পোষ্ট কৰা হৈছে:
21 NOV 2026 1:06PM by PIB Guwahati
নতুন দিল্লী, ২১ নৱেম্বৰ: ভাৰত চৰকাৰৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়(MSME)-এ ভাৰত লঘু আৰু মজলীয়া উদ্যোগ মঞ্চ (India SME Forum)-ৰ সহযোগত ২০২৬ চনৰ ১৯ নৱেম্বৰত নতুন দিল্লীত মহিলা উদ্যমিতা দিৱস, ২০২৬ উদযাপন কৰে। এই অনুষ্ঠানত নীতি নিৰ্ধাৰক, উদ্যোগ জগতৰ বিশিষ্ট ব্যক্তি, বিত্তীয় প্ৰতিষ্ঠান, উন্নয়ন সহযোগী আৰু মহিলা উদ্যোগীসকলে অংশগ্ৰহণ কৰি মহিলাৰ নেতৃত্বাধীন উদ্যোগসমূহৰ বিকাশৰ বাবে এক শক্তিশালী পৰিৱেশ গঢ়ি তোলাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে।
সুযোগ সৃষ্টি, বিকাশৰ গতি ত্বৰান্বিত কৰা, ডিজিটেলকৰণ আৰু বিশ্বজনীন কৰা– এই চাৰিটা বিষয়বস্তুৰ আধাৰত অনুষ্ঠানটো আয়োজন কৰা হয়। ইয়াৰ মূল লক্ষ্য আছিল বিত্তীয় সাহায্য, বজাৰৰ সুবিধা, প্ৰযুক্তি আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক ক্ষেত্ৰৰ সৈতে সংযোগৰ সুযোগ বৃদ্ধি কৰি উদ্যোগ স্থাপনৰ সপোন দেখা মহিলাসকলক সফল উদ্যোগী হিচাপে গঢ়ি তোলা। লগতে মহিলাৰ নেতৃত্বত গঢ় লৈ উঠা উদ্যোগসমূহক অন্তৰ্ভুক্তিমূলক অৰ্থনৈতিক বিকাশ আৰু ‘বিকশিত ভাৰত ২০৪৭’ৰ লক্ষ্য পূৰণৰ অন্যতম চালিকাশক্তি হিচাপে গঢ়ি তোলাৰ ওপৰতো গুৰুত্ব দিয়া হয়।
অনুষ্ঠানত কেন্দ্ৰীয় ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী শ্ৰী জিতন ৰাম মাঝিয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। আনহাতে, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ তথা শ্ৰম আৰু নিয়োগ ৰাজ্য মন্ত্ৰী সুশ্ৰী শোভা কাৰান্দলাজে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত ৰাজস্থান আৰু হিমাচল প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল তথা ভাৰত লঘু আৰু মজলীয়া উদ্যোগৰ মুখ্য পৃষ্ঠপোষক শ্ৰী কলৰাজ মিশ্ৰ, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ সচিব শ্ৰী ভাৰত খেৰা, মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল, উদ্যোগ জগতৰ প্ৰতিনিধি, মহিলা উদ্যোগী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলেও অংশগ্ৰহণ কৰে।
কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰতিনিধি, যেনে গ্ৰামোন্নয়ন মন্ত্ৰালয়, বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (MeitY), চৰকাৰী ই-মাৰ্কেটপ্লেচ (GeM) আৰু এছ আই ডি বি আইৰ প্ৰতিনিধিসকলেও সন্মিলনত অংশগ্ৰহণ কৰে। তদুপৰি অন্ধ্ৰপ্ৰদেশ, বিহাৰ আৰু জম্মু-কাশ্মীৰৰ ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰতিনিধিসকলৰ লগতে ইউ এন উইমেন, এম্পাৱাৰ, গেটছ ফাউণ্ডেশ্যন, ডিজিটেল এম্পাৱাৰমেণ্ট ফাউণ্ডেচন আৰু বেদান্তা (Vedanta)-ৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা (CSR) শাখাৰ দৰে উন্নয়নমূলক আৰু দাতব্য সংস্থাসমূহেও আলোচনাত অংশ লয়।
মূল ভাষণ আৰু উল্লেখযোগ্য দিশসমূহ
কেন্দ্ৰীয় ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী শ্ৰী জিতন ৰাম মাঝিয়ে পৰিয়াল, সমাজ আৰু অৰ্থনীতিৰ বিকাশত মহিলাসকলৰ বহুমুখী ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে দেশৰ প্ৰায় ৩৮ শতাংশ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মহিলাৰ নেতৃত্বত পৰিচালিত হয়। মহিলা উদ্যোগীসকলক সহায় কৰাৰ ক্ষেত্ৰত মন্ত্ৰালয়ৰ বিভিন্ন আঁচনিৰ গুৰুত্বৰ কথা উল্লেখ কৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু ২০২৬ চনৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ উন্নয়ন আইনৰ সংশোধনীসমূহক বজাৰৰ সুযোগ সম্প্ৰসাৰণ, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডৰ পৰিৱেশ শক্তিশালীকৰণ আৰু ট্ৰেডছ (TReDS)-ৰ জৰিয়তে সময়মতে ধন পৰিশোধ নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অভিহিত কৰে।
মুখ্য ভাষণত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ তথা শ্ৰম আৰু নিয়োগ ৰাজ্য মন্ত্ৰী সুশ্ৰী শোভা কাৰান্দলাজেই মহিলাসকলক ব্যৱসায়, পৰিয়াল আৰু সমাজৰ নেতৃত্ব দিব পৰা শক্তিশালী ব্যক্তি হিচাপে গঢ়ি তুলিবলৈ আৰ্থিক স্বাৱলম্বিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ মহিলা উদ্যোগীসকলৰ ক্ৰমবৰ্ধমান আৰ্থিক বিশ্বাসযোগ্যতাৰ কথা উল্লেখ কৰি কয় যে মহিলা নেতৃত্বাধীন আত্মসহায়ক গোটসমূহ (SHG)-ক ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)-এ নিৰ্ভৰযোগ্য ঋণগ্ৰহণকাৰী হিচাপে স্বীকৃতি দিয়াটোৱে তেওঁলোকৰ আৰ্থিক সামৰ্থ্যৰ প্ৰতি বৃদ্ধি পোৱা আস্থাকে প্ৰতিফলিত কৰে। মহিলাৰ আৰ্থিক সৱলীকৰণত চৰকাৰৰ বিভিন্ন পদক্ষেপৰ অৱদানৰ কথা উল্লেখ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী (PMEGP)-ৰ জৰিয়তে মহিলাসকলৰ বাবে ২৫ লাখতকৈও অধিক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে। আনহাতে, মহিলা মালিকানাধীন ক্ষুদ্ৰ আৰু লঘু উদ্যোগসমূহৰ (MSEs) পৰা চৰকাৰী ক্ৰয়ৰ পৰিমাণে নিৰ্ধাৰিত ৩ শতাংশ লক্ষ্য অতিক্ৰম কৰিছে।
ৰাজস্থান আৰু হিমাচল প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল তথা ভাৰত লঘু আৰু মজলীয়া উদ্যোগ মঞ্চ -ৰ মুখ্য পৃষ্ঠপোষক শ্ৰী কলৰাজ মিশ্ৰই আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য বাস্তৱায়িত কৰাৰ বাবে মহিলাসকলক চাকৰি বিচৰা ব্যক্তিৰ পৰিৱৰ্তে চাকৰি সৃষ্টি কৰিব পৰা উদ্যোগী হিচাপে গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ‘লাখপতি দিদি’ৰ দৰে পদক্ষেপৰ কথা উল্লেখ কৰি তেওঁ ডিজিটেলকৰণ, বিকাশৰ বাবে মূলধনৰ সুবিধা আৰু নিৰন্তৰ প্ৰতিষ্ঠানিক সহযোগিতাৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ দক্ষতা আৰু স্থানীয় উৎপাদন ক্ষমতাক গোলকীয় মূল্য শৃংখলৰ সৈতে সংযুক্ত কৰাৰ গুৰুত্বৰ কথা দোহাৰে।
ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ সচিব শ্ৰী ভাৰত খেৰাই ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ খণ্ডত মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ কথা উল্লেখ কৰে। তেওঁ কয় যে মন্ত্ৰালয়ত পঞ্জীয়নভুক্ত ১০ কোটিতকৈও অধিক উদ্যোগৰ ভিতৰত প্ৰায় ৩৮ শতাংশ উদ্যোগ মহিলাৰ মালিকানাধীন। ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডত লিংগ সমতা প্ৰতিষ্ঠা কৰাটো চৰকাৰৰ অন্যতম লক্ষ্য বুলিও তেওঁ পুনৰ উল্লেখ কৰে।
তেওঁ উদ্যোগসমূহৰ আনুষ্ঠানিক পঞ্জীয়নৰ পৰিসৰ অতিক্ৰম কৰি মহিলা নেতৃত্বাধীন ব্যৱসায়সমূহক বজাৰৰ নেতৃত্ব দিব পৰা প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ বাবে গোলকীয় বজাৰত প্ৰৱেশৰ সুবিধা, ইকুইটি বিনিয়োগ আৰু বিভিন্ন মূল্য শৃংখলৰ সৈতে সংযুক্ত হোৱাৰ সুযোগ বৃদ্ধিৰ কথা তেওঁ উল্লেখ কৰে।
ইয়াৰ উপৰি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব তথা উন্নয়ন আয়ুক্ত ড০ ৰাজনীশে ভাৰতৰ অৰ্থনৈতিক বিকাশত মহিলা উদ্যোগীসকলৰ গুৰুত্বপূৰ্ণ অৱদানৰ কথা উল্লেখ কৰি দেশৰ ৭.৮ শতাংশ অৰ্থনৈতিক বিকাশৰ আঁৰত তেওঁলোকক অন্যতম গুৰুত্বপূৰ্ণ শক্তি হিচাপে অভিহিত কৰে।
তেওঁ কয় যে মহিলাৰ শ্ৰমশক্তিত ক্ৰমবৰ্ধমান অংশগ্ৰহণ, ব্যৱসায়িক ঋণৰ উন্নত সুবিধা আৰু ভাৰতৰ মুক্ত বাণিজ্য চুক্তিসমূহৰ জৰিয়তে সৃষ্টি হোৱা নতুন সুযোগে উদ্যোগ বিকাশ আৰু ৰাষ্ট্ৰ নিৰ্মাণত মহিলাসকলৰ অধিক সক্ৰিয় অংশগ্ৰহণৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰিছে।
মহিলা নেতৃত্বাধীন উদ্যোগসমূহক সক্ষম, ত্বৰান্বিত, সম্প্ৰসাৰিত আৰু বিশ্বজনীন কৰাৰ বাবে চাৰিখন বিষয়ভিত্তিক কাৰিকৰী সত্ৰ
সন্মিলনত মহিলা উদ্যোগী, উদ্যোগ বিশেষজ্ঞ, নীতি নিৰ্ধাৰক আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিসকলৰ অংশগ্ৰহণেৰে চাৰিখন কাৰিকৰী সত্ৰ অনুষ্ঠিত হয়। এই সত্ৰসমূহত মহিলা নেতৃত্বাধীন উদ্যোগসমূহৰ বিকাশৰ বাবে ব্যৱহাৰিক পদক্ষেপ আৰু সম্ভাৱ্য পথসমূহৰ বিষয়ে আলোচনা কৰা হয়।
সত্ৰ–১: সুযোগ সৃষ্টি (ENABLE) – আকাংক্ষাৰ পৰা উদ্যোগলৈ
ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ যুটীয়া উন্নয়ন আয়ুক্ত শ্ৰীমতী ৰুক্মিণী আত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই সত্ৰত নতুনকৈ উদ্যোগ স্থাপনৰ পৰিকল্পনা কৰা মহিলাসকলৰ বাবে এক সহায়ক আৰু অনুকূল পৰিৱেশ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
সত্ৰ–২: ত্বৰান্বিতকৰণ (ACCELERATE) – প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা সম্প্ৰসাৰণলৈ
ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী বিনম্ৰ মিশ্ৰৰ সভাপতিত্ব আৰু সঞ্চালনাত অনুষ্ঠিত এই সত্ৰত মহিলা নেতৃত্বাধীন উদ্যোগসমূহৰ সম্প্ৰসাৰণ আৰু প্ৰতিযোগিতামূলক সক্ষমতা বৃদ্ধিৰ কৌশলসমূহৰ বিষয়ে আলোচনা কৰা হয়।
সত্ৰ–৩: ডিজিটেলকৰণ (DIGITISE) – ডিজিটেলকৰণৰ জৰিয়তে মহিলাৰ সৱলীকৰণ
ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ সঞ্চালক শ্ৰীমতী অংকিতা পাণ্ডেৰ অধ্যক্ষতা আৰু সঞ্চালনাত অনুষ্ঠিত এই সত্ৰত মহিলা উদ্যোগীসকলৰ বাবে নতুন সুযোগ সম্প্ৰসাৰণৰ ক্ষেত্ৰত ডিজিটেল প্ৰযুক্তিৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা হয়।
সত্ৰ–৪: বিশ্বজনীন – স্থানীয় উদ্যোগক আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযোগ
ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ যুটীয়া সচিব (SME) শ্ৰীমতী মেৰ্চি এপাওৰ অধ্যক্ষতা আৰু সঞ্চালনাত অনুষ্ঠিত এই সত্ৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু গোলকীয় মূল্য শৃংখলত মহিলা নেতৃত্বাধীন উদ্যোগসমূহৰ অংশগ্ৰহণ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
মহিলা নেতৃত্বাধীন উদ্যোগৰ বিকাশৰ প্ৰতি দায়বদ্ধতা পুনৰ নিশ্চিতকৰণ
মহিলা উদ্যমিতা দিৱস, ২০২৬-এ উদ্যোগৰ বিকাশ, কৰ্মসংস্থাপন সৃষ্টি আৰু অন্তৰ্ভুক্তিমূলক অৰ্থনৈতিক বিকাশত মহিলাৰ অংশগ্ৰহণৰ গুৰুত্ব পুনৰ প্ৰতিষ্ঠা কৰে। এই সন্মিলনে মহিলা নেতৃত্বাধীন ব্যৱসায়সমূহৰ বিকাশৰ বাবে কাৰ্যকৰী পদক্ষেপ চিনাক্ত কৰাৰ উদ্দেশ্যে চৰকাৰ, উদ্যোগ জগত, বিত্তীয় প্ৰতিষ্ঠান আৰু উন্নয়ন সহযোগীসকলৰ মাজত আলোচনা আৰু সহযোগিতাৰ এক উমৈহতীয়া মঞ্চ প্ৰদান কৰে।
মহিলা উদ্যোগীসকলে যাতে বিত্তীয় সাহায্য, প্ৰযুক্তি, দক্ষতা, বজাৰ আৰু গোলকীয় সুযোগৰ সুবিধা লাভ কৰিব পাৰে, তাৰ বাবে এক অনুকূল পৰিৱেশ গঢ়ি তুলিবলৈ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয় প্ৰতিশ্ৰুতিবদ্ধ। মহিলাসকলৰ উদ্যোগ স্থাপনৰ সপোনক সফল ব্যৱসায়িক প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰাৰ লগতে ‘বিকশিত ভাৰত ২০৪৭’ৰ লক্ষ্যত অৰ্থপূৰ্ণ অৱদান আগবঢ়োৱাত সহায় কৰাই মন্ত্ৰালয়ৰ অন্যতম লক্ষ্য।

***
Kanishk Gaur YP/MS