পোষ্ট কৰা হৈছে:
17 NOV 2026 3:36PM by PIB Guwahati
নতুন দিল্লী, ১৭ নৱেম্বৰ, ২০২৬: কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে ২০২৬ চনৰ ১৮ নৱেম্বৰত কৰ্ণাটকৰ নাগমংগলাস্থিত কেন্দ্ৰীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা গৱেষণা প্ৰতিষ্ঠানত (চি আৰ আই ৱাই এন) ‘প্ৰাকৃতিক চিকিৎসা, সুস্থ ভাৰত’ শীৰ্ষক বিষয়বস্তুৰে নৱমসংখ্যক প্ৰাকৃতিক চিকিৎসা দিৱস পালন কৰিব। এই দিৱসৰ জৰিয়তে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, সুস্থ জীৱনশৈলী আৰু সামগ্ৰিক সুস্বাস্থ্যৰ ক্ষেত্ৰত প্ৰাকৃতিক চিকিৎসাৰ ভূমিকা বিশেষভাৱে দাঙি ধৰা হ’ব। লগতে, মেদবহুলতা আৰু জীৱনশৈলীজনিত ৰোগৰ সমস্যা মোকাবিলাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব।
দিৱসটোৰ তাৎপৰ্য উপলক্ষে নাগমংগলাত অনুষ্ঠিত হ’বলগীয়া মূল অনুষ্ঠানৰ উদ্বোধনী অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ আৰু ব্যাপক প্ৰভাৱ পেলাব পৰা পদক্ষেপ গ্ৰহণ কৰা হ’ব। অনুষ্ঠানটোৰ অন্যতম আকৰ্ষণ হ’ব এক বিশেষ সামূহিক স্বাস্থ্যসেৱা পদক্ষেপ। ইয়াৰ উপৰি, সামগ্ৰিক সুস্বাস্থ্য আৰু বহনক্ষম সামূহিক উন্নয়নক উৎসাহিত কৰাৰ লক্ষ্যৰে কেইবাটাও উল্লেখযোগ্য কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ লগতে অঞ্চলটোত দীৰ্ঘম্যাদী ইতিবাচক পৰিৱৰ্তন সাধনৰ লক্ষ্যৰে এই কাৰ্যসূচীসমূহ প্ৰস্তুত কৰা হৈছে। এই পদক্ষেপসমূহে জনকল্যাণ আৰু সৰ্বাংগীণ উন্নয়নৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।
এইবাৰৰ বিষয়বস্তুৱে উপযুক্ত খাদ্যাভ্যাস, শাৰীৰিক ব্যায়াম, যোগাভ্যাস, মানসিক চাপ নিয়ন্ত্ৰণ আৰু প্ৰমাণভিত্তিক অন্যান্য প্ৰাকৃতিক চিকিৎসা পদ্ধতিৰ জৰিয়তে সুস্থ জীৱনশৈলী গ্ৰহণৰ গুৰুত্ব দাঙি ধৰিছে। ইয়াৰ লক্ষ্য হৈছে ৰোগ প্ৰতিৰোধৰ গুৰুত্ব সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে নিজৰ স্বাস্থ্য আৰু সুস্থতা বজাই ৰখাৰ ক্ষেত্ৰত ব্যক্তি আৰু সমাজক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা। এই দিৱসৰ উদযাপনে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা আৰু সুস্থ জীৱনযাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰা প্ৰধানমন্ত্ৰীৰ ‘সুস্থ আৰু সবল ভাৰত’ৰ দৃষ্টিভংগীৰ সৈতেও সংগতি ৰাখিছে।
দেশজুৰি সজাগতা সৃষ্টিৰ অংশ হিচাপে এই দিৱসৰ সৈতে সংগতি ৰাখি সমাজৰ বিভিন্ন শ্ৰেণী আৰু জনস্বাস্থ্যৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহক সামৰি দহটা উপ-বিষয়বস্তু নিৰ্ধাৰণ কৰা হৈছে। সেইসমূহ হৈছে— ‘মাতৃ প্ৰকৃতি – স্বাস্থ্যৱান মাতৃ, স্বাস্থ্যৱান পৰিয়াল’, ‘স্বস্থ মহিলা – সুস্থ আৰু সবল নাৰী’, ‘ফিট ফ 'ৰ্চ-শক্তিশালী, সুগঠিত আৰু সুস্থ বাহিনী’, ‘সুস্থ চৌহদ – সুস্থ শিক্ষাৰ্থী, সুস্থ ৰাষ্ট্ৰ’, ‘সুস্থ কৰ্মক্ষেত্ৰ – সুস্থ কৰ্মশক্তি’ আৰু ‘'সুৰক্ষিত যাত্ৰা – সুস্থ চালক, সুৰক্ষিত যাত্ৰা’।
অন্যান্য উপ-বিষয়বস্তুসমূহ হৈছে— ‘গ’ল্ডেন ৱেলনেছ – সক্ৰিয় বাৰ্ধক্য, সুস্থ বাৰ্ধক্য’, ‘প্ৰকৃতিৰ সৈতে সমৰ্থবান (প্ৰকৃতি ছে সমৰ্থ) – সুস্থ আৰু সক্ৰিয় জীৱনযাপন’, ‘ক্ৰীড়াক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে প্ৰাকৃতিক শক্তি’ আৰু ‘প্ৰকৃতি কিষাণ – সুস্থ কৃষক, সুস্থ ৰাষ্ট্ৰ’। এই পদক্ষেপসমূহৰ জৰিয়তে পৰিয়াল, মহিলা, শিক্ষাৰ্থী, কৰ্মৰত পেছাদাৰী ব্যক্তি, সশস্ত্ৰ বাহিনীৰ কৰ্মী, জ্যেষ্ঠ নাগৰিক, খেলুৱৈ আৰু কৃষকসকলৰ মাজত প্ৰাকৃতিক চিকিৎসাৰ বাৰ্তা প্ৰসাৰিত কৰাৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ লোকক সুস্থ জীৱনশৈলী গ্ৰহণৰ বাবে উৎসাহিত কৰাৰ লক্ষ্য লোৱা হৈছে।
এই দিৱসৰ জৰিয়তে দেশত যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ প্ৰতিষ্ঠানিক ব্যৱস্থা, গৱেষণা আৰু স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত আয়ুষ মন্ত্ৰালয়ে গ্ৰহণ কৰা পদক্ষেপসমূহো দাঙি ধৰা হ’ব। মন্ত্ৰালয়ে ইয়াৰ গৱেষণা প্ৰতিষ্ঠান আৰু বিভিন্ন পদক্ষেপৰ জৰিয়তে বৈজ্ঞানিক গৱেষণা, শিক্ষা আৰু প্ৰতিৰোধমূলক তথা স্বাস্থ্য-উন্নয়নমূলক সেৱাৰ ক্ষেত্ৰত প্ৰাকৃতিক চিকিৎসাৰ অধিক ব্যাপক প্ৰয়োগৰ দিশত কাম কৰি আহিছে।
নৱমসংখ্যক প্ৰাকৃতিক চিকিৎসা দিৱসে প্ৰাকৃতিক চিকিৎসাৰ সৈতে জনসাধাৰণৰ সম্পৃক্ততা অধিক শক্তিশালী কৰাৰ লগতে সুস্থ জীৱনশৈলী, প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা আৰু সুস্থ ভাৰত গঢ়াৰ ক্ষেত্ৰত সামূহিক অংশগ্ৰহণৰ গুৰুত্ব পুনৰ প্ৰতিষ্ঠা কৰাৰ এক মঞ্চ হিচাপে কাম কৰিব।
***
— SR/AK/SG/MS