প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আই আই টি খড়গপুৰৰ মহাৰজত জয়ন্তী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

পোষ্ট কৰা হৈছে: 21 NOV 2026 1:02PM by PIB Guwahati

পশ্চিমবংগৰ ৰাজ্যপাল আৰ এন ৰবি ডাঙৰীয়া, জনপ্ৰিয় মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ সুকান্ত মজুমদাৰ ডাঙৰীয়া, ৰাজ্য চৰকাৰৰ মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায় ডাঙৰীয়া, আই আই টি খড়গপুৰৰ সন্মানীয় টি ভি নৰেন্দ্ৰন ডাঙৰীয়া, সুমন চক্ৰৱৰ্তী ডাঙৰীয়া, অনুষ্ঠানত উপস্থিত শিক্ষাৰ্থীসকল, প্ৰাক্তন শিক্ষাৰ্থীসকল, অন্যান্য বিশিষ্ট ব্যক্তিসকল, সন্মানীয় উপস্থিত ৰাইজ।

সৰ্বপ্ৰথমে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কাৰণ, বতৰৰ প্ৰতিকূলতাৰ বাবে মই ইয়াত  সময়মতে উপস্থিত হ’ব নোৱাৰিলোঁ। স্থলপথৰে আহিবলৈ চেষ্টা কৰিলোঁ যদিও পলম হ’ল। আপোনালোকে মোৰ বাবে অপেক্ষা কৰিবলগীয়া হ’ল আৰু ইয়াৰ ফলত আপোনালোকৰ যি অসুবিধা হৈছে তাৰ বাবে মই আন্তৰিকভাৱে ক্ষমা বিচাৰিছোঁ।

বন্ধুসকল,

আই আই টি খড়গপুৰৰ এই মহাৰজত জয়ন্তী অনুষ্ঠানত আজি মোৰ সন্মুখত ভাৰতৰ অতীত, বৰ্তমান আৰু ভৱিষ্যৎ—সকলো একেলগে সংযুক্ত হৈছে। ইয়াত এক অতি প্ৰতিভাশালী আৰু উচ্চাকাংক্ষী প্ৰজন্ম উপস্থিত আছে। আজি আমি সকলোৱে এই প্ৰতিষ্ঠানৰ ৭৫ বছৰীয়া যাত্ৰাক উদযাপন কৰিবলৈ আৰু ইয়াৰ গৌৰৱময় ঐতিহ্যক সন্মান জনাবলৈ একত্ৰিত হৈছোঁ।

প্ৰতিষ্ঠাৰ ৭৫টা বছৰত আই আই টি খড়গপুৰে সাফল্যৰ  বহুতো মাইলৰ খুঁটি স্থাপন কৰিছে। এই ৭৫টা বছৰত ভাৰতে গৰুগাড়ীৰ পৰা বুলেট ৰে'ললৈ, ডাকযোগে চিঠি পঠিওৱাৰ পৰা সামাজিক মাধ্যমত বাৰ্তা প্ৰেৰণ কৰালৈকে বহু পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে।  এই পৰিৱৰ্তনৰ প্ৰতিটো পৰ্যায়তে দেশৰ প্ৰথমখন আই আই টি হিচাপে আই আই টি খড়গপুৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

এই বিশেষ উপলক্ষ্যত মই ইয়াৰ সকলো শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু আই আই টি খড়গপুৰৰ সকলো প্ৰাক্তন শিক্ষাৰ্থীক আন্তৰিক অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

আই আই টি খড়গপুৰৰ কিছুমান স্মৃতি এনেকুৱা, যিবোৰ গোটেই জীৱন মনত ৰৈ যায়। মোৰ বিশ্বাস, ইয়াৰ বহুতো প্ৰাক্তন শিক্ষাৰ্থীয়ে কেইবা দশক পাৰ হৈ যোৱাৰ পাছতো ছেদীছত লোৱা চাহৰ আড্ডাৰ স্মৃতি পাহৰিব পৰা নাই।

আন প্ৰতিষ্ঠানসমূহতো ছাত্ৰাৱাস থাকে, কিন্তু আপোনালোকৰ ইয়াত আছে বিশেষ ধৰণৰ আৱাসিক ভৱন, যাক 'হল' বুলি কোৱা হয়। মই জানো, প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে নিজৰ হলটোক লৈ কিমান গৌৰৱ অনুভৱ কৰে।

ইয়ালৈ অহাৰ আগতে মোক দীপাৱলীৰ কিছুমান ছবি দেখুওৱা হৈছিল আৰু অলপ আগতে আপোনালোকে বিশেষ দীপাৱলী উদযাপন কৰিছে। মোক জনোৱা হৈছে যে আই আই টি খড়গপুৰত দীপাৱলীৰ আনন্দ-উৎসৱ কিছু ব্যতিক্ৰমী। ইয়াৰ আলোকসজ্জাৰ এক সুকীয়া আকৰ্ষণ আছে। বিভিন্ন হলৰ মাজত আলোকসজ্জাক লৈ হোৱা প্ৰতিযোগিতাই এই উৎসৱক আৰু অধিক বিশেষ কৰি তোলে।

এইবাৰ কোনটো হলে বিজয়ীৰ সন্মান লাভ কৰিছে?

বাৰু, চাওকচোন, আপোনালোকে কিমান গৌৰৱেৰে উত্তৰ দিছে। বিজয়ীসকললৈ মোৰ অভিনন্দন। বিজয়ীসকলেই যদি নিজৰ বাবে হাতচাপৰি নবজায়, তেন্তে আপোনালোকৰ বাবে আৰু কোনে হাতচাপৰি বজাব?

বন্ধুসকল,

বংগৰ এই ভূমি এনে এক ভূমি, য'ত নতুন নতুন চিন্তাধাৰাই শক্তি লাভ কৰিছে আৰু য'ৰ পৰা বহুতো ৰাষ্ট্ৰীয় আন্দোলনৰ জন্ম হৈছে। এই প্ৰতিষ্ঠানখনো এনে এটা স্থানত স্থাপন কৰা হৈছে, য'ত এসময়ত স্বাধীনতা সংগ্ৰামীসকলক বন্দী কৰি ৰখাৰ বাবে  শিবিৰ স্থাপন কৰা হৈছিল।

আপোনালোকে এবাৰ কল্পনা কৰকচোন, যিসকল স্বাধীনতা সংগ্ৰামী ইয়াৰ শিবিৰত আছিল, তেওঁলোকে গোটেই দিনটো কি কথা পাতিছিল? তেওঁলোকে কি চিন্তা কৰিছিল? সেই সময়ৰ তেওঁলোকৰ জীৱন, চিন্তাধাৰা আৰু কৰ্মকাণ্ডৰ প্ৰতিধ্বনি আজিও যেন এই সমগ্ৰ পৰিৱেশত  অনুৰণিত হৈ আছে, যিয়ে আপোনালোকক অনুপ্ৰেৰণা যোগায়।

কেইবা দশক পূৰ্বে এই  শিবিৰসমূহে এনে ভাৰতীয়সকলৰ অদম্য উদ্যম আৰু সাহসৰ সাক্ষী হৈছিল, যিসকলে নিজৰ শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰিব বিচাৰিছিল আৰু ভাৰতক উন্নতিৰ শিখৰলৈ লৈ যাব বিচাৰিছিল।

আজি সেই একে ভূমিতে নতুন ৰূপত সজ্জিত আমাৰ আই আই টি গঢ় লৈ উঠিছে। ইয়াত এনে যুৱক-যুৱতী সৃষ্টি হৈছে, যিসকলৰ উদ্ভাৱনী চিন্তা আৰু নতুন ধাৰণাই ভাৰতক আত্মনিৰ্ভৰশীল কৰি তোলাৰ শক্তি যোগাইছে।

যি ভূমিত এসময়ত স্ব-শাসনৰ আকাংক্ষা আছিল, আজি সেই একেই  ভূমিতে আত্মনিৰ্ভৰশীলতাৰ সংকল্প প্ৰতিফলিত হৈছে। তেতিয়া স্বাধীনতাৰ সপোন আছিল, আজি ভৱিষ্যৎ গঢ়াৰ সুযোগ আছে। আকাংক্ষাৰ পৰা আত্মনিৰ্ভৰশীলতালৈ এই যাত্ৰাই হৈছে বিকশিত ভাৰত গঢ়াৰ  প্ৰকৃত শক্তি।

বন্ধুসকল,

যেতিয়া আই আই টি খড়গপুৰে নিজৰ যাত্ৰা আৰম্ভ কৰিছিল, তেতিয়া ভাৰতে স্বাধীনতা লাভ কৰা বেছি দিন হোৱা নাছিল। দেশত প্ৰথমটো সাধাৰণ নিৰ্বাচনো অনুষ্ঠিত হোৱা নাছিল। সেই সময়ত ভাৰতক উদ্যোগ আৰু আন্তঃগাঁথনি নিৰ্মাণৰ বাবে অভিযন্তাৰ প্ৰয়োজন আছিল।

সময়ৰ লগে লগে দেশৰ বৈজ্ঞানিক সক্ষমতা বৃদ্ধি পোৱাৰ সময়তে ইয়াৰ পৰা উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে আমাৰ মহাকাশ তথা  পাৰমাণৱিক শক্তি কাৰ্যসূচীক আগুৱাই নিয়াত অৱদান আগবঢ়াইছিল।

তাৰ পাছত তথ্য-প্ৰযুক্তিৰ যুগ আহিল। বিশ্ব অৰ্থনীতিৰ নতুন নতুন সুযোগ সৃষ্টি হ'ল। তেতিয়া ইয়াৰ পৰা উত্তীৰ্ণ হোৱা যুৱক-যুৱতীসকলে দেশৰ তথ্য-প্ৰযুক্তি উদ্যোগক শক্তিশালী কৰি তুলিলে। বিশ্বৰ বৃহৎ বৃহৎ প্ৰতিষ্ঠানসমূহৰ নেতৃত্ব প্ৰদানতো তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।অৰ্থাৎ প্ৰতিটো যুগতে আপোনালোকৰ এই প্ৰতিষ্ঠানখনে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আগভাগ লৈ নিজৰ দায়িত্ব পালন কৰি আহিছে। এতিয়া যিটো সময়ত আমি বিকশিত ভাৰতৰ লক্ষ্যৰে আগবাঢ়িছোঁ, তেতিয়া আই আই টি খড়গপুৰৰ ৭৫ বছৰীয়া অভিজ্ঞতাই দেশৰ উন্নয়ন তথা উদ্ভাৱনৰ ক্ষেত্ৰত এক বৃহৎ ভূমিকা পালন কৰিব।

মোৰ বিশ্বাস, আজিৰ উচ্চাকাংক্ষী ভাৰতৰ সপোন পূৰণৰ ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ ক্ৰূটি নাৰাখিব।

বন্ধুসকল,

আমাৰ সামৰ্থ্য কিমান, সেয়া নিৰ্ভৰ কৰে আমি কিমানবোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সাহস দেখুৱাব পাৰোঁ তাৰ ওপৰত।প্ৰত্যাহ্বানৰ বিষয়ে মোক বহু সময়ত মানুহে প্ৰশ্ন কৰে। মই তেওঁলোকক কওঁ যে প্ৰত্যাহ্বানক প্ৰত্যাহ্বান জনোৱাটো মোৰ স্বভাৱৰ এক অবিচ্ছেদ্য অংশ। মই প্ৰত্যাহ্বানক প্ৰত্যাহ্বান নজনোৱাকৈ থাকিব নোৱাৰোঁ।

বন্ধুসকল,

আমি প্ৰত্যাহ্বানক প্ৰত্যাহ্বান জনাওঁ নে নাই, সেয়াই আমাৰ সামৰ্থ্যৰ পৰিচয়। নে আমি অতি সোনকালে অলপতে সন্তুষ্ট হৈ বহি পৰোঁ? বহু সময়ত কিছুমান মানুহে নিজৰ চিন্তাধাৰাৰ ওপৰতে সীমাবদ্ধতা আৰোপ কৰি লয়। নিজৰ সামৰ্থ্যৰ পৰিসৰ নিজেই নিৰ্ধাৰণ কৰি লয়। ইয়াকে কোৱা হয় সীমাবদ্ধ বিশ্বাস।

সীমাবদ্ধ বিশ্বাসনো কি?

সীমাবদ্ধ বিশ্বাস হৈছে নিজৰ সপোনক সীমিত কৰি ৰখা। সীমাবদ্ধ বিশ্বাস হৈছে নিজৰ প্ৰতিভাক সীমিত কৰি ৰখা। সীমাবদ্ধ বিশ্বাস হৈছে নিজৰ দেশৰ সামৰ্থ্যক সীমিত কৰি ৰখা। আমি নিজেই নিৰ্ধাৰণ কৰি লওঁ যে কি সম্ভৱ আৰু কি অসম্ভৱ। অধিকাংশ মানুহৰ চিন্তাৰ আৰম্ভণিতে থাকে—'নাই, এয়া সম্ভৱ নহয়।' মৃতপ্ৰায় চিন্তাধাৰা লৈ জীয়াই থকা মানুহে প্ৰকৃত অৰ্থত জীৱন উপভোগ কৰিব নোৱাৰে, বন্ধুসকল,।আমি নিজৰ চিন্তাৰ পৰিসৰকেই পৃথিৱীৰ সীমা বুলি ধৰি লৈছোঁ। আমাৰ চিন্তাৰ যিমানখিনি সীমা আছে, আমি যেন পৃথিৱীৰ সীমাও সিমানখিনিলৈকে বুলি মানি লৈছোঁ।

বন্ধুসকল,

ৰাষ্ট্ৰসমূহেও তেতিয়াহে নিজৰ প্ৰকৃত সক্ষমতা চিনাক্ত কৰিব পাৰে, যেতিয়া তেওঁলোকে নিজৰ চিন্তাৰ সীমা অতিক্ৰম কৰে। যোৱা কেইবছৰমানত ভাৰতে এই কাম কৰি দেখুৱাইছে।ভাৰতে দৃঢ়তাৰে ঘোষণা কৰিছে—সীমা ভংগ কৰক, সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰক। আজি মই আপোনালোকক ইয়াৰ কেইটামান উদাহৰণ দিব বিচাৰিছোঁ।

আপোনালোকে এবাৰ চিন্তা কৰক, ২০ বছৰ পূৰ্বলৈকে আমাৰ দেশত দৰিদ্ৰতাক এক স্থায়ী সমস্যা হিচাপে গণ্য কৰা হৈছিল। পাঁচ দশক পূৰ্বে লালকিল্লাৰ পৰা দৰিদ্ৰতা দূৰ কৰাৰ শ্লোগান দিয়া হৈছিল। কিন্তু তাৰ পাছত যেতিয়াই নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত কিবা কৰাৰ সময় আহিছিল, তেতিয়াই সমগ্ৰ ব্যৱস্থাটোৱে কেৱল ফাইল  প্ৰস্তুত কৰিয়েই  বহি ৰৈছিল।

বন্ধুসকল,

ইয়াৰ কাৰণ আছিল সকলোৰে চিন্তাধাৰা এনে  আছিল যে দৰিদ্ৰতা দূৰ কৰাটো সম্ভৱ নহয়। দেশৰ জনসংখ্যা ইমান বেছি, গতিকে এনেদৰেই চলি থাকিব। অৰ্থাৎ সঠিক নীতি গ্ৰহণ কৰি দৰিদ্ৰতা দূৰ কৰাৰ বাবে কাম কৰাৰ সাহস কোনেও দেখুওৱা নাছিল।

বন্ধুসকল,

আমি যেতিয়া চৰকাৰলৈ আহিছিলোঁ, তেতিয়াও পৰিস্থিতি একেই আছিল। মই লালকিল্লাৰ পৰা ঘোষণা কৰিছিলোঁ যে মই দৰিদ্ৰ লোকসকলৰ বাবে শৌচাগাৰ নিৰ্মাণ কৰিম।

তেতিয়া সংসদত বহুতে হাঁহি কৈছিল—চাওকচোন, এয়া কেনেকুৱা প্ৰধানমন্ত্ৰী! তেওঁ লালকিল্লাৰ পৰা শৌচাগাৰ নিৰ্মাণৰ কথা কৈছে। এনে লোকসকলৰ চিন্তাধাৰাত এই কথাৰ কোনো উপলব্ধি নাছিল যে এগৰাকী দৰিদ্ৰ ব্যক্তি, বিশেষকৈ এগৰাকী দৰিদ্ৰ মাতৃ বা ভগ্নীৰ বাবে শৌচাগাৰ কিমান ডাঙৰ প্ৰয়োজন। এনে চিন্তাধাৰাৰ বাবেই সমগ্ৰ দেশৰ জনসাধাৰণ বহুতো মৌলিক সুবিধাৰ পৰা বঞ্চিত হৈ আছিল। যোৱা ১২ বছৰত আমি এই চিন্তাধাৰাৰ পৰিৱৰ্তন ঘটাইছোঁ। আমি দৰিদ্ৰ লোকসকলক শক্তিশালী কৰি তুলিছোঁ। 'সবলীকৰণৰ বাবে ক্ষমতা প্ৰদান'—এই মূলমন্ত্ৰক সাৰোগত কৰিয়েই মই কাম কৰি আহিছোঁ।

আমি তেওঁলোকক সবল কৰি তুলিছোঁ। তেওঁলোকৰ জীৱন-যাপন সহজ কৰি তুলিবলৈ বিভিন্ন আঁচনি আৰম্ভ কৰিছোঁ। ইয়াৰ ফলাফল আজি দেশে দেখিবলৈ পাইছে।

আপোনালোকে নিশ্চয় বিশ্ব বেংকৰ শেহতীয়া প্ৰতিবেদন সম্পৰ্কে বাতৰি পঢ়িছে বা শুনিছে। বিশ্ব বেংকে কৈছে যে মাত্ৰ ১২-১৩ বছৰৰ ভিতৰতে ভাৰতত ৫০ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে।

বন্ধুসকল,

এয়া কোনো সাধাৰণ পৰিৱৰ্তন নহয়। এয়া সেই চিন্তাধাৰাৰ ফলাফল, যিয়ে কয়—সীমা ভাঙক, সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰক।

বন্ধুসকল,

মই আপোনালোকক আন এটা উদাহৰণ দিছোঁ।যেতিয়া মই অৰ্ধপৰিবাহী(semiconductor) অভিযান আৰম্ভ কৰিছিলোঁ, তেতিয়া বহুতে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁলোকে কৈছিল—এই অভিযানৰ এতিয়া কি প্ৰয়োজন? এই দেশেও অৰ্ধপৰিবাহী নিৰ্মাণ কৰি আছে, সেই দেশেও নিৰ্মাণ কৰি আছে। যোৱা ৫০ বছৰ ধৰি অৰ্ধপৰিবাহী নিৰ্মাণ হৈ আহিছে। এতিয়া আমি অৰ্ধপৰিবাহী নিৰ্মাণ কৰি কি লাভ হ'ব?এই সকলোবোৰ আছিল চিন্তাৰ সীমাবদ্ধতা।

বন্ধুসকল,

আপোনালোকে জানি আচৰিত হ’ব যে ৫০ বছৰ পূৰ্বে ভাৰতলৈ এটা কোম্পানী আহিছিল। তেওঁলোকে ইয়াত অৰ্ধপৰিবাহী নিৰ্মাণৰ উদ্যোগ স্থাপন কৰিব বিচাৰিছিল। কিন্তু তেওঁলোকক ৰঙা পতাকা দেখুৱাই উভতি যাবলৈ বাধ্য কৰোৱা হৈছিল।মই জানো, এই কথা শুনি কোনেও হাতচাপৰি নবজাব। সেই সময়ত ৰঙা পতাকাৰ ৰাজনীতিৰ  ভূমিকাই আছিল মূল।সেইবাবেই যেতিয়া মই অৰ্ধপৰিবাহী অভিযানৰ কথা কৈছিলোঁ, তেতিয়া কোৱা হৈছিল যে এতিয়া বহুত পলম হৈ গৈছে।

বন্ধুসকল,

কিন্তু ময়ো  দৃঢ় সংকল্প লৈছিলো। মই কৈছিলোঁ—আগতে পলম হৈছিল বুলি এতিয়া ভাৰতে হাত সাৱটি বহি থাকিব নেকি? আমি কাম আৰম্ভ কৰিলোঁ। মই নিজেই বিষয়াসকলৰ সৈতে পৰিকল্পনা প্ৰস্তুত কৰাৰ কাম আৰম্ভ কৰিলোঁ।  আজি আপোনালোকে দেখিছে, মাত্ৰ চাৰি বছৰৰ ভিতৰতে দেশত বহুতো অৰ্ধপৰিবাহী নিৰ্মাণৰ সুবিধা আৰু প্ৰকল্প আৰম্ভ হৈছে। আজি ভাৰতে চিপ ৰপ্তানি কৰিবলৈও আৰম্ভ কৰিছে। আজি আপোনালোকৰ বহুতো প্ৰাক্তন শিক্ষাৰ্থীয়ে এনে বহু প্ৰকল্প পৰিচালনা কৰি আছে। তেওঁলোকৰ নেতৃত্ব আৰু কাৰ্যকৰীকৰণৰ দক্ষতাই এই প্ৰকল্পসমূহক আগুৱাই নিছে।

মই আপোনালোকক নিশ্চিতভাৱে ক'ব বিচাৰিছোঁ যে আপোনালোকৰ বাবে এতিয়া সুযোগৰ কোনো অভাৱ নাই। চিপৰ পৰা জাহাজলৈকে সকলো কাম ইয়াতেই হ'ব। আপোনালোকৰ দৰে যুৱক-যুৱতীৰ হাতেৰেই এই সকলোবোৰ সম্ভৱ হৈ উঠিব।

কিন্তু এবাৰ ভাবি চাওকচোন, যদি আমি এইবুলি ভাবিলোঁহেঁতেন যে আন দেশত ইতিমধ্যে অৰ্ধপৰিবাহী নিৰ্মাণ হৈ আছে, গতিকে আমি আৰু কিয় নিৰ্মাণ কৰিব লাগে, তেন্তে হয়তো একোৱেই সম্ভৱ নহ'লহেঁতেন।

বন্ধুসকল,

মই আপোনালোকক মহাকাশ খণ্ডৰ আন এটা শক্তিশালী উদাহৰণ দিছোঁ।আমাৰ দেশত মহাকাশ গৱেষণাৰ বাবে কেৱল ইছৰোৰ এটা সীমিত ব্যৱস্থা আছিল, য'ত প্ৰৱেশৰ সুযোগো বহু পৰিমাণে সীমাবদ্ধ আছিল। কোনো উৎক্ষেপণ কৰিবলগীয়া হ'লেও বা কোনো অভিযান আৰম্ভ কৰিবলগীয়া হ'লেও, সকলোৰে বাবে পৃথক ব্যৱস্থা আছিল।ইছৰোৰ বাহিৰত থকা যুৱক-যুৱতীসকলৰ বাবে তাত প্ৰৱেশৰ কোনো সুযোগ নাছিল। সুযোগ পোৱাৰ কথাটোতো বাদেই। মই সংশ্লিষ্ট মন্ত্ৰালয়ক কৈছিলোঁ যে এই খণ্ডত আমাৰ যুৱ উদ্ভাৱকসকলক সুযোগ দিবই লাগিব।

আমি ভাৰতৰ মহাকাশ খণ্ডৰ দুৱাৰ ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে মুকলি কৰি দিলোঁ। আজি আপোনালোকে দেখিছে, আই আই টি খড়গপুৰৰ পৰা উত্তীৰ্ণ হোৱা পৱন নামৰ এগৰাকী শিক্ষাৰ্থীয়ে স্কাইৰুট এৰ'স্পেচ প্ৰতিষ্ঠা কৰি ভাৰতক প্ৰথমটো ব্যক্তিগত খণ্ডৰ ৰকেট উৎক্ষেপণৰ গৌৰৱ প্ৰদান কৰিছে।আজি এনে বহুতো মহাকাশ উদ্যোগে ভাৰতৰ মহাকাশ কাৰ্যসূচীক নতুন গতিৰে আগুৱাই নিছে।

এসময়ত এইবোৰ কথা অসম্ভৱ যেন লাগিছিল। কিন্তু আজি এই সকলোবোৰ সম্ভৱ হৈছে, বাস্তৱত পৰিণত হৈছে। মই গৌৰৱেৰে ক'ব পাৰোঁ যে আপোনালোকৰ প্ৰাক্তন শিক্ষাৰ্থীসকলে এই অসম্ভৱক সম্ভৱ কৰি তোলাত অতি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।

বন্ধুসকল,

দেশে আপোনালোক সকলোৰে পৰা বহুত আশা কৰে। আগন্তুক দুটা দশক আপোনালোকৰ জীৱনৰ আটাইতকৈ কৰ্মময় আৰু উৎপাদনশীল সময়ছোৱাৰ ভিতৰত অন্যতম হ'ব। ২০৪৭ চনলৈ আপোনালোকৰ বহুতে বিভিন্ন গুৰুত্বপূৰ্ণ নেতৃত্বৰ পদত অধিষ্ঠিত হ'ব। এই বছৰকেইটা ভাৰতৰ উন্নয়নৰ বাবেও আটাইতকৈ নিৰ্ণায়ক সময় হ'ব।সেইবাবেই আপোনালোকৰ প্ৰতিটো সফলতা দেশৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। এনে পৰিস্থিতিত আপোনালোকে সদায় নিজকে এটা প্ৰশ্ন কৰিব লাগিব—দেশৰ সন্মুখত এনে কি প্ৰত্যাহ্বান আছে, যাৰ সমাধানৰ ক্ষেত্ৰত মই অৱদান আগবঢ়াব বিচাৰোঁ? মোৰ এই মন্ত্ৰটো মনত ৰাখিব—ৰাষ্ট্ৰ প্ৰথম।

যেতিয়া আপোনালোকে এই মনোভাৱক সাৰোগত কৰি আগবাঢ়িব, তেতিয়া ই নিশ্চিতভাৱে আপোনালোকৰ বাবেও নতুন সুযোগ কঢ়িয়াই আনিব আৰু দেশো যথেষ্ট উপকৃত হ'ব।

বন্ধুসকল,

যোৱা ৭৫টা বছৰত আপোনালোকে অসাধাৰণ কাম কৰিছে। এতিয়া আপোনালোকে এটা দৃঢ় সংকল্প লৈ আগবাঢ়িব লাগিব যে আই আই টি খড়গপুৰৰ ১০০ বছৰীয়া জয়ন্তী যেতিয়া উদযাপন কৰা হ'ব, তেতিয়া সেই উদযাপন এখন বিকশিত ভাৰততহে হ'ব লাগিব। ২৫ৰ পৰা ২৭ বছৰ বয়সৰ স্বাধীনতা সংগ্ৰামীসকলে এই একে ভূমিতে বন্দী হৈ থাকোঁতে সংকল্প লৈছিল যে তেওঁলোকে দেশক স্বাধীন কৰিহে এৰিব।  ২০ বছৰৰ ভিতৰতে তেওঁলোকে সেই লক্ষ্যত উপনীত হৈছিল। আজি এই একেখন ভূমিৰ পৰাই আপোনালোকে সংকল্প লওক যে আগন্তুক ২০ বছৰৰ ভিতৰত আমি এখন বিকশিত ভাৰত গঢ়িহে  এৰিম। আমি এই লক্ষ্যত উপনীত হ'মেই। ইয়াৰ বাবে আমি সম্পূৰ্ণ শক্তিৰে কামত আত্মনিয়োগ কৰিব লাগিব আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব।

 আজি যিহেতু  মই বংগৰ ভূমিলৈ আহিছোঁ,  স্বামী বিবেকানন্দৰ অমৰ বাণীৰে মোৰ বক্তব্য সামৰিব বিচাৰিছোঁ—

"উঠা, জাগা আৰু লক্ষ্যত উপনীত নোহোৱালৈকে ক্ষান্ত নহ'বা।"

আজিৰ এই বিশেষ উপলক্ষ্যত আপোনালোক সকলোকে পুনৰবাৰ মোৰ আন্তৰিক শুভেচ্ছা তথা  অভিনন্দন জনালোঁ।

অশেষ ধন্যবাদ।

নমস্কাৰ।

 

*****

MJPS/SS/SS/RK/DM


(ৰিলিজ আই ডি : 2339525) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , हिन्दी , Gujarati , Urdu , Telugu