পোষ্ট কৰা হৈছে:
21 NOV 2026 8:33PM by PIB Guwahati
ভাৰত-কানাডাৰ ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (চেপা)ৰ বাবে ষষ্ঠলানি আলোচনা চলিত বৰ্ষৰ ১১ৰ পৰা ২০ নৱেম্বৰলৈ নতুন দিল্লীত অনুষ্ঠিত হয়। ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্ব দিয়ে মুখ্য আলোচনাকাৰী ড০ ব্ৰীজ মোহন মিশ্ৰই। আনহাতে, কানাডাৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল মুখ্য আলোচনাকাৰী মেৰী-কেথেৰিন স্পেইৰ্ছ। এই আলোচনাত বাণিজ্যিক সামগ্ৰীৰ আদান-প্ৰদান, সেৱা বাণিজ্য, উৎপত্তিৰ নিয়মাৱলী, বাণিজ্যিক প্ৰতিকাৰ ব্যৱস্থা, বৌদ্ধিক সম্পত্তি আৰু বিনিয়োগৰ প্ৰসাৰকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সামৰি লোৱা হয়।
আলোচনাৰ ষষ্ঠলানিৰ আৰম্ভণিতে ১১ নৱেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেল আৰু কানাডাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মন্ত্ৰী মানিন্দৰ সিদ্ধুৰ মাজত সৌহাৰ্দ্যপূৰ্ণ আৰু গঠনমূলক বৈঠক অনুষ্ঠিত হয়। দুয়োগৰাকী মন্ত্ৰীয়ে দুয়োখন দেশৰ অৰ্থনীতিৰ পৰিপূৰক বৈশিষ্ট্যৰ আধাৰত বজাৰত অৰ্থপূৰ্ণ প্ৰৱেশৰ সুবিধা সৃষ্টি কৰা তথা বাণিজ্য আৰু বিনিয়োগৰ নতুন সুযোগ মুকলি কৰিব পৰা সন্তুলিত আৰু পাৰস্পৰিকভাৱে লাভজনক ‘চেপা’ৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। তেওঁলোকে আলোচনাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে আলোচনাকাৰী দল দুটাক ফলপ্ৰসূভাৱে আলোচনা আগবঢ়াই নিয়াৰ নিৰ্দেশ দিয়ে।
এই পৰ্যায়ৰ বৈঠকত বিভিন্ন বিষয়ভিত্তিক গোটত গঠনমূলক আৰু গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। দুয়োপক্ষই আলোচনা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা পালন কৰে। দুয়োখন দেশৰ নেতৃবৰ্গই আগ্ৰহেৰে নিৰ্ধাৰণ কৰি দিয়া সময়সীমাৰ ভিতৰত আলোচনা সম্পূৰ্ণ কৰাৰ উমৈহতীয়া লক্ষ্যৰে এই আলোচনাসমূহ আগবঢ়োৱা হয়।
আলোচনাৰ সামৰণিৰ পৰ্যায়ত বাণিজ্য সচিব শ্ৰী ৰাজেশ আগৰৱাল নতুন দিল্লীত কানাডাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বিভাগৰ উপমন্ত্ৰী শ্ৰী গ্লেন পাৰ্ভছ আৰু তেওঁৰ প্ৰতিনিধি দলৰ সৈতে ফলপ্ৰসূ বৈঠকত মিলিত হয়। এই বৈঠকত ষষ্ঠলানি আলোচনাৰ সময়ছোৱাত লাভ কৰা অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে ভাৰত-কানাডা ‘চেপা’ সম্পৰ্কীয় আলোচনাৰ সামগ্ৰিক স্থিতিৰ বুজ লোৱা হয়। এই আলোচনাত উভয় পক্ষই কৃষক, উদ্যোগ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু দুয়োখন দেশৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহ (এম এছ এম ই)লৈ বাস্তৱিক সুফল কঢ়িয়াই আনিব পৰা উচ্চমানৰ, সমতাপূৰ্ণ আৰু বাণিজ্যিকভাৱে অৰ্থপূৰ্ণ চুক্তি সম্পাদন কৰাৰ প্ৰতি উমৈহতীয়া দায়বদ্ধতা পুনৰ নিশ্চিত কৰে।
প্ৰস্তাৱিত ‘চেপা’ই বাণিজ্য আৰু বিনিয়োগৰ নতুন সুযোগ মুকলি কৰাৰ লগতে সুদৃঢ় আৰু বহুমুখী যোগান শৃংখল গঢ়ি তোলা তথা ভাৰত আৰু কানাডাৰ মাজৰ অৰ্থনৈতিক অংশীদাৰিত্ব অধিক গভীৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হয়।
ষষ্ঠলানি আলোচনাৰ সফল সামৰণিয়ে আলোচনা আগবঢ়াই নিয়া আৰু দ্বিপাক্ষিক অৰ্থনৈতিক তথা বাণিজ্যিক সম্পৰ্কক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত উভয় পক্ষৰ ধাৰাবাহিক সহযোগিতা আৰু দায়বদ্ধতাৰ প্ৰতিফলন ঘটাইছে।

Abhishek Dayal/Abhijith Narayanan/UD