৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (ইফি) ইণ্ডিয়ান পেনোৰামা শিতানৰ মূলসুঁতিৰ ফীচাৰ চলচ্চিত্ৰ শাখাৰ উদ্বোধনী ছবি হিচাপে প্ৰদৰ্শিত আদিত্য ধৰৰ হিন্দী ফীচাৰ ছবি ‘ধুৰন্ধৰ’ক লৈ মহোৎসৱৰ দ্বিতীয় দিনা গোৱাৰ পানাজীস্থিত সংবাদ মাধ্যম কেন্দ্ৰত এক আকৰ্ষণীয় সংবাদমেল অনুষ্ঠিত হয়।
এই মত বিনিময় অধিৱেশনত প্ৰবীণ অভিনেতা ৰাকেশ বেদী আৰু প্ৰখ্যাত প্ৰডাকচন ডিজাইনাৰ ছাইনী এছ জোহৰেই অংশগ্ৰহণ কৰি ছবিখনৰ সৃজনশীল যাত্ৰা, সূক্ষ্ম চৰিত্ৰায়ণ আৰু দৃশ্যগত পৰিৱেশ নিৰ্মাণৰ বিষয়ে গভীৰ অন্তৰ্দৃষ্টি আগবঢ়ায়। অধিৱেশনখন সঞ্চালনা কৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী মহেশ কুমাৰে।
ছবিখনত জমিল জমালীৰ চৰিত্ৰটো ৰূপায়ণ কৰাৰ বিষয়ে কওঁতে ৰাকেশ বেদীয়ে সমসাময়িক চলচ্চিত্ৰত স্তৰযুক্ত চৰিত্ৰ লিখনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। নাট্যক্ষেত্ৰত লাভ কৰা নিজৰ দীঘলীয়া অভিজ্ঞতাক অভিনয় কলাৰ এক চিৰস্থায়ী ভেটি হিচাপে বৰ্ণনা কৰি বেদীয়ে তেওঁৰ চৰিত্ৰটো গঢ়ি তোলাৰ আঁৰত থকা পুংখানুপুংখ গৱেষণাৰ কথা উল্লেখ কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে এটা চৰিত্ৰৰ কাৰ্যকলাপ দৃশ্যটোৰ চাহিদাৰ দ্বাৰা পৰিচালিত হ’ব লাগে, যাতে অভিনয় কেৱল অনুকৰণৰ অনুশীলন হৈ নাথাকি এক সম্পূৰ্ণ চৰিত্ৰায়ণ হৈ উঠে।
বিচিত্ৰ আৰু প্ৰত্যাহ্বানমূলক চৰিত্ৰৰে সমৃদ্ধ নিজৰ পাঁচ দশকজোৰা কৰ্মজীৱনৰ সোঁৱৰণ কৰি বেদীয়ে চলচ্চিত্ৰৰ পৰিৱৰ্তিত প্ৰসাৰ আৰু দৰ্শকৰ মাজত ইয়াৰ গ্ৰহণযোগ্যতাৰ বিষয়ে কথা পাতে। ‘এক দুজে কে লিয়ে’, ‘তিৰংগা’ আৰু ‘চশমে বদ্দূৰ’ৰ দৰে পূৰ্বৰ ছবিসমূহৰ বিপুল জনপ্ৰিয়তাৰ কথা স্মৰণ কৰি তেওঁ কয় যে সেই সময়তো চলচ্চিত্ৰই জনসাধাৰণৰ মাজত অভাৱনীয় সমাদৰ লাভ কৰিছিল যদিও ডিজিটেল সংযোগৰ অভাৱত ইয়াৰ প্ৰসাৰ সীমিত আছিল। ইয়াৰ বিপৰীতে, ছ’চিয়েল মিডিয়াই দৰ্শকে অভিনয়ক আৱিষ্কাৰ কৰা আৰু ইয়াৰ সৈতে সংযোগ স্থাপন কৰাৰ ধৰণটো সলনি কৰি পেলাইছে, যাৰ ফলত এজন অভিনেতাৰ কৰ্মৰাজি মাত্ৰ এটা ক্লিকতে সমগ্ৰ বিশ্বৰ দৰ্শকৰ ওচৰলৈ যাব পাৰে।
এগৰাকী চিনেমাপ্ৰেমীয়ে তেওঁৰ হাস্যৰসাত্মক আৰু নাটকীয় সময়জ্ঞান বা টাইমিঙৰ বিষয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত বেদীয়ে বুজাই দিয়ে যে এনে সূক্ষ্মতাবোৰ কেতিয়াও আকস্মিক নহয়। তেওঁ কয় যে প্ৰতিটো অংগী-ভংগী আৰু অভিব্যক্তি চিত্ৰনাট্য তথা চৰিত্ৰটোৰ গতিপথৰ অংশ হিচাপে অতি সাৱধানে পৰিকল্পনা কৰা হয়, যিয়ে অভিনয়ত বাস্তৱতা আনিবলৈ এক সুচিন্তিত অভিব্যক্তিৰ মাধ্যম হিচাপে কাম কৰে।
তেওঁ কেনেকৈ ইমান অনায়েসে আৱেগৰ পৰিৱৰ্তন ঘটায় আৰু আইনাৰ সন্মুখত আখৰা কৰে নেকি বুলি সোধা প্ৰশ্নত বেদীয়ে অভিনয়ৰ প্ৰতি নিজৰ দৃষ্টিভংগীৰ বিষয়ে জানিবলৈ দিয়ে। তেওঁ আইনাৰ সন্মুখত অনুশীলন নকৰিবলৈ পৰামৰ্শ দি কয় যে অভিনয় কৰি থাকোঁতে নিজকে চাই থাকিলে এজন অভিনেতাৰ বিকাশ বাধাগ্ৰস্ত হ’ব পাৰে, কিয়নো অভিনয় কৰি থকা অৱস্থাত নিজৰ অভিনয়ৰ নিৰপেক্ষ মূল্যায়ন কৰাটো কঠিন। ইয়াৰ পৰিৱৰ্তে তেওঁ চৰিত্ৰটোক গভীৰভাৱে বুজি পোৱা আৰু আত্মস্থ কৰাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। এবাৰ এজন অভিনেতাই চৰিত্ৰটোৰ মনস্তত্ত্ব বুজি পালে— সংলাপ, প্ৰতিক্ৰিয়া আৰু আৱেগিক পৰিৱৰ্তনসমূহ স্বাভাৱিকভাৱেই ওলাই আহে।
প্ৰডাকচন ডিজাইনাৰ ছাইনী এছ জোহৰেই ছবিখনৰ স্থাপত্যগত বাস্তৱতাৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰি প্ৰকাশ কৰে যে দলটোৱে ৪০ টাতকৈও অধিক বাস্তৱিক ছেট নিৰ্মাণ কৰিছিল। পাকিস্তানৰ স্থানসমূহলৈ শাৰীৰিকভাৱে যোৱাৰ সুযোগ নথকা সত্ত্বেও জোহৰেই বাতৰিৰ আৰ্কাইভ, স্থানীয় গেং-ৱাৰৰ প্ৰতিবেদন, নগৰীয়া গঠন আৰু গুগল মেপ আদি অধ্যয়ন কৰি ব্যাপক গৱেষণাৰ আধাৰত ছবিখনৰ পৰিৱেশটো আৰম্ভণিৰে পৰা বিশ্বাসযোগ্যভাৱে পুনৰ নিৰ্মাণ কৰিছিল।
এই সংবাদমেলখনে চলচ্চিত্ৰ সম্পৰ্কীয় অৰ্থপূৰ্ণ বাৰ্তালাপৰ এক প্রাণৱন্ত মঞ্চ হিচাপে ৫৭ সংখ্যক ইফিৰ ভূমিকাক স্পষ্ট কৰি তোলে, যিয়ে চলচ্চিত্ৰ নিৰ্মাণৰ আঁৰৰ সৃজনশীল প্ৰক্ৰিয়াসমূহ অন্বেষণ কৰিবলৈ নিৰ্মাতা, শিল্পী আৰু দৰ্শকক একত্ৰিত কৰিছে। এনে মত বিনিময়ৰ জৰিয়তে মহোৎসৱখনে কেৱল পৰ্দাৰ আকৰ্ষণীয় কাহিনীসমূহকেই নহয়, বৰঞ্চ সেইবোৰক জীৱন্ত কৰি তোলা কলা-কৌশল, গৱেষণা আৰু সমূহীয়া প্ৰচেষ্টাকো উদযাপন কৰিছে, যাৰ ফলত চলচ্চিত্ৰীয় অভিব্যক্তিৰ বিভিন্ন দিশৰ প্ৰতি এক গভীৰ শ্ৰদ্ধা গঢ় লৈ উঠিছে।
_20261121214057_ae92c4.jpeg)


ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
PIB IFFI Team | Rajith /Supriya /Aqib/ Darshana Rane | IFFI 57 - 057