57th International Film Festival of India 2026
20 – 28 Nov 2026

“‘বিকামিং’ হৈছে প্ৰতিটো মুহূৰ্ততে চলি থকা এক আধ্যাত্মিক যাত্ৰা”: ৫৭ সংখ্যক ইফিত পৰিচালক লীনা যাদৱ

ভাষা হৈছে যোগাযোগৰ এটা মাধ্যমহে মাথোঁ; আৱেগে শব্দৰ সীমা অতিক্ৰম কৰে বুলি মন্তব্য ইণ্ডিয়ান পেনোৰামাৰ উদ্বোধনী নন-ফীচাৰ ছবিখনৰ নিৰ্মাতাগৰাকীৰ

পোষ্ট কৰা হৈছে: 21 NOV 2026 8:13PMby PIB Guwahatiৰিলিজ আই ডি : 2339777Views: 3

গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (ইফি) সমান্তৰালকৈ আয়োজিত এখন সংবাদমেলত লাডাখী নন-ফীচাৰ ছবি ‘বিকামিং’ৰ পৰিচালক শ্ৰীমতী লীনা যাদৱে কয় যে ভাষা হৈছে যোগাযোগৰ বহুতো মাধ্যমৰ ভিতৰত এটা মাধ্যমহে মাথোঁ, আনহাতে মানৱীয় আৱেগে ভাষাৰ সীমা অতিক্ৰম কৰিব পাৰে। ‘ইণ্ডিয়ান পেনোৰামা ২০২৬’ৰ উদ্বোধনী নন-ফীচাৰ ছবি হিচাপে নিৰ্বাচিত ‘বিকামিং’-এ লাডাখৰ সাংস্কৃতিক পটভূমি আৰু পৰম্পৰাৰ মাজেৰে এক আধ্যাত্মিক যাত্ৰাক অন্বেষণ কৰিছে।

স্থানীয় তথা অপেছাদাৰী অভিনেতাসকলক পৰিচালনা কৰাৰ অভিজ্ঞতা ৰোমন্থন কৰি শ্ৰীমতী যাদৱে কয় যে তেওঁ মূলতঃ হিন্দী ভাষাত কথা পাতিছিল, আনহাতে বহুতো অভিনেতাই লাডাখী ভাষা কৈছিল আৰু হিন্দী ভাষাৰ সৈতে তেওঁলোকৰ পৰিচয় তেনেই সীমিত আছিল। ভাষাৰ প্ৰতিবন্ধকতা থকা সত্ত্বেও অভিনেতাসকলে নিজৰ চৰিত্ৰসমূহৰ আৱেগ বুজি পাবলৈ আৰু তাক প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল। এই অভিজ্ঞতাই আনৰ কথা মন দি শুনা, সংবেদনশীলতা আৰু শব্দৰ উৰ্ধৰ যোগাযোগৰ গুৰুত্বক অধিক দৃঢ় কৰি তুলিছিল বুলি তেওঁ মন্তব্য কৰে।

শ্ৰীমতী যাদৱৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ‘বিকামিং’ ছবিখন আগবাঢ়িছে লাডাখৰ আগ্যাল নামৰ এজন কিশোৰক কেন্দ্ৰ কৰি, যাৰ প্ৰকৃতিৰ সৈতে থকা অস্বাভাৱিক সম্পৰ্ক আৰু আন কোনো জীৱনৰ পৰা অহা যেন লগা স্মৃতিবোৰে তেওঁক প্ৰাচীন লিকিৰ মঠৰ ফালে লৈ যায়। যেতিয়া তেওঁ এজন শ্ৰদ্ধেয় ৰিম্পোচেৰ সৈতে জড়িত সামগ্ৰীবোৰ চিনাক্ত কৰে, তেতিয়া ভিক্ষুসকলে বিশ্বাস কৰিবলৈ আৰম্ভ কৰে যে তেওঁ হয়তো সেই আধ্যাত্মিক গুৰুগৰাকীৰেই পুনৰ্জন্ম। ছবিখনে পুনৰ্জন্ম, পৰিচয়, ভাগ্য আৰু অতীত তথা বৰ্তমানৰ মাজৰ সম্পৰ্কৰ দৰে বিষয়বস্তুসমূহ অন্বেষণ কৰিছে।

ছবিখনক এক আধ্যাত্মিক অভিজ্ঞতা হিচাপে বৰ্ণনা কৰি শ্ৰীমতী যাদৱে বুজাই দিয়ে যে ‘বিকামিং’ বা ‘হৈ উঠা’ৰ ধাৰণাটো ছবিখনৰ মুখ্য চৰিত্ৰটোৰ যাত্ৰাৰো ঊৰ্ধত। ই মানৱ জীৱনত নিৰন্তৰ চলি থকা পৰিৱৰ্তনৰ প্ৰক্ৰিয়াটোক প্ৰতিনিধিত্ব কৰে, যাৰ কোনো নিৰ্দিষ্ট অন্ত নাই। ছবিখনৰ কাহিনী আৰু দৃশ্যগত ভাষাত বৌদ্ধ দৰ্শন আৰু লাডাখৰ সুকীয়া ভূ-প্ৰকৃতিৰ প্ৰভাৱৰ বিষয়েও তেওঁ আলোকপাত কৰে।

প্ৰকল্পটোৰ আৰম্ভণিৰ কথা সুঁৱৰি প্ৰযোজক তথা চিত্ৰগ্ৰাহক শ্ৰী অসীম বাজাজে কয় যে অত্যন্ত প্ৰতিকূল পৰিৱেশত কেমেৰাৰ সঁজুলিসমূহ পৰীক্ষা কৰাৰ এক সুযোগৰ পৰাই ছবিখনৰ ধাৰণাটোৰ জন্ম হৈছিল। কেৱল সঁজুলিসমূহৰ বিজ্ঞাপন বা প্ৰচাৰ কৰাৰ পৰিৱৰ্তে তেওঁ লাডাখত এখন চুটি ছবি নিৰ্মাণ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। তেওঁ শ্ৰীমতী যাদৱক তিনিটা আৰম্ভণিৰ সূত্ৰ দিছিল: ‘বিকামিং’ শীৰ্ষক নামটো, বৌদ্ধ ধৰ্মৰ জগতখন আৰু পটভূমি হিচাপে লাডাখ। চলচ্চিত্ৰ নিৰ্মাতাদ্বয়ে ঠাইখন আৰু লগ পোৱা মানুহখিনিৰ সৈতে একাত্ম হৈ পৰাৰ লগে লগে এই উপাদানসমূহে লাহে লাহে এটা সম্পূৰ্ণ কাহিনীৰ ৰূপ লৈছিল।

নিৰ্মাণ প্ৰক্ৰিয়াৰ বিষয়ে কওঁতে চলচ্চিত্ৰ নিৰ্মাতাদ্বয়ে জানিবলৈ দিয়ে যে লাডাখৰ বাহিৰৰ ১৯ জনীয়া এটা সৰু দলে স্থানীয় সহযোগীসকলৰ সৈতে মিলি চিত্ৰনাট্য প্ৰস্তুত কৰা, অপেশাদাৰী অভিনেতা বাছনি কৰা আৰু অতি উচ্চতাৰ পৰিৱেশৰ সৈতে খাপ খুৱাই লোৱাৰ সময়ছোৱাকে ধৰি মাত্ৰ ১৫ দিনৰ ভিতৰত দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিছিল। শ্ৰীমতী যাদৱে উল্লেখ কৰে যে এই প্ৰক্ৰিয়াটোত যথেষ্ট নমনীয়তাৰ প্ৰয়োজন হৈছিল, আৰু ঠাইখন তথা ইয়াৰ বাসিন্দাসকলে ছবিখনক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছিল।

শ্ৰী বাজাজে বুজাই দিয়ে যে ছবিখনত কোনো ধৰণৰ ভিজুৱেল ইফেক্টছ ব্যৱহাৰ কৰা হোৱা নাছিল, বৰঞ্চ প্ৰাকৃতিক ভূ-প্ৰকৃতি আৰু পোনপটীয়া লোকেচনৰ চিত্ৰগ্ৰহণৰ ওপৰতেই নিৰ্ভৰ কৰা হৈছিল। তাপমাত্ৰা মাইনাছ ২০ ডিগ্ৰী চেলছিয়াছলৈ নামি যোৱাৰ ফলত দলটোৱে যথেষ্ট শাৰীৰিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও কেমেৰাৰ সঁজুলিসমূহে অতি নিৰ্ভৰযোগ্যভাৱে কাম কৰিছিল। দুয়োগৰাকী নিৰ্মাতাই প্ৰকৃতিৰ বিশালতা আৰু লাডাখৰ মানুহৰ উষ্ণতা তথা আতিথ্যত অভিভূত হৈ পৰাৰ কথা ব্যক্ত কৰে।

চলচ্চিত্ৰ নিৰ্মাতাদ্বয়ে পুনৰ্জন্মৰ সৈতে জড়িত স্থানীয় বিশ্বাস আৰু বৌদ্ধ পৰম্পৰাসমূহৰ বিষয়েও আলোকপাত কৰে, যিয়ে ছবিখনৰ সাংস্কৃতিক পটভূমি আৰু বিশ্বাসৰ জগতখন বুজাত সহায় কৰিছিল।

ছবিখনৰ প’ষ্টাৰখনৰ বিষয়ে এক আমোদজনক তথ্য শ্বেয়াৰ কৰি শ্ৰীমতী যাদৱে কয় যে ৰঙা বস্ত্ৰ পৰিহিত এজন কিশোৰক পিছফালৰ পৰা দেখা যোৱা প’ষ্টাৰখনৰ সেই আকৰ্ষণীয় ছবিখন দৃশ্যগ্ৰহণৰ সময়ত অকস্মাতে ঘটা এটা মুহূৰ্তৰ পৰাহে উদ্ভৱ হৈছিল। বস্ত্ৰ, ছাঁ আৰু চাৰিওফালৰ পোহৰৰ খেলাই এনে এখন ছবিৰ সৃষ্টি কৰিছিল যিয়ে নিৰ্মাতাসকলৰ দৃষ্টিত ‘বিকামিং’ৰ মূল আত্মাক ধৰি ৰাখিবলৈ সক্ষম হৈছিল।

শ্ৰীমতী যাদৱ আৰু শ্ৰী বাজাজ উভয়েই ‘ইফি ২০২৬’ত ইণ্ডিয়ান পেনোৰামাৰ উদ্বোধনী নন-ফীচাৰ ছবি হিচাপে ছবিখন নিৰ্বাচিত হোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। মানৱীয় সম্পৰ্ক, সাংস্কৃতিক পৰম্পৰা আৰু লাডাখৰ প্ৰাকৃতিক সৌন্দৰ্যৰ দ্বাৰা সমৃদ্ধ ছবিখনৰ এই যাত্ৰাই দৰ্শকক ভাষা আৰু ভৌগোলিক সীমা অতিক্ৰম কৰা এক কাহিনী উপভোগ কৰাৰ সুযোগ প্ৰদান কৰিছে।

সংবাদমেলখন সঞ্চালনা কৰে শ্ৰী কিৰণ মুৰলীয়ে।

 

সম্পূৰ্ণ সংবাদমেলখন ইয়াত চাওক:

ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

PIB IFFI Team | Rajith Chandran/ Supriya Ghaytadak/ Praveen/ Darshana Rane | IFFI 57 - 053


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2339777
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026