কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰত ফুড এণ্ড এগ্ৰো @ ২০৪৭ সন্মিলনত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ ৰাজ্য মন্ত্ৰী শ্ৰী ভাগীৰথ চৌধাৰীৰ অংশগ্ৰহণ

কীটনাশক আৰু ৰাসায়নিক সাৰৰ সুষম ব্যৱহাৰ, অৱশিষ্টমুক্ত কৃষি উৎপাদন, জলবায়ু সহনশীল কৃষি আৰু খাদ্য সংসাধনৰ জৰিয়তে মূল্য সংযোজনৰ ওপৰত গুৰুত্ব আৰোপ মন্ত্ৰী চৌধাৰীৰ

পোষ্ট কৰা হৈছে: 21 NOV 2026 5:02PM by PIB Guwahati

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ ৰাজ্য মন্ত্ৰী শ্ৰী ভাগীৰথ চৌধাৰীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ‘বৃদ্ধি, উদ্ভাৱন আৰু বিশ্বজনীন প্ৰসাৰ’ শীৰ্ষক বিষয়বস্তুৰে আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘ভাৰত ফুড এণ্ড এগ্ৰো @ ২০৪৭’ শীৰ্ষক সন্মিলনত অংশগ্ৰহণ কৰে।

 

সন্মিলনত ভাষণ দি শ্ৰী ভাগীৰথ চৌধাৰীয়ে কয় যে দেশৰ অৰ্থনৈতিক প্ৰগতিৰ মূলতে আছে কৃষকসকল আৰু এখন উন্নত ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ বাবে শক্তিশালী তথা স্থিতিস্থাপক কৃষি খণ্ড অত্যন্ত গুৰুত্বপূৰ্ণ। কৃষি উৎপাদন বৃদ্ধিৰ লগতে উৎপাদিত সামগ্ৰীৰ গুণগত মান উন্নত কৰা, খাদ্য সুৰক্ষা নিশ্চিত কৰা, বহনক্ষম কৃষি পদ্ধতিৰ প্ৰসাৰ আৰু কৃষকৰ উপাৰ্জন বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰে।

 

মন্ত্ৰীগৰাকীয়ে কীটনাশক আৰু ৰাসায়নিক সাৰৰ সুষম ব্যৱহাৰ, অৱশিষ্টমুক্ত কৃষি উৎপাদন, জলবায়ু সহনশীল কৃষি, আমদানিকৃত কৃষিজাত সামগ্ৰীৰ থলুৱা বিকল্পৰ বিকাশ আৰু খাদ্য সংসাধনৰ জৰিয়তে মূল্য সংযোজনৰ গুৰুত্বৰ বিষয়তো আলোকপাত কৰে। তেওঁ প্ৰাকৃতিক কৃষি পদ্ধতি অধিক ব্যাপকভাৱে গ্ৰহণ কৰিবলৈ আহ্বান জনাই কৃষকসকলক প্ৰথম পৰ্যায়ত তেওঁলোকৰ মুঠ কৃষিভূমিৰ অতি কমেও ১০ শতাংশত এই পদ্ধতিৰে খেতি আৰম্ভ কৰি অভিজ্ঞতাৰ ভিত্তিত ক্ৰমান্বয়ে ইয়াৰ পৰিসৰ বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়ে।

 

মন্ত্ৰীগৰাকীয়ে শ্ৰী অন্ন (মিলেট)ৰ সম্ভাৱনাৰ ওপৰতো  আলোকপাত কৰে। জোৱাৰ আৰু বাজৰাকে ধৰি এই শস্যসমূহৰ অধিক গৱেষণা, সংসাধন আৰু নতুন খাদ্যসামগ্ৰী উদ্ভাৱনৰ জৰিয়তে দেশীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰ সম্প্ৰসাৰণৰ বাবে তেওঁ আহ্বান জনায়। কৃষক উৎপাদক সংস্থা (এফ পি অ’), ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (এম এছ এম ই) আৰু কৃষকসকলৰ সৈতে খাদ্য সংসাধন উদ্যোগৰ সংযোগ অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।

 

চৰকাৰৰ বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰি তেওঁ কৃষি আন্তঃগাঁথনি পুঁজি, প্ৰধানমন্ত্ৰী কিষাণ সম্পদা যোজনা, প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগ আনুষ্ঠানিকীকৰণ আঁচনি (পি এম এফ এম ই) আৰু ‘এখন জিলা এবিধ উৎপাদিত সামগ্ৰী’ (অ’ ডি অ’ পি) পদক্ষেপৰ বিষয়ে প্ৰকাশ কৰে। এই আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ উদ্যোগীসকলক উৎসাহিত কৰাৰ লগতে আধুনিক প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু স্মাৰ্ট পেকেজিং ব্যৱহাৰ কৰি থলুৱা উৎপাদিত সামগ্ৰীসমূহক বিশ্বৰ বজাৰৰ সৈতে সংযোগ কৰিবলৈকো তেওঁ আহ্বান জনায়।

 

এই সন্মিলনে উদ্যোগী, উদ্যোগ প্ৰতিনিধি, বিজ্ঞানী আৰু নীতি নিৰ্ধাৰকসকলক নিজৰ নিজৰ অভিজ্ঞতা বিনিময়, প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা আৰু সহযোগিতাৰ সম্ভাৱনা অন্বেষণৰ এখন মঞ্চও প্ৰদান কৰে। খাদ্য সংসাধন খণ্ডক শক্তিশালী কৰা, উৎপাদিত সামগ্ৰীৰ গুণগত মান উন্নত কৰা, উদ্ভাৱনৰ প্ৰসাৰ, ৰপ্তানিৰ সম্ভাৱনা বৃদ্ধি আৰু কৃষিজাত সামগ্ৰীৰ মূল্য সংযোজনৰ সুফলে কৃষকসকলক উপকৃত কৰাটো নিশ্চিত কৰাৰ লেখীয়া বিষয়সমূহে আলোচনাত বিশেষভাৱে স্থান লাভ কৰে।

 

SS/MS/UD


(ৰিলিজ আই ডি : 2339729) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati