পোষ্ট কৰা হৈছে:
17 NOV 2026 5:05PM by PIB Guwahati
লোকপিয়ল ২০২৭ৰ দ্বিতীয় পৰ্যায়ৰ জনসংখ্যা গণনাৰ বাবে মুখ্য প্ৰশিক্ষকসকল চাৰিদিনীয়া আৱাসিক প্ৰশিক্ষণ কাৰ্যসূচী মঙলবাৰে গুৱাহাটীৰ লালমাটিস্থিত ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানত আৰম্ভ হয়। গৃহ মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী ১৭ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰ, ২০২৬লৈ চলিব।
এই কাৰ্যসূচীত অসমৰ বিভিন্ন জিলাৰ ৫০ গৰাকী বিষয়া আৰু অসম লোকপিয়ল সঞ্চালকালয়ৰ ১৬ গৰাকী বিষয়াসহ মুঠ ৬৬ গৰাকী মুখ্য প্ৰশিক্ষকে অংশগ্ৰহণ কৰিছে। সমগ্ৰ ৰাজ্যতে ২০২৭ চনৰ লোকপিয়ল সুচাৰুৰূপে আৰু ফলপ্ৰসূভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে ক্ষেত্ৰ পৰ্যায়ৰ প্ৰশিক্ষকসকলক প্ৰশিক্ষণ দিব পৰাকৈ মুখ্য প্ৰশিক্ষকৰ এক দক্ষ গোট গঢ়ি তোলাটোৱেই এই কাৰ্যসূচীৰ মূল লক্ষ্য।
উদ্বোধনী অনুষ্ঠানত অসমৰ লোকপিয়ল সঞ্চালক তথা মুখ্য প্ৰধান লোকপিয়ল বিষয়া বিশ্বজিৎ পেগু, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া; লোকপিয়ল ২০২৭ৰ ৰাজ্যিক চৰকাৰৰ সমন্বয়ক তথা অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ অতিৰিক্ত সচিব পাৰ্থ পেগু, অসম অসামৰিক সেৱাৰ বিষয়া আৰু ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ অধ্যাপক এ এছ এছ দেৱান উপস্থিত থাকে।
অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি বিশিষ্ট ব্যক্তিসকলে তথ্যভিত্তিক পৰিকল্পনা প্ৰস্তুত, নীতি নিৰ্ধাৰণ আৰু ফলপ্ৰসূ প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত লোকপিয়ল ২০২৭ৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। তেওঁলোকে কয় যে সঠিক আৰু নিৰ্ভৰযোগ্য লোকপিয়লৰ তথ্যই জনসংখ্যাৰ গাঁথনি আৰু প্ৰৱণতা বুজি পোৱাৰ লগতে চৰকাৰৰ উন্নয়নমূলক আঁচনি আৰু জনকল্যাণমূলক কাৰ্যসূচী প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
ক্ষেত্ৰ পৰ্যায়ত নিয়োজিত কৰ্মীসকলক যথাযথ প্ৰশিক্ষণ প্ৰদান কৰা আৰু লোকপিয়লৰ তথ্য সংগ্ৰহৰ ক্ষেত্ৰত নিৰ্ধাৰিত পদ্ধতি অনুসৰণ কৰাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰশিক্ষকসকলৰ গুৰুত্বপূৰ্ণ দায়িত্বৰ বিষয়েও তেওঁলোকে আলোকপাত কৰে।
প্ৰশিক্ষণৰ প্ৰথম দিনাৰ কাৰিকৰী অধিৱেশনসমূহত জনসংখ্যা গণনাৰ বিভিন্ন দিশ সামৰি লোৱা হয়। ইয়াৰ ভিতৰত লোকপিয়লৰ ধাৰণা, পদ্ধতি, প্ৰশ্নাৱলী, ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মপদ্ধতি আৰু লোকপিয়ল ২০২৭ৰ বাবে প্ৰস্তুত কৰা ডিজিটেল সঁজুলি তথা প্ৰয়োগসমূহৰ ব্যৱহাৰ অন্যতম।
অংশগ্ৰহণকাৰীসকলক গণনা প্ৰক্ৰিয়াৰ সময়ত নিজৰ ভূমিকা আৰু দায়িত্বৰ বিষয়ে স্পষ্ট ধাৰণা প্ৰদান কৰিবলৈ মত-বিনিময়মূলক আলোচনা আৰু ব্যৱহাৰিক প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হয়।
এই প্ৰশিক্ষণ কাৰ্যসূচী চাৰিগৰাকী ৰাষ্ট্ৰীয় প্ৰশিক্ষকে পৰিচালনা কৰিছে। তেওঁলোক হৈছে অসমৰ যুটীয়া সঞ্চালক তথা যুটীয়া মুখ্য প্ৰধান লোকপিয়ল বিষয়া বিকাশ নাথ, উপ-সঞ্চালক তথা উপ-মুখ্য প্ৰধান লোকপিয়ল বিষয়া পৰাগজ্যোতি বৰকাকতি, উপ-সঞ্চালক তথা উপ-মুখ্য প্ৰধান লোকপিয়ল বিষয়া প্ৰজ্ঞানজ্যোতি খাউণ্ড আৰু উপ-সঞ্চালক তথা উপ-মুখ্য প্ৰধান লোকপিয়ল বিষয়া নয়নমণি গগৈ।
প্ৰশিক্ষণ অধিক ফলপ্ৰসূ কৰি তোলা আৰু অংশগ্ৰহণকাৰীসকলৰ মাজত মত-বিনিময়ৰ সুবিধা সৃষ্টিৰ বাবে তেওঁলোকক দুটা ভাগত বিভক্ত কৰা হৈছে।
অহা তিনিদিন ধৰি কাৰিকৰী আৰু ব্যৱহাৰিক প্ৰশিক্ষণৰ বিভিন্ন অধিৱেশন অনুষ্ঠিত হ’ব। ইয়াৰ জৰিয়তে প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ প্ৰদানৰ দক্ষতা অধিক শক্তিশালী কৰাৰ লগতে তেওঁলোকক অসমৰ বিভিন্ন অঞ্চলত পৰৱৰ্তী পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী পৰিচালনাৰ বাবে সাজু কৰি তোলা হ’ব। এই প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত তেওঁলোকে ক্ষেত্ৰ প্ৰশিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰিব। এই ক্ষেত্ৰ প্ৰশিক্ষকসকলেই সমগ্ৰ অসমতে জনসংখ্যা গণনাৰ কাম সফলতাৰে সম্পন্ন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।


………………………
PG/ SM/DM