন, জীৱিকাৰ সুযোগ আৰু সামাজিক অন্তৰ্ভুক্তিৰ অগ্ৰগতি সাধনত সহায় কৰিব পাৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপে দুৰ্বল ব্যক্তিসকলক এটি মৰ্য্যাদাপূৰ্ণ, স্বাৱলম্বী জীৱন-যাপন আৰু সমাজলৈ অৰ্থপূৰ্ণভাৱে অৱদান আগবঢ়াবলৈ সক্ষম কৰি তোলাৰ দিশত গ্ৰহণ কৰা প্ৰচেষ্টাক শক্তিশালী কৰিব।

ডঃ কুমাৰে নিয়মীয়াকৈ আলোচনা আৰু পৰামৰ্শ, পদক্ষেপসমূহৰ পৰ্য্যালোচনা তথা প্ৰতিষ্ঠানসমূহৰ মাজত উত্তম পদ্ধতিসমূহৰ আদান-প্ৰদান কাৰ্য্যই ভিন্ন ৰাজ্য আৰু অঞ্চলত ফলপ্ৰসূ মধ্যৱৰ্তিতা সম্প্ৰসাৰণ কৰাত সহায় কৰিব বুলি গুৰুত্ব আৰোপ কৰে।

ইয়াত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ সচিব শ্ৰী সুধাংশ পন্তই যুৱক-যুৱতীসকলৰ মাজত ড্ৰাগছ সেৱন কাৰ্য্য প্ৰতিৰোধৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানৰ গুৰুত্বপূৰ্ণ ভূমিকাত আলোকপাত কৰে। তেওঁ শিক্ষানুষ্ঠান সমূহক নিয়মীয়াকৈ ড্ৰাগছ বিৰোধী সজাগতামূলক কাৰ্য্যসূচী আৰু সংকল্প গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। ইয়াৰ ফলশ্ৰুতিত ছাত্ৰ-ছাত্ৰীসকলে পৰিয়াল, সমনীয়া আৰু সমাজলৈ ড্ৰাগছ সেৱন কাৰ্য্য প্ৰতিৰোধৰ বাৰ্তা কঢ়িয়াই নিব। শ্ৰী পন্তই এনআইএছডি আৰু অংশীদাৰ প্ৰতিষ্ঠানসমূহৰ মাজত নিৰন্তৰ সমন্বয়, নিৰীক্ষণ আৰু পাৰস্পৰিকভাৱে উপকাৰী প্ৰশিক্ষণ কাৰ্য্যসূচী আয়োজনৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

সচিবগৰাকীয়ে কয় যে শিক্ষানুষ্ঠানসমূহত সময়ে-সময়ে ড্ৰাগছ বিৰোধী সংকল্প গ্ৰহণ অনুষ্ঠানকে প্ৰমুখ্য কৰি স্থায়ী সজাগতামূলক কাৰ্য্যকলাপে এখনি ড্ৰাগছ-মুক্ত ভাৰতৰ প্ৰতি সজাগতা আৰু সামূহিক কাৰ্য্যৰ এক বিস্তৃত শৃংখলা গঢ়ি তোলাত সহায় কৰিব পাৰে। তেওঁ এনআইএছডি আৰু ইয়াৰ অংশীদাৰ প্ৰতিষ্ঠানসমূহক ড্ৰাগছ সেৱন কাৰ্য্য প্ৰতিৰোধৰ ক্ষেত্ৰত সহযোগিতামূলক প্ৰচেষ্টাক শক্তিশালী কৰিবলৈ নিৰন্তৰ সমন্বয়, নিৰীক্ষণ আৰু হ্ৰস্বম্যাদী প্ৰশিক্ষণ কাৰ্য্যসূচীসমূহৰ অন্বেষণ কৰিবলৈ আহ্বান জনায়।

২৩ খন প্ৰতিষ্ঠানৰ ভিতৰত আছে ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠান-ৰাঁচী, ঝাৰখণ্ড; ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠান-মেঘালয়; ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠান (SIRD)-মণিপুৰ; তেলেংগানা গ্ৰামোন্নয়ন প্ৰতিষ্ঠান (TGIRD)-তেলেংগানা; অন্ধ্ৰ প্ৰদেশ কেন্দ্ৰীয় বিশ্ববিদ্যালয়; কৰ্ণাটক কেন্দ্ৰীয় বিশ্ববিদ্যালয়; বাবাছাহেব ভীমৰাও আম্বেদকাৰ বিশ্ববিদ্যালয়-লক্ষ্ণৌ; ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়-যোধপুৰ; শ্ৰী বিশ্বকৰ্মা দক্ষতা বিশ্ববিদ্যালয়-হাৰিয়ানা আৰু ডঃ মনমোহন সিং বেংগালুৰু চিটি ইউনিভাৰ্চিটি-কৰ্ণাটক।

 

ইয়াৰ উপৰিও খ্ৰীষ্ট (CHRIST) বিশ্ববিদ্যালয়-বেংগালুৰু; য়েনেপোয়া (ডিম বিশ্ববিদ্যালয়)-কৰ্ণাটক; জামিয়া মিলিয়া ইছলামিয়া-নতুন দিল্লী; আলিগড় মুছলিম বিশ্ববিদ্যালয়-উত্তৰ প্ৰদেশ; ভাৰতীয় প্ৰাপ্তবয়স্ক শিক্ষা সংস্থা-নতুন দিল্লী; অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক পঞ্চায়তী ৰাজ আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান; এইমছ-যোধপুৰ, ৰাজস্থান; প্ৰশাসনিক প্ৰশিক্ষণ কেন্দ্ৰ, ভাৰতীয় ৰাজহুৱা প্ৰশাসন প্ৰতিষ্ঠান (IIPA), পুডুচেৰী; কেৰালা স্থানীয় প্ৰশাসন প্ৰতিষ্ঠান (KILA)-কেৰালা; মহাৰাষ্ট্ৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়-ছত্ৰপতি সম্ভাজীনগৰ; চাণক্য ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়-পাটনা; মহাত্মা গান্ধী কেন্দ্ৰীয় বিশ্ববিদ্যালয়-বিহাৰ আৰু মহাৰাষ্ট্ৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়-নাগপুৰ হৈছে এনআইএছডি-ৰ সৈতে বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত কৰা আন-আন প্ৰতিষ্ঠানসমূহৰ অন্যতম।

এই বুজাবুজিৰ চুক্তিসমূহত ড্ৰাগছ সেৱন কাৰ্য্য প্ৰতিৰোধ, জ্যেষ্ঠ নাগৰিকৰ কল্যাণ, তৃতীয় লিংগৰ কল্যাণ আৰু দৰিদ্ৰতা নিৰ্মূলকে প্ৰমুখ্য কৰি সামাজিক প্ৰতিৰক্ষাৰ ক্ষেত্ৰত প্ৰতিৰোধ শিক্ষা, গৱেষণা, প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশ, পাঠ্যক্ৰম বিকাশ তথা আউটৰিচ আৰু এডভ’কেচি অন্তৰ্ভুক্ত হৈছে।

এনে অংশীদাৰিত্বই প্ৰতিষ্ঠানিক সহযোগিতা, জ্ঞানৰ বিনিময়, প্ৰশিক্ষণৰ সুযোগ আৰু এই ক্ষেত্ৰসমূহত ফলপ্ৰসূ মধ্যৱৰ্তিতাৰ সুবিধা প্ৰশস্ত কৰিব বুলি আশা কৰা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰীজনে অংশগ্ৰহণকাৰীসকলক ‘জ্যেষ্ঠ নাগৰিক’ আৰু ‘ড্ৰাগছ বিৰোধী’ সংকল্প বাক্য পাঠ কৰায়। এই কাৰ্য্যই সাধাৰণ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে কাম কৰাৰ দিশত দায়িত্ববোধ পুনৰ জগাই তোলে। একেদৰে জ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্যসেৱা আৰু কল্যাণ নিশ্চিতৰ উপৰিও সন্মান, মৰ্য্যাদা অটুট ৰাখিবলৈ তথা ড্ৰাগছ সেৱন কাৰ্য্য প্ৰতিৰোধ আৰু ড্ৰাগছ সেৱনকাৰী ব্যক্তিসকলৰ চিকিৎসা তথা পুনৰ্বাসন ব্যৱস্থা প্ৰশস্ত কৰিবলৈ উদ্বুদ্ধ কৰে।

প্ৰতিষ্ঠানিক অংশীদাৰিত্বৰ এনে সম্প্ৰসাৰিত নেটৱৰ্কে সামাজিক প্ৰতিৰক্ষাৰ ক্ষেত্ৰত প্ৰশিক্ষণ, সজাগতা সৃষ্টি, গৱেষণা আৰু প্ৰমাণ-ভিত্তিক মধ্যৱৰ্তিতাৰ বাবে এক স্থায়ী কাঠামো সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

সমগ্ৰ দেশৰ বিশ্ববিদ্যালয়, ৰাজহুৱা প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু বিশেষ সংস্থাসমূহৰ সৈতে সহযোগিতাৰ জৰিয়তে এনআইএছডি-এ সমাজৰ দুৰ্বল শ্ৰেণীৰ কল্যাণ, পুনৰ্বাসন, সবলীকৰণ আৰু সামাজিক অন্তৰ্ভুক্তিৰ দিশত নিজৰ প্ৰচেষ্টা অধিক ব্যাপক কৰি তুলিব।

এই পদক্ষেপে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ প্ৰতিষ্ঠানিক সহযোগিতা গভীৰ কৰাৰ লগতে সামাজিকভাৱে এখনি সুৰক্ষিত, সৰ্বাংগীন আৰু সবল ভাৰতক আগুৱাই নিয়াৰ অংগীকাৰক সুদৃঢ় কৰে।

এনআইএছডি-ৰ কনিষ্ঠ পৰামৰ্শদাতা শ্ৰীমতী অনুষ্কা ভৰদ্বাজে কাৰ্য্যসূচী পৰিচালনা কৰে।

*****

PR-240-TAR/KV/GA/RK/SB


(ৰিলিজ আই ডি : 2340143) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी