পোষ্ট কৰা হৈছে:
21 NOV 2026 3:42PM by PIB Guwahati
অসমত ২০২৭ চনৰ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ জনসংখ্যা গণনা (Population Enumeration) সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত মুখ্য প্ৰশিক্ষকসকলৰ চাৰিদিনীয়া আবাসিক প্ৰশিক্ষণ কাৰ্যসূচীৰ ২০ নৱেম্বৰত গুৱাহাটীৰ লালমাটিস্থিত ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান (IIE)-ত সফলভাৱে সামৰণি পৰে।
১৭ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰ, ২০২৬ তাৰিখলৈ অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত অসমৰ বিভিন্ন জিলাৰ ৫০গৰাকী বিষয়া আৰু লোকপিয়ল সঞ্চালকালয়, অসমৰ ১৬গৰাকী বিষয়াসহ মুঠ ৬৬গৰাকী মুখ্য প্ৰশিক্ষকে অংশগ্ৰহণ কৰে। এই প্ৰশিক্ষণৰ মূল উদ্দেশ্য আছিল মুখ্য প্ৰশিক্ষকসকলৰ দক্ষতা তথা সামৰ্থ্য বৃদ্ধি কৰা, যাতে পৰৱৰ্তী সময়ত তেওঁলোকে ৰাজ্যখনৰ বিভিন্ন জিলাত ক্ষেত্ৰ প্ৰশিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰি জনসংখ্যা গণনাৰ কাম সুচাৰুৰূপে তথা ফলপ্ৰসূভাৱে সম্পন্ন কৰাত সহায় কৰিব পাৰে।
প্ৰশিক্ষণৰ কাৰিকৰী সত্ৰসমূহত জনসংখ্যা গণনাৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশ সামৰি লোৱা হয়। ইয়াৰ ভিতৰত লোকপিয়ল সম্পৰ্কীয় ধাৰণা, গণনাৰ পদ্ধতি, নিৰ্ধাৰিত প্ৰ-পত্ৰ, ক্ষেত্ৰ পৰ্যায়ৰ কাৰ্যপদ্ধতি, গণনাৰ বিভিন্ন পদ্ধতি তথা ২০২৭ চনৰ লোকপিয়লৰ বাবে প্ৰস্তুত কৰা ডিজিটেল সঁজুলি আৰু সেইবোৰৰ ব্যৱহাৰ আদি উল্লেখযোগ্য।প্ৰশিক্ষণৰ অংশ হিচাপে ব্যৱহাৰিক প্ৰদৰ্শন, মত বিনিময়, আলোচনা তথা দলীয় অনুশীলন আদি বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হয়। প্ৰশিক্ষণৰ সময়ত নিৰ্ধাৰিত পদ্ধতি আৰু দায়িত্বসমূহৰ বিষয়ে প্ৰশিক্ষাৰ্থীসকলক সামগ্ৰিক আৰু স্পষ্ট ধাৰণা প্ৰদান কৰাত গুৰুত্ব দিয়া হয়। চাৰিগৰাকী ৰাষ্ট্ৰীয় প্ৰশিক্ষকে এই প্ৰশিক্ষণ প্ৰদান কৰে। তেওঁলোক হৈছে যুটীয়া সঞ্চালক তথা অসমৰ যুটীয়া মুখ্য প্ৰধান লোকপিয়ল বিষয়া বিকাশ নাথ, ; উপ-সঞ্চালক তথা অসমৰ উপ-মুখ্য প্ৰধান লোকপিয়ল বিষয়া ক্ৰমে-পৰাগজ্যোতি বৰকাকতী, প্ৰজ্ঞানজ্যোতি খাউণ্ড আৰু নয়নমণি গগৈ।
প্ৰশিক্ষাৰ্থীসকলে অধিক মনোযোগেৰে বিষয়সমূহ আয়ত্ত কৰাৰ লগতে ফলপ্ৰসূভাৱে মত বিনিময় কৰিব পৰাৰ সুবিধাৰ্থে উক্ত প্ৰশিক্ষণ কাৰ্যসূচী দুটা ভাগত অনুষ্ঠিত কৰা হয়। প্ৰশিক্ষণৰ ক্ষেত্ৰত সমৰূপ বজাই ৰখা, নিৰ্ধাৰিত লোকপিয়ল পদ্ধতি কঠোৰভাৱে অনুসৰণ কৰা আৰু তথ্য সংগ্ৰহৰ ক্ষেত্ৰত শুদ্ধতা, সম্পূৰ্ণতা তথা গুণগত মান নিশ্চিত কৰা বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই প্ৰশিক্ষণ কাৰ্যসূচী সফলভাৱে সম্পন্ন হোৱাৰ পিছতে ৬৬গৰাকী মুখ্য প্ৰশিক্ষকে এতিয়া অসমৰ বিভিন্ন জিলাত ক্ষেত্ৰ প্ৰশিক্ষকসকলক পৰৱৰ্তী পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰিবলৈ সাজু হৈছে। এই প্ৰশিক্ষণ কাৰ্যসূচী ২০২৭ চনৰ লোকপিয়লৰ বাবে ৰাজ্যখনত জনসংখ্যা গণনাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে।
***
PG/BM/DM