স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

আই আই টি মাদ্ৰাজত নিদ্ৰা অধ্যয়ন কেন্দ্ৰ আৰু অটিজিম পৰীক্ষাগাৰ উদ্বোধনৰ লগতে ই-কাৰ্ট এম্বুলেন্সৰ শুভাৰম্ভ কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰীমতী পুণ্য সলিলা শ্ৰীবাস্তৱৰ

মস্তিষ্ক সম্পৰ্কীয় গৱেষণা, কৰ্কট ৰোগ সম্পৰ্কীয় অধ্যয়ন আৰু চিকিৎসা প্ৰযুক্তি সামৰি আই আই টি মাদ্ৰাজৰ মুখ্য স্বাস্থ্যসেৱা গৱেষণা আৰু উদ্ভাৱন কেন্দ্ৰসমূহ পৰিদৰ্শন শ্ৰীমতী শ্ৰীবাস্তৱৰ

ব্যয়সাধ্য স্বাস্থ্যসেৱাৰ সুবিধা লাভৰ সুযোগ বৃদ্ধি কৰাৰ লগতে দিব্যাংগ ব্যক্তি আৰু বয়োজ্যেষ্ঠসকলক সহায় কৰাৰ লক্ষ্যৰে আই আই টি মাদ্ৰাজত থলুৱা স্বাস্থ্যসেৱা আৰু সহায়ক প্ৰযুক্তি

পোষ্ট কৰা হৈছে: 22 NOV 2026 8:44PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰীমতী পুণ্য সলিলা শ্ৰীবাস্তৱে আজি ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই টি) মাদ্ৰাজত নিদ্ৰা অধ্যয়ন কেন্দ্ৰ আৰু অটিজিম পৰীক্ষাগাৰ উদ্বোধন কৰাৰ লগতে প্ৰতিষ্ঠানখনৰ চিকিৎসালয়ত ই-কাৰ্ট এম্বুলেন্স সেৱাৰ শুভাৰম্ভ কৰে। তেওঁ প্ৰতিষ্ঠানখনৰ স্বাস্থ্যসেৱা গৱেষণা, চিকিৎসা প্ৰযুক্তি আৰু সহায়ক সমাধানৰ ক্ষেত্ৰত কৰা কাম-কাজ সামৰি সুধা গোপালকৃষ্ণন ব্ৰেইন চেণ্টাৰ, চিকিৎসা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ, নেচনেল কেন্সাৰ টিছু বায়'বেংক, হেল্থকেয়াৰ টেকন'লজি ইনোভেচন চেণ্টাৰ (এইচ টি আই চি) আৰু নেচনেল চেণ্টাৰ ফৰ এছিষ্টিভ হেল্থ টেকন'লজিজ (এন চি এ এইচ টি) পৰিদৰ্শন কৰে।

 

কেম্পাছ হেল্থ চেণ্টাৰত নৱপ্ৰতিষ্ঠিত নিদ্ৰা অধ্যয়ন কেন্দ্ৰই চেন্নাইৰ কাবেৰী হাস্পতালৰ সৈতে জড়িত বিশেষজ্ঞসকলৰ সহায়ত ছাত্ৰ-ছাত্ৰী, শিক্ষক, কৰ্মচাৰী আৰু গৱেষকসকলৰ মাজত নিদ্ৰা সম্পৰ্কীয় বিকাৰৰ বাবে বিশেষ মূল্যায়ন, পৰামৰ্শ আৰু চিকিৎসা প্ৰদান কৰিব । প্ৰাতিষ্ঠানিক নৈতিক অনুমোদন আৰু অৱগত সন্মতি সাপেক্ষে, ই নিদ্ৰাৰ আৰ্হি আৰু বিভিন্ন ধৰণৰ নিদ্ৰা বিকাৰৰ গৱেষণাৰ সুবিধাও প্ৰদান  কৰিব। শিক্ষকসকলে নিদ্ৰা নিৰীক্ষণ আৰু বিশ্লেষণৰ বাবে থলুৱা, ব্যয়সাধ্য ছেন্সৰ বিকশিত কৰাৰো পৰিকল্পনা কৰিছে।

প্ৰতিষ্ঠানখনৰ কেম্পাছ ৱেলনেছ পদক্ষেপৰ অংশ হিচাপে প্ৰৱৰ্তন কৰা ই-কাৰ্ট এম্বুলেন্স সেৱাই বিশেষকৈ কেম্পাছৰ  বয়োজ্যেষ্ঠ সদস্য আৰু সহায়ৰ প্ৰয়োজন হোৱা ৰোগীসকলৰ বাবে কেম্পাছৰ ভিতৰত সময়মতে চিকিৎসা সহায় আৰু সুবিধাজনক পৰিবহণৰ সুবিধা প্ৰদান কৰিব।

অটিজিম পৰীক্ষাগাৰ পদক্ষেপে আই আই টি মাদ্ৰাজত চেণ্টাৰ ফৰ ইণ্ডিয়ান মেডিকেল নলেজ (চি আই এম কে) প্ৰতিষ্ঠাৰ দিশত আগবঢ়া কাৰ্যসূচীৰ অংশ হিচাপে পৰম্পৰাগত ভাৰতীয় চিকিৎসা জ্ঞান, ক্লিনিকেল দক্ষতা আৰু প্ৰযুক্তিৰ সহায়ত অটিজিম স্পেকট্ৰাম ডিছঅৰ্ডাৰ (এ এচ ডি) থকা শিশুসকলৰ বাবে ইণ্টিগ্ৰেটেড বৰ্মম চিকিৎসা অধ্যয়ন কৰে।চিকিৎসা প্ৰট'কল অধ্যয়ন আৰু বৈজ্ঞানিকভাৱে মূল্যায়ন কৰিবলৈ প্ৰতিষ্ঠানখনে ৮০০ৰো অধিক শিশুক এই সংহত চিকিৎসা প্ৰদান কৰাৰ অভিজ্ঞতাৰে সমৃদ্ধ এইমছ যোধপুৰৰ পেডিয়াট্ৰিক নিউৰ'লজি দলৰ সৈতে সহযোগিতা কৰাৰ প্ৰস্তাৱ দিছে। এই পদক্ষেপৰ জৰিয়তে চিকিৎসকসকলক বাস্তৱ সময়ত মতামত দিবলৈ থলুৱা প্ৰেছাৰ ছেন্সিং গ্ল’ভছ বিকশিত কৰাৰ লগতে প্ৰয়োজনীয় নৈতিক অনুমোদন সাপেক্ষে থেৰাপীৰ অন্তৰ্নিহিত সম্ভাৱ্য জিনীয়, আণৱিক আৰু এপিজেনেটিক প্ৰক্ৰিয়াসমূহৰ গৱেষণাৰো পৰিকল্পনা কৰা হৈছে।

সুধা গোপালকৃষ্ণন ব্ৰেইন চেণ্টাৰত শ্ৰীমতী শ্ৰীবাস্তৱক কোষীয় ৰিজ'লিউচনত মানৱ মস্তিষ্কৰ উচ্চ-ৰিজ'লিউচন, ত্ৰিমাত্ৰিক ডিজিটেল মানচিত্ৰ বিকশিত কৰাৰ ক্ষেত্ৰত ইয়াৰ কামৰ বিষয়ে অৱগত কৰা হয়। ২০২৬ চনৰ ১১ অক্টোবৰত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই কেন্দ্ৰ দেশৰ প্ৰতি উছৰ্গা কৰাৰ লগতে মস্তিষ্ক সম্পৰ্কীয় ৰোগকে ধৰি জীৱনৰ বিভিন্ন পৰ্যায়ত শতাধিক মানৱ মস্তিষ্কৰ কোষীয়-ৰিজ'লিউচন মানচিত্ৰ সৃষ্টি কৰাৰ মিছন আৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে সহস্ৰাধিক টীকাযুক্ত মস্তিষ্কৰ অংশৰে গঠিত বিশ্বৰ প্ৰথম মানৱ ইস্কেমিক ষ্ট্ৰোক এটলাছ চি- ষ্ট্ৰ’ক-ও মুকলি কৰিছিল।

ইয়াৰ পিছত কেন্দ্ৰীয় স্বাস্থ্য সচিবক অপূৰ্ণ স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ চিকিৎসা বিজ্ঞান, অভিযান্ত্ৰিক আৰু প্ৰযুক্তিক একত্ৰিত কৰা চিকিৎসা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ আন্তঃবিষয়ক কামৰ বিষয়ে অৱগত কৰা হয়। ২০২৩ চনত প্ৰতিষ্ঠিত এই বিভাগে চিকিৎসক-বিজ্ঞানী আৰু অভিযান্ত্ৰিক শৰীৰবিজ্ঞানী বিকশিত কৰাত গুৰুত্ব দিয়াৰ লগতে হৃদৰোগ চিকিৎসা, স্নায়ুবিজ্ঞান, অনক'লজি, চিকিৎসা ইমেজিং, স্বাস্থ্যসেৱাত কৃত্ৰিম বুদ্ধিমত্তা আৰু চিকিৎসা সঁজুলি বিকাশকে ধৰি গৱেষণা সামৰি লয়।

নেচনেল কেন্সাৰ টিছু বায়'বেংকত শ্ৰীমতী শ্ৰীবাস্তৱক কেন্সাৰ জীৱবিজ্ঞান, ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ  গৱেষণাৰ বাবে ৰোগীৰ অৱগত সন্মতিৰে কেন্সাৰ টিছুৰ নমুনা সংগ্ৰহ আৰু সংৰক্ষণ কৰা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ আৰু আই আই টি মাদ্ৰাজৰ এই যৌথ পদক্ষেপৰ কামৰ বিষয়ে অৱগত কৰা হয়। বায়'বেংকৰ বিস্তৃত গৱেষণা পৰিৱেশতন্ত্ৰৰ এটা উল্লেখযোগ্য ফলাফল হৈছে ২০২৫ চনৰ ফেব্ৰুৱাৰীত মুকলি কৰা ভাৰত কেন্সাৰ জিন'ম এটলাছ, যাৰ লক্ষ্য হৈছে আগতীয়া ৰোগ নিৰ্ণয়, লক্ষ্যভিত্তিক থেৰাপী আৰু ব্যক্তিগতকৃত চিকিৎসা কৌশলক সমৰ্থন কৰিবলৈ ভাৰত-নিৰ্দিষ্ট কেন্সাৰ জিন'মিক ডে’টাবেছ বিকশিত কৰা।

ইয়াৰ পিছত শ্ৰীমতী শ্ৰীবাস্তৱক দুৰ্গম অঞ্চলত ছানি পৰা ৰোগৰ অস্ত্ৰোপচাৰৰ বাবে মোবাইল আই চাৰ্জিকেল ইউনিট, চকুৰ ৰোগৰ আগতীয়া চিনাক্তকৰণৰ বাবে ৩-নেথ্ৰ, নিওনেটেল ট্ৰেন্সপ'ৰ্ট ইউনিট, দ্ৰুত ৰোগ নিৰ্ণয়ৰ বাবে আই-কোৱান্ট আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য মূল্যায়নৰ বাবে আৰ্টচেঞ্চ হেল্থকেয়াৰ টেকন'লজি ইনোভেচন চেণ্টাৰ (এইচ টি আই চি)ত ব্যয়সাধ্য আৰু থলুৱা স্বাস্থ্যসেৱা প্ৰযুক্তিৰ বিষয়ে কৰা কামৰ বিষয়ে অৱগত কৰা হয়।

নেচনেল চেণ্টাৰ ফৰ এছিষ্টিভ হেল্থ টেকন'লজিজ (এন চি এ এইচ টি)ত তেওঁৰ পৰিদৰ্শন কালত লঘু হুইলচেয়াৰ, পাৱাৰ-এছিষ্টেড মবিলিটি ডিভাইচ, ছুইমিং পুল লিফ্ট আৰু চেৰিব্ৰেল পালছি থকা শিশুসকলৰ বাবে খোজ কঢ়াত সহায়ক সঁজুলিকে ধৰি দিব্যাংগ আৰু বয়োজ্যেষ্ঠসকলৰ বাবে ব্যয়সাধ্য সহায়ক প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দিয়া হয়। ইয়াৰ অন্যতম মুখ্য উদ্ভাৱন হৈছে স্বতন্ত্ৰ গতিশীলতা বৃদ্ধি কৰিবলৈ ডিজাইন কৰা অতি লঘু সক্ৰিয় হুইলচেয়াৰ ৱাই ডি ৱান।

এই পৰিদৰ্শন কালত শ্ৰীমতী শ্ৰীবাস্তৱৰ সৈতে আই আই টি মাদ্ৰাজৰ সঞ্চালক অধ্যাপক ভি কামাকোটি আৰু ডীন (পৰিকল্পনা) অধ্যাপক আৰ সাৰথী উপস্থিত থাকে।

*****

SR/DD


(ৰিলিজ আই ডি : 2340131) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: English