আয়ুষ
azadi ka amrit mahotsav

নাগামংগলাত পৰিৱেশ-অনুকূল আৰু প্লাষ্টিকমুক্ত ব্যৱস্থাপনাৰে নৱম প্ৰাকৃতিক চিকিৎসা দিৱস উদযাপন

পোষ্ট কৰা হৈছে: 20 NOV 2026 6:50PM by PIB Guwahati

কৰ্ণাটকৰ নাগামংগলাস্থিত কেন্দ্ৰীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা গৱেষণা প্ৰতিষ্ঠান, CRIYN-ত ২০২৬ চনৰ ১৮ নৱেম্বৰত পাৰিপাৰ্শ্বিক বহনক্ষমতা আৰু পৰিৱেশ-অনুকূল পদ্ধতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি নৱম প্ৰাকৃতিক চিকিৎসা দিৱস ৰাষ্ট্ৰীয় পৰ্যায়ত উদযাপন কৰা হয়। 'প্ৰাকৃতিক চিকিৎসা, সুস্থ ভাৰত' শীৰ্ষক মূল বিষয়বস্তুৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হয়।

অনুষ্ঠানটোত সম্পূৰ্ণৰূপে প্লাষ্টিকমুক্ত নীতি পালন কৰা হয়। বেনাৰৰ ব্যৱহাৰ ন্যূনতম কৰাৰ লগতে সজ্জা, স্মাৰক সামগ্ৰী আৰু অংশগ্ৰহণকাৰীসকলৰ বাবে প্ৰস্তুত কৰা কিটত কোনো ধৰণৰ প্লাষ্টিক সামগ্ৰী ব্যৱহাৰ কৰা হোৱা নাছিল। খাদ্য পৰিৱেশনৰ ক্ষেত্ৰত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰিৱৰ্তে পুনৰ ব্যৱহাৰযোগ্য ষ্টীলৰ কাঁহী আৰু কলপাত ব্যৱহাৰ কৰা হয়। ইয়াৰ জৰিয়তে পৰম্পৰাগত আৰু পৰিৱেশৰ প্ৰতি দায়িত্বশীল পদ্ধতিক উৎসাহিত কৰা হয়।

আৱৰ্জনা হ্ৰাস কৰা আৰু পুনৰ ব্যৱহাৰযোগ্য তথা প্ৰাকৃতিক বিকল্প সামগ্ৰীৰ ব্যৱহাৰক উৎসাহিত কৰাৰ লক্ষ্যৰে এই ব্যৱস্থাসমূহ গ্ৰহণ কৰা হৈছিল। । অনুষ্ঠানৰ অপ্ৰয়োজনীয় সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সম্পূৰ্ণৰূপে পৰিহাৰ কৰাৰ জৰিয়তে পৰিৱেশৰ ওপৰত পৰা প্ৰভাৱৰ প্ৰতি সচেতন থাকিও বৃহৎ পৰিসৰৰ জনসম্পৰ্ক কাৰ্যসূচীসমূহ কিদৰে সফলতাৰে আয়োজন কৰিব পাৰি, এই উদযাপনে তাৰ এটি নিদৰ্শন দাঙি ধৰে।

এই পদক্ষেপসমূহৰ জৰিয়তে আয়ুষ মন্ত্ৰালয়ে ৰাজহুৱা কাৰ্যসূচী আৰু উদযাপনসমূহত বহনক্ষম পদ্ধতি অন্তৰ্ভুক্ত কৰাৰ গুৰুত্ব পুনৰ প্ৰতিপন্ন কৰে। লগতে পৰিৱেশৰ প্ৰতি দায়িত্ববোধক এখন অধিক সুস্থ আৰু বহনক্ষম ভাৰত গঢ়ি তোলাৰ প্ৰচেষ্টাৰ এক অবিচ্ছেদ্য অংগ হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশটোও ইয়াত প্ৰতিফলিত হয়।

SR/AK/SG/KrDD


(ৰিলিজ আই ডি : 2339266) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , हिन्दी