ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়
azadi ka amrit mahotsav

যোৰহাট আৰু গোলাঘাটত পি এম বিশ্বকৰ্মা আঁচনিৰ অধীনত ব্ৰেণ্ডিং আৰু বিপণন সম্পৰ্কীয় সজাগতা কাৰ্যসূচী

পোষ্ট কৰা হৈছে: 16 NOV 2026 8:09PM by PIB Guwahati

ভাৰত চৰকাৰৰ এমএছএমই মন্ত্ৰালয়ৰ উন্নয়ন আয়ুক্ত (এমএছএমই)ৰ কাৰ্যালয়ৰ অধীনস্থ এমএছএমই-ডিএফঅ’, গুৱাহাটীৰ অন্তৰ্গত শাখা এমএছএমই-ডিএফঅ’, ডিফুৱে যোৰহাট আৰু গোলাঘাটৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ (ডিআইচিচি)ৰ সহযোগত ক্ৰমে ১৩ আৰু ১৪ নৱেম্বৰ, ২০২৬ তাৰিখে ব্ৰেণ্ডিং আৰু বিপণন বিষয়ক এদিনীয়া পি এম বিশ্বকৰ্মা সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে।

এই কাৰ্যসূচীসমূহৰ লক্ষ্য আছিল ব্ৰেণ্ডিং, প্ৰডাক্ট ডিজাইন আৰু পেকেজিং, মূল্য নিৰ্ধাৰণ কৌশল, কৃত্ৰিম বুদ্ধিমত্তা (এআই), ই-কমাৰ্চ, ৰপ্তানি প্ৰসাৰ, প্ৰতিষ্ঠানিক ঋণ, বিত্তীয় সাক্ষৰতা আৰু চৰকাৰী সহায়ক আঁচনিৰ ওপৰত অধিবেশনৰ জৰিয়তে পিএম বিশ্বকৰ্মাৰ হিতাধিকাৰীসকলৰ উদ্যোগীকৰণ আৰু বিপণন ক্ষমতা বৃদ্ধি কৰা।

যোৰহাটত অনুষ্ঠিত কাৰ্যসূচীত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ (ডিআইচিচি) মহাপ্ৰবন্ধক শ্ৰী প্ৰসেনজিৎ বৈদ্যই অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি শিল্পীসকলৰ দ্বাৰা প্ৰস্তুত সামগ্ৰীৰ প্ৰতিযোগিতামূলক সক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত ব্ৰেণ্ডিং, উন্নত মানৰ পেকেজিং আৰু সামগ্ৰীৰ উদ্ভাৱনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। আনহাতে, গোলাঘাটত অতিৰিক্ত জিলা আয়ুক্ত শ্ৰীমতী মনোৰমা মৰাঙে পি এম বিশ্বকৰ্মা আঁচনিৰ সুবিধাসমূহৰ বিষয়ে উল্লেখ কৰাৰ লগতে পৰম্পৰাগত শিল্পীসকলৰ বাবে বজাৰৰ সুযোগ সম্প্ৰসাৰণৰ ক্ষেত্ৰত দক্ষতাৰ উন্নীতকৰণ, প্ৰযুক্তিৰ ব্যৱহাৰ আৰু ফলপ্ৰসূ বিপণনৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ৰাজ্যিক পৰ্যায়ৰ প্ৰকল্প পৰিচালনা গোটৰ (SLPMU) পৰামৰ্শদাতা শ্ৰী সীমান্ত কটকী আৰু শ্ৰী বিবেক তিৱাৰীয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি সামগ্ৰীৰ বিকাশ, ব্ৰেণ্ডিং আৰু ডিজিটেল বিপণনৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ (এআই) ব্যৱহাৰৰ ব্যৱহাৰিক দিশসমূহৰ ওপৰত মত-বিনিময়মূলক অধিৱেশন পৰিচালনা কৰে। যোৰহাটৰ ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠানৰ (NID) শ্ৰী দিব্যেন্দু নাগে উদ্যোগ বিকাশ, বজাৰত সামগ্ৰীৰ স্থান নিৰ্ধাৰণ, মূল্য নিৰ্ধাৰণ, সামগ্ৰীৰ পেকেজিং, নক্সাৰ উদ্ভাৱন, ই-কমাৰ্চ আৰু বিক্ৰী সম্পৰ্কীয় কৌশলৰ বিষয়ে আলোচনা কৰে। অধিৱেশনসমূহত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান (CMAAA) আৰু প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী (PMEGP)কে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়েও আলোকপাত কৰা হয়।

ডিফুৰ শাখা এমএছএমই-ডিএফঅ’ৰ সহকাৰী সঞ্চালক শ্ৰী ৰাহুলে, ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশৰ বাবে ৰপ্তানিৰ সুযোগ, বজাৰৰ সৈতে সংযোগ স্থাপন, সামগ্ৰীৰ গুণগত মান আৰু পেকেজিঙৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত কৰে। বিত্তীয় প্ৰতিষ্ঠানসমূহেও প্ৰতিষ্ঠানিক ঋণ, ঋণৰ সুবিধা, ক্ৰেডিট হিষ্ট্ৰী, বিত্তীয় অনুশাসন আৰু সামাজিক সুৰক্ষা আঁচনিসমূহৰ বিষয়ে অংশগ্ৰহণকাৰীসকলক সজাগ কৰে। যোৰহাটৰ কাৰ্যসূচীত চাইবাৰ সুৰক্ষা সম্পৰ্কীয় সজাগতা আৰু নিৰাপদ ডিজিটেল বিত্তীয় লেনদেনৰ বিষয়েও আলোচনা কৰা হয়।

দুয়োখন কাৰ্যসূচীতে ১০০ৰো অধিক পি এম বিশ্বকৰ্মা আঁচনিৰ হিতাধিকাৰী আৰু সংশ্লিষ্ট অংশীদাৰে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। যোৰহাটৰ কাৰ্যসূচীত তাৎক্ষণিকভাৱে উদ্যম পঞ্জীয়ন, ডিজিটেল পেমেণ্টৰ বাবে কিউ আৰ ক’ড সৃষ্টি আৰু সামাজিক সুৰক্ষা আঁচনিসমূহৰ অধীনত নাম পঞ্জীয়নৰ সুবিধাও প্ৰদান কৰা হয়। মত-বিনিময়মূলক আলোচনাৰ জৰিয়তে শিল্পীসকলে নিজৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ লাভ কৰাৰ লগতে সমল ব্যক্তিসকলৰ সৈতে পোনপটীয়াকৈ মত-বিনিময় কৰাৰ সুযোগ লাভ কৰে।

PG/BM/DS



(ৰিলিজ আই ডি : 2337243) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: English