আয়ুষ
azadi ka amrit mahotsav

১৩খন ৰাজ্যৰ ৯০গৰাকী আয়ুৰ্বেদৰ শিক্ষক-শিক্ষয়িত্ৰীৰ অংশগ্ৰহণেৰে জামনগৰৰ আয়ুৰ্বেদ শিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান (আইটিআৰএ)-ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিৎসা শিক্ষা কাৰ্যসূচী

ছদিনীয়া কাৰ্যসূচীত ৰোগ নিৰ্ণয়ৰ দক্ষতা, চিকিৎসা সেৱাৰ অভিজ্ঞতা আৰু শিক্ষাদানৰ মান উন্নত কৰাত গুৰুত্ব

কাৰ্যসূচীত বিভিন্ন আগশাৰীৰ প্ৰতিষ্ঠানৰ প্ৰায় ৪৫গৰাকী বিশেষজ্ঞৰ অংশগ্ৰহণ

পোষ্ট কৰা হৈছে: 21 NOV 2026 6:19PM by PIB Guwahati

আয়ুষ মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় গুৰুত্বসম্পন্ন প্ৰতিষ্ঠান (Institution of National Importance) জামনগৰৰ আয়ুৰ্বেদ শিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান (আইটিআৰএ)-এ ১৬ৰ পৰা ২১ নৱেম্বৰ, ২০২৬লৈ একেলগে তিনিটা ছদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিৎসা শিক্ষা (CME) কাৰ্যসূচী অনুষ্ঠিত কৰে। প্ৰতিষ্ঠানখনৰ ক্ৰিয়া শৰীৰ, ৰোগনিদান আৰু বিকৃতি বিজ্ঞান, তথা প্ৰসূতি তন্ত্ৰ আৰু স্ত্ৰী ৰোগ বিভাগৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত ১৩খন ৰাজ্যৰ ৯০গৰাকী আয়ুৰ্বেদৰ শিক্ষক-শিক্ষাবিদে অংশগ্ৰহণ কৰে। বিভিন্ন আগশাৰীৰ প্ৰতিষ্ঠানৰ প্ৰায় ৪৫গৰাকী বিশিষ্ট শিক্ষাবিদ, চিকিৎসক আৰু স্বাস্থ্য বিশেষজ্ঞই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে।

আইটিআৰএ -ৰ সঞ্চালক অধ্যাপক (ড০) তনুজা নেছাৰীৰ নেতৃত্বত অনুষ্ঠিত এই কাৰ্যসূচীসমূহৰ মূল উদ্দেশ্য আছিল আয়ুৰ্বেদৰ শিক্ষকসকলৰ বিষয়ভিত্তিক জ্ঞান, ৰোগ নিৰ্ণয়ৰ দক্ষতা, চিকিৎসা সেৱাৰ অভিজ্ঞতা আৰু শিক্ষাদানৰ মান অধিক শক্তিশালী কৰা। লগতে আয়ুৰ্বেদৰ পৰম্পৰাগত নীতি-আদৰ্শৰ সৈতে আধুনিক চিকিৎসা বিজ্ঞানৰ জ্ঞান তথা ৰোগ নিৰ্ণয়ৰ পদ্ধতিৰ সমন্বয় সাধনৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।

উদ্বোধনী অনুষ্ঠানত অধ্যাপক (ড০) তনুজা নেছাৰীয়ে চিকিৎসা ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলৰ নিৰন্তৰ জ্ঞান আৰু দক্ষতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। ৰোগ নিৰ্ণয়ৰ পদ্ধতিৰ বৈজ্ঞানিক দৃষ্টিভংগী আৰু আয়ুৰ্বেদৰ পৰম্পৰাগত ভেটিৰ সৈতে আধুনিক চিকিৎসা বিজ্ঞানৰ জ্ঞানৰ সমন্বয়ৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। সমল ব্যক্তিসকলে বিশেষজ্ঞৰ বক্তৃতা, মত বিনিময় আৰু ব্যৱহাৰিক প্ৰশিক্ষণৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলৰ মাজত জ্ঞান আৰু অভিজ্ঞতাৰ আদান-প্ৰদানত সহায় কৰে।

অধ্যাপক শিল্পা ডোঙ্গা, অধ্যাপক দৰ্শনা পাণ্ডিয়া আৰু ডাঃ স্বাতী খাণ্ডালেকে ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিৎসা শিক্ষা (চিএমই)-ৰ অধ্যক্ষসকলে, আয়ুৰ্বেদ শিক্ষা আৰু চিকিৎসা সেৱা উন্নত কৰাৰ ক্ষেত্ৰত ৰোগীকেন্দ্ৰিক চিকিৎসা ব্যৱস্থা, সঠিক ৰোগ নিৰ্ণয়, চিকিৎসা সম্পৰ্কীয় যুক্তিনিষ্ঠ সিদ্ধান্ত গ্ৰহণ, প্ৰমাণভিত্তিক গৱেষণা আৰু আধুনিক শিক্ষাদান পদ্ধতিৰ গুৰুত্বৰ বিষয়ে প্ৰকাশ কৰে।

 

ক্ৰিয়া শৰীৰ বিভাগৰ উদ্যোগত চিএমই কাৰ্যসূচী

ক্ৰিয়া শৰীৰ বিভাগৰ উদ্যোগত অনুষ্ঠিত চিএমই কাৰ্যসূচীত আয়ুৰ্বেদৰ পৰম্পৰাগত দৃষ্টিভংগী আৰু আধুনিক বৈজ্ঞানিক অগ্ৰগতিৰ আধাৰত মানৱ শৰীৰৰ ক্ৰিয়া-প্ৰক্ৰিয়াৰ বিষয়ে অধিক স্পষ্ট ধাৰণা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়া হয়। আলোচনাসমূহত আয়ুৰ্বেদৰ পৰম্পৰাগত ধাৰণাৰ সৈতে আধুনিক শৰীৰবিজ্ঞানৰ জ্ঞানৰ সমন্বয়ৰ বিভিন্ন দিশ দাঙি ধৰা হয়। ইয়াৰ জৰিয়তে শিক্ষাদান আৰু চিকিৎসা দুয়োটা ক্ষেত্ৰতে বিষয়টোৰ বুজাবুজি অধিক উন্নত কৰাৰ প্ৰয়াস কৰা হয়।

ৰোগনিদান আৰু বিকৃতি বিজ্ঞান বিভাগৰ চিএমই কাৰ্যসূচী: ‘মাধৱ মীমাংসা-২০২৬’

ৰোগনিদান আৰু বিকৃতি বিজ্ঞান বিভাগে ‘মাধৱ মীমাংসা-২০২৬’ শীৰ্ষক চিএমই কাৰ্যসূচী অনুষ্ঠিত কৰে। আয়ুৰ্বেদৰ পৰম্পৰাগত ৰোগ নিৰ্ণয় পদ্ধতিৰ সৈতে আধুনিক চিকিৎসা বিজ্ঞানৰ বিভিন্ন কৌশলৰ সমন্বয় সাধনৰ জৰিয়তে ৰোগ নিৰ্ণয়ৰ দক্ষতা বৃদ্ধি কৰাই আছিল এই কাৰ্যসূচীৰ মূল উদ্দেশ্য।

ছদিনীয়া কাৰ্যসূচীটোত নাড়ী পৰীক্ষা, আধুনিক শিক্ষাদান পদ্ধতি, ৰোগৰ চিকিৎসাগত নিৰ্ণয়, উন্নত পৰীক্ষাগাৰভিত্তিক অনুসন্ধান, ইলেক্ট্ৰ'কাৰ্ডিঅ'গ্ৰাফী (ECG), কম্পিউটেড ট'ম'গ্ৰাফী (CT) আৰু মেগনেটিক ৰিজ'নেন্স ইমেজিং (MRI) আদি বিষয় সামৰি লোৱা হয়। ৰোগৰ সঠিক মূল্যায়নৰ বাবে পদ্ধতিগতভাৱে ৰোগীৰ স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজন অনুসৰি বিভিন্ন ৰোগ নিৰ্ণয়মূলক পৰীক্ষাৰ উপযুক্ত ব্যৱহাৰৰ ওপৰত অধিৱেশনসমূহত বিশেষ গুৰুত্ব দিয়া হয়।

প্ৰসূতি তন্ত্ৰ আৰু স্ত্ৰী ৰোগ বিভাগৰ চিএমই কাৰ্যসূচী

প্ৰসূতি তন্ত্ৰ আৰু স্ত্ৰী ৰোগ বিভাগে শিক্ষকসকলৰ বাবে ছদিনীয়া চিএমই কাৰ্যসূচী অনুষ্ঠিত কৰে। ইয়াত প্ৰসূতি আৰু স্ত্ৰী ৰোগ চিকিৎসা বিজ্ঞানৰ শেহতীয়া অগ্ৰগতিৰ লগতে আয়ুৰ্বেদৰ পৰম্পৰাগত নীতি-আদৰ্শৰ সৈতে ইয়াৰ সমন্বয়ৰ বিভিন্ন দিশ সামৰি লোৱা হয়।

শৈক্ষিক অধিৱেশনসমূহত গৰ্ভাৱস্থাত মহিলাৰ যত্ন (গৰ্ভিণী পৰিচৰ্যা), বিপদাশংকাপূৰ্ণ গৰ্ভাৱস্থা, বন্ধ্যাত্ব আৰু সহায়ক প্ৰজনন প্ৰযুক্তি (ART), বাৰে বাৰে গৰ্ভপাত হোৱা, প্ৰসূতি সম্পৰ্কীয় জৰুৰীকালীন অৱস্থা, প্ৰসৱৰ পিছৰ যত্ন, গৰ্ভনিৰোধ, স্তনৰ ৰোগ, জন্মগত বিসংগতি আৰু বিভিন্ন স্ত্ৰী ৰোগৰ বিষয়ে আলোচনা কৰা হয়।

ব্যৱহাৰিক প্ৰশিক্ষণ আৰু প্ৰদৰ্শনৰ অংশ হিচাপে এপিছিঅ'টমী আৰু চিলাই কৰাৰ পদ্ধতি, কলপ'স্কপি, পেপ স্মিয়াৰ, যোনি-স্মিয়াৰ, সংবৰ্ধন কৌশলসমূহ (Culture Techniques) আৰু গৰ্ভাৱস্থাত আল্ট্ৰাছ'ন'গ্ৰাফী আদি বিষয় সামৰি লোৱা হয়। ইয়াৰ উপৰি স্ত্ৰী ৰোগ আৰু বন্ধ্যাত্বৰ চিকিৎসাত পঞ্চকৰ্মৰ ভূমিকা তথা আধুনিক চিকিৎসা পদ্ধতিৰ সৈতে ইয়াৰ সমন্বয়ৰ বিষয়েও আলোচনা কৰা হয়।

 

এই তিনিওটা চিএমই কাৰ্যসূচীয়ে আয়ুৰ্বেদৰ শিক্ষক-শিক্ষাবিদসকলৰ পেছাগত দক্ষতা বৃদ্ধি, বিভিন্ন চিকিৎসা শাখাৰ মাজত জ্ঞানৰ আদান-প্ৰদান আৰু সামৰ্থ্য বিকাশৰ বাবে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চ প্ৰদান কৰে। এই পদক্ষেপে আয়ুৰ্বেদৰ শিক্ষা আৰু স্বাস্থ্যসেৱাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত ৰোগ নিৰ্ণয়ৰ শুদ্ধতা, চিকিৎসা সম্পৰ্কীয় দক্ষতা, গৱেষণামুখী দৃষ্টিভংগী আৰু আধুনিক শিক্ষাদান পদ্ধতিৰ গুৰুত্ব পুনৰ দাঙি ধৰে।

এই কাৰ্যসূচীসমূহৰ জৰিয়তে জামনগৰৰ আইটিআৰএ-ই শিক্ষক-শিক্ষাবিদসকলৰ দক্ষতা বিকাশৰ লগতে পৰম্পৰাগত জ্ঞানৰ সৈতে আধুনিক বৈজ্ঞানিক দৃষ্টিভংগীৰ সমন্বয় সাধন কৰি আয়ুৰ্বেদৰ শিক্ষা, গৱেষণা আৰু চিকিৎসা সেৱাৰ উন্নয়নৰ প্ৰতি থকা নিৰন্তৰ দায়বদ্ধতা তথা প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।

***

SR/AR/SG/MS


(ৰিলিজ আই ডি : 2339725) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Gujarati , Urdu , हिन्दी