ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
পোষ্ট কৰা হৈছে:
17 NOV 2026 4:56PM by PIB Guwahati
ভাৰতীয় বিশিষ্ট পৰিচয় প্ৰাধিকৰণ (ইউআইডিএআই)-ৰ গুৱাহাটীস্থিত আঞ্চলিক কাৰ্যালয়ে অসম চৰকাৰৰ সহযোগত আজি বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাধ্যতামূলক বায়’মেট্ৰিক উন্নীতকৰণ (এমবিইউ) সময়মতে সম্পন্ন কৰাটো সহজতৰ কৰি তোলাৰ উদ্দেশ্যে ‘মিছন সংকল্প’ শীৰ্ষক এক বিশেষ অভিযান শুভাৰম্ভ কৰে। এই পদক্ষেপৰ মূল লক্ষ্য হৈছে আধাৰ সম্পৰ্কীয় এই অত্যাৱশ্যকীয় প্ৰয়োজনীয়তা পূৰণ কৰাৰ ক্ষেত্ৰত যাতে কোনো ছাত্ৰ-ছাত্ৰী বাদ পৰি নাযায় সেয়া নিশ্চিত কৰা।
এই অভিযানৰ অধীনত শিক্ষাৰ্থীসকলে যাতে সুবিধাজনকভাৱে নিজৰ বায়’মেট্ৰিক উন্নীতকৰণ কৰিব পাৰে, তাৰ বাবে বিদ্যালয়সমূহত বিশেষ আধাৰ পঞ্জীয়ন শিবিৰৰ আয়োজন কৰা হ’ব। আজি গুৱাহাটীৰ ছাউথ পইণ্ট স্কুলত এই অভিযানৰ শুভাৰম্ভ কৰা হয়। এই প্ৰক্ৰিয়াটো সুকলমে পৰিচালনা কৰিবলৈ বিদ্যালয়সমূহত অতিৰিক্ত আধাৰ পঞ্জীয়ন কিট নিয়োগ কৰা হ’ব। এই অভিযান ১৬ ডিচেম্বৰ, ২০২৬ লৈকে চলিব।
ইউআইডিএআইয়ে অভিভাৱকসকলক তেওঁলোকৰ সন্তানৰ ৫ আৰু ১৫ বছৰ বয়সত বাধ্যতামূলক বায়’মেট্ৰিক উন্নীতকৰণ সম্পন্ন কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। এই উন্নীতকৰণ বিনামূলীয়াকৈ প্ৰদান কৰা হয়।
আধাৰ পঞ্জীয়নৰ সময়ত পাঁচ বছৰৰ তলৰ শিশুসকলে আঙুলিৰ চাপ আৰু চকুৰ মণিবলয়ৰ স্কেন প্ৰদান কৰাৰ প্ৰয়োজন নাথাকে, কিয়নো তেতিয়া তেওঁলোকৰ বায়’মেট্ৰিক সম্পূৰ্ণৰূপে বিকশিত নহয়। সেই সময়ত কেৱল তেওঁলোকৰ জনগাঁথনিগত তথ্য আৰু আলোকচিত্ৰহে সংগ্ৰহ কৰা হয়। সেয়েহে, তেওঁলোকৰ আধাৰৰ তথ্য সঠিক আৰু উন্নীত হৈ থকাটো নিশ্চিত কৰিবলৈ ৫ আৰু ১৫ বছৰ বয়স সম্পূৰ্ণ হোৱাৰ লগে লগে বায়’মেট্ৰিক তথ্য উন্নীতকৰণ কৰাটো বাধ্যতামূলক।
বৰ্তমানৰ নিয়ম অনুসৰি, এই বাধ্যতামূলক বায়’মেট্ৰিক উন্নীতকৰণ নিৰ্ধাৰিত বয়সৰ সীমা অৰ্থাৎ ৫–৭ বছৰ আৰু ১৫–১৭ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাটো আৱশ্যক। এই সময়সীমাৰ ভিতৰত উন্নীতকৰণ সম্পূৰ্ণ নকৰিলে আধাৰ নম্বৰ নিষ্ক্ৰিয় হোৱাৰ সম্ভাৱনা থাকে।
বিদ্যালয়ত নামভৰ্তি, প্ৰৱেশ পৰীক্ষাৰ পঞ্জীয়ন, জলপানি, প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ (ডিবিটি) আঁচনি আৰু প্ৰযোজ্য ক্ষেত্ৰত আপাৰ (APAAR) আইডি সম্পৰ্কীয় সেৱাসমূহকে ধৰি বিভিন্ন সা-সুবিধা লাভ কৰাৰ ক্ষেত্ৰত নিৰৱচ্ছিন্ন আধাৰভিত্তিক প্ৰমাণীকৰণৰ বাবে এক উন্নীত আধাৰ ৰেকৰ্ড অতি প্ৰয়োজনীয়। এই বাধ্যতামূলক উন্নীতকৰণ সম্পূৰ্ণ নকৰিলে প্ৰমাণীকৰণৰ লগতে এনে সেৱা আৰু সুবিধাসমূহ লাভ কৰাত অসুবিধাৰ সৃষ্টি হ’ব পাৰে।



***
PG/BM/MM