পোষ্ট কৰা হৈছে:
18 NOV 2026 6:51PM by PIB Guwahati
নতুন দিল্লী, ১৮ নৱেম্বৰ, ২০২৬: কেন্দ্ৰীয় ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী শ্ৰী জিতন ৰাম মাঝিয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৪৫সংখ্যক ভাৰত আন্ত:ৰাষ্ট্ৰীয় বাণিজ্য মেলা (আই আই টি এফ)ৰ ৬নং প্ৰদৰ্শনী ভৱনত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়, খাদী আৰু গ্ৰামোদ্যোগ আয়োগ (KVIC), কইৰ ব’ৰ্ড আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি-জনজাতি হাব (NSSH)-ৰ পেভিলিয়নসমূহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই অনুষ্ঠানত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী শোভা কৰণ্ডলজেও উপস্থিত থাকে। এইবাৰৰ পেভিলিয়নৰ মূল বিষয়বস্তু হৈছে ‘এম এছ এম ই—বিকাশো, ঐতিহ্যও’।
এম এছ এম ই মন্ত্ৰালয়ৰ সচিব শ্ৰী ভাৰত খেৰা আৰু অতিৰিক্ত সচিব তথা উন্নয়ন আয়ুক্ত ড০ ৰজনীশে মন্ত্ৰীসকলৰ সৈতে অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়, উন্নয়ন আয়ুক্ত (এম এছ এম ই)ৰ কাৰ্যালয়, খাদী আৰু গ্ৰামোদ্যোগ আয়োগ (KVIC), ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ নিগম (NSIC) আৰু কইৰ ব’ৰ্ডৰ জ্যেষ্ঠ বিষয়াসকলো অনুষ্ঠানত উপস্থিত থাকে।
উদ্বোধনী অনুষ্ঠানৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জিতন ৰাম মাঝি আৰু ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী শোভা কৰণ্ডলজেই পেভিলিয়নসমূহৰ বিভিন্ন বিপণী পৰিদৰ্শন কৰে আৰু পৰম্পৰাগত উৎপাদন প্ৰক্ৰিয়াৰ বিভিন্ন প্ৰত্যক্ষ প্ৰদৰ্শন প্ৰত্যক্ষ কৰে। তেওঁলোকে অংশগ্ৰহণকাৰী উদ্যোগী আৰু প্ৰদৰ্শকসকলক উৎসাহিত কৰে।
সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জিতন ৰাম মাঝিয়ে কয় যে ভাৰতৰ বৃহৎ যুৱ প্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ ক্ষেত্ৰত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে এম এছ এম ই খণ্ডৰ বিকাশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। এই খণ্ডটো দেশৰ সৰ্বাধিক কৰ্মসংস্থাপন সৃষ্টিকাৰী খণ্ডসমূহৰ অন্যতম। বৰ্তমান এম এছ এম ইৰ পঞ্জীয়নৰ সংখ্যা ১০ কোটি অতিক্ৰম কৰিছে আৰু ইয়াৰ জৰিয়তে ৪২ কোটি লোকৰ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে। উদ্যম এচিষ্ট পৰ্টেলে ক্ষুদ্ৰ উদ্যোগসমূহৰ পঞ্জীয়ন প্ৰক্ৰিয়া অধিক সহজ কৰি তুলিছে। আই আই টি এফত, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ পেভিলিয়ন স্থাপন কৰাটো আজিৰ যুৱ প্ৰজন্মক উদ্যোগীকৰণৰ দিশত আগবাঢ়িবলৈ অনুপ্ৰাণিত আৰু উৎসাহিত কৰাৰ এক পদক্ষেপ বুলিও তেওঁ উল্লেখ কৰে।
পেভিলিয়নসমূহৰ বিশেষ আকৰ্ষণ
ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ পেভিলিয়ন
- ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ পেভিলিয়নত মুঠ ৪৩৭খন বিপণী স্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত দেশৰ বিভিন্ন প্ৰান্তৰ ২৯২টা এম এছ এম ই উদ্যোগ, খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ ১০১টা, ৰাষ্ট্ৰীয় অনুসূচিত জাতি-জনজাতি হাবৰ ৩৪টা আৰু কইৰ(COIR) খণ্ডৰ ১০টা বিপণী অন্তৰ্ভুক্ত হৈছে।
- অংশগ্ৰহণ কৰা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহৰ ৯৮ শতাংশতকৈও অধিক এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে। ইয়াৰ ফলত নতুন উদ্যোগীসকলে নিজৰ সামৰ্থ্য আৰু উৎপাদিত সামগ্ৰী প্ৰদৰ্শনৰ এক বিশেষ সুযোগ লাভ কৰিছে।
- দেশৰ ২৯খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ উদ্যোগসমূহে এই পেভিলিয়নত অংশগ্ৰহণ কৰিছে, যিয়ে ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ উদ্যোগীকৰণৰ পৰিৱেশক প্ৰতিফলিত কৰিছে।
- ৫৭.৮৭ শতাংশ মহিলা উদ্যোগীয়ে অংশগ্ৰহণ কৰিছে, যিয়ে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডত মহিলাসকলৰ বৰ্ধিত ভূমিকাক প্ৰতিফলিত কৰিছে।
- ২৭.৭৩ শতাংশ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ উদ্যোগীয়ে নিজৰ উৎপাদিত সামগ্ৰী আৰু উদ্যোগসমূহ প্ৰদৰ্শন কৰিছে।
- বিশেষভাৱে সক্ষম উদ্যোগীসকলেও এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে, যিয়ে সকলোকে সামৰি লোৱা উদ্যোগীকৰণৰ আদৰ্শক প্ৰতিফলিত কৰিছে।
- পি এম বিশ্বকৰ্মা আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে ১৫খন বিপণী স্থাপন কৰা হৈছে, যাৰ জৰিয়তে তেওঁলোকে ভাৰতৰ পৰম্পৰাগত শিল্পকলা আৰু কাৰুশিল্প প্ৰদৰ্শনৰ সুযোগ লাভ কৰিছে।
আই আই টি এফ ২০২৬ৰ এম এছ এম ই পেভিলিয়নত ভাৰতৰ সমৃদ্ধ আঞ্চলিক বৈচিত্ৰ্য, পৰম্পৰাগত শিল্পকলা আৰু ক্ৰমবৰ্ধমান উৎপাদন ক্ষমতাৰ নিদৰ্শন হিচাপে বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ ভিতৰত আছে—
- বস্ত্ৰশিল্প, হস্ততাঁত আৰু হস্তশিল্পজাত সামগ্ৰী।
- পৰিৱেশ-অনুকূল আৰু সেউজ সামগ্ৰী।
- পি এম বিশ্বকৰ্মা আঁচনিৰ হিতাধিকাৰীসকলে প্ৰস্তুত কৰা সামগ্ৰী আৰু পৰম্পৰাগত কাৰিকৰী শিল্পীসকলৰ হস্তনিৰ্মিত সামগ্ৰী।
- কাঁচ, মৃৎশিল্প আৰু ধাতুৰে নিৰ্মিত সামগ্ৰী।
- চামৰাজাত সামগ্ৰী আৰু সৌন্দৰ্য চৰ্চাৰ সামগ্ৰী।
- খেলৰ সামগ্ৰী, পুতলা আৰু উদ্ভাৱনীমূলক ব্যৱহাৰিক সামগ্ৰী।
- বিভিন্ন অঞ্চলৰ স্বকীয় সামগ্ৰী আৰু অন্যান্য বিশেষ উৎপাদিত সামগ্ৰী।
দেশৰ ২৯খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ উদ্যোগসমূহক একত্ৰিত কৰি এই পেভিলিয়নে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহৰ বাবে ক্ৰেতা, দৰ্শক আৰু উদ্যোগ খণ্ডৰ বিভিন্ন অংশীদাৰৰ সৈতে সংযোগ স্থাপনৰ এক উমৈহতীয়া মঞ্চ প্ৰদান কৰিছে। ইয়াৰ জৰিয়তে উৎপাদিত সামগ্ৰীৰ পৰিচিতি বৃদ্ধি, বজাৰত প্ৰৱেশৰ সুবিধা আৰু নতুন ব্যৱসায়িক সম্ভাৱনাৰ সৃষ্টি হ’ব।
মহিলা উদ্যোগী, অনুসূচিত জাতি-জনজাতিৰ উদ্যোগী, বিশেষভাৱে সক্ষম ব্যক্তি আৰু পি এম বিশ্বকৰ্মা আঁচনিৰ হিতাধিকাৰীসকলৰ অংশগ্ৰহণে সকলোকে সামৰি লোৱা উন্নয়ন আৰু প্ৰতিটো উদ্যোগৰ বাবে সংগঠিত বিপণনৰ সুযোগ সম্প্ৰসাৰণৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে।
ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ পেভিলিয়নে কেৱল ভাৰতৰ থলুৱা সামগ্ৰী আৰু উদ্যোগীকৰণৰ সামৰ্থ্যক প্ৰসাৰ কৰাই নহয়, দেশৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক পৰিৱেশ শক্তিশালী কৰাৰ ক্ষেত্ৰত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ আৰু দক্ষ কাৰিকৰী শিল্পীসকলৰ অৱদানকো উদযাপন কৰিছে। প্ৰযুক্তিনিৰ্ভৰ প্ৰদৰ্শনীৰ অংশ হিচাপে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ সহযোগত বিকশিত ড্ৰ’ন আৰু চন্দ্ৰযানৰ বিভিন্ন অংশও প্ৰদৰ্শন কৰা হৈছে। ভুৱনেশ্বৰৰ চি টি টি চি, ৰোহটকৰ এম এছ এম ই টেকন’লজি চেণ্টাৰ, মুম্বাইৰ আই ডি ই এম আই আৰু আহমেদাবাদৰ আই জি টি আৰ-এ এই প্ৰদৰ্শনীসমূহ আগবঢ়াইছে।
কইৰ ব’ৰ্ড পেভিলিয়ন
কইৰ ব’ৰ্ডৰ পেভিলিয়নত ব’ৰ্ডৰ অধীনস্থ দুটা গৱেষণা প্ৰতিষ্ঠান—কেন্দ্ৰীয় কইৰ গৱেষণা প্ৰতিষ্ঠান (CCRI) আৰু কেন্দ্ৰীয় কইৰ প্ৰযুক্তি প্ৰতিষ্ঠান (CICT)-ৰ লগতে কাৰিকৰী শিল্পীৰ গোট, কইৰ ব’ৰ্ডৰ প্ৰদৰ্শনী বিপণী আৰু বিক্ৰী কেন্দ্ৰ, পঞ্জীয়নভুক্ত যোগানকাৰী তথা ক্ষুদ্ৰ পৰ্যায়ৰ উৎপাদকসকলক একত্ৰিত কৰা হৈছে।
এই পেভিলিয়নে কইৰ খণ্ডৰ গৱেষণাৰ ফলাফল, প্ৰযুক্তিগত উন্নতি আৰু উদ্ভাৱনীমূলক ব্যৱহাৰিক দিশসমূহ প্ৰদৰ্শনৰ এক গতিশীল মঞ্চ প্ৰদান কৰিছে। ইয়াৰ বিশেষ আকৰ্ষণসমূহৰ ভিতৰত আছে মাটিবিহীন খেতি পদ্ধতি, কইৰ জিঅ’টেক্সটাইল, উলম্ব বাগিচা, কইৰ কাঠ, উদ্ভাৱনীমূলক জৈৱ-বিয়োজ্য সামগ্ৰী, কইৰ নেট হাউছ, কইৰ পিথৰ পচন সাৰ প্ৰস্তুতকৰণ, ‘ক’ক’লোৱান’ (কইৰৰ পৰা প্ৰস্তুত কৰা কঢ়িয়াই নিব পৰা ঘাঁহনি) আৰু কইৰৰ ৰছীৰে নিৰ্মিত দেৱালৰ সৈতে এখন বিশেষ ছেলফি পইণ্ট।
ৰাষ্ট্ৰীয় অনুসূচিত জাতি-জনজাতি হাব (NSSH) আঁচনি
ৰাষ্ট্ৰীয় অনুসূচিত জাতি-জনজাতি হাব (NSSH) আঁচনিৰ অধীনত সাতখন ৰাজ্যৰ ৩৪টা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ক্ষুদ্ৰ আৰু লঘু উদ্যোগক (MSE) সুকীয়া বিপণীৰ সুবিধা প্ৰদান কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে অংশগ্ৰহণকাৰী উদ্যোগসমূহে হস্তশিল্প, বস্ত্ৰশিল্প, অভিযান্ত্ৰিক সামগ্ৰী আৰু জোতা-চেণ্ডেলকে ধৰি বিভিন্ন ধৰণৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শনৰ সুযোগ লাভ কৰিছে। লগতে প্ৰতিষ্ঠানিক আৰু বৃহৎ পৰিমাণৰ ক্ৰেতাসকলৰ সৈতে পোনপটীয়া যোগাযোগ স্থাপনৰো সুবিধা লাভ কৰিছে।
এই পদক্ষেপে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ মালিকানাধীন ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ৪ শতাংশ ৰাজহুৱা ক্ৰয়ৰ লক্ষ্য পূৰণতো সহায় কৰিব। এনে বাণিজ্য মেলাত অংশগ্ৰহণে অনুসূচিত জাতি-জনজাতিৰ উদ্যোগীসকলক পোনপটীয়া ব্যৱসায়িক সম্পৰ্ক গঢ়ি তোলা, নিজৰ ব্ৰেণ্ডৰ পৰিচিতি বৃদ্ধি, গ্ৰাহকৰ পৰা মূল্যৱান মতামত লাভ আৰু নতুন বজাৰৰ সন্ধান কৰাৰ ক্ষেত্ৰত বিশেষ সুবিধা প্ৰদান কৰে। ইয়াৰ ফলত সকলোকে সামৰি লোৱা উদ্যোগীকৰণ আৰু ব্যৱসায়ৰ বহনক্ষম বিকাশৰ পথ অধিক প্ৰশস্ত হ’ব।
খাদী ইণ্ডিয়া পেভিলিয়ন
আই আই টি এফ ২০২৬ৰ খাদী ইণ্ডিয়া পেভিলিয়নে দেশৰ বিভিন্ন প্ৰান্তৰ কাৰিকৰী শিল্পীসকলে প্ৰস্তুত কৰা সামগ্ৰীসমূহৰ ১০১খন বিপণীৰ জৰিয়তে ভাৰতৰ সমৃদ্ধ ঐতিহ্য, পৰম্পৰাগত কাৰুশিল্প আৰু থলুৱা উৎপাদন প্ৰক্ৰিয়াৰ এক অনন্য অভিজ্ঞতা প্ৰদান কৰিছে।এইবাৰৰ অন্যতম বিশেষ আকৰ্ষণ হৈছে ‘খাদী কি বাত’ প’ডকাষ্টৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা এটা ষ্টুডিঅ’। ইয়াত অতিথি, কাৰিকৰী শিল্পী আৰু খাদীপ্ৰেমীসকলৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰা হ’ব। ইয়াৰ জৰিয়তে খাদীৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা আৰু আগ্ৰহ বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হৈছে।
খাদী বিষয়ভিত্তিক পেভিলিয়নত পৰম্পৰাগত চৰখা, পেটি চৰখা আৰু বিদ্যুৎচালিত কুমাৰৰ চক্ৰৰ প্ৰত্যক্ষ প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি পৰম্পৰাগত ঘানি ব্যৱহাৰ কৰি তেল নিষ্কাশন, হস্ততাঁতত বয়ন আৰু চাবোন, মৌজাত সামগ্ৰী, চামৰাৰ জোতা, ধূপকাঠি তথা ধূনা প্ৰস্তুতকৰণৰ প্ৰক্ৰিয়াও দৰ্শকৰ সন্মুখত প্ৰদৰ্শন কৰা হৈছে।
***
PC/KG/MS