ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ ২০২৬ত অসমৰ আৰু মেঘালয়ৰ সাতটা ক্ষুদ্ৰ উদ্যোগৰ অংশগ্ৰহণত ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ সহযোগিতা

পোষ্ট কৰা হৈছে: 18 NOV 2026 7:40PM by PIB Guwahati

গুৱাহাটী, ১৮ নৱেম্বৰ, ২০২৬: ভাৰত চৰকাৰৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপমত ১৪ৰ পৰা ২৭ নৱেম্বৰ, ২০২৬লৈ অনুষ্ঠিত হোৱা ৪৫সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক মেলা (আই আই টি এফ) ২০২৬ত অসমৰ আৰু মেঘালয়ৰ মুঠ সাতটা ক্ষুদ্ৰ আৰু লঘু উদ্যোগে (এম এছ ই) অংশগ্ৰহণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে।

এই উদ্যোগসমূহে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ ক্ৰয় আৰু বিপণন সঁহাৰি আঁচনি (প্ৰকিউৰমেণ্ট এণ্ড মাৰ্কেটিং ছাপৰ্ট স্কীম)ৰ অধীনত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে। এই বাণিজ্য মেলাত উদ্যোগসমূহৰ অংশগ্ৰহণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে ক্ষুদ্ৰ, লঘূ আৰু মধ্যম উদ্যোগ মন্ত্ৰালয়-উন্নয়ন আৰু সুবিধা প্ৰদান কাৰ্যালয় (ডি এফ অ’), গুৱাহাটী আৰু অসম তথা মেঘালয়ত থকা ইয়াৰ শাখা কাৰ্যালয়সমূহে প্ৰয়োজনীয় সকলো ধৰণৰ সহযোগিতা আৰু সহায় আগবঢ়াইছে।

এইবাৰৰ বাণিজ্য মেলাৰ মূল বিষয়বস্তু হৈছে ‘বিকাশ ঔৰ বিৰাসত’। এই মেলাই দেশৰ বিভিন্ন ৰাজ্যৰ অংশগ্ৰহণকাৰী ক্ষুদ্ৰ, লঘূ আৰু মধ্যম উদ্যোগসমূহক নিজৰ নিজৰ আঞ্চলিক সামগ্ৰী, স্থানীয় উদ্যোগ, পৰম্পৰাগত হস্তশিল্প, সংস্কৃতি, পৰ্যটনৰ সম্ভাৱনা আৰু উন্নয়নমূলক পদক্ষেপসমূহ প্ৰদৰ্শনৰ এক বিশেষ সুযোগ প্ৰদান কৰিছে। এই অংশগ্ৰহণে উদ্যোগসমূহৰ ব্যৱসায়িক পৰিচিতি বৃদ্ধি কৰাৰ লগতে সম্ভাৱ্য ক্ৰেতাসকলৰ সৈতে যোগাযোগ স্থাপন আৰু বজাৰ সম্প্ৰসাৰণৰ নতুন সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। অসম, দিল্লী, ঝাৰখণ্ড আৰু পশ্চিমবংগ এইবাৰৰ বাণিজ্য মেলাৰ চাৰিখন বিশেষ গুৰুত্বপ্ৰাপ্ত ৰাজ্যৰ ভিতৰত অন্যতম।

অসমৰ বজালী জিলাৰ ‘মানস ক্ষুদ্ৰ উদ্যোগ’ আৰু শিলচৰৰ ‘প্ৰাকৃতিক কাঠৰ শিল্পকলা (নেচাৰেল উড ক্ৰাফ্টছ)’ নামৰ উদ্যোগ দুটাই কাঠ, বেত আৰু বাঁহেৰে নিৰ্মিত বিভিন্ন ধৰণৰ আচবাব আৰু সজ্জাসামগ্ৰী প্ৰস্তুত কৰে।

আনহাতে, মেঘালয়ৰ ইষ্ট খাছি হিলছ (পূৱ খাছি পাহাৰ) জিলাৰ ‘মেঘা ক্ৰিয়েশ্যন’ নামৰ উদ্যোগটোৱে স্থানীয়ভাৱে সংগ্ৰহ কৰা কোমল কাঠ আৰু তামোল-নাৰিকলজাতীয় গছৰ পাতৰ পৰা বিভিন্ন ধৰণৰ সজ্জামূলক ফুল প্ৰস্তুত কৰে। এই সামগ্ৰীসমূহ পৰিৱেশ-অনুকূল আৰু পৰম্পৰাগত জ্ঞান তথা দক্ষতাৰ সুন্দৰ নিদৰ্শন।

অসমৰ আনকেইটা অংশগ্ৰহণকাৰী উদ্যোগ হৈছে কামৰূপৰ ‘তৰালী শিল্প কলা’ আৰু ‘মৌহুৰা বাই ভাৰ্গৱী’, গোৱালপাৰাৰ ‘চাহাৰা ৰেচম হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্ট’ আৰু কামৰূপ মহানগৰৰ ‘মৌপিয়া ছিল্ক হেণ্ডলুম’। এই উদ্যোগসমূহে অসমৰ স্বকীয় তাঁতশালৰ বস্ত্ৰ আৰু হস্তশিল্পজাত সামগ্ৰীসমূহ প্ৰদৰ্শন কৰিছে। ইয়াৰ ভিতৰত মুগা ৰেচম, এৰি ৰেচম আৰু অসমীয়া গামোচাকে ধৰি বিভিন্ন পৰম্পৰাগত সামগ্ৰী অন্তৰ্ভুক্ত হৈছে।

ক্ষুদ্ৰ, লঘূ আৰু মধ্যম উদ্যোগ মন্ত্ৰালয়ে এই পদক্ষেপৰ জৰিয়তে স্থানীয় উদ্যোগসমূহক ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক বৃহৎ মঞ্চত নিজৰ সামৰ্থ্য আৰু সম্ভাৱনা প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ, লঘূ আৰু মধ্যম উদ্যোগ সমূহৰ প্ৰসাৰ, তেওঁলোকৰ বাবে বহল বজাৰ আৰু ব্যৱসায়িক সুযোগৰ দুৱাৰ মুকলি কৰাৰ ক্ষেত্ৰত মন্ত্ৰালয়ে অব্যাহত ৰখা প্ৰচেষ্টাৰ এয়া এক উল্লেখযোগ্য পদক্ষেপ।

উত্তৰ-পূৰ্বাঞ্চলৰ নিৰ্বাচিত উদ্যোগীসকলে এই বাণিজ্য মেলাৰ জৰিয়তে নিজৰ সমৃদ্ধিশালী সংস্কৃতি, ঐতিহ্য আৰু স্থানীয় জ্ঞানৰ বিশাল ভাণ্ডাৰক বিশ্ববাসীৰ সন্মুখত তুলি ধৰিছে। পৰম্পৰাগত জ্ঞান আৰু দক্ষতাক ব্যৱহাৰ কৰি পৰিৱেশ-সন্মতভাৱে প্ৰস্তুত কৰা তেওঁলোকৰ নান্দনিক সামগ্ৰীসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ স্বকীয় পৰিচয় বিশ্বৰ দৰবাৰত দাঙি ধৰিছে।

 

 

***

PG/BM/MS


(ৰিলিজ আই ডি : 2338212) অতিথি কক্ষ : 11
ত এই ৰিলিজটো পঢ়ক: English