57th International Film Festival of India 2026
20 – 28 Nov 2026

ইফি ২০২৬-ত সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডত সহযোগিতাৰ নতুন সম্ভাৱনা অন্বেষণ ভাৰত আৰু স্পেইনৰ

পোষ্ট কৰা হৈছে: 21 NOV 2026 9:22PMby PIB Guwahatiৰিলিজ আই ডি : 2339800Views: 2
Read in:

ভাৰত আৰু স্পেইনে সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডত সহযোগিতা অধিক শক্তিশালী কৰাৰ বাবে নতুন সম্ভাৱনাসমূহ অন্বেষণ কৰিছে। এই আলোচনাত মূলতঃ দ্বিপাক্ষিক অডিঅ’-ভিজুৱেল সহ-প্ৰযোজনা চুক্তিখন উন্নীত কৰা আৰু ৱৰ্ল্ড অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিটৰ (ৱেভছ) জৰিয়তে সহযোগিতাৰ পৰিসৰ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (ইফি) স্পেইনে ‘কান্ট্ৰী অব্ অনাৰ’ হিচাপে অংশগ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত এই আলোচনা অনুষ্ঠিত হয়।

এই সন্দৰ্ভত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব (সম্প্ৰচাৰ) শ্ৰী পৃথুল কুমাৰ, মন্ত্ৰালয়ৰ বিষয়াসকল আৰু ইণ্ডিয়া চিনে হাবৰ (আইচিএইচ) প্ৰতিনিধিসকলে গোৱাত স্পেইনৰ সংস্কৃতি মন্ত্ৰালয়ৰ অধীনস্থ স্পেনিছ ইনষ্টিটিউট অৱ চিনেমাট’গ্ৰাফী এণ্ড অডিঅ’-ভিজুৱেল আৰ্টছৰ (আইচিএএ) সঞ্চালক প্ৰধান শ্ৰীমতী মাৰ্টা ছেৰানোৰ নেতৃত্বত অহা স্পেনিছ প্ৰতিনিধি দলটোৰ সৈতে এক বৈঠকত মিলিত হয়।

বৈঠকত চলচ্চিত্ৰ আৰু অডিঅ’-ভিজুৱেল নিৰ্মাণৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক অধিক গভীৰ কৰাৰ সুযোগসমূহৰ ওপৰত আলোচনা কৰা হয়, যাৰ ভিতৰত দুয়োখন দেশৰ সৃজনশীল উদ্যোগসমূহৰ মাজত অধিক সহযোগিতা সুচল কৰিব পৰা এক উন্নীত সহ-প্ৰযোজনা কাঠামোৰ বিষয়েও আলোচনা অন্তৰ্ভুক্ত আছিল।

বৰ্তমানৰ ভাৰত-স্পেইন অডিঅ’-ভিজুৱেল সহ-প্ৰযোজনা চুক্তিখন ২০১২ চনত স্বাক্ষৰিত হৈছিল। এই চুক্তিখন উন্নীত কৰা সন্দৰ্ভত হোৱা আলোচনাসমূহৰ মূল লক্ষ্য হৈছে চলচ্চিত্ৰ আৰু অডিঅ’-ভিজুৱেল নিৰ্মাণত দ্বিপাক্ষিক সহযোগিতাৰ কাঠামো অধিক শক্তিশালী কৰা। স্পেনিছ পক্ষই দাঙি ধৰা প্ৰস্তাৱিত কাঠামোটোত ফিকচন, এনিমেচন আৰু তথ্যচিত্ৰ প্ৰকল্পৰ লগতে টেলিভিছন ধাৰাবাহিক আৰু চলচ্চিত্ৰসমূহৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়োৱাৰ পৰিকল্পনা কৰা হৈছে।

‘ইফি ২০২৬’ত ‘কান্ট্ৰী অব্ অনাৰ’ হিচাপে স্পেইনৰ অংশগ্ৰহণে সমসাময়িক স্পেনিছ চলচ্চিত্ৰ প্ৰদৰ্শন কৰাৰ লগতে ভাৰতীয় আৰু স্পেনিছ চলচ্চিত্ৰ উদ্যোগৰ মাজত পেছাদাৰী সম্পৰ্ক গঢ়ি তোলাৰ এক সুন্দৰ সুযোগ প্ৰদান কৰিছে। মহোৎসৱখন ২০ ৰ পৰা ২৮ নৱেম্বৰ, ২০২৬ লৈ গোৱাত অনুষ্ঠিত হৈছে।

২০ ৰ পৰা ২৪ নৱেম্বৰ, ২০২৬ লৈ পানাজীত অনুষ্ঠিত হোৱা ‘ৱেভছ ফিল্ম বাজাৰ’ৰ ২০ সংখ্যক সংস্কৰণটোৱে দুয়োটা অডিঅ’-ভিজুৱেল উদ্যোগৰ মাজত মত বিনিময়ৰ বাবে আন এক গুৰুত্বপূৰ্ণ মঞ্চ আগবঢ়াইছে। স্পেনিছ কাৰ্যসূচীত অহা ২২ নৱেম্বৰত এক বিশেষ ‘স্পেনিছ ডে’ৰ আয়োজন কৰা হৈছে, য’ত উদ্যোগ বিশেষজ্ঞসকলৰ এখন আলোচনাচক্ৰ আৰু দুয়োখন দেশৰ পেছাদাৰীসকলৰ মাজত পাৰস্পৰিক মত বিনিময়ৰ সুযোগ থাকিব।

এই আলোচনাসমূহে অডিঅ’-ভিজুৱেল সহযোগিতা শক্তিশালী কৰাৰ লগতে সহ-প্ৰযোজনা, সৃজনশীল সহযোগিতা আৰু পেছাদাৰী আদান-প্ৰদানৰ অধিক সুযোগ সৃষ্টি কৰাৰ ক্ষেত্ৰত ভাৰত আৰু স্পেইনৰ উমৈহতীয়া আগ্ৰহক প্ৰতিফলিত কৰিছে।

 

ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

PIB IFFI Team | Mahesh/ Rajith/ Darshana Rane | IFFI 57 - 056


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2339800
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026